শত্ৰুৰ বুকু কঁপাই দীৰ্ঘ দূৰত্বৰ ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ

ওড়িশা উপকূলৰ পৰা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই দীৰ্ঘ দূৰত্বৰ লেণ্ড এটেক এই ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰে

শত্ৰুৰ বুকুত কঁপনি তুলি সোমবাৰে ভাৰতে এটা ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে । ওড়িশা উপকূলৰ ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডি আৰ ডি অ’ই দীৰ্ঘ দূৰত্বৰ লেণ্ড এটেক (LRLACM) এই ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰে ।

ডি আৰ ডি অ’ই জনোৱা অনুসৰি এই পৰীক্ষণৰ সকলো লক্ষ্য আৰু উদ্দেশ্য সম্পূৰ্ণৰূপে পূৰণ হৈছে । উল্লেখ্য যে, LRLACM হৈছে সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এক মিছাইল, যাৰ সকলোবোৰ উপ-প্ৰণালী ডি আৰ ডি অ’ৰ বিভিন্ন পৰীক্ষাগাৰ আৰু ভাৰতীয় উদ্যোগ অংশীদাৰসকলৰ সহযোগত বিকাশ কৰা হৈছে । বেংগালুৰুৰ এৰ’নটিকেল ডেভেলপমেণ্ট এষ্টাব্লিশ্বমেণ্ট হৈছে ইয়াৰ মুখ্য পৰীক্ষাগাৰ । ডি আৰ ডি অ’ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ভাৰতীয় নৌসেনা আৰু ভাৰতীয় বায়ুসেনাৰ প্ৰতিনিধিসকলে এই উৎক্ষেপণ প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে LRLACM-ৰ সফল উৰণ পৰীক্ষণৰ বাবে ডি আৰ ডি অ’ আৰু উদ্যোগ অংশীদাৰসকলক অভিনন্দন জনায় । প্ৰতিৰক্ষা সচিব তথা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব আৰু ডি আৰ ডি অ’ৰ অধ্যক্ষ ৰাজেশ কুমাৰ সিঙে সমগ্ৰ উৎক্ষেপণ পৰ্যবেক্ষণ কৰে । তেওঁ এই সফল পৰীক্ষণৰ সৈতে জড়িত দলটোৰ প্ৰতিজন সদস্যকে অভিনন্দন জ্ঞাপন কৰে ।

লগতে পঢ়ক : প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আৰু এখোজ; বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ

প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আৰু এখোজ; বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ

আধুনিক ক্ষেপণাস্ত্ৰৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ নতুন প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে।ডি আৰ ডি অ’ই এনে দুটা ইন্টাৰচেপ্টৰ মিছাইল পৰীক্ষা কৰিছে যিবোৰে ২০০০-৫,০০০ কিলোমিটাৰ দূৰত্বৰ শত্ৰুৰ মিছাইল ধ্বংস কৰিবলৈ সক্ষম।

প্ৰতিৰক্ষা খণ্ডত ভাৰত দ্ৰুতগতিত আগবাঢ়িছে। শনিবাৰে পুৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশবাসীৰ বাবে এটা ভাল খবৰ দিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে যে ডি আৰ ডি অ’ই দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইলৰ বিৰুদ্ধে বহুস্তৰীয় সুৰক্ষা আৰু মধ্যম দূৰত্বৰ জাহাজ বিৰোধী ক্ষমতা প্ৰদৰ্শনৰ বাবে একেৰাহে তিনিটাকৈ উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে।প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই পোষ্টটোৰ সৈতে তিনিটা ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ ফটোও শ্বেয়াৰ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে লিখিছে যে এই সফল ডি আৰ ডি অ’ পৰীক্ষাই ভাৰতক আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰ (আই চি বি এম)ক বাধা দিয়াৰ ক্ষমতা থকা নিৰ্বাচিত দেশৰ ভিতৰত স্থান দিছে। এই সফলতাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ডি আৰ ডি অ’ৰ বিজ্ঞানীসকলক অভিনন্দন জ্ঞাপন কৰে।

ডি আৰ ডি অ’ৰ এই সফলতাই চুবুৰীয়া দেশ চীন আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। সীমান্তকে ধৰি বিভিন্ন বিষয়ক লৈ দুয়োখন দেশৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া বিবাদ আছে। ফলস্বৰূপে ডি আৰ ডি অ’ৰ এই সফলতাই শত্ৰুৰ লক্ষ্য ধ্বংস কৰাই নহয়, শত্ৰু দেশৰ বিপজ্জনক আক্ৰমণকো ৰোধ কৰিব।

