৬.২ প্ৰাৱল্যৰ ভূমিকম্পত হাহাকাৰ

ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূ-পৃষ্ঠৰ পৰা প্ৰায় ২১৫ কিলোমিটাৰ গভীৰতাত আছিল

শনিবাৰে সন্ধিয়া ৬ বাজি ৪ মিনিটত আফগানিস্তানৰ হিন্দুকুশ অঞ্চলত ৬.২ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পই কঁপাই যায় । নেচনেল চেণ্টাৰ ফৰ চেইজমোলজীৰ মতে, ভূমিকম্পটোৰ কেন্দ্ৰবিন্দু আছিল উত্তৰ-পূব আফগানিস্তানৰ কালাফগানৰ পৰা প্ৰায় ৮১ কিলোমিটাৰ দূৰত । ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূ-পৃষ্ঠৰ পৰা প্ৰায় ২১৫ কিলোমিটাৰ গভীৰতাত আছিল । ভূ-পৃষ্ঠৰ পৰা অতি গভীৰতাত হোৱাৰ বাবে ইয়াৰ জোঁকাৰণি পাকিস্তান, উত্তৰ ভাৰত, চীন, তাজিকিস্তান, উজবেকিস্তান, কিৰ্গিস্তান আৰু তুৰ্কমেনিস্তানকে ধৰি কেইবাখনো দেশত অনুভূত হয় ।

দিল্লী-এনচিআৰতো প্ৰভাৱ

দিল্লী-এনচিআৰতো কেইছেকেণ্ডমানৰ বাবে এই ভূমিকম্পৰ জোঁকাৰণি অনুবূত হয় । এই ভূমিকম্পত বৰ্তমানলৈকে কোনো ধৰণৰ প্ৰাণহানি বা সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই । বিশেষজ্ঞসকলৰ মতে, ভূ-পৃষ্ঠৰ পৰা অধিক গভীৰতাত হোৱা ভূমিকম্পৰ জোঁকাৰণি বহল অঞ্চলত অনুভূত হয়, কিন্তু পৃষ্ঠত ক্ষতি হোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে কম থাকে । আফগানিস্তানৰ হিন্দুকুশ অঞ্চল ভূমিকম্পৰ দিশৰ পৰা অতি সংবেদনশীল । ভাৰতীয় আৰু ইউৰেশীয় টেকটোনিক প্লেটৰ সংঘৰ্ষৰ বাবে ইয়াত প্ৰায়ে তীব্ৰ ভূমিকম্প সংঘটিত হয় ।

জম্মু-কাশ্মীৰতো অনুভূত-

জম্মু-কাশ্মীৰতো ভূমিকম্পৰ তীব্ৰ জোঁকাৰণি অনুভূত হয় । এই কম্পনৰ ফলত জনসাধাৰণ আতংকিত হৈ ঘৰ আৰু কাৰ্যালয়ৰ পৰা ওলাই আহি ৰাজপথ আৰু মুকলি ঠাইত আশ্ৰয় লয় । জম্মু-কাশ্মীৰো ভূমিকম্পৰ দিশৰ পৰা অতি সংবেদনশীল আৰু ইয়াত সময়ে সময়ে পাতলৰ পৰা মজলীয়া প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় ।

লগতে পঢ়ক : অৰুণাচলত প্ৰলয়ংকাৰী বান; অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি

তৃতীয় এদিনীয়াৰ বাবে সাজু টীম ইণ্ডিয়া; সন্মান ৰক্ষাৰ যুঁজত নামিব আফগানিস্তান

আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰত আৰু আফগানিস্তানৰ মাজত তৃতীয় তথা অন্তিমখন এদিনীয়া খেল অনুষ্ঠিত হ’ব।ইতিমধ্যে ভাৰতীয় দলটোৱে প্ৰথম দুখন মেচত জয়লাভ কৰি শৃংখলাত ২-০ ত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে।

