“মই নিজে পাকিস্তানলৈ যাম”; ইৰাণৰ সৈতে দ্বিতীয় শান্তি আলোচনাৰ পূৰ্বে ট্ৰাম্পৰ বিস্ফোৰক বক্তব্য

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে দ্বিতীয়বাৰৰ বাবে শান্তি আলোচনা সন্দৰ্ভত এটা ডাঙৰ ইংগিত দিছে। চুক্তিৰ বাবে তেওঁ পাকিস্তানলৈ যাবলৈ সাজু আছে।

মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে এতিয়া কূটনৈতিক প্ৰচেষ্টা তীব্ৰতৰ হোৱা যেন অনুভৱ হৈছে।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে স্পষ্ট ইংগিত দিছে যে ইৰাণৰ সৈতে শান্তি চুক্তি এতিয়া আৰু দূৰত নহয়।তেওঁ কয় যে যদি ইছলামাবাদত চুক্তি স্বাক্ষৰিত হয়, তেন্তে তেওঁ নিজেই পাকিস্তান ভ্ৰমণ কৰিবলৈ সাজু আছে।আমেৰিকা আৰু ইৰাণৰ মাজত দ্বিতীয়বাৰৰ আলোচনাৰ প্ৰস্তুতি অব্যাহত থকাৰ সময়তে ট্ৰাম্পে এই মন্তব্য কৰিছে।

হোয়াইট হাউছৰ পৰা ওলাই যোৱাৰ সময়ত ট্ৰাম্পে কয় যে আলোচনা “অতি ভালদৰে” আগবাঢ়িছে আৰু ইৰাণে প্ৰায় সকলো মূল বিষয়তে একমত হৈছে। তেওঁৰ প্ৰধান লক্ষ্য হৈছে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী ধ্বংস কৰা।ট্ৰাম্পে দাবী কৰে যে ইৰাণে কেৱল পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পৰাহে বিৰত থাকিব, বৰঞ্চ তেওঁ সমৃদ্ধ ইউৰেনিয়াম গতাই দিবলৈও ইচ্ছুক,যিটো বিষয়ক লৈ দীৰ্ঘদিন ধৰি বিবাদ চলি আছে।অৱশ্যে এই দাবীৰ কোনো স্বতন্ত্ৰ নিশ্চয়তা এতিয়াও পোহৰলৈ অহা নাই।

পাকিস্তানৰ মধ্যস্থতাক প্ৰশংসা কৰি ট্ৰাম্পে কয় যে তাত থকা সামৰিক নেতৃত্বই আলোচনাপন্থী বিষয়াসকলৰ সৈতে “অতি ভাল কাম” কৰি আছে।ইছলামবাদত প্ৰথম বাৰৰ আলোচনাৰ সামৰণি পৰাৰ লগে লগে শান্তি প্ৰতিষ্ঠাৰ এক পদক্ষেপ আৰম্ভ হৈছে।দ্বিতীয় বাৰৰ বাবে এতিয়া প্ৰস্তুতি চলি আছে।অৱশ্যে এই বৈঠকৰ দিন এতিয়াও চূড়ান্ত হোৱা নাই।

লগতে পঢ়ক: “ইজৰাইল আৰু লেবাননৰ মাজত ১০ দিনৰ যুদ্ধবিৰতি”; ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ ঘোষণা

পাকিস্তানৰ খাইবাৰ পখতুনখৱাত গেছ পাইপলাইন বিস্ফোৰণ; ৮ জনৰ মৃত্যু

পাকিস্তানৰ খাইবাৰ পখতুনখোৱা অঞ্চলত গেছ পাইপলাইন বিস্ফোৰণৰ ফলত কমেও ৮ জন লোকৰ মৃত্যু হৈছে।

বৃহস্পতিবাৰে পাকিস্তানৰ খাইবাৰ পখতুনখৱা প্ৰদেশৰ হৰিপুৰ জিলাৰ এটা ঔদ্যোগিক এলেকাত গেছ পাইপলাইনত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। য’ত কমেও আঠজন লোকৰ মৃত্যু হোৱাৰ লগতে ১২তকৈও অধিক লোক আহত হৈছে ।এই ঘটনাটো হৰিপুৰ জিলাৰ হাট্টাৰ ঔদ্যোগিক বাগিচাৰ গ্ৰেণ্ড ট্ৰাংক ৰোডৰ ওচৰত অৱস্থিত এটা কাৰখানাৰ সমীপত সংঘটিত হয়।

