পাঠ্যপুথিখনৰ ডিজিটেল সংস্কৰণত এই সংশোধনী ইতিমধ্যে লগে লগেই কাৰ্যকৰী কৰা হৈছে
নৱম শ্ৰেণীৰ কলা শিক্ষাৰ পাঠ্যপুথি এখনত সিন্ধু উপত্যকা সভ্যতাৰ ঐতিহাসিক ‘ডান্সিং গাৰ্ল‘ (নৃত্যৰতা নাৰী) মূৰ্তিটোৰ পৰিবৰ্তিত চিত্ৰণক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অৱসান ঘটাই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) । পৰিষদে পাঠ্যপুথিখনত থকা ছাঁয়াযুক্ত ছবিখনৰ পৰিৱৰ্তে ইয়াৰ আচল বা মূল সংস্কৰণটো পুনৰ অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে ।
এনচিইআৰটি-ৰ সঞ্চালকে এই সন্দৰ্ভত কয় যে, বিশেষজ্ঞসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত বিভাগে এতিয়া ডান্সিং গাৰ্লৰ ছবিখন মূল সংস্কৰণেৰে প্ৰতিস্থাপন কৰাৰ সিদ্ধান্ত লৈছে ।
তেওঁ লগতে জানিবলৈ দিয়ে যে পাঠ্যপুথিখনৰ ডিজিটেল সংস্কৰণত এই সংশোধনী ইতিমধ্যে লগে লগেই কাৰ্যকৰী কৰা হৈছে । আনহাতে, আগন্তুক দিনত প্ৰকাশ পাবলগীয়া সংশোধিত ছপা সংস্কৰণসমূহত মূৰ্তিটোৰ আচল ৰূপটোৱেই দেখা পোৱা যাব ।
শিক্ষাবিদসকলৰ তীব্ৰ সমালোচনা :
উল্লেখ্য যে, অলপতে প্ৰৱৰ্তন কৰা এই নতুন পাঠ্যপুথিত মহেনঞ্জদাৰোত উদ্ধাৰ হোৱা ব্ৰঞ্জৰ ঐতিহাসিক মূৰ্তিটোৰ এক বিকৃত ৰূপ প্ৰকাশ পাইছিল । আচল মূৰ্তিটোৰ তুলনাত পাঠ্যপুথিৰ ছবিখনত মূৰ্তিটো কিছু গাঢ় ৰঙত দেখুওৱাৰ উপৰিও ইয়াৰ শৰীৰৰ একাংশ কাপোৰেৰে আবৃত কৰি দিয়া হৈছিল । ইয়াক লৈ দেশৰ শিক্ষাবিদসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । একাংশ শিক্ষাবিদে ইয়াক ইতিহাস বিকৃতকৰণ আৰু এক প্ৰকাৰৰ ‘চেন্সৰশ্বিপ’ বুলিও সমালোচনা কৰিছিল । এই বিতৰ্কৰ পিছতে এনচিইআৰটি-য়ে এই স্পষ্টীকৰণ আৰু সংশোধনীৰ পদক্ষেপ গ্ৰহণ কৰে ।
নতুন শিক্ষা নীতিৰ অধীনত প্ৰকাশিত পুথি:
এই বিতৰ্কিত ছবিখন এনচিইআৰটি-ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰথমৰ পৰা দশম শ্ৰেণীলৈকে প্ৰৱৰ্তন কৰা কলা শিক্ষা শৃংখলাৰ এখন পুথিত প্ৰকাশ পাইছিল । ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ গাঁথনি-ৰ অধীনত মূলসুঁতিৰ বিদ্যালয় শিক্ষাত কলা শিক্ষাক একত্ৰিত কৰাৰ উদ্দেশ্যৰে এই পদক্ষেপ লোৱা হৈছে । বৰ্তমানলৈকে প্ৰথমৰ পৰা নৱম শ্ৰেণীৰ পাঠ্যপুথিসমূহ প্ৰকাশ পাইছে ।
‘ডান্সিং গাৰ্ল’ৰ ঐতিহাসিক গুৰুত্ব:
সিন্ধু উপত্যকা সভ্যতাৰ অন্যতম শ্ৰেষ্ঠ আৰু আটাইতকৈ চৰ্চিত শিল্পকৃতি হিচাপে পৰিচিত ব্ৰঞ্জৰ এই ‘ডান্সিং গাৰ্ল’ মূৰ্তিটো প্ৰায় ১০.৫ চেন্টিমিটাৰ ওখ । ইয়াৰ স্বাভাৱিক আৰু প্ৰাকৃতিক শৈলীৰ উপস্থাপনৰ বাবে ই বিশ্বপ্ৰসিদ্ধ । মূল মূৰ্তিটোত এটা হাতত কেইবাডালো খাৰু আৰু ডিঙিত এডাল হাৰৰ বাহিৰে কোনো বস্ত্ৰ নাই, অৰ্থাৎ ইয়াক সম্পূৰ্ণ উলংগ অৱস্থাত চিত্ৰিত কৰা হৈছে ।
লগতে পঢ়ক : চিবিএছইয়ে পালে নতুন মুৰব্বী: লোখণ্ডে প্ৰশান্ত সীতাৰাম হ’ব নতুন অধ্যক্ষ









