সিন্ধু জল চুক্তিক লৈ ভীৰু পাকিস্তানৰ ভাবুকি, ভাৰতৰ হাত কটাৰো হুংকাৰ

এইবাৰ পাকিস্তানৰ আন এজন জ্যেষ্ঠ মন্ত্ৰীয়ে ভাৰতক উদ্দেশ্যি অতি আপত্তিজনক আৰু আক্ৰমণাত্মক মন্তব্য কৰিছে

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আচিফে ভাৰতক সামৰিক আক্ৰমণৰ ভাবুকি দিয়াৰ এসপ্তাহ নৌহওঁতেই, এইবাৰ পাকিস্তানৰ আন এজন জ্যেষ্ঠ মন্ত্ৰীয়ে ভাৰতক উদ্দেশ্যি অতি আপত্তিজনক আৰু আক্ৰমণাত্মক মন্তব্য কৰিছে । সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন মন্ত্ৰী মুচাদিক মালিকে মুকলি সংবাদমেলত ভাবুকি দি কয় যে এই চুক্তিৰ অধীনত ইছলামাবাদৰ পানীৰ অংশ কাঢ়ি ল’ব বিচৰা “সেই হাতবোৰ কাটি পেলোৱা হ’ব”।

পহলগাম আক্ৰমণৰ পিছৰে পৰা বন্ধ চুক্তি

উল্লেখ্য যে, ২০২৫ চনত জম্মু-কাশ্মীৰৰ পহলগামত এক ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, য’ত ২৬ জন নিৰীহ লোক নিহত হৈছিল । এই আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে কেইবাদশক পুৰণি সিন্ধু জল চুক্তি স্থগিত ৰখাৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল । ভাৰতে স্পষ্ট কৰি দিছিল যে যেতিয়ালৈকে ইছলামাবাদে নিজৰ মাটিত চলি থকা সন্ত্ৰাসবাদী আন্তঃগাঁথনি সম্পূৰ্ণৰূপে ধ্বংস নকৰে, তেতিয়ালৈকে এই পানী চুক্তি স্থগিত থাকিব । ভাৰতৰ এই কঠোৰ স্থিতিৰ পিছৰে পৰা পাকিস্তান তীব্ৰ সংকটত পৰিছে ।

“প্ৰধানমন্ত্ৰী মোদীৰ হাতত পানীৰ নল”- পাক মন্ত্ৰী

পাকিস্তানৰ সংবাদ মাধ্যম ‘ডন’ৰ প্ৰতিবেদন অনুসৰি, মন্ত্ৰী মুচাদিক মালিকে অভিযোগ কৰিছে যে ভাৰতে এতিয়া পাকিস্তানৰ পানীৰ অংশ নিয়ন্ত্ৰণ কৰিছে । তেওঁ কয়, “এখন চুবুৰীয়া দেশৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা আমাৰ পানীৰ নল নিয়ন্ত্ৰণ কৰা হৈছে । তেওঁ পাকিস্তানলৈ এটোপাল পানীও বব নিদিয়ে বুলি কৈছে ।” মালিকে লগতে কয় যে পাকিস্তানৰ ৪০-৫০% জনসংখ্যা জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল । গতিকে ভাৰতে কেৱল পানীয়েই বন্ধ কৰা নাই, বৰঞ্চ পাকিস্তানৰ খাদ্য সুৰক্ষা, ৫০% কৰ্মসংস্থাপন আৰু ২৫% অৰ্থনীতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে ।

“আমি কেৱল ঘোষণাই কৰা নাই, বৰঞ্চ প্ৰমাণো কৰি দেখুৱাইছোঁ যে যদি কোনোবাই আমাৰ পানীৰ অংশত হাত দিয়ে, তেন্তে আমি সেই হাত কাটি পেলাম ।”- মুচাদিক মালিক, পাক জলবায়ু পৰিৱৰ্তন মন্ত্ৰী

আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ কাষ চাপিব পাকিস্তান

পাক মন্ত্ৰীগৰাকীৰ মতে, বিশ্বৰ আন বহু ঠাইত কোনো চুক্তি নোহোৱাকৈ কেৱল আন্তঃৰাষ্ট্ৰীয় নিয়মৰ আধাৰত পানী প্ৰবাহিত হয় । গতিকে চুক্তি থকাৰ পিছতো ভাৰতে কেনেকৈ পানী বন্ধ কৰিব পাৰে, সেই বিষয়টো তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় বা গোলকীয় মঞ্চত উত্থাপন কৰিব ।

একেখন সংবাদমেলতে পাকিস্তানৰ তথ্য মন্ত্ৰী আতাউল্লাহ তাৰাৰে কয় যে এই চুক্তি আইনগতভাৱে বাধ্যতামূলক আৰু ভাৰতে ইয়াক একপক্ষীয়ভাৱে বাতিল বা সংশোধন কৰিব নোৱাৰিব । পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু সেনা প্ৰধান জেনেৰেল চয়দ আছিম মুনিৰৰ মন্তব্যৰ পুনৰুক্তি কৰি তেওঁ কয়, “পানী আমাৰ জীৱনৰেখা হোৱাৰ লগতে আমাৰ ‘ৰেড লাইন’ (চূড়ান্ত সীমা)।”

কি এই সিন্ধু জল চুক্তি?

