“যিসকলে পেপাৰ ফাদিল কৰিছিল তেওঁলোক পাপী,তেওঁলোকে শাস্তি পাবই”; ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
এন টি এৰ ভুলৰ বাবে পেপাৰ ফাদিল হোৱা বুলি স্বীকাৰ কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ।ইয়াৰ লগতে তেওঁ এই অপৰাধৰ সৈতে জড়িতসকলৰ শাস্তি নিশ্চিত কৰাৰ কথাও কয়।
NEET পেপাৰ ফাদিল গোচৰৰ পিছতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এটা সাক্ষাৎকাৰত এক বিস্ফোৰক মন্তব্য কৰিছে।তেওঁ কৈছে যে,যোৱাবাৰ NEET পৰীক্ষাত যি ঘটিল, সেয়া হ’ব নালাগিছিল। যিসকলৰ ওপৰত আমাৰ বিশ্বাস আছিল, যিসকল শিক্ষকক প্ৰশ্নকাকত অনুবাদ কৰাৰ দায়িত্ব দিয়া হৈছিল, তেওঁলোকেই এই কাৰ্যত লিপ্ত হৈছিল। চিবিআইৰ তদন্ত চলি আছে আৰু যিয়েই দোষী নহওক বা যিমান শক্তিশালী ব্যক্তিয়েই নহওক, তেওঁলোকক আইনৰ আওতালৈ অনা হ’ব। ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে আমি প্ৰয়াস চলাই যাম।
শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে ৰাধাকৃষ্ণন সমিতিৰ হ্ৰস্বম্যাদী পৰামৰ্শ সমূহৰ ৭০ শতাংশ ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে। তেওঁ কয়, “২০২৪ চনৰ পূৰ্বে সকলো পৰীক্ষা কেন্দ্ৰ চৰকাৰী নাছিল। ৰাধাকৃষ্ণন সমিতিয়ে পৰামৰ্শ দিছিল যে প্ৰতিটো কেন্দ্ৰ চৰকাৰী হ’ব লাগে। ২০২৬ চনৰ NEET পৰীক্ষাত ৯২%ৰ পৰা ৯৫% পৰীক্ষা চৰকাৰী ভৱনত অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰা হৈছিল। এইবাৰ আমি সিদ্ধান্ত লৈছো যে সকলো পৰীক্ষা কেন্দ্ৰ চৰকাৰী ভৱনতেই হ’ব।”
শিক্ষামন্ত্ৰীয়ে কয় যে দেশৰ পৰা নকল মাফিয়াৰ নেটৱৰ্ক ধ্বংস কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। যদি এনটিএৰ লোকসকলেই প্ৰশ্নকাকত ফাদিল কৰাত জড়িত হৈ পৰে, তেন্তে সমস্যাটো জটিল হৈ পৰে। কিন্তু ইয়াৰ সৈতে জড়িত যিসকল লোক আছে, তেওঁলোকক কঠোৰ শাস্তি দিয়া হ’ব। তেওঁলোকে জনতাৰ বিশ্বাস ভংগ কৰিছে। চৰকাৰে দেশৰ পৰা প্ৰতিটো পেপাৰ মাফিয়াক নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ।
ৰাধাকৃষ্ণন সমিতিয়ে নিৰ্বাচনৰ দৰেই পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিছিল। সেয়ে প্ৰতিটো কেন্দ্ৰৰ আপডেট ল’বলৈ সংশ্লিষ্ট জিলাৰ কালেক্টৰৰ সৈতে যোগাযোগ কৰি সুচাৰুৰূপে ব্যৱস্থা কৰা হৈছে। প্ৰশ্নকাকত অনুবাদ কৰা লোকসকলেই যদি গোপনীয়তা ভংগ কৰে, তেন্তে সমস্যাৰ সৃষ্টি হয়, কিন্তু ইয়াৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। তেওঁ স্পষ্ট কৰি দিয়ে যে NEET পেপাৰ লিকৰ গোচৰৰ শুনানি ফাষ্ট ট্ৰেকত কৰা হ’ব।
ৰাহুল গান্ধীক সমালোচনা কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, “ৰাহুল গান্ধী মূলতঃ তথ্যহীনভাৱে কথা কোৱা এজন নেতাত পৰিণত হৈছে। আমাৰ দুৰ্ভাগ্য যে তেওঁ আমাৰ দেশৰ বিৰোধী দলৰ নেতা। যদি এজন বিৰোধী দলৰ নেতাই তথ্যহীন আৰু ভিত্তিহীন কথা কয়, তেন্তে আমি কি কৰিব পাৰোঁ? তেওঁৰ কথাত কোনো সত্যতা নাই। তেওঁ দুমুখীয়া স্থিতি গ্ৰহণ কৰা ব্যক্তি। তেওঁলোকৰ নিয়ন্ত্ৰণত থকা চৰকাৰী প্ৰতিষ্ঠানত কাম হ’লে সঠিক, কিন্তু চিবিএছই বা আন প্ৰতিষ্ঠানে কৰিলে ভুল এয়া তেওঁৰ দ্বৈত নীতি।”
লগতে পঢ়ক: পশ্চিম এচিয়াৰ সংঘাতৰ আশংকাৰ মাজতো ভাৰতৰ অৰ্থনীতিৰ বাবে আশাব্যঞ্জক খবৰ