জানিব পৰা মতে বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে লগে লগে জুইৰ লেলিহান শিখা সমগ্ৰ অঞ্চলটো বিয়পি পৰিল। দাউ দাউ কৈ জ্বলি উঠিল কাৰখানাটোৰ ওচৰৰ এটা বাসগৃহ। হৰিপুৰৰ উপ আয়ুক্ত ৱাছিম ​​আহমেদে কয় যে শ্বাসৰুদ্ধ হোৱাৰ বাবেই বেছি ভাগলোকৰ মৃত্যুৰ হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।আহতসকল চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক:  দিল্লী বিমানবন্দৰত অঘটন; ৰৈ থকা বিমানত খুন্দা স্পাইচজেট বিমানৰ

“চুক্তিখন মাত্ৰ কেই ইঞ্চিমান দূৰত আছিল, কিন্তু…”;শান্তি আলোচনাৰ বিফলতাক লৈ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ বিস্ফোৰক

পাকিস্তানত প্ৰায় ২১ ঘণ্টা ধৰি চলা ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি আলোচনা ব্যৰ্থ হৈছে। শান্তি আলোচনা বিফলতাক লৈ ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে এক বিস্ফোৰক মন্তব্য কৰিছে।

পাকিস্তানত ২১ ঘণ্টীয়া ঐতিহাসিক শান্তি আলোচনা চলি থকাৰ পাছতো আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি হ’ব পৰা নাছিল। যাৰ ফলত দুসপ্তাহৰ যুদ্ধবিৰতিৰ ভৱিষ্যতও ভাৰসাম্যত ওলমি থকা যেন লাগে। শান্তি আলোচনা বিফলতাক লৈ এতিয়া ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে এক বিস্ফোৰক মন্তব্য কৰিছে।

ইৰাণৰ বৈদেশিক মন্ত্ৰী আৰাঘচিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি লিখিছে, তেহৰাণে, যুদ্ধ শেষ কৰাত সহায় কৰিবলৈ ভাল উদ্দেশ্যৰে ৪৭ বছৰৰ ভিতৰত আমেৰিকাৰ সৈতে উচ্চ পৰ্যায়ৰ প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰিছিলে,কিন্তু চূড়ান্ত পৰ্যায়ত আলোচনা সেই সময়ত বিফল হ’ল যেতিয়া সফলতা প্ৰায় হাতৰ মুঠিত আছিল।ইয়াৰ বাবে তেওঁ আমেৰিকাক পোনপটীয়াকৈ জগৰীয়া কৰিছে।

তেওঁ কয় যে, আলোচনা বিফল হোৱাৰ আগতে ইৰাণ আমেৰিকাৰ সৈতে চুক্তিত উপনীত হোৱাৰ যথেষ্ট সম্ভাৱনা আছিল,কিন্তু ৱাশ্বিংটনৰ অন্তিম মুহূৰ্তবোৰত,উগ্ৰপন্থী স্থিতি গ্ৰহণ, লক্ষ্য সলনি কৰা, বাধাৰ সৃষ্টিৰ বাবে কথাবোৰ ট্ৰেক বাহিৰ হৈ গ’ল।

লগতে পঢ়ক: “যুদ্ধ অব্যাহত আছে”; বুলেটপ্ৰুফ জেকেট পিন্ধি লেবাননত উপস্থিত বেঞ্জামিন নেতান্যাহু

‘পাকিস্তানে য’তেই হাত দিয়ে সেইটো ধ্বংস হৈ যায়’; উমা ভাৰতীৰ বিস্ফোৰক মন্তব্য

ইৰাণ-আমেৰিকাৰ শান্তি চুক্তি সন্দৰ্ভত উমা ভাৰতীয়ে পাকিস্তানত তীব্ৰ কটাক্ষ কৰিছে। উমা ভাৰতীয়ে কয় যে, পাকিস্তানে য’তেই হাত দিয়ে সেইটো ধ্বংস হৈ যায়।

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেত্ৰী উমা ভাৰতীয়ে তেওঁৰ স্পষ্টবাদী বক্তব্যৰ বাবে শিৰোনামত থাকে।শেহতীয়াকৈ তেওঁ পাকিস্তান সন্দৰ্ভত এক মন্তব্য কৰিছে।ইৰাণ আৰু আমেৰিকাৰ মাজত আলোচনা ব্যৰ্থ হোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উমা ভাৰতীয়ে কয়, পাকিস্তানে য’ত হাত দিয়ে তাতেই ধ্বংস হয়, পাকিস্তান ধ্বংসাত্মক হয়।