১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত এই ঐতিহাসিক ‘সিন্ধু জল চুক্তি’ স্বাক্ষৰিত হৈছিল । এই চুক্তি অনুসৰি সিন্ধু নদী আৰু ইয়াৰ উপনৈসমূহৰ পানী দুয়োখন দেশৰ মাজত বিতৰণ কৰা হৈছিল ।

লগতে পঢ়ক : দেশজুৰি আজানৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ প্ৰস্তুতি চৰকাৰৰ!

‘সন্ত্ৰাসবাদ আৰু সহযোগিতা একেলগে চলিব নোৱাৰে’; ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

সিন্ধু জল চুক্তিক লৈ পুনৰ এবাৰ ৰাষ্ট্ৰসংঘত পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰিছে ভাৰতে । চুবুৰীয়া দেশখনক ফ্ৰাংকেনষ্টাইন ৰাষ্ট্ৰ আখ্যা দি ভাৰতে কয় যে, পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ প্ৰতি লোভ কৰাৰ পৰিৱৰ্তে নিজৰ ঘৰখন চম্ভালিলে দেশখনৰ জনসাধাৰণৰ অধিক মংগল হ’ব ।

ঐতিহাসিক সিন্ধু জল চুক্তিক বৰ্তমান সময়ৰ বাবে “অপ্ৰাসংগিক” আৰু অনুপযোগী আখ্যা দি ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদত পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে । নতুন দিল্লীয়ে স্পষ্টকৈ জনাই দিছে যে যিখন দেশে ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি আহিছে, সেই দেশে সদিচ্ছা আৰু বন্ধুত্বৰ ভিত্তিত গঢ়ি উঠা সহযোগিতাৰ সুবিধা লাভ কৰাৰ আশা কৰিব নোৱাৰে ।

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ ৬২-তম অধিৱেশনত ভাৰতৰ উত্তৰ দিয়াৰ অধিকাৰ ব্যৱহাৰ কৰি পাকিস্তানৰ সকলো অভিযোগ প্ৰত্যাখ্যান কৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ প্ৰথম সচিব অনুপমা সিঙে । আন্তঃৰাষ্ট্ৰীয় মঞ্চত দ্বিপাক্ষিক বিষয়সমূহ বাৰে বাৰে উত্থাপন কৰাৰ বাবে তেওঁ ইছলামাবাদৰ প্ৰচেষ্টাক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

১৯৬০ চনৰ চুক্তি চিৰস্থায়ী অধিকাৰ হ’ব নোৱাৰে

সিন্ধু জল চুক্তি সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰি কূটনীতিবিদ অনুপমা সিঙে কয়-

“যিখন দেশে নীতি হিচাপে সন্ত্ৰাসবাদ ৰপ্তানি কৰে, সেই দেশে সদিচ্ছা আৰু বন্ধুত্বৰ ওপৰত প্ৰতিষ্ঠিত সহযোগিতাৰ সুযোগ দাবী কৰাটো যুক্তিহীন । এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে এই চুক্তিখন এতিয়া পুৰণি হৈ পৰিছে । বিশ্বখন ইমান সলনি হৈ যোৱাৰ পিছত কোনো কাৰিকৰী ব্যৱস্থা চিৰকালৰ বাবে একেই থাকিব নোৱাৰে । ১৯৬০ চনত আলোচনা কৰা এখন চুক্তিক এক চিৰস্থায়ী অধিকাৰ হিচাপে গণ্য কৰিব নোৱাৰি, যাক জবাবদিহিতাৰ পৰা মুক্ত আৰু বৰ্তমানৰ বাস্তৱতাৰ পৰা আঁতৰত কৰি ৰখা হ’ব ।”

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল । ইয়াৰ পিছতে ভাৰতে ১৯৬০ চনৰ সিন্ধু জল চুক্তিখন সাময়িকভাৱে স্থগিত ৰাখিছে । পাকিস্তানে আন্তঃসীমান্ত সন্ত্ৰাসবাদৰ প্ৰতি থকা নিজৰ সমৰ্থন বিশ্বাসযোগ্যভাৱে আৰু স্থায়ীভাৱে ত্যাগ নকৰা পৰ্যন্ত এই সিদ্ধান্ত বাহাল থাকিব বুলি ভাৰতে স্পষ্ট কৰি দিয়ে ।

সিন্ধু নদীৰ ওপৰত নিৰ্ভৰশীল পাকিস্তানৰ কৃষি

কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, পাকিস্তান নিজৰ অৰ্থনীতি আৰু কৃষিৰ বাবে সম্পূৰ্ণৰূপে সিন্ধু নদীৰ ওপৰত নিৰ্ভৰশীল । দেশখনে নিজৰ ১৬ নিযুত হেক্টৰ কৃষিপথাৰৰ ৮০ শতাংশ আৰু মুঠ পানী ব্যৱহাৰৰ ৯৩ শতাংশ কেৱল সিন্ধু নদী তন্ত্ৰৰ পৰাই লাভ কৰে । ইয়াৰ পিছতো ভাৰতবিৰোধী কাৰ্যকলাপ চলাই থকা কাৰ্যক ভাৰতে গৰিহণা দিছে ।

পাকিস্তান এক ‘ফ্ৰাংকেনষ্টাইন ৰাষ্ট্ৰ’

