স্কুল বেগৰ ওজনক লৈ মহানগৰীৰ বিদ্যালয়লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা

স্কুল বেগৰ ওজনক লৈ মহানগৰীৰ বিদ্যালয়লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা

জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু বেচৰকাৰী (ব্যক্তিগত) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্কুলীয়া বেগৰ সৰ্বাধিক ওজন বাধ্যতামূলকভাৱে স্থিৰ কৰি দিয়া হৈছে ছাত্ৰ-ছাত্ৰীৰ পিঠিৰ পৰা স্কুলীয়া বেগৰ গধুৰ বোজা আৰু অতিৰিক্ত শৈক্ষিক মানসিক চাপ হ্ৰাস কৰাৰ বাবে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে । ৰাজ্য

জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু বেচৰকাৰী (ব্যক্তিগত) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্কুলীয়া বেগৰ সৰ্বাধিক ওজন বাধ্যতামূলকভাৱে স্থিৰ কৰি দিয়া হৈছে

ছাত্ৰ-ছাত্ৰীৰ পিঠিৰ পৰা স্কুলীয়া বেগৰ গধুৰ বোজা আৰু অতিৰিক্ত শৈক্ষিক মানসিক চাপ হ্ৰাস কৰাৰ বাবে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে । ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি, জিলাখনৰ স্কুলসমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া দিপীকা চৌধুৰীয়ে অলপতে এক চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা অনুসৰি, জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু বেচৰকাৰী (ব্যক্তিগত) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্কুলীয়া বেগৰ সৰ্বাধিক ওজন বাধ্যতামূলকভাৱে স্থিৰ কৰি দিয়া হৈছে ।

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ জাননী, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু ভাৰত চৰকাৰৰ গাইডলাইনৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলক স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰক্ষা কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে ।

শ্ৰেণীভিত্তিক বেগৰ সৰ্বাধিক অনুমোদিত ওজন :

বিদ্যালয়সমূহে নিশ্চিত কৰিব লাগিব যাতে শিক্ষাৰ্থীৰ বেগৰ ওজন তলত দিয়া সীমাতকৈ অধিক নহয় :

প্ৰথম আৰু দ্বিতীয় শ্ৰেণী : সৰ্বাধিক ১.৫ কেজি ।

তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণী : ২ ৰ পৰা ৩ কেজি ।

ষষ্ঠ আৰু সপ্তম শ্ৰেণী : সৰ্বাধিক ৪ কেজি ।

অষ্টম আৰু নৱম শ্ৰেণী : সৰ্বাধিক ৪.৫ কেজি ।

দশম শ্ৰেণী : সৰ্বাধিক ৫ কেজি ।

ৰাজ্যৰ আন কেইবাখনো জিলাই ইতিমধ্যে এই নিয়ম সফলতাৰে কাৰ্যকৰী কৰি শিক্ষাৰ্থীসকলক এক ডাঙৰ সকাহ দিছে ।

বিদ্যালয়সমূহৰ বাবে আৱশ্যকীয় পদক্ষেপ :

নিৰ্দেশনাটোত বিদ্যালয় কৰ্তৃপক্ষক কেতবোৰ সক্ৰিয় ভূমিকা ল’বলৈ কোৱা হৈছে :

আগতীয়া তথ্য : প্ৰতিদিনে শ্ৰেণীত কি কি কিতাপৰ প্ৰয়োজন হ’ব, সেই বিষয়ে ছাত্ৰ-ছাত্ৰীক আগতীয়াকৈ জনাব লাগিব ।

সময়সূচীৰ পালন : শিক্ষাৰ্থীসকলে যাতে ৰুটিন বা সময়সূচী অনুসৰি কেৱল প্ৰয়োজনীয় পাঠ্যপুথি আৰু বহীহে লগত আনে, সেয়া নিশ্চিত কৰিব লাগিব ।

অননুমোদিত সামগ্ৰী নিষিদ্ধ : বজাৰৰ অননুমোদিত গাইড বুক বা যিকোনো অতিৰিক্ত সহায়ক সামগ্ৰী বিদ্যালয়লৈ অনাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগিব ।

সজাগতা আৰু কাউন্সেলিং : গধুৰ বেগৰ কু-প্ৰভাৱৰ বিষয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক পৰামৰ্শ দিব লাগিব আৰু বহল পিঠিৰ ফিতা থকা পাতল বেগ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব লাগিব ।

নিয়ম উলংঘা কৰিলে হ’ব শাস্তি :

এই নিয়ম কেৱল কাগজতে সীমাবদ্ধ নাথাকিব বুলি স্পষ্ট কৰি দিছে স্কুলসমূহৰ পৰিদৰ্শকে । ছাত্ৰ-ছাত্ৰীয়ে যাতে অপ্ৰয়োজনীয় ডায়েৰী বা অতিৰিক্ত কিতাপ কঢ়িয়াই আনিব নোৱাৰে, তাৰ বাবে স্কুল কৰ্তৃপক্ষই সময়ে সময়ে আকস্মিক পৰিদৰ্শন কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু ইয়াৰ সঠিক ৰেকৰ্ড বা নথি-পত্ৰও ৰাখিব লাগিব ।

তদুপৰি, জিলা পৰ্যায়ৰ এক বিশেষ পৰিদৰ্শনকাৰী দলেও যিকোনো সময়তে বিদ্যালয়সমূহত হঠাতে অভিযান চলাব । যদি কোনো শিক্ষানুষ্ঠানে এই নিয়ম উলংঘা কৰা ধৰা পৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয়ভাৱে কঠোৰ আইনী আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব । এই গোটেই বিষয়টোক “আটাইতকৈ জৰুৰী” হিচাপে গণ্য কৰি শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত বহুলভাৱে প্ৰচাৰ কৰিবলৈ বিদ্যালয়সমূহৰ মুৰব্বীসকলক কঠোৰ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক : গুৱাহাটীৰ আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