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ এই সফলতা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্সত লিখিছে – ডি আৰ ডি অ’ই বহু গুৰুত্বপূৰ্ণ প্ৰযুক্তি সফলতাৰে পৰীক্ষা কৰিছে যিয়ে দেশৰ প্ৰতিৰক্ষা ক্ষমতাক শক্তিশালী কৰিব আৰু শত্ৰুৰ পৰা বিভিন্ন ধৰণৰ ভাবুকিৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব।

তেওঁ আৰু লিখিছে যে দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইলৰ বিৰুদ্ধে বহুস্তৰীয় প্ৰতিৰক্ষা আৰু মধ্যম দূৰত্বৰ জাহাজ বিৰোধী ক্ষমতাৰ তিনিটা উৰণ পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে লিখিছে যে এই পৰীক্ষাৰ দ্বাৰা বহুস্তৰীয় বিএমডি ক্ষমতা সফলতাৰে প্ৰদৰ্শন কৰা হৈছে। ইন্টাৰচেপ্টৰবোৰে নিজৰ নিজৰ লক্ষ্যত সফলতাৰে নিয়োজিত হয়। এই ব্যৱস্থাসমূহ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নতুন ক্ষেপণাস্ত্ৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ডিজাইন আৰু বিকশিত কৰা হৈছে। এই সফল পৰীক্ষাসমূহে ভাৰতক আইচিবিএম (Intercontinental Ballistic Missiles)।

লগতে পঢ়ক: বিশ্বজুৰি ডাউন হ’ল ফেচবুক, ইনষ্টাগ্ৰাম…

বন্দৰ আব্বাছত আক্ৰমণৰ পিছতে খৰ্গহস্ত ইৰান, আমেৰিকান এয়াৰবেছলৈ ধাৰাবাহিক মিছাইল বৰ্ষণ

বৃহস্পতিবাৰে স্থানীয় সময় পুৱা ৪:৫০ বজাত ইৰানৰ ৰিভল্যুশ্বনেৰী গাৰ্ডছে আমেৰিকাৰ এটা এয়াৰবেছক লক্ষ্য কৰি প্ৰত্যুত্তৰমূলক আক্ৰমণ চলায়

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত চলি থকা শান্তি আলোচনা ধাৰাবাহিকভাৱে ব্যৰ্থ হোৱাৰ দিশে অগ্ৰসৰ হৈছে । ইয়াৰ মাজতে মধ্যপ্ৰাচ্যত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি ইৰানৰ ইছলামিক ৰিভল্যুশ্বনেৰী গাৰ্ড কৰ্পছে (IRGC) আমেৰিকাৰ সামৰিক ঘাটিত এক ডাঙৰ আক্ৰমণ চলোৱাৰ দাবী কৰিছে । আনহাতে, এই সামৰিক সংঘাতৰ প্ৰভাৱ এতিয়া চুবুৰীয়া দেশসমূহৰ ওপৰতো পৰা দেখা গৈছে । কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, তেওঁলোকৰ আকাশমাৰ্গলৈ অহা কেইবাটাও মিছাইল আৰু ড্ৰ’ন তেওঁলোকে আকাশতে প্ৰতিৰোধ কৰি ধ্বংস কৰিবলৈ সক্ষম হৈছে ।

বন্দৰ আব্বাছ বন্দৰত আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ইৰানৰ-

ইৰানৰ অৰ্ধ-চৰকাৰী সংবাদ প্ৰতিষ্ঠান ‘তাচনিম নিউজ এজেঞ্চী’ৰ এক প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে স্থানীয় সময় পুৱা ৪:৫০ বজাত ইৰানৰ ৰিভল্যুশ্বনেৰী গাৰ্ডছে আমেৰিকাৰ এটা এয়াৰবেছক লক্ষ্য কৰি প্ৰত্যুত্তৰমূলক আক্ৰমণ চলায় । আইআৰজিচিয়ে জনোৱা মতে, বুধবাৰে নিশা ইৰানৰ গুৰুত্বপূৰ্ণ ‘বন্দৰ আব্বাছ’ৰ ওচৰত আমেৰিকাই চলোৱা বিমান আক্ৰমণৰ প্ৰতিশোধ ল’বলৈহে তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছে । অৱশ্যে, সুৰক্ষাৰ স্বাৰ্থত ইৰানে আমেৰিকাৰ কোনটো সামৰিক ঘাটিত এই আক্ৰমণ চলাইছে, সেই কথা এতিয়াও প্ৰকাশ কৰা নাই ।