অনুপমা সিঙে লগতে মন্তব্য কৰে যে পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ প্ৰতি লোভ কৰাৰ পৰিৱৰ্তে নিজৰ ঘৰখন চম্ভালিলে দেশখনৰ জনসাধাৰণৰ অধিক মংগল হ’ব । পাকিস্তানক এক “ফ্ৰাংকেনষ্টাইন ৰাষ্ট্ৰ” বুলি বৰ্ণনা কৰি তেওঁ কয়-

“এইখন এনে এখন দেশ য’ত প্ৰতিৰক্ষা মন্ত্ৰীয়ে নিজেই ৰাজ্যিক নীতি হিচাপে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া, প্ৰশিক্ষণ দিয়া আৰু মোতায়েন কৰাৰ অহংকাৰ কৰে, অথচ পাকিস্তানে নিজকে সন্ত্ৰাসবাদৰ বলি বুলি দাবী কৰে । এয়া এক ফ্ৰাংকেনষ্টাইন ৰাষ্ট্ৰৰ জীৱন্ত উদাহৰণ, যাৰ নিজৰ পোহনীয়া অসুৰটোৱে যেতিয়া নিজে কামুৰে, তেতিয়া তেওঁলোক আচৰিত হৈ পৰে ।”

জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ

ভাৰতীয় কূটনীতিবিদগৰাকীয়ে জম্মু-কাশ্মীৰ সন্দৰ্ভত পাকিস্তান আৰু ইছলামিক সহযোগিতা সংস্থা-ই কৰা মন্তব্যও দৃঢ়তাৰে প্ৰত্যাখ্যান কৰে । তেওঁ স্পষ্ট কৰি দিয়ে যে পাকিস্তানৰ এই প্ৰচাৰ কেৱল নিজৰ ঘৰুৱা ব্যৰ্থতা আৰু সন্ত্ৰাসবাদৰ সমৰ্থনক লুকুৱাবলৈ কৰা এক প্ৰয়াসহে । জম্মু-কাশ্মীৰ সদায় ভাৰতৰ এক অবিচ্ছেদ্য অংগ আছিল আৰু থাকিব । বৰ্তমান একমাত্ৰ সমাধান নোহোৱা বিষয়টো হ’ল ভাৰতীয় ভূখণ্ডৰ ওপৰত পাকিস্তানৰ অবৈধ দখলদাৰিত্বহে ।

লগতে পঢ়ক : ইৰাণৰ সৈতে যুদ্ধৰ অৱসান : ঐতিহাসিক বুজাবুজিৰ চুক্তিত ড’নাল্ড ট্ৰাম্পৰ স্বাক্ষৰ

ব্যৰ্থতা ঢাকিবলৈ পাকিস্তানৰ ‘মিছা খবৰ’ৰ আশ্ৰয় : নতুন দিল্লীৰ তীব্ৰ আক্ৰমণ

অৰ্থনৈতিক সংকট আৰু মৌলিক অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই অহা সাধাৰণ নাগৰিকৰ ওপৰত পাকিস্তান নিৰাপত্তা বাহিনীয়ে চলোৱা কঠোৰ দমন-পীড়নক লৈ ভাৰতে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে

পাক-অধিকৃত জম্মু আৰু কাশ্মীৰত (PoJK) চলি থকা তীব্ৰ অশান্তি আৰু জনসাধাৰণৰ বিক্ষোভৰ মাজতে পাকিস্তানৰ বিৰুদ্ধে এক ডাঙৰ কূটনৈতিক আক্ৰমণ চলাইছে ভাৰতে । মঙলবাৰে ভাৰতে অভিযোগ কৰে যে ইছলামাবাদে নিজৰ প্ৰণালীবদ্ধ ব্যৰ্থতা আৰু অঞ্চলটোত সংঘটিত হোৱা গুৰুতৰ মানৱাধিকাৰ উলংঘনৰ ঘটনা লুকুৱাবলৈ পদ্ধতিগতভাৱে মিছা খবৰ আৰু উৰাবাতৰিৰ আশ্ৰয় লৈছে ।

ভুল তথ্যৰে দৃষ্টি আকৰ্ষণৰ চেষ্টা পাকিস্তানৰ : বৈদেশিক মন্ত্ৰালয়

নতুন দিল্লীত অনুষ্ঠিত এক নিয়মীয়া সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে পাকিস্তানৰ এই কৌশল ফাদিল কৰে । তেওঁ কয় :

“আমি এই সন্দৰ্ভত পাকিস্তানৰ পৰা মিছা খবৰ আৰু ফেক ভিডিঅ’ ওলোৱাৰ এটা ধাৰাবাহিক প্ৰৱণতা প্ৰত্যক্ষ কৰি আহিছোঁ । এয়া পাকিস্তানৰ নিজৰ ব্যৰ্থতা লুকুওৱা আৰু বিশ্ববাসীৰ দৃষ্টি ইয়াৰ মানৱাধিকাৰ উলংঘনৰ পৰা আঁতৰাই ৰখাৰ এক হতাশাজনক প্ৰয়াসৰ বাহিৰে একো নহয় ।”

