প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আৰু এখোজ; বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ

প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আৰু এখোজ; বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ

আধুনিক ক্ষেপণাস্ত্ৰৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ নতুন প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে।ডি আৰ ডি অ’ই এনে দুটা ইন্টাৰচেপ্টৰ মিছাইল পৰীক্ষা কৰিছে যিবোৰে ২০০০-৫,০০০ কিলোমিটাৰ দূৰত্বৰ শত্ৰুৰ মিছাইল ধ্বংস কৰিবলৈ সক্ষম। প্ৰতিৰক্ষা খণ্ডত ভাৰত দ্ৰুতগতিত আগবাঢ়িছে। শনিবাৰে পুৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশবাসীৰ বাবে এটা ভাল খবৰ

আধুনিক ক্ষেপণাস্ত্ৰৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ নতুন প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে।ডি আৰ ডি অ’ই এনে দুটা ইন্টাৰচেপ্টৰ মিছাইল পৰীক্ষা কৰিছে যিবোৰে ২০০০-৫,০০০ কিলোমিটাৰ দূৰত্বৰ শত্ৰুৰ মিছাইল ধ্বংস কৰিবলৈ সক্ষম।

প্ৰতিৰক্ষা খণ্ডত ভাৰত দ্ৰুতগতিত আগবাঢ়িছে। শনিবাৰে পুৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশবাসীৰ বাবে এটা ভাল খবৰ দিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে যে ডি আৰ ডি অ’ই দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইলৰ বিৰুদ্ধে বহুস্তৰীয় সুৰক্ষা আৰু মধ্যম দূৰত্বৰ জাহাজ বিৰোধী ক্ষমতা প্ৰদৰ্শনৰ বাবে একেৰাহে তিনিটাকৈ উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে।প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই পোষ্টটোৰ সৈতে তিনিটা ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ ফটোও শ্বেয়াৰ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে লিখিছে যে এই সফল ডি আৰ ডি অ’ পৰীক্ষাই ভাৰতক আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰ (আই চি বি এম)ক বাধা দিয়াৰ ক্ষমতা থকা নিৰ্বাচিত দেশৰ ভিতৰত স্থান দিছে। এই সফলতাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ডি আৰ ডি অ’ৰ বিজ্ঞানীসকলক অভিনন্দন জ্ঞাপন কৰে।

ডি আৰ ডি অ’ৰ এই সফলতাই চুবুৰীয়া দেশ চীন আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। সীমান্তকে ধৰি বিভিন্ন বিষয়ক লৈ দুয়োখন দেশৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া বিবাদ আছে। ফলস্বৰূপে ডি আৰ ডি অ’ৰ এই সফলতাই শত্ৰুৰ লক্ষ্য ধ্বংস কৰাই নহয়, শত্ৰু দেশৰ বিপজ্জনক আক্ৰমণকো ৰোধ কৰিব।

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ এই সফলতা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্সত লিখিছে – ডি আৰ ডি অ’ই বহু গুৰুত্বপূৰ্ণ প্ৰযুক্তি সফলতাৰে পৰীক্ষা কৰিছে যিয়ে দেশৰ প্ৰতিৰক্ষা ক্ষমতাক শক্তিশালী কৰিব আৰু শত্ৰুৰ পৰা বিভিন্ন ধৰণৰ ভাবুকিৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব।

তেওঁ আৰু লিখিছে যে দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইলৰ বিৰুদ্ধে বহুস্তৰীয় প্ৰতিৰক্ষা আৰু মধ্যম দূৰত্বৰ জাহাজ বিৰোধী ক্ষমতাৰ তিনিটা উৰণ পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে লিখিছে যে এই পৰীক্ষাৰ দ্বাৰা বহুস্তৰীয় বিএমডি ক্ষমতা সফলতাৰে প্ৰদৰ্শন কৰা হৈছে। ইন্টাৰচেপ্টৰবোৰে নিজৰ নিজৰ লক্ষ্যত সফলতাৰে নিয়োজিত হয়। এই ব্যৱস্থাসমূহ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নতুন ক্ষেপণাস্ত্ৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ডিজাইন আৰু বিকশিত কৰা হৈছে। এই সফল পৰীক্ষাসমূহে ভাৰতক আইচিবিএম (Intercontinental Ballistic Missiles)।

লগতে পঢ়ক: বিশ্বজুৰি ডাউন হ’ল ফেচবুক, ইনষ্টাগ্ৰাম…

শেহতীয়া প্ৰৱন্ধসমূহ