আমেৰিকাক চৰম সকীয়নি-

এই আক্ৰমণৰ পিছতেই ইৰানৰ ৰিভল্যুশ্বনেৰী গাৰ্ডছে আমেৰিকাক পোনপটীয়াকৈ এক চৰম আৰু কঠোৰ সকীয়নি প্ৰদান কৰিছে । ইৰানে স্পষ্ট কৰি দিছে যে যদি আমেৰিকাই পুনৰ এনেধৰণৰ আক্ৰমণ কৰাৰ দুঃসাহস কৰে, তেন্তে ইয়াৰ পৰিণতি ইয়াতকৈও ভয়াবহ আৰু মাৰাত্মক হ’ব । ভৱিষ্যতে হ’বলগীয়া যিকোনো ধৰণৰ ক্ষয়-ক্ষতিৰ বাবে কেৱল আক্ৰমণকাৰী আমেৰিকাই দায়ী থাকিব বুলিও ইৰানে হুংকাৰ দিয়ে ।

আত্মৰক্ষাৰ বাবে আক্ৰমণ চলোৱা হৈছিল : আমেৰিকা

আনহাতে, সমগ্ৰ ঘটনা সন্দৰ্ভত এগৰাকী আমেৰিকান সামৰিক বিষয়াই আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘ৰয়টাৰ্ছ’ক জনোৱা মতে, বুধবাৰে নিশা প্ৰায় ১:৩০ বজাত ইৰানৰ বান্দৰ আব্বাছ চহৰৰ পূব অংশত আমেৰিকান সেনাই এক বৃহৎ অভিযান চলাইছিল। উক্ত স্থানত তিনিটা ডাঙৰ বিস্ফোৰণৰ শব্দ শুনা গৈছিল ।

আমেৰিকাৰ দাবী অনুসৰি, ইৰানৰ সেই সামৰিক ঘাটিটোৱে ‘ষ্ট্ৰেইট অৱ হৰমুজ’ জলপথত নিয়োজিত আমেৰিকান সেনা আৰু বাণিজ্যিক জাহাজসমূহৰ নিৰাপত্তাৰ বাবে ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিছিল । সেয়েহে, সম্পূৰ্ণ আত্মৰক্ষাৰ স্বাৰ্থতহে আমেৰিকাই এই সামৰিক পদক্ষেপ গ্ৰহণ কৰিছিল ।

কুৱেইটত হাই-এলাৰ্ট-

এই ভয়াৱহ সামৰিক সংঘৰ্ষৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰিছে । কুৱেইট চৰকাৰে আধিকাৰিকভাৱে ঘোষণা কৰিছে যে দেশখনৰ নিৰাপত্তা সুৰক্ষিত কৰিবলৈ তেওঁলোকৰ প্ৰতিৰক্ষা বাহিনীয়ে ২৪ ঘণ্টাই সষ্টম হৈ আছে । আকাশমাৰ্গ উলংঘা কৰি ধেঁই অহা যিকোনো মিছাইল বা ড্ৰ’ন তৎক্ষণাত চিনাক্ত কৰি আকাশতে ধ্বংস কৰাৰ বাবে কুৱেইটে বিশেষ প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰি তুলিছে ।

লগতে পঢ়ক : ঈদৰ আনন্দৰ মাজতে মধ্যপ্ৰাচ্যত যুদ্ধৰ জোকাৰণি, ইৰানৰ ভূখণ্ডত আমেৰিকাৰ বিধ্বংসী এয়াৰষ্ট্ৰাইক

যুদ্ধৰ মাজতে ডুমছডে ক্ষেপণাস্ত্ৰ পৰীক্ষণ আমেৰিকাৰ, হিৰোচিমাতকৈ সৃষ্টি কৰিব পাৰে অধিক ধ্বংসলীলাৰ

মঙলবাৰে নিশা আমেৰিকাই কেলিফৰ্ণিয়াৰ উপকূলত ডুমছডে বেলিষ্টিক মিছাইল পৰীক্ষা কৰে

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে মঙলবাৰে নিশা আমেৰিকাই কেলিফৰ্ণিয়াৰ উপকূলত ডুমছডে বেলিষ্টিক মিছাইল পৰীক্ষা কৰে । নিউয়ৰ্ক পোষ্টৰ মতে, হিৰোচিমাত নিক্ষেপ কৰা পাৰমাণৱিক বোমাতকৈ ২০ গুণ শক্তিশালী পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পৰা মিনিটমেন-৩ বেলিষ্টিক মিছাইলটো নিশা ১১ বজাত পৰীক্ষণ কৰা হয় । চান্টা বাৰ্বাৰাৰ ওচৰৰ ভাণ্ডেনবাৰ্গ ঘাটিৰ পৰা কৰা হয় এই পৰীক্ষণ ।