নিৰীহ নাগৰিকৰ ওপৰত বৰ্বৰ আৰক্ষী নিৰ্যাতন

অধিকৃত ভূখণ্ডটোত অৰ্থনৈতিক সংকট আৰু মৌলিক অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই অহা সাধাৰণ নাগৰিকৰ ওপৰত পাকিস্তানী নিৰাপত্তা বাহিনীয়ে চলোৱা কঠোৰ দমন-পীড়নক লৈ ভাৰতে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে । মুখপাত্ৰ জয়ছোৱালে কয় যে পাক-অধিকৃত কাশ্মীৰত গুৰুতৰ আৰক্ষী নিৰ্যাতনৰ খবৰ পোৱা গৈছে, য’ত ইতিমধ্যে কেইবাজনো প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে বহু লোক গুৰুতৰভাৱে আহত হৈছে ।

বিশ্ব সম্প্ৰদায়ক এই ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনাই তেওঁ কয়, “আমি আশা কৰোঁ যে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে পাকিস্তানক ইয়াৰ অপকৰ্ম আৰু নিৰ্যাতনৰ বাবে কঠোৰভাৱে জবাবদিহি কৰিব ।”

কিহৰ বাবে জ্বলিছে পাক-অধিকৃত কাশ্মীৰ ?

উল্লেখ্য যে, বৰ্তমান পাক-অধিকৃত জম্মু আৰু কাশ্মীৰত (PoJK) শাসন ব্যৱস্থাৰ বিসংগতি, চৰম অৰ্থনৈতিক সংকট আৰু সংৰক্ষিত বিধানসভাৰ আসন বণ্টনক লৈ স্থানীয় বাসিন্দাসকল ক্ষোভিত হৈ পৰিছে । প্ৰতিবাদকাৰীসকলৰ মূল অভিযোগসমূহ হ’ল :

আকাশলংঘী মুদ্ৰাস্ফীতি আৰু সামগ্ৰীৰ নাটনি : খাদ্য-সামগ্ৰী আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ নাটনি ।

বিদ্যুৎ বিল : স্থানীয়ভাৱে বিদ্যুৎ উৎপাদন হোৱাৰ পিছতো বাসিন্দাসকলে ভৰিবলগীয়া হৈছে অত্যধিক বিদ্যুৎ বিল ।

অৰ্ধসামৰিক বাহিনী মোতায়েন, ৰাৱালাকোটত হিংসাত্মক সংঘৰ্ষ

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, জনসাধাৰণৰ এই গণ-বিক্ষোভ দমন কৰিবলৈ পাকিস্তানী প্ৰশাসনে অঞ্চলটোত ব্যাপক হাৰত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে । যাৰ ফলত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত তীব্ৰ হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হৈছে । বিশেষকৈ ৰাৱালাকোট আৰু ইয়াৰ প্ৰতিৱেশী অঞ্চলসমূহত হোৱা সংঘৰ্ষত কেইবাজনো লোকৰ মৃত্যু ঘটিছে । পাকিস্তান চৰকাৰৰ এই বৰ্বৰ কাণ্ডক বৰ্তমান সৰ্বত্ৰে গৰিহণা দিয়া হৈছে আৰু ঘটনাৰ এক স্বতন্ত্ৰ তদন্তৰ দাবী উত্থাপন হৈছে ।

লগতে পঢ়ক : ফিলিপাইনছৰ ভয়াৱহ ভূমিকম্পক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

“কোনো অধিকাৰ নাই, মনে মনে থাকক!”- কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ সুৰত সুৰ মিলোৱা ইউৰোপীয় ইউনিয়নক ভাৰতৰ তীব্ৰ সকীয়নি

বিদেশ মন্ত্ৰালয়ে স্পষ্টভাৱে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ

পাকিস্তান আৰু ইউৰোপীয় ইউনিয়নৰ (EU) যুটীয়া বিবৃতিত জম্মু-কাশ্মীৰৰ উল্লেখ থকাৰ পিছতে ভাৰতে ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে । বিদেশ মন্ত্ৰালয়ে স্পষ্টভাৱে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ । গতিকে যিসকলৰ এই বিষয়টোৰ সৈতে কোনো সম্পৰ্ক নাই, তেওঁলোকৰ ইয়াত মন্তব্য কৰাৰ কোনো অধিকাৰ নাই ।

কেৱল এয়াই নহয়, নেপালৰ সৈতে সীমা বিবাদ, ভেনিজুৱেলাৰ উচ্চস্তৰীয় ভ্ৰমণ আৰু আমেৰিকাৰ পৰা ভাৰতীয়সকলক দেপোৰ্ট (বহিষ্কাৰ) কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো ভাৰতে নিজৰ স্থিতি অতি স্পষ্ট আৰু কঠোৰ ৰূপত ডাঙি ধৰিছে ।

জম্মু-কাশ্মীৰক লৈ EU আৰু পাকিস্তানক সকীয়নি-

পাকিস্তান আৰু ইউৰোপীয় ইউনিয়নৰ (EU) যুটীয়া বিবৃতিত জম্মু-কাশ্মীৰৰ অযথা উল্লেখক ভাৰতে তীব্ৰ ভাষাৰে গৰিহণা দিছে । বিদেশ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংগ । যিসকলৰ এই বিষয়ত কোনো অধিকাৰ বা বৈধ ভিত্তি নাই, তেওঁলোকক ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়া হৈছে । কাশ্মীৰ বিষয়ত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ ভাৰতে কেতিয়াও গ্ৰহণ নকৰে বুলিও মুখপাত্ৰগৰাকীয়ে কয় ।

