আফগানিস্তানৰ কেইবাখনো চহৰত পাকিস্তানী বায়ুসেনাৰ বিমান আক্ৰমণ...

আফগানিস্তানৰ কেইবাখনো চহৰত পাকিস্তানী বায়ুসেনাৰ বিমান আক্ৰমণ…

আফগানিস্তানে পুনৰবাৰ পাকিস্তানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আফগান প্ৰশাসনে দাবী কৰিছে যে পাকিস্তানী সেনাই দেশৰ কেইবাটাও অঞ্চলত বিমান আক্ৰমণ কৰিছে। পবিত্ৰ ৰমজান মাহৰ অন্তিম দিনকেইটাত আফগানিস্তান আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।আফগানিস্তানে দাবী কৰিছে যে- পাকিস্তানে পুনৰবাৰ আফগানৰ সাৰ্বভৌমত্ব উলংঘা কৰি কাবুল,কন্দহাৰ, পাকটিয়া, পক্তিকাকে

আফগানিস্তানে পুনৰবাৰ পাকিস্তানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আফগান প্ৰশাসনে দাবী কৰিছে যে পাকিস্তানী সেনাই দেশৰ কেইবাটাও অঞ্চলত বিমান আক্ৰমণ কৰিছে।

পবিত্ৰ ৰমজান মাহৰ অন্তিম দিনকেইটাত আফগানিস্তান আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।আফগানিস্তানে দাবী কৰিছে যে- পাকিস্তানে পুনৰবাৰ আফগানৰ সাৰ্বভৌমত্ব উলংঘা কৰি কাবুল,কন্দহাৰ, পাকটিয়া, পক্তিকাকে ধৰি কেইবাখনো ঠাইত ভয়াৱহ বিমান আক্ৰমণ কৰিছে।

পাকিস্তানী বায়ুসেনাৰ বিমানে কান্দাহাৰ বিমানবন্দৰৰ সমীপত অৱস্থিত ব্যক্তিগত বিমান সংস্থা ‘কাম এয়াৰ’ৰ ইন্ধন ডিপোক লক্ষ্য কৰি লৈছে।এই কোম্পানীটোয়ে অসামৰিক বিমান সংস্থাৰ লগতে ৰাষ্ট্ৰসংঘৰ বিমানকো ইন্ধন যোগান ধৰে।এই আক্ৰমণটো এনে সময়ত হৈছে যেতিয়া ইৰাণ-ইজৰাইল সংঘাতৰ বাবে কেইবাখনো দেশত তেল সংকট অব্যাহত আছে।

আফগান তালিবানৰ বিষয়াসকলে জাৰি কৰা এক বিবৃতি অনুসৰি:এই বিমান আক্ৰমণত আৱাসিক অঞ্চলক লক্ষ্য কৰি লোৱা হৈছে,ফলত বহু অসামৰিক বাসগৃহ ধ্বংস হৈছে।এই আক্ৰমণত মহিলা আৰু শিশুৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে।ইফালে আন কিছুমান স্থানত পাকিস্তানী বিমানে মৰুভূমি আৰু জনবসতিহীন অঞ্চলটো আক্ৰমণ কৰিছে।

লগতে পঢ়ক: যুদ্ধৰ মাজতে পুনৰ ট্ৰাম্পক মোক্ষম আঘাত; দুৰ্ঘটনাত পতিত আমেৰিকাৰ সামৰিক ইন্ধন ভৰোৱা বিমান