প্ৰকাশিত বাতৰি অনুসৰি জিটি ২৫৪ নামেৰে পৰিচিত এই ৰকেটটোৱে পশ্চিম-মধ্য প্ৰশান্ত মহাসাগৰৰ মাৰ্শ্বেল দ্বীপপুঞ্জৰ ওচৰত নিজৰ লক্ষ্যত আঘাত কৰে । ফৰ্চ গ্ল’বেল ষ্ট্ৰাইক কমাণ্ডৰ মতে, এই মিছাইলটো “কাৰ্যকৰীতা, প্ৰস্তুতি আৰু সঠিকতা পৰীক্ষা কৰিবলৈ” নিক্ষেপ কৰা হৈছিল ।

শেহতীয়াকৈ আমেৰিকা আৰু ইজৰাইলে ইৰাণক আক্ৰমণ কৰি দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক তেহৰাণত হত্যা কৰিছিল । ইয়াৰ পিছতে সমগ্ৰ মধ্যপ্ৰাচ্য যুদ্ধই আৱৰি ধৰিছে ।

খামেনেইৰ মৃত্যুৰ পিছত ইৰাণে ইজৰাইল আৰু মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ ঘাটিসমূহত আক্ৰমণ অব্যাহত ৰাখিছে । ইফালে হিজবুল্লাহ সক্ৰিয় হোৱাৰ পাছত ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে । পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰাৰ হুংকাৰ দি বৃহৎ আক্ৰমণৰ কৰিব বুলিও সকীয়াই দিয়ে ।

মিনিটমেন-৩  আমেৰিকাৰ আটাইতকৈ পুৰণি আইচিবিএম, ১৯৭০ চনৰ পৰাই ব্যৱহৃত হৈ আহিছে । ইয়াৰ ভূভাগৰ পৰা উৎক্ষেপণ কৰা হয় আৰু ইয়াৰ ৰেঞ্জ ১৩,০০০ কিলোমিটাৰ । ইয়াত পাৰমাণৱিক ৱাৰহেড কঢ়িয়াব পাৰি, কিন্তু এই পৰীক্ষাত কোনো অস্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাছিল নাছিল ।

লগতে পঢ়ক : মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে ভাৰতীয়ৰ বাবে চৰকাৰৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন; হেল্পলাইন নম্বৰ মুকলি

শত্ৰুৰ বুকুত কঁপনি তুলি অগ্নি-৩ মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ

অগ্নি-৩ ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইলৰ সফলতাৰে পৰীক্ষণ কৰে ভাৰতে । অগ্নি-৩ হৈছে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰা মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল ।

৬ ফেব্ৰুৱাৰীত ওড়িশাৰ চণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা অগ্নি-৩ ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইলৰ সফলতাৰে পৰীক্ষা কৰে । এই উৎক্ষেপণে সকলো কাৰ্যকৰী আৰু কাৰিকৰী পৰিমাপ পূৰণ কৰে । ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ডৰ তত্বাৱধানত এই পৰীক্ষা সম্পন্ন কৰা হয় । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, পৰীক্ষাৰ সময়ত অগ্নি-৩ ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইলৰ সকলো কাৰিকৰী আৰু কাৰ্যকৰী পৰিমাপ সফল হয় ।

পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিয়াত সক্ষম-

অগ্নি ক্ষেপণাস্ত্ৰ ব্যৱস্থা ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ এক মূল উপাদান । ভাৰতৰ উল্লেখযোগ্য সামৰিক সামৰ্থ্য তদাৰক কৰা ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ডৰ তত্বাৱধানত এই পৰীক্ষণ কৰা হয় । এই পৰীক্ষাই ভাৰতৰ শক্তিশালী আৰু নিৰ্ভৰযোগ্য কৌশলগত প্ৰতিৰোধ ক্ষমতাক স্পষ্টভাৱে প্ৰমাণ কৰে । অগ্নি-৩ হৈছে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰা মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল । ই এম আই আৰ ভি প্ৰযুক্তি সম্পন্ন, যিয়ে একেলগে একাধিক লক্ষ্যক আঘাত কৰিব পাৰে ।