ভাৰত-নেপাল সীমা বিবাদ: ৯৮% সমাধান-

নেপালৰ সৈতে চলি থকা সীমা বিবাদৰ সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ে জনায় যে দুয়োখন দেশৰ মাজৰ প্ৰায় ৯৮ শতাংশ সীমান্ত ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে । গণ্ডক নদীৰ গতিপথ সলনি হোৱাৰ বাবে বাকী থকা কিছু অংশৰ সমাধানৰ বাবে দ্বিপাক্ষিক ব্যৱস্থাৰ অধীনত কাম চলি আছে । লগতে, ‘ন’ মেনছ লেণ্ড’ (No Man’s Land) বেদখল ৰোধ কৰিবলৈ যুটীয়া মেপিং কৰা হৈছে । এই ক্ষেত্ৰতো ভাৰতে স্পষ্ট কৰি দিছে যে ভাৰত-নেপালৰ এই দ্বিপাক্ষিক বিষয়ত কোনো তৃতীয় পক্ষৰ ভূমিকা গ্ৰহণ কৰা নহ’ব ।

ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতিৰ গুৰুত্বপূৰ্ণ ভাৰত ভ্ৰমণ-

ভাৰত আৰু ভেনিজুৱেলাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ উদ্দেশ্যে দেশখনৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে অহা ৩ জুনৰ পৰা ৭ জুনলৈ ভাৰত ভ্ৰমণ কৰিব । তেওঁৰ সৈতে এক উচ্চস্তৰীয় মন্ত্ৰীৰ দলো ভাৰত পাবহি । এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ সৈতে শক্তি, বাণিজ্য, বিনিয়োগ, ফাৰ্মাচিউটিকেলচ, স্বাস্থ্য আৰু নৱীকৰণযোগ্য শক্তি খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে আলোচনা কৰা হ’ব ।

বহিষ্কাৰক লৈ ভাৰতৰ স্থিতি স্পষ্ট-

আমেৰিকাৰ পৰা ভাৰতীয় ট্ৰাক চালকসকলক বহিষ্কাৰ (Deport) কৰাৰ বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিদেশ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে ভাৰত চৰকাৰে অবৈধ প্ৰব্ৰজনক কেতিয়াও সমৰ্থন নকৰে । ভাৰতে সদায় আইনী প্ৰব্ৰজনকহে উদগনি দিয়ে । আমেৰিকাৰ সৈতে এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা কৰা হৈছে আৰু তদন্তৰ অন্তত নাগৰিকত্ব প্ৰমাণিত হ’লে বহিষ্কৃত লোকসকলক ওভতাই অনাৰ প্ৰক্ৰিয়া আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি কৰা হ’ব ।

লগতে পঢ়ক : মাউণ্ট ৰাছম’ৰত নিজৰ মুখমণ্ডল! ট্ৰুথ ছ’চিয়েলত ডিজিটেল ছবি শ্বেয়াৰ কৰি চৰ্চাত ড’নাল্ড ট্ৰাম্প

পাকিস্তানত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ : ভয়ংকৰ বিস্ফোৰণত ২৪ জনৰ মৃত্যু, ৫০ৰো অধিক আহত

বিস্ফোৰণৰ প্ৰাবল্য ইমানেই ভয়াৱহ আছিল যে ৰে’লখনৰ ইঞ্জিনসহ তিনিটা ডবা লাইনচ্যুত হয় আৰু আন দুটা ডবা সম্পূৰ্ণৰূপে ওলটপালট হৈ পৰে

পাকিস্তানৰ দক্ষিণ-পশ্চিম প্ৰদেশ বেলুচিস্তানৰ কুৱেটাত দেওবাৰে পুৱা এক ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় । চহৰখনৰ চমন ফটক ৰে’লৱে এলেকাৰ সমীপত সংঘটিত এই বিস্ফোৰণত অতি কমেও ২৪ জন লোক নিহত হোৱাৰ বিপৰীতে ৫০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয় ।

কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, সামৰিক বাহিনীৰ লোক আৰু তেওঁলোকৰ পৰিয়ালক কঢ়িয়াই নিয়া এখন ৰে’লক লক্ষ্য কৰি এই পৰিকল্পিত আক্ৰমণ চলোৱা হৈছিল ।

বিস্ফোৰক ভৰ্তি বাহনেৰে আক্ৰমণ, লাইনচ্যুত কেইবাটাও ডবা-

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অহা ঈদৰ ছুটি কটাবলৈ সামৰিক কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে পেছাৱৰ অভিমুখী ‘জাফৰ এক্সপ্ৰেছ’ নামৰ ৰে’লখনেৰে যাত্ৰা কৰিছিল । পুৱা প্ৰায় ৮ বজাত ৰে’লখনে চমন ফটকৰ এটা চিগনেল পাৰ হৈ যোৱাৰ সময়তে এখন বিস্ফোৰক ভৰ্তি বাহনে ৰে’লখনৰ এটা ডবাত প্ৰচণ্ড জোৰে খুন্দা মাৰে ।