তেওঁ কয় যে, “যেতিয়াই পৃথিৱীত শান্তিৰ বাবে কোনো পদক্ষেপ লোৱা হ’ব, ভাৰতৰ ফালৰ পৰাই হ’ব। কেৱল ভাৰতেহে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিব।আনহাতে, নিৰ্বাচন আয়োগ সন্দৰ্ভত টিএমচিৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ বক্তব্য সন্দৰ্ভত তেওঁ কয়, “তেওঁ পাহৰি যায় যে তেওঁ এতিয়া চিনেমাৰ খলনায়ক নহয়,জনতাৰ নায়ক, তেওঁ নায়কৰ দৰে মন্তব্য দিব লাগে,খলনায়কৰ দৰে নহয়।  

লগতে পঢ়ক: তৃণমূল কংগ্ৰেছ বামপন্থীৰ ‘কাৰ্বন কপি’: মুৰ্ছিদাবাদত প্ৰধানমন্ত্ৰী মোদী

তালিবানৰ আক্ৰমণত  কঁপিছে পাকিস্তান; দৰ্শক নোহোৱাকৈ অনুষ্ঠিত হ’ব পি এছ এল

পাকিস্তানৰ ওপৰত আফগানিস্তানৰ আক্ৰমণ আৰু মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ বাবে পাকিস্তানৰ পৰিস্থিতি অৱনতি ঘটিছে। ইয়াৰ প্ৰভাৱ এতিয়া ক্ৰীড়া জগততো পৰিছে।ইফালে পি এছ এল সন্দৰ্ভত পিচিবিৰ অধ্যক্ষ মহছিন নাকৱীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেওবাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিশ্চিত কৰিছে যে এইবাৰৰ পাকিস্তান ছুপাৰ লীগ (পি এছ এল) দৰ্শক নোহোৱাকৈ অনুষ্ঠিত হ’ব। পাকিস্তানৰ ফালৰ পৰা এই সিদ্ধান্ত পশ্চিম এছিয়াত চলি থকা উত্তেজনা আৰু পাকিস্তানৰ ওপৰত আফগানিস্তানৰ আক্ৰমণৰ পৰা উদ্ভৱ হোৱা নিৰাপত্তাজনিত চিন্তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব পিএছএল ২০২৬। অৱশ্যে এইবাৰ প্ৰতিযোগিতাখন মাত্ৰ দুখন চহৰ কৰাচী আৰু লাহোৰত অনুষ্ঠিত হ’ব।প্ৰথম অৱস্থাত ছখন চহৰত ইয়াক আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছিল।পিচিবিৰ অধ্যক্ষ মহছিন নাকভিয়ে সংবাদমেলত কয় যে যেতিয়ালৈকে পৰিস্থিতি স্বাভাৱিকলৈ ঘূৰি নাহে তেতিয়ালৈকে দৰ্শকক ষ্টেডিয়ামত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব। তেওঁ লগতে স্পষ্ট কৰে যে পি এছ এল ২০২৬ৰ কোনো মুকলি অনুষ্ঠান নাথাকিব।

নাকভিয়ে কয়,পি এছ এল আমাৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড, আৰু ইয়াত বহু বিদেশী খেলুৱৈয়ে খেলিব।আমি প্ৰতিযোগিতাখন বাতিল কৰিব নোৱাৰো।কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২৫ৰ পৰা ৩০ হাজাৰ লোকক ষ্টেডিয়ামত অনা সম্ভৱ নহয়। তেওঁ লগতে কয় যে, এই সিদ্ধান্তৰ পূৰ্বে পাকিস্তান চৰকাৰ, প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, আৰু নিৰাপত্তা সংস্থাসমূহৰ সৈতে জড়িত কেইবাটাও ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হৈছিল। দেশৰ অগ্ৰাধিকাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়ক: টিম ইণ্ডিয়াক আতিথ্য দিবলৈ অধীৰ বাংলাদেশ, অনিশ্চিত ২০২৭ৰ বিশ্বকাপৰ টিকট

আফগানিস্তানত পাকিস্তানৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক, ৪০০ লোকৰ মৃত্যুৰ দাবী