ভাৰতৰ পৰিসৰত থাকিব সমগ্ৰ পাকিস্তান-

অগ্নি-৩ ক্ষেপণাস্ত্ৰৰ মূল শক্তি হ’ল ইয়াৰ গতি । ইয়াৰ পৰিসৰ ৩০০০ৰ পৰা ৫০০০ কিলোমিটাৰ বুলি অনুমান কৰা হৈছে । ইয়াৰ ওজন লঘু হোৱাৰ বাবে ইয়াৰ পৰিসৰ আৰু বৃদ্ধি কৰিব পৰা যায় । ইয়াৰ দ্বাৰা পাকিস্তান আৰু চীনৰ অধিকাংশ অঞ্চল ভাৰতে লক্ষ্য কৰি ল’ব পাৰিব । ইয়াৰ গতি মেক. ১৫ (ঘণ্টাত ১৮,৫২২ কিলোমিটাৰ), অৰ্থাৎ প্ৰতি ছেকেণ্ডত ৫ৰ পৰা ৬ কিলোমিটাৰ । ইয়াৰ দৈৰ্ঘ্য ১৭ মিটাৰ আৰু ওজন ৫০,০০০ কিলোগ্ৰাম ।

অগ্নি-৩ ক্ষেপণাস্ত্ৰৰ বিশেষত্ব-

ভাৰতৰ অগ্নি-৩ ক্ষেপণাস্ত্ৰত ৰিং লেজাৰ জাইৰস্কোপ ইনাৰ্চিয়েল নেভিগেচন চিষ্টেম আছে, যাৰ ফলত উৰণৰ মাজভাগত ক্ষেপণাস্ত্ৰই লক্ষ্য সলনি কৰিব পাৰে । ইফালে ভাৰতীয় সেনাই নিজৰ বায়ু প্ৰতিৰক্ষা আৰু নিৰীক্ষণৰ ক্ষমতা বৃদ্ধিৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে । সেনাই ৩০টা নিম্নস্তৰৰ লঘু ৰাডাৰ ক্ৰয়ৰ বাবে প্ৰায় ৭২৫ কোটিৰ নিবিদা জাৰি কৰিছে ।

লগতে পঢ়ক : পঞ্জাৱৰ জলন্ধৰত ভয়ংকৰ ঘটনা; গুৰুদ্বাৰা চাহাবৰ বাহিৰতেই আপ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা

অভেদ্য সুৰক্ষা বেহুত পৰিণত চিকেন নেক… সাজু মিছাইল, যুদ্ধ বিমান

বাংলাদেশৰ শেহতীয়া আভ্যন্তৰীণ পৰিস্থিতি আৰু দেশখনে গ্ৰহণ কৰা ভাৰত বিকোধী স্থিতিৰ বাবে চিকেন নেকত গঢ়ি তোলা হৈছে সুৰক্ষা বেহু ।

চুবুৰীয়া দেশ বাংলাদেশৰ শেহতীয়া অস্থিৰ তথা হিংসাত্মক পৰিস্থিতিয়ে ভাৰতলৈয়ো ভাবুকি কঢ়িয়াই আনিছে । বিশেষকৈ ভাৰতৰ মূল ভূ-খণ্ডক উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সংযুক্ত কৰা চিকেন নেককলৈ বাংলাদেশে শেহতীয়াকৈ গ্ৰহণ কৰা স্থিতিয়ে উদ্বেগ সৃষ্টি কৰিছে । সেয়েহে শিলিগুৰি কৰিডৰ বা চিকেন নেক সামৰি এক অভেদ্য সুৰক্ষা বেহু গঢ়ি তুলিছে ভাৰত চৰকাৰে । বাংলাদেশত শেহতীয়াকৈ সংঘটিত হৈ থকা ঘটনাৱলী তথা হাছিনা চৰকাৰৰ পতনৰ পিছত দেশখনে গ্ৰহণ কৰি অহা ভাৰতবিৰোধী স্থিতিৰ বাবে ভাৰতে অঞ্চলটোৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।

অঞ্চলটোৰ সুৰক্ষা কটকটীয়া কৰি তুলিবলৈ বহুওৱা হৈছে অত্যধুনিক ফেঞ্চিং । শেহতীয়াকৈ জানিব পৰা মতে ভাৰত-বাংলাদেশ সীমান্তৰ ৭৫ শতাংশ এলেকাত বহুওৱা হৈছে এই নতুন বেৰ । এই অত্যধুনিক ফেঞ্চিং সমূহৰ সৈতে সংযুক্ত কৰা হৈছে শতক্তিশালী কেমেৰা আৰু এয়াৰ উন্নত এয়াৰ ডমিনেচন ব্যৱস্থা । লগতে আকাশ মাৰ্গেৰে প্ৰৱেশস কৰিব পৰা যিকোনো আক্ৰমণ প্ৰতিহত কৰিবলৈ নিযুক্ত কৰা হৈছে ‘সুদৰ্শন চক্ৰ’ এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম । বাংলাদেশত শেহতীয়াকৈ চলি থকা আভ্যন্তৰীণ উত্তেজনা তথা অস্থিৰতাৰ ফলত এই সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