স্থানীয় সংবাদ মাধ্যম আৰু ‘ডন’ৰ প্ৰতিবেদন অনুসৰি, বিস্ফোৰণৰ প্ৰাবল্য ইমানেই ভয়াৱহ আছিল যে ৰে’লখনৰ ইঞ্জিনসহ তিনিটা ডবা লাইনচ্যুত হয় আৰু আন দুটা ডবা সম্পূৰ্ণৰূপে ওলটপালট হৈ পৰে ।

যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান-

ঘটনাৰ পিছতে কুৱেটাৰ সকলো চৰকাৰী চিকিৎসালয়ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে আৰু বন্ধৰ দিনটোতো সকলো চিকিৎসক তথা চিকিৎসা কৰ্মীক জৰুৰীভাৱে কৰ্তব্যত যোগদান কৰিবলৈ মাতি পঠিওৱা হৈছে । বৰ্তমান ৫০ জনতকৈও অধিক লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে, যাৰ ভিতৰত কেইবাজনৰো অৱস্থা অতি সংকটজনক । ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ।

আনহাতে, সাৱধানতা অৱলম্বন কৰি পেছাৱৰমুখী জাফৰ এক্সপ্ৰেছখনক কুৱেটা ৰে’ল ষ্টেচনতে ৰখাই দিয়া হয় । পাকিস্তান ৰে’লৱে বিভাগে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী ট্ৰাক আৰু সাহায্য ৰে’লৰ জৰিয়তে উদ্ধাৰ অভিযান পূৰ্ণগতিত চলাই থকা হৈছে । সমগ্ৰ চহৰখনতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে সকলো প্ৰাসংগিক প্ৰতিষ্ঠানক হাই এলাৰ্টত ৰখা হৈছে ।

লগতে পঢ়ক : হোৱাইট হাউচৰ সমীপত তীব্ৰ গুলীচালনা: বন্দুকধাৰীসহ দুজন আহত

‘ককৰোচ আৱামি পাৰ্টি’; ভাৰততেই নহয়, পাকিস্তানটো ককৰোচ পাৰ্টিৰ উন্মাদনা

ভাৰতত ভাইৰেল হোৱা “ককৰোচ জনতা পাৰ্টি” ৰ উন্মাদনা এতিয়া পাকিস্তানটো দেখিবলৈ পোৱা গৈছে। ভাৰতীয় ছ’চিয়েল মিডিয়া আন্দোলনৰ পৰা অনুপ্ৰাণিত হৈ “ককৰোচ আৱামি পাৰ্টি” আৰু “ককৰোচ আৱামি লীগ”ৰ দৰে পেজৰ উন্মেষ ঘটিছে।

ভাৰতৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা “ককৰোচ জনতা পাৰ্টি” এতিয়া পাকিস্তান পাইছে গৈ।ভাৰতত উদ্ভৱ হোৱা এই ব্যংগমূলক অনলাইন ৰাজনৈতিক আন্দোলন এতিয়া চুবুৰীয়া দেশৰ যুৱক-যুৱতীসকলৰ মাজতো চৰ্চাৰ বিষয় হৈ পৰিছে। ইয়াৰ আৰ্হিত পাকিস্তানত “ককৰোচ আৱামি পাৰ্টি (CAP)” আৰু “ককৰোচ আৱামি লীগ (CAL)”ৰ দৰে কেইবাটাও ছ’চিয়েল মিডিয়া পেজৰ উন্মেষ ঘটিছে।”ককৰোচ আৱামি পাৰ্টি” নামৰ এটা ইনষ্টাগ্ৰাম পেজে মুকলিকৈ স্বীকাৰ কৰিছিল যে এয়া ভাৰতীয় আন্দোলনৰ পৰা অনুপ্ৰাণিত।ইয়াৰ বায়’ত লিখা আছিল, “হয়, কপি কৰিলোঁ কিন্তু কোনে চিন্তা কৰে? কথা সেইটোৱেই”

দৰাচলতে যোৱা সপ্তাহত ভাৰতত আৰম্ভ হৈছিল “ককৰোচ জনতা পাৰ্টি”বা চিজেপি। ইয়াৰ ভিত্তি সেই বিতৰ্কিত মন্তব্যটোৰ সৈতে জড়িত,য’ত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে নিবনুৱা কৰ্মী যুৱকক “ককৰোচ” আৰু “পৰজীৱী”ৰ সৈতে তুলনা কৰা বুলি অভিযোগ উঠিছে।যদিও পিছত স্পষ্টীকৰণ জাৰি কৰা হৈছিল, তথাপিও এই বক্তব্যক লৈ ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হৈছিল।

এই বিতৰ্কৰ পিছতেই আমেৰিকাত বাস কৰা এজন ভাৰতীয় মূলৰ জনসংযোগ স্নাতক আৰু আম আদমি পাৰ্টিৰ প্ৰাক্তন সহযোগী অভিজীত দীপকে যোৱা ১৬ মে’ত ছ’চিয়েল মিডিয়াত “ককৰোচ জনতা পাৰ্টি” অভিযান আৰম্ভ কৰে।তেওঁ নিজকে ধেমেলীকৈ  “কোকৰাচ” বুলি উল্লেখ কৰি তেওঁ এই আন্দোলনক নিবনুৱা আৰু ব্যৱস্থাটোৰ প্ৰতি অসন্তুষ্ট যুৱক-যুৱতীসকলৰ কণ্ঠ বুলি অভিহিত কৰে।