আফগানিস্তানত তালিবান চৰকাৰৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰিছে যে এই অভিযানৰ সময়ত পাকিস্তানে নিৰীহ লোকক লক্ষ্য কৰি লৈছিল

আফগানিস্তানৰ কাবুলত পাকিস্তানৰ ভয়ংকৰ বিমান আক্ৰমণ । পাকিস্তানে দাবী কৰিছে যে কেৱল সামৰিক প্ৰতিষ্ঠানকহে লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছিল । এই আক্ৰমণ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি ৪০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । আফগানিস্তানত তালিবান চৰকাৰৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰিছে যে এই অভিযানৰ সময়ত পাকিস্তানে নিৰীহ লোকক লক্ষ্য কৰি লৈছিল । খবৰ অনুসৰি এখন চিকিৎসালয়ত হোৱা এই বিমান আক্ৰমণৰ ফলত বহু সংখ্যক লোকৰ মৃত্যু হৈছে ।

কাবুলত বিমান আক্ৰমণৰ পিছত তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মুজাহিদে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ আহ্বান জনায় । তেওঁ কয়, “আলোচনা আৰু কূটনীতিৰ সময় শেষ; আমি পাকিস্তানৰ বিৰদ্ধে প্ৰতিশোধ লম ।” তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদৰ এই বক্তব্য নিউজত সম্প্ৰচাৰিত হয় । তেওঁ কয়, “কাবুলৰ কিছুমান লক্ষ্যত পাকিস্তানী সেনাই আক্ৰমণ কৰাৰ পিছত ইছলামবাগৰ সৈতে কূটনীতি আৰু আলোচনাৰ সময় শেষ হৈছে ।” তেওঁ কয় যে আলোচনাৰ পথ গ্ৰহণ কৰাৰ পৰিৱৰ্তে তালিবানে এতিয়া প্ৰতিশোধ লোৱাৰ মনস্থ কৰিছে ।

উল্লেখ্য যে মঙলবাৰে পুৱা পাকিস্তানৰ সামৰিক এক্সন সন্দৰ্ভত আফগানিস্তান চৰকাৰৰ মুখপাত্ৰ হামদুল্লা ফিট্ৰাটে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰে । সোমবাৰে গভীৰ নিশা সংঘটিত হোৱা এই আক্ৰমণত চিকিৎসালয়খনৰ এক বৃহৎ অংশ ধ্বংস হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে । ৪০০ৰো অধিক লোক নিহত হোৱাৰ বিপৰীতে প্ৰায় ২৫০ জন আহত হয় এই আক্ৰমণত । ফিট্ৰাটে কয় যে উদ্ধাৰকাৰী দলে অট্টালিকাটোত থকা জুই নিয়ন্ত্ৰণ কৰি নিহতসকলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছে ।

লগতে পঢ়ক : হৰমুজত যুদ্ধজাহাজ মোতায়েন : ট্ৰাম্পৰ আহ্বানৰ প্ৰত্যুত্তৰ দিলে ভাৰতে

আফগানিস্তানৰ কেইবাখনো চহৰত পাকিস্তানী বায়ুসেনাৰ বিমান আক্ৰমণ…

আফগানিস্তানে পুনৰবাৰ পাকিস্তানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আফগান প্ৰশাসনে দাবী কৰিছে যে পাকিস্তানী সেনাই দেশৰ কেইবাটাও অঞ্চলত বিমান আক্ৰমণ কৰিছে।

পবিত্ৰ ৰমজান মাহৰ অন্তিম দিনকেইটাত আফগানিস্তান আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।আফগানিস্তানে দাবী কৰিছে যে- পাকিস্তানে পুনৰবাৰ আফগানৰ সাৰ্বভৌমত্ব উলংঘা কৰি কাবুল,কন্দহাৰ, পাকটিয়া, পক্তিকাকে ধৰি কেইবাখনো ঠাইত ভয়াৱহ বিমান আক্ৰমণ কৰিছে।