উল্লেখ্য সীমান্তত বহুওৱা অত্যধুনিক ফেঞ্চিং ব্যৱস্থা প্ৰায় ১২ ফুট ওখ আৰু ইয়াত সংযুক্ত কৰা হৈছে শক্তিশালী কেমেৰা, যাৰ জৰিয়তে প্ৰতিটো ঘটনা ৰিয়েল টাইমত নিৰীক্ষণ কৰিব পৰা যাব । এই ফেঞ্চিং এন্টি ক্লাইম্ব আৰু এন্টি কাটাৰ । ইয়াৰ সম্পূৰ্ণ দায়িত্বত আছে বি এছ এফ ।

ভাৰতৰ পাঁচখন ৰাজ্যৰ সৈতে বাংলাদেশৰ ৪,০৯৬ কিলোমিটাৰ জুৰি আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে । নিৰাপত্তাজনিত কাৰণত অতিশয় গুৰুত্বপূৰ্ণ এই আন্তঃৰাষ্ট্ৰীয় সীমান্ত । ইয়াৰে ২,২১৭ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পশ্চিমবংগত আছে । ইয়াতেই এই অত্যধুনিক ফেঞ্চিং বহুওৱা হৈছে ।

ইফালে ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ, চোৰাং কাৰবাৰ আদিৰ প্ৰতি লক্ষ্য ৰাখি শক্তিশালী নিৰাপত্তাৰ বাবে দুটা অতিৰিক্ত আকাশ এডভান্স মিছাইল চিষ্টেম, ভৈৰৱ বেটেলিয়ন মোটায়েন কৰা হৈছে । ইয়াৰ বাবে ব্যৱ কৰা হৈছে অতিৰিক্ত ৮,৬৬০ কোটী টকা ।

লগতে পঢ়ক : অন্ত পৰিব পথ দুৰ্ঘটনাৰ পিছত চিকিৎসাৰ চিন্তা ; কেন্দ্ৰীয় পৰিৱহণ মন্ত্ৰীৰ ডাঙৰ ঘোষণা

নতুন টাইমুৰ ক্ষেপণাস্ত্ৰ পৰীক্ষণত বিফল পাকিস্তান; ভেদ কৰিব নোৱাৰিলে লক্ষ্য

পাকিস্তান বায়ুসেনাই টাইমুৰ এয়াৰ লঞ্চ ক্ৰুজ মিছাইল পৰীক্ষণ কৰে। অৱশ্যে মিছাইলটোৱে ভেদ কৰিব নোৱাৰিলে লক্ষ্য

পাকিস্তান বায়ুসেনাই যোৱা ৩ জানুৱাৰীত থলুৱাভাৱে নিৰ্মিত টাইমুৰ এয়াৰ লঞ্চ ক্ৰুজ মিছাইলৰ সফল উৰণ পৰীক্ষা কৰে।

আন্তঃসেৱা জনসংযোগে ইয়াক ৰাষ্ট্ৰীয় মহাকাশ আৰু প্ৰতিৰক্ষা ক্ষমতাৰ এক ডাঙৰ মাইলৰ খুঁটি বুলি অভিহিত কৰিছে।

এই ক্ষেপণাস্ত্ৰই শত্ৰুৰ আকাশমাৰ্গৰ গভীৰতাত থকা লক্ষ্যত ভেদ নকৰাকৈ সঠিকভাৱে আঘাত কৰিব পাৰে।অৱশ্যে ছ’চিয়েল মিডিয়াত এই মিছাইলটোৱে লক্ষ্য ভেদ কৰিব নোৱাৰিলে বুলি দেখিবলৈ পোৱা গৈছে।

টাইমুৰ হৈছে আধুনিক চাবছনিক ক্ৰুজ মিছাইল,যিটো যুদ্ধ বিমানৰ পৰা উৎক্ষেপণ কৰা হয়।এই মিছাইলটো ইউৰোপীয় ষ্টৰ্ম শ্বেড’/এছচিএলপিৰ সৈতে একে,যিটো ভাৰতে ৰাফেল যুদ্ধ বিমানত ব্যৱহাৰ কৰে।