ভাৰতত ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ পিছত পাকিস্তানতো একেধৰণৰ একাউণ্টৰ উন্মেষ হ’বলৈ ধৰিলে।পাকিস্তানী “ককৰোচ”পেজবোৰে নিজকে দেশৰ Gen-Z প্ৰজন্মৰ কণ্ঠ হিচাপে স্থান দিছে।তেওঁলোকে দাবী কৰে যে তেওঁলোকৰ লক্ষ্য হৈছে পাকিস্তানৰ পৰম্পৰাগত ৰাজনীতিৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰা।কেইবাটাও পোষ্টত পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই), পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন), আৰু পাকিস্তান পিপলছ পাৰ্টি (পিপিপি)ৰ দৰে মূলসুঁতিৰ দলসমূহত ব্যংগমূলক সমালোচনা কৰিছে।

লগতে পঢ়ক: ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰেমত বলীউড, পেজ ফল’ কৰিলে কেইবাগৰাকীও তাৰকাই

‘নৰহত্যাৰ ইতিহাস থকা এখন দেশে কাশ্মীৰক লৈ উপদেশ দি আছে’; ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ ওপৰত ভাৰতে তীব্ৰ লক্ষ্য কৰি লয় আৰু নৰহত্যা,আফগানিস্তান বিমান আক্ৰমণ, আৰু দ্বৈত মানদণ্ড গ্ৰহণৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

বুধবাৰে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই কয় যে, “গণহত্যাৰ কাৰ্য্যৰ ‘দীৰ্ঘদিনীয়া কলংকিত’ অভিলেখৰ এনে এটা আৰ্হি প্ৰকাশ কৰিছে, য’ত পাকিস্তান, নিজৰ সীমাৰ ভিতৰত আৰু বাহিৰত হিংসাৰ জৰিয়তে নিজৰ আভ্যন্তৰীণ ব্যৰ্থতাৰ দোষ আনৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰে।” ভাৰতৰ এই বক্তব্য ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সশস্ত্ৰ সংঘাতত সাধাৰণ নাগৰিকৰ সুৰক্ষা সম্পৰ্কীয় বাৰ্ষিক মুকলি বিতৰ্কৰ সময়ত প্ৰকাশ কৰা হৈছে।

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত হৰিশ পৰ্বথানেনীয়ে এই মন্তব্যটো তেতিয়া দিছিল, যেতিয়া পাকিস্তানী প্ৰতিনিধিয়ে বিতৰ্কৰ সময়ত জম্মু-কাশ্মীৰৰ কথা উল্লেখ কৰিছিল।

হৰিশ পৰ্বথানেনীয়ে কৈছিল যে, এইটো বিদ্ৰুপৰ কথা যে পাকিস্তানে এনে বিষয় উত্থাপন কৰিবলৈ বাছি লৈছে,যিটো সম্পূৰ্ণ ভাৰতৰ আভ্যন্তৰীণ বিষয়।”

চলিত বৰ্ষৰ আৰম্ভণিতে আফগানিস্তানত পাকিস্তানে কৰা আক্ৰমণৰ কথা উল্লেখ কৰি ভাৰতৰ প্ৰতিনিধি পৰ্বথানেনীয়ে কয় যে: “ বিশ্বই এইটো পাহৰা নাই যে,এই বছৰৰ মাৰ্চ মাহত পবিত্ৰ ৰমজান মাহৰ সময়ত পাকিস্তানে কাবুলত ‘উমিদ নিচা চিকিৎসা চিকিৎসালয়’ত বৰ্বৰ বিমান আক্ৰমণ সংঘটিত কৰিছিল।”

লগতে পঢ়ক: শুভেন্দু অধিকাৰী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত;  সকলো মাদ্ৰাছাতে ‘বন্দে মাতৰম’ বাধ্যতামূলক

‘বিশ্বৰ মানচিত্ৰত থাকিব বিচাৰে, নে ইতিহাসত সমাধিস্থ হ’ব বিচাৰে?’ পাকিস্তানলৈ সেনা প্ৰধানৰ সতৰ্কবাণী

ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পাকিস্তানক স্পষ্ট সতৰ্কবাণী দিছে। তেওঁ সকীয়নি দি কয় যে বিশ্বৰ মানচিত্ৰত থাকিব বিচাৰে, নে ইতিহাসত সমাধিস্থ হ’ব বিচাৰে?

ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পাকিস্তানক অতি কঠোৰ আৰু স্পষ্ট সতৰ্কবাণী জাৰি কৰিছে।তেওঁ কয় যে যদি পাকিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় দি ভাৰতৰ বিৰুদ্ধে কাম কৰি থাকে, তেন্তে তেওঁলোকে সিদ্ধান্ত ল’ব লাগিব যে তেওঁ ভূগোলৰ অংশ হৈ থাকিব বিচাৰে নে ইতিহাসত সমাধিস্থ হ’ব বিচাৰে।এই মন্তব্যটো এনে সময়ত আহিছে যি সময়ত দেশত অপাৰেচন সেন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰা হৈছে। শনিবাৰে মানেক্সা কেন্দ্ৰত ‘সেনা সংবাদ’ (সেনা সংলাপ) কাৰ্যসূচীত ভাষণ দি সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কয় যে পাকিস্তানে নিজৰ নীতি সলনি কৰিব লাগিব।

