প্ৰশ্নকাকত ফাদিলৰ মাজতে কেন্দ্ৰ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰশ্নকাকত ফাদিল গোচৰত ১০ বছৰৰ কাৰাদণ্ড আৰু ১০ কোটি টকাৰ জৰিমনাৰ ব্যৱস্থা কৰিছে।
প্ৰশ্নকাকত ফাদিল বিতৰ্ক আৰু ছাত্ৰ-ছাত্ৰীৰ অব্যাহত থকা আন্দোলনৰ মাজতে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে একেলগে দুটা দিশত সক্ৰিয়তা প্ৰদৰ্শন কৰে। এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত ‘কেবিনেট কমিটি অন ছিকিউৰিটি’ (CCS) আৰু ‘কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছ’ (CCEA)ৰ বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়, য’ত সংশোধিত পেপাৰ ফাদিল বিধেয়কৰ খচৰাৰ ওপৰত আলোচনা কৰি তাৰ অনুমোদন জনায়।
আনফালে, আন্দোলনৰত ‘কাকৰোচ জনতা পাৰ্টি’ (CJP)ৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকলৰ মাজত নতুন দিল্লীস্থিত ‘কনষ্টিটিউচন ক্লাব অৱ ইণ্ডিয়া’ত আলোচনা অনুষ্ঠিত হয়।
কেবিনেট বৈঠকত ‘পাব্লিক এক্সামিনেশ্যনছ (প্ৰিভেনশ্যন অৱ আনফেয়াৰ মিনছ) এক্ট, ২০২৪’ক অধিক কঠোৰ কৰাৰ প্ৰস্তাৱৰ ওপৰত আলোচনা হয়। চৰকাৰে অহা সপ্তাহত গ্ৰীষ্মকালীন অধিৱেশনৰ সময়ত এই সংশোধিত বিধেয়কখন সংসদত উত্থাপন কৰাৰ প্ৰস্তুতি চলাইছে। পেপাৰ ফাদিল কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ থাকিব। বিশেষ ফাষ্ট ট্ৰেক আদালতক আইনী সুৰক্ষা প্ৰদান কৰা হ’ব আৰু এই ফাষ্ট ট্ৰেক আদালতক তিনি মাহৰ ভিতৰত তদন্ত চলাই ৰায়দান কৰাৰ অধিকাৰ দিয়া হ’ব। ইয়াৰ উপৰিও প্ৰশ্নকাকত ফাদিল গোচৰত ১০ বছৰৰ কাৰাদণ্ড আৰু ১০ কোটি টকাৰ জৰিমনাৰ ব্যৱস্থা থাকিব।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে, “প্ৰশ্নকাকত ফাদিল কোনো সাধাৰণ বিষয় নহয়।” তেওঁ কয় যে এইটো লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যতৰ সৈতে জড়িত এক বিষয় আৰু চৰকাৰে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰিবলৈ নতুন আইন আনিবলৈ গৈ আছে।
ইফালে, ছাত্ৰ-ছাত্ৰীৰ আন্দোলনৰ মাজতে CJP আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ এই আলোচনাকো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। CJP-য়ে পূৰ্বে মন্ত্ৰীসকলৰ চৰকাৰী আৱাস বা কাৰ্যালয়ত বৈঠক অনুষ্ঠিত কৰাত অস্বীকাৰ কৰি কোনো নিৰপেক্ষ স্থানত আলোচনাৰ দাবী জনাইছিল। ইয়াৰ পিছতে কনষ্টিটিউচন ক্লাবত এই বৈঠকৰ আয়োজন কৰা হয়। CJP-ৰ তৰফৰ পৰা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, প্ৰতিযোগিতামূলক পৰীক্ষাত হোৱা অনিয়মৰ জবাবদিহিতা নিৰ্ধাৰণ কৰা আৰু আন্দোলনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ দৰে মূল দাবীসমূহ উত্থাপন কৰা হৈছে।
লগতে পঢ়ক: কি কি চৰ্তত অনশন ভংগ সোণম ৱাংচুকৰ ?









