নতুন টাইমুৰ ক্ষেপণাস্ত্ৰ পৰীক্ষণত বিফল পাকিস্তান; ভেদ কৰিব নোৱাৰিলে লক্ষ্য

নতুন টাইমুৰ ক্ষেপণাস্ত্ৰ পৰীক্ষণত বিফল পাকিস্তান; ভেদ কৰিব নোৱাৰিলে লক্ষ্য

পাকিস্তান বায়ুসেনাই টাইমুৰ এয়াৰ লঞ্চ ক্ৰুজ মিছাইল পৰীক্ষণ কৰে। অৱশ্যে মিছাইলটোৱে ভেদ কৰিব নোৱাৰিলে লক্ষ্য পাকিস্তান বায়ুসেনাই যোৱা ৩ জানুৱাৰীত থলুৱাভাৱে নিৰ্মিত টাইমুৰ এয়াৰ লঞ্চ ক্ৰুজ মিছাইলৰ সফল উৰণ পৰীক্ষা কৰে। আন্তঃসেৱা জনসংযোগে ইয়াক ৰাষ্ট্ৰীয় মহাকাশ আৰু প্ৰতিৰক্ষা ক্ষমতাৰ এক ডাঙৰ মাইলৰ খুঁটি বুলি অভিহিত

পাকিস্তান বায়ুসেনাই টাইমুৰ এয়াৰ লঞ্চ ক্ৰুজ মিছাইল পৰীক্ষণ কৰে। অৱশ্যে মিছাইলটোৱে ভেদ কৰিব নোৱাৰিলে লক্ষ্য

পাকিস্তান বায়ুসেনাই যোৱা ৩ জানুৱাৰীত থলুৱাভাৱে নিৰ্মিত টাইমুৰ এয়াৰ লঞ্চ ক্ৰুজ মিছাইলৰ সফল উৰণ পৰীক্ষা কৰে।

আন্তঃসেৱা জনসংযোগে ইয়াক ৰাষ্ট্ৰীয় মহাকাশ আৰু প্ৰতিৰক্ষা ক্ষমতাৰ এক ডাঙৰ মাইলৰ খুঁটি বুলি অভিহিত কৰিছে।

এই ক্ষেপণাস্ত্ৰই শত্ৰুৰ আকাশমাৰ্গৰ গভীৰতাত থকা লক্ষ্যত ভেদ নকৰাকৈ সঠিকভাৱে আঘাত কৰিব পাৰে।অৱশ্যে ছ’চিয়েল মিডিয়াত এই মিছাইলটোৱে লক্ষ্য ভেদ কৰিব নোৱাৰিলে বুলি দেখিবলৈ পোৱা গৈছে।

টাইমুৰ হৈছে আধুনিক চাবছনিক ক্ৰুজ মিছাইল,যিটো যুদ্ধ বিমানৰ পৰা উৎক্ষেপণ কৰা হয়।এই মিছাইলটো ইউৰোপীয় ষ্টৰ্ম শ্বেড’/এছচিএলপিৰ সৈতে একে,যিটো ভাৰতে ৰাফেল যুদ্ধ বিমানত ব্যৱহাৰ কৰে।

টাইমুৰক ভাৰতৰ এই ক্ষেপণাস্ত্ৰৰ প্ৰতিকাৰ হিচাপে দেখা গৈছে।পৰীক্ষাৰ সময়ত এই ক্ষেপণাস্ত্ৰ সফলতাৰে পৃথক হয়,ইঞ্জিন ষ্টাৰ্ট কৰি উৰা মাৰি লক্ষ্যত খুন্দা মাৰিলে।কিন্তু ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’ত দেখা গৈছে যে মিছাইলটোৱে নিজৰ লক্ষ্য ভেদ কৰিব নোৱাৰিলে।  

লগতে পঢ়ক: মহাকাশচাৰীৰ চন্দ্ৰ প্ৰদক্ষিণৰ পৰা আৰম্ভ কৰি ব্যক্তিগত মহাকাশ ষ্টেচনলৈ… কেইবাটাও বৃহৎ মহাকাশ অভিযানৰ সাক্ষী হ’ব ২০২৬