ইৰাণে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ যুদ্ধবিৰতি বৃদ্ধিৰ সিদ্ধান্তক একপক্ষীয় বুলি অভিহিত কৰি ইয়াক নাকচ কৰে।
আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা সংঘাতে নতুন ৰূপ লৈছে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতি বৃদ্ধিৰ কথা ঘোষণা কৰাৰ সময়তে ইৰাণে ইয়াক সম্পূৰ্ণৰূপে নাকচ কৰিলে। তেহৰানে কয় যে, তেওঁলোকে এই “একপক্ষীয় সিদ্ধান্ত”ক স্বীকৃতি নিদিয়ে আৰু কেৱল নিজৰ জাতীয় স্বাৰ্থ অনুসৰি আগবাঢ়িব।
ইৰাণৰ সংসদৰ অধ্যক্ষৰ উপদেষ্টা মেহদী মহম্মদীয়েও ট্ৰাম্পৰ এই সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।তেওঁ কয় যে, “ট্ৰাম্পৰ যুদ্ধবিৰতি বৃদ্ধিৰ কোনো তাৎপৰ্য নাই। পৰাজয় হোৱা সকলে চৰ্ত আৰোপ কৰিব নোৱাৰে”। এই বক্তব্যই স্পষ্টভাৱে ইংগিত দিয়ে যে ইৰাণে এই সমগ্ৰ বিষয়টোত পিছুৱাই যোৱাৰ কোনো মুডত নাই।
লগতে পঢ়ক: “লক-ইন মোড: এক্টিভেটেড”… ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত ড’নাল্ড ট্ৰাম্প









