শত্ৰুৰ বুকু কঁপাই দীৰ্ঘ দূৰত্বৰ ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ

শত্ৰুৰ বুকু কঁপাই দীৰ্ঘ দূৰত্বৰ ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ

ওড়িশা উপকূলৰ পৰা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই দীৰ্ঘ দূৰত্বৰ লেণ্ড এটেক এই ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰে শত্ৰুৰ বুকুত কঁপনি তুলি সোমবাৰে ভাৰতে এটা ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে । ওড়িশা উপকূলৰ ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা প্ৰতিৰক্ষা গৱেষণা আৰু

ওড়িশা উপকূলৰ পৰা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই দীৰ্ঘ দূৰত্বৰ লেণ্ড এটেক এই ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰে

শত্ৰুৰ বুকুত কঁপনি তুলি সোমবাৰে ভাৰতে এটা ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে । ওড়িশা উপকূলৰ ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডি আৰ ডি অ’ই দীৰ্ঘ দূৰত্বৰ লেণ্ড এটেক (LRLACM) এই ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰে ।

ডি আৰ ডি অ’ই জনোৱা অনুসৰি এই পৰীক্ষণৰ সকলো লক্ষ্য আৰু উদ্দেশ্য সম্পূৰ্ণৰূপে পূৰণ হৈছে । উল্লেখ্য যে, LRLACM হৈছে সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এক মিছাইল, যাৰ সকলোবোৰ উপ-প্ৰণালী ডি আৰ ডি অ’ৰ বিভিন্ন পৰীক্ষাগাৰ আৰু ভাৰতীয় উদ্যোগ অংশীদাৰসকলৰ সহযোগত বিকাশ কৰা হৈছে । বেংগালুৰুৰ এৰ’নটিকেল ডেভেলপমেণ্ট এষ্টাব্লিশ্বমেণ্ট হৈছে ইয়াৰ মুখ্য পৰীক্ষাগাৰ । ডি আৰ ডি অ’ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ভাৰতীয় নৌসেনা আৰু ভাৰতীয় বায়ুসেনাৰ প্ৰতিনিধিসকলে এই উৎক্ষেপণ প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে LRLACM-ৰ সফল উৰণ পৰীক্ষণৰ বাবে ডি আৰ ডি অ’ আৰু উদ্যোগ অংশীদাৰসকলক অভিনন্দন জনায় । প্ৰতিৰক্ষা সচিব তথা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব আৰু ডি আৰ ডি অ’ৰ অধ্যক্ষ ৰাজেশ কুমাৰ সিঙে সমগ্ৰ উৎক্ষেপণ পৰ্যবেক্ষণ কৰে । তেওঁ এই সফল পৰীক্ষণৰ সৈতে জড়িত দলটোৰ প্ৰতিজন সদস্যকে অভিনন্দন জ্ঞাপন কৰে ।

লগতে পঢ়ক : প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আৰু এখোজ; বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ

শেহতীয়া প্ৰৱন্ধসমূহ