পাকিস্তানী বায়ুসেনাৰ বিমানে কান্দাহাৰ বিমানবন্দৰৰ সমীপত অৱস্থিত ব্যক্তিগত বিমান সংস্থা ‘কাম এয়াৰ’ৰ ইন্ধন ডিপোক লক্ষ্য কৰি লৈছে।এই কোম্পানীটোয়ে অসামৰিক বিমান সংস্থাৰ লগতে ৰাষ্ট্ৰসংঘৰ বিমানকো ইন্ধন যোগান ধৰে।এই আক্ৰমণটো এনে সময়ত হৈছে যেতিয়া ইৰাণ-ইজৰাইল সংঘাতৰ বাবে কেইবাখনো দেশত তেল সংকট অব্যাহত আছে।

আফগান তালিবানৰ বিষয়াসকলে জাৰি কৰা এক বিবৃতি অনুসৰি:এই বিমান আক্ৰমণত আৱাসিক অঞ্চলক লক্ষ্য কৰি লোৱা হৈছে,ফলত বহু অসামৰিক বাসগৃহ ধ্বংস হৈছে।এই আক্ৰমণত মহিলা আৰু শিশুৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে।ইফালে আন কিছুমান স্থানত পাকিস্তানী বিমানে মৰুভূমি আৰু জনবসতিহীন অঞ্চলটো আক্ৰমণ কৰিছে।

লগতে পঢ়ক: যুদ্ধৰ মাজতে পুনৰ ট্ৰাম্পক মোক্ষম আঘাত; দুৰ্ঘটনাত পতিত আমেৰিকাৰ সামৰিক ইন্ধন ভৰোৱা বিমান

পাকিস্তানত তেল সংকট; বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয়ৰ বাবে শ্বাহবাজ শ্বৰীফৰ নিৰ্দেশনা

মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু হৰমুজ প্ৰণালীত উত্তেজনাৰ মাজতে পাকিস্তানৰ ইন্ধনৰ সংকট আৰু গভীৰ কৰি তুলিছে। তেল ৰাহিৰ বাবে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয়ৰ সৈতে জড়িত কিছুমান ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ প্ৰভাৱ আৰু হৰমুজ প্ৰণালীত বৃদ্ধি পোৱা উত্তেজনাৰ প্ৰভাৱ এতিয়া পাকিস্তানত স্পষ্টকৈ দেখা গৈছে।তেলৰ দাম ১০০ ডলাৰ অতিক্ৰম কৰাৰ লগে লগে দেশত ইন্ধনৰ সংকট গভীৰ হৈছে কাৰণ ইৰাণে হৰমুজ প্ৰণালীত আৰোপ কৰা নিষেধাজ্ঞাৰ পিছত পাকিস্তানে তেলৰ যোগান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

এনে পৰিস্থিতিত পাকিস্তান চৰকাৰে কিছুমান বৃহৎ নির্দেশ জাৰি কৰি ইয়াক কঠোৰভাৱে বলবৎ কৰিবলৈ কৈছে ৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ৰ বাবে কঠোৰ নিৰ্দেশনা ঘোষণা কৰিছে।পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগতে শক্তি সংকট দূৰ কৰাৰ লক্ষ্যৰে এই নতুন নিয়ম ঘোষণা কৰিছে।

স্কুল, কলেজ আৰু কাৰ্যালয়ৰ ৫ টা নিৰ্দেশনা হ’ল…

১. দুসপ্তাহৰ বাবে বন্ধ থাকিব পাকিস্তানৰ বিদ্যালয়।

২. উচ্চ শিক্ষা (মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়)ৰ শ্ৰেণীসমূহ অনলাইনলৈ স্থানান্তৰ কৰা হ’ব।

৩. সপ্তাহত চাৰিদিনহে চৰকাৰী কাৰ্যালয় খোলা থাকিব।

৪. চৰকাৰী বিভাগৰ ৫০% কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব।

৫. আগন্তুক দুমাহৰ বাবে চৰকাৰী বিভাগসমূহে লাভ কৰা ইন্ধন ৫০% কৰ্তন কৰা হ’ব।

ইয়াৰ উপৰিও ইফটাৰ পাৰ্টিতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।চৰকাৰৰ মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে এই পদক্ষেপ প্ৰযোজ্য হৈ থাকিব।

পাকিস্তানত ইন্ধনৰ সংকটৰ মূল কাৰণ হৈছে হৰমুজ প্ৰণালীত বৃদ্ধি পোৱা উত্তেজনা।আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাতে এই গুৰুত্বপূৰ্ণ সাগৰীয় পথৰ জৰিয়তে তেল যোগানত প্ৰভাৱ পেলাইছে।পাকিস্তানেও এই পথৰ জৰিয়তে তেলৰ যোগান লাভ কৰে,যাৰ বাবে এই সংকটৰ প্ৰত্যক্ষ প্ৰভাৱ দেশখনৰ অৰ্থনীতিত পৰিছে ।