এই বক্তব্য যথেষ্ট ব্লান্ট আৰু স্পষ্ট আছিল।সেনা প্ৰধানগৰাকীয়ে লগতে কয় যে যদি যোৱা বছৰৰ ‘অপাৰেচন সেন্দুৰ’ৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে ভাৰতীয় সেনাই সেইদৰেই অথবা তাতোকৈও অধিক শক্তিশালী ৰূপে উত্তৰ দিয়া যাব।তেওঁৰ এই বাৰ্তাই পাকিস্তানৰ বাবে স্পষ্ট সতৰ্কবাণী হিচাপে কাম কৰে যে ভাৰতে সন্ত্ৰাসবাদ সহ্য নকৰে।

বিগত বৰ্ষৰ ৭ মে’ত পহলগামত সংঘটিত হোৱা মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতে অপাৰেচন সেন্দুৰ আৰম্ভ কৰিছিল।ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তানে দখল কৰা কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত নিখুঁত আক্ৰমণ চলাইছিল।

ভাৰতীয় সেনা প্ৰধানগৰাকীয়ে উল্লেখ কৰে যে ভাৰতে সদায় শান্তি বিচাৰে।কিন্তু যদি পাকিস্তানে সন্ত্ৰাসবাদ বিয়পাই থাকে তেন্তে ভাৰতে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰে।এই বাৰ্তা ভাৰতৰ অদম্য সংকল্পৰ প্ৰমাণ হিচাপে কাম কৰাই নহয় সমগ্ৰ বিশ্বৰ বাবে  ভাৰতৰ অদম্য সংকল্পৰ বাৰ্তা দিছে।

লগতে পঢ়ক: পাঁচখন দেশ ভ্ৰমণৰ বাবে ৰাওনা প্ৰধানমন্ত্ৰী মোদী;  কেইবাটাও বৃহৎ চুক্তি স্বাক্ষৰৰ সম্ভাৱনা

‘আছিম মুনীৰে ট্ৰাম্পৰ গোলামী কৰি আছে’; পাকিস্তানৰ দুমুখীয়া চৰিত্ৰক লৈ ক্ষোভ ইৰাণৰ

ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা আলোচনাক পাকিস্তানৰ মধ্যস্থতাত এতিয়া সংকটে দেখা দিছে।ইৰাণৰ চৰকাৰী টেলিভিছনে পাকিস্তানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি পাকিস্তানে ‘ডাবল গেম’ খেলিছে বুলি কৈছে।

ইৰাণৰ চৰকাৰী টেলিভিছনে পাকিস্তানৰ ভূমিকাক লৈ তীক্ষ্ণ কটাক্ষ কৰিছে। এজন বিশিষ্ট বিশ্লেষকে প্ৰচাৰ কৰা এক প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা আলোচনাত পাকিস্তান নিৰপেক্ষ হৈ থকাৰ পৰিৱৰ্তে ৱাশ্বিংটনৰ ফলিয়া হোৱা যেন দেখিবলৈ পোৱা গৈছে।

ইৰাণে সকলোতকৈ বেছি পাকিস্তানৰ সেনা প্ৰধান অসীম মুনীৰ স্থিতিক লৈ ক্ষুদ্ধ হৈছে। তেহৰানে দাবী কৰে যে মুনিৰে ইৰাণৰ প্ৰস্তাৱ আমেৰিকালৈ প্ৰেৰণৰ দায়িত্ব গ্ৰহণ কৰিছিল,অৱশ্যে ৱাশ্বিংটনৰ পৰা এতিয়ালৈকে কোনো স্পষ্ট আৰু নিখুঁত সঁহাৰি পোৱা নাই।

ইৰাণৰ মতে মধ্যস্থতাৰ সমগ্ৰ পৰিকল্পনা এনেদৰে কৰা হৈছে যে, য’ত আমেৰিকাৰ লাভ হয় আৰু ইৰানক কূটনৈতিকভাৱে পৃথক কৰাৰ অনুমতি দিয়ে। ইৰাণৰ মতে পাকিস্তানী সেনা প্ৰধান অসীম মুনীৰে তেহৰাণ ভ্ৰমণৰ সময়ত খচৰা প্ৰস্তাৱ দাখিল কৰিছিল।

অৱশ্যে তেহৰানে অভিযোগ কৰে যে তেওঁলোকে এই প্ৰস্তাৱ আমেৰিকান পক্ষৰ সন্মুখত সঠিকভাৱে উপস্থাপন কৰা নাছিল অথবা আমেৰিকাৰ সঁহাৰি স্পষ্ট কৰা নাছিল। ইৰাণে মুনীৰৰ ওপৰত অভিযোগ উত্থাপন কৰিছে যে তেওঁ ব্যক্তিগত ভাৱে ইৰাণৰ সৈতে জড়িত হৈ আছে কিন্তু ৰাজহুৱা আৰু কূটনৈতিকভাৱে আমেৰিকাৰ স্বাৰ্থৰ পোষকতা কৰিছে।  

লগতে পঢ়ক: “পৰাজয় হোৱা সকলে চৰ্ত আৰোপ কৰিব নোৱাৰে”; ইৰাণে নাকচ কৰিলে ট্ৰাম্পৰ যুদ্ধবিৰতি বৃদ্ধিৰ সিদ্ধান্ত