টাইমুৰক ভাৰতৰ এই ক্ষেপণাস্ত্ৰৰ প্ৰতিকাৰ হিচাপে দেখা গৈছে।পৰীক্ষাৰ সময়ত এই ক্ষেপণাস্ত্ৰ সফলতাৰে পৃথক হয়,ইঞ্জিন ষ্টাৰ্ট কৰি উৰা মাৰি লক্ষ্যত খুন্দা মাৰিলে।কিন্তু ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’ত দেখা গৈছে যে মিছাইলটোৱে নিজৰ লক্ষ্য ভেদ কৰিব নোৱাৰিলে।  

লগতে পঢ়ক: মহাকাশচাৰীৰ চন্দ্ৰ প্ৰদক্ষিণৰ পৰা আৰম্ভ কৰি ব্যক্তিগত মহাকাশ ষ্টেচনলৈ… কেইবাটাও বৃহৎ মহাকাশ অভিযানৰ সাক্ষী হ’ব ২০২৬

ভাৰত-আমেৰিকাৰ মাজত ৯৩ মিলিয়ন ডলাৰৰ মেগা চুক্তি সম্পন্ন; লাভ কৰিব বিপদজনক মিছাইল

ভাৰত-আমেৰিকাৰ মাজত মেগা চুক্তি স্বাক্ষৰ

ভাৰতৰ বাবে ৯৩ মিলিয়ন ডলাৰৰ সামৰিক পেকেজত অনুমোদন জনাইছে আমেৰিকাই,ইয়াৰ পিছত ভাৰতে এতিয়া জেভেলিন এণ্টি টেংক মিছাইল আৰু এক্সকেলিবাৰ প্ৰিচিচন গাইডেড আৰ্টিলাৰী ৰাউণ্ডৰ নতুন চালান ক্ৰয় কৰিবলৈ সক্ষম হ’ব।

এই অনুমোদনৰ অধীনত ভাৰতে লাভ কৰিব ১০০টা FGM-148 জেভেলিন মিছাইল,২৫টা লাইট কমাণ্ড লঞ্চ ইউনিট আৰু ২১৬টা এক্সকেলিবাৰ আৰ্টিলাৰী ৰাউণ্ডৰ ব্যৱস্থা কৰা হ’ব।

প্ৰতিৰক্ষা নিৰাপত্তা সহযোগিতা সংস্থাই এই প্ৰস্তাৱৰ বিষয়ে আনুষ্ঠানিকভাৱে আমেৰিকাৰ কংগ্ৰেছক অৱগত কৰিছে।

সংস্থাটোৱে কয় যে এই চুক্তিৰ অধীনত ভাৰতে জীৱনচক্ৰৰ সহায়, সুৰক্ষা পৰিদৰ্শন,অপাৰেটৰ প্ৰশিক্ষণ, লঞ্চ ইউনিটৰ নৱীকৰণ আৰু সম্পূৰ্ণ কাৰ্য্যকৰী ক্ষমতাৰ বাবে প্ৰয়োজনীয় অন্যান্য কাৰিকৰী সহায়ও বিচৰা হৈছে।

ডি এছ চি এয়ে কয় যে, এই প্ৰতিৰক্ষা পেকেজে আমেৰিকা আৰু ভাৰতৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব।

ইয়াৰ ফলত ভাৰতৰ বৰ্তমান আৰু ভৱিষ্যতে উদীয়মান ভাবুকি প্ৰতিহত কৰাৰ ক্ষমতা বৃদ্ধি পাব।বিবৃতিটোত উল্লেখ কৰা হৈছে যে ভাৰতে এই অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলিসমূহ সামৰিক গাঁথনিত কোনো সমস্যা নোহোৱাকৈ সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ব।

প্ৰায় ৪৭ মিলিয়ন ডলাৰৰ এক্সকেলিবাৰ গাইডযুক্ত আৰ্টিলাৰী ৰাউণ্ড বিক্ৰীৰ বাবেও আমেৰিকাই অনুমোদন জনাইছে,যাৰ বাবে মুঠ মূল্য প্ৰায় ৯৩ মিলিয়ন ডলাৰ হৈছেগৈ।সংস্থাটোৱে স্পষ্ট কৰি দিয়ে যে এই চুক্তিয়ে আঞ্চলিক সামৰিক ভাৰসাম্যত কোনো প্ৰভাৱ পেলাব নোৱাৰে।

আমেৰিকা চৰকাৰেও কয় যে এই চুক্তিত এতিয়ালৈকে কোনো ধৰণৰ অফছেট চুক্তিৰ কোনো তথ্য নাই আৰু ভৱিষ্যতে ভাৰত আৰু অস্ত্ৰ নিৰ্মাতা কোম্পানীসমূহৰ মাজত এনে এক চুক্তিৰ সিদ্ধান্ত ল’ব পৰা যাব।