লগতে পঢ়ক: ‘যুদ্ধ কেতিয়া শেষ হ’ব সেই কথা আমেৰিকাই নহয় আমি সিদ্ধান্ত ল’ম’; ট্ৰাম্পৰ দাবীত ইৰাণৰ প্ৰত্যুত্তৰ

অপাৰেচন সিন্দুৰত বিধ্বস্ত হোৱা পাকিস্তানৰ নূৰ খান বেছত আফগানিস্তানৰ আক্ৰমণ

আফগানিস্তান আৰু পাকিস্তানৰ মাজতো উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে

মধ্যপ্ৰাচ্যক যুদ্ধৰ কলীয়া ডাৱৰে আৱৰি ধৰাৰ সময়তে আফগানিস্তান আৰু পাকিস্তানৰ মাজতো উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । বিগত চাৰিদিন ধৰি দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে । সোমবাৰে আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক উল্লেখযোগ্য ঘোষণা কৰে । তেওঁলোকে উল্লেখ কৰে যে আফগান বায়ুসেনাই পাকিস্তানৰ কেইবাটাও সামৰিক ঘাটিত নিখুঁত বিমান আক্ৰমণ চলাইছিল । এই আক্ৰমণে চুবুৰীয়া দেশ দুখনৰ মাজত পৰিস্থিতি আৰু অধিক তীব্ৰতৰ কৰি তুলিছে ।

ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বিবৃতিত আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ৰাৱালপিণ্ডিৰ নুৰ খান এয়াৰবেছক লক্ষ্য কৰি আক্ৰমণ কৰা হৈছে । বেলুচিস্তানৰ কুৱেটাত থকা দ্বাদশ ডিভিজনৰ মুখ্য কাৰ্যালয় আৰু খাইবাৰ পাখতুনখোৱাৰ মহমণ্ড এজেন্সীৰ খোৱাজাই কেম্পতো বিস্ফোৰণ ঘটে । তালিবানে দাবী কৰে যে তেওঁলোকে পাকিস্তানৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক কমাণ্ড চেণ্টাৰতো যথেষ্ট ক্ষতিসাধন কৰিছে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, এই অভিযান পাকিস্তানী বাহিনীৰ শেহতীয়া আগ্ৰাসনৰ প্ৰতিশোধৰ উদ্দেশ্যৰে কৰা হৈছে । শেহতীয়াকৈ পাকিস্তানে কাবুল আৰু বাগ্ৰাম বিমান ঘাটিত আক্ৰমণ চলাইছিল । মন্ত্ৰালয়ে সকীয়াই দিছে যে যদিহে পাকিস্তানে পুনৰ আফগান আকাশমাৰ্গ উলংঘা কৰে বা কোনো আক্ৰমণাত্মক কাৰ্য্যত লিপ্ত হয় তেন্তে আৰু অধিক শক্তিশালী আৰু নিৰ্ণায়ক প্ৰত্যুত্তৰৰ সন্মুখীন হ’ব ।

এই উত্তেজনা আৰু অধিক বৃদ্ধি পায় যেতিয়া পাকিস্তানে আফগানিস্তানৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰে । শুকুৰবাৰে পাকিস্তানে কাবুল আৰু কান্দাহাৰত বিমান আক্ৰমণ সংঘটিত কৰে । কিছু ঘণ্টাৰ ভিতৰতে আফগান সেনাই প্ৰত্যাক্ৰমণ আৰম্ভ কৰে । পাকিস্তান বায়ুসেনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ৰাৱালপিণ্ডিৰ নুৰ খান বায়ুসেনা ঘাটি । ২০২৫ চনৰ মে’ মাহত ভাৰতৰ অপাৰেচন সিন্দুৰৰ সময়তো ইয়াক লক্ষ্য কৰি লোৱা হৈছিল । ভাৰতৰ সেই আক্ৰমণে ঘাটিটোৰ আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতিসাধন কৰিছিল ।

লগতে পঢ়ক : ইজৰাইলৰ ওপৰত ইৰাণৰ ভয়ংকৰ প্ৰত্যাক্ৰমণ, প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ কাৰ্যালয়ত মিছাইল নিক্ষেপ