লগতে পঢ়ক: পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ জয়শংকৰৰ

শত্ৰুৰ বুকুত কঁপনি তুলি অগ্নি ৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ ভাৰতৰ… ৫ হাজাৰ কিলোমিটাৰ পৰ্যন্ত হানিব আঘাত

শত্ৰুৰ বুকুত কঁপনি তুলি অগ্নি ৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ ভাৰতৰ

ভাৰতে বুধবাৰে ওড়িশা উপকূলৰ চণ্ডীপুৰত থকা টাৰ্গেটেড টেষ্ট ৰেঞ্জৰ পৰা অগ্নি-৫ মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইলৰ সফলতাৰে পৰীক্ষা কৰে । এই ক্ষেপণাস্ত্ৰ পৰীক্ষাই দেশৰ কৌশলগত প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰিছে । ষ্ট্ৰেটেজিক ফৰ্চেছ কমাণ্ডৰ তত্বাৱধানত চলোৱা এই উৎক্ষেপণত ক্ষেপণাস্ত্ৰৰ সকলো কাৰ্যকৰী আৰু কাৰিকৰী পৰিমাপ নিশ্চিত কৰা হৈছে ।

অগ্নি ৫ ক্ষেপণাস্ত্ৰ হৈছে ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ দ্বাৰা নিৰ্মিত দীৰ্ঘ দূৰত্বৰ, পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক ক্ষেপণাস্ত্ৰ ।

ই অগ্নি ছিৰিজৰ আটাইতকৈ উন্নত ক্ষেপণাস্ত্ৰ, যিটো ভূমিৰ পৰা ভূমিলৈ নিক্ষেপ কৰিব পৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰিয়াল আৰু ই ভাৰতৰ ভূমি আধাৰিত পাৰমাণৱিক প্ৰতিৰোধ ক্ষমতাৰ মেৰুদণ্ড গঠন কৰে ।

এই মিছাইলটো আধুনিক নেভিগেচন, গাইডেন্স, ৱাৰহেড আৰু ইঞ্জিন প্ৰযুক্তিৰে ডিজাইন কৰা হৈছে, যাৰ ফলত ইয়াৰ ৰেঞ্জ আৰু সঠিকতা বৃদ্ধি পায় । অগ্নি ৫ ক্ষেপণাস্ত্ৰ মাল্টিপল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰি-এণ্ট্ৰি ভেহিকেল (MIRV) প্ৰযুক্তিৰে সজ্জিত । এই প্ৰযুক্তিৰ ফলত এটা ক্ষেপণাস্ত্ৰই একাধিক পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পাৰে, যাৰ প্ৰতিটোকে বেলেগ বেলেগ লক্ষ্যত আঘাত হনাৰ সক্ষমতা থাকে, যাৰ ফলত ইয়াৰ কৌশলগত ফলপ্ৰসূতা বৃদ্ধি পায় ।

শেহতীয়া বছৰবোৰত অগ্নি-৫ৰ উল্লেখযোগ্য উন্নীতকৰণ কৰা হৈছে, য’ত আছে উন্নত এভিয়নিকছ, উন্নত পুনৰ প্ৰৱেশ হিট শ্বিল্ডিং আৰু উন্নত গাইডেন্স চিষ্টেম যাতে কাৰ্য্যকৰী প্ৰদৰ্শন বৃদ্ধি পায় । ভাৰতে MIRV (Multiple Independently Targetable Re-entry Vehicle) সামৰ্থ্য অন্তৰ্ভুক্ত কৰাৰ বাবেও কাম কৰি আছে, যাৰ ফলত এটা মিছাইলে একাধিক টাৰ্গেটত লক্ষ্য কৰাৰ সময়ত একাধিক ৱাৰহেড কঢ়িয়াই নিব পাৰিব, যাৰ ফলত ইয়াৰ ডিটাৰেন্স ক্ষমতা বহুগুণ বৃদ্ধি পাব ।

২০ আগষ্টত ষ্ট্ৰেটেজিক ফৰ্চেছ কমাণ্ডৰ অধীনত হোৱা সফল পৰীক্ষাই এই উন্নতিসমূহ নিশ্চিত কৰাৰ লগতে দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থাত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰযুক্তিগত আত্মনিৰ্ভৰশীলতাক পুনৰ দৃঢ় কৰে ।

লগতে পঢ়ক :: ইছৰোৱে গঢ়িব নতুন অভিলেখ… নিৰ্মাণ কৰিব ৪০ মহলীয়া ৰকেট, মহাকাশলৈ কঢ়িয়াই নিব ৭৫ টন ওজন