ভাৰত আৰু আফগানিস্তানৰ মাজৰ শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল শনিবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ভাৰতীয় দলে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাটোত ২-০ ব্যৱধানত অপ্ৰতিৰুদ্ধ অগ্ৰগতি লাভ কৰিছে। তৃতীয়খন এদিনীয়া খেলত আফগানিস্তানৰ দলে নিজৰ সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব।

দুয়োখন এদিনীয়া খেলতেই ভাৰতীয় দলৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ। দ্বিতীয়খন এদিনীয়া খেলত টীম ইণ্ডিয়াই আফগানিস্তানক ১৭০ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল। বেটিঙত অধিনায়ক শুভমন গিল প্ৰচণ্ড ফৰ্মত আছে। গিলে দুখন এদিনীয়াত এতিয়ালৈকে ২৩৮ গড় আৰু ১৩৫ ষ্ট্ৰাইক ৰেটেৰে ২৩৮ ৰান সংগ্ৰহ কৰিছে। আনহাতে, ইশান কিষাণকো সুন্দৰ লয়ত দেখা গৈছে। ইশানে দ্বিতীয়খন এদিনীয়াত এটা শতকীয় ইনিংছ খেলিছিল।

ৰোহিত শৰ্মাই দ্বিতীয়খন এদিনীয়াত ৩৯টা বলত ৪৮ ৰানৰ এক শক্তিশালী ইনিংছ খেলিছিল। অৱশ্যে, অন্তিমখন এদিনীয়াত দলে যশস্বী জয়ছোৱাল আৰু শ্ৰেয়স আয়াৰৰ পৰা এক শক্তিশালী প্ৰদৰ্শন আশা কৰিব। বলিঙত আৰ্শদীপ সিং আৰু গুৰনুৰ ব্ৰাৰৰ যুটিটো ফলপ্ৰসূ প্ৰমাণিত হৈছে। গুৰনুৰে নিজৰ বলিঙেৰে যথেষ্ট প্ৰভাৱিত কৰিছে আৰু ইতিমধ্যে ৬টা উইকেট দখল কৰিছে। ইফালে, প্ৰিন্স যাদৱে নিজৰ অভিষেক খেলখনত ২টা উইকেট লাভ কৰিছিল।

আনহাতে, এই শৃংখলাত আফগানিস্তানৰ বাবে একোৱেই সঠিকভাৱে যোৱা নাই। বেটিঙত গুৰবাজ আৰু ৰহমত শ্বাহক বাদ দি দলৰ আন আন বেটৰসকলে ৰান সংগ্ৰহ কৰিবলৈ সংগ্ৰহ কৰিবলগীয়া হৈছে। ৰহমতে দ্বিতীয়খন এদিনীয়াত ৭৯ ৰানৰ এক দমনীয় ইনিংছ খেলিছিল, আনহাতে প্ৰথমখন এদিনীয়াত শতক অৰ্জন কৰা গুৰবাজে দ্বিতীয়খন খেলত ৩৩টা বলত ৪১ ৰান সংগ্ৰহ কৰিছিল। দলটোৰ বলিং আক্ৰমণো অতি সাধাৰণ যেন দেখা গৈছে। দ্বিতীয়খন এদিনীয়াত ভাৰতীয় বেটাৰসকলে আফগানিস্তানৰ বলিং আক্ৰমণক ধূলিসাৎ কৰি ৫০ অভাৰত ৪০২ ৰান সংগ্ৰহ কৰিছিল।

এম এ চিদাম্বৰম ষ্টেডিয়ামত এতিয়ালৈকে মুঠ ৩৯খন এদিনীয়া মেচ খেলা হৈছে, যাৰ ভিতৰত ১৮খন মেচত প্ৰথমে বেটিং কৰা দলে জয়লাভ কৰিছে।ইফালে শনিবাৰে চেন্নাইত বৰষুণ হোৱাৰ সম্ভাৱনা ৫৫ শতাংশ। ইয়াৰ লগতে বেছিভাগ সময় আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। সৰ্বাধিক উষ্ণতা ৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন উষ্ণতা ২৭ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা কৰা হৈছে।

লগতে পঢ়ক: আই পি এল ২০২৭ত এইটো দলৰ মুখ্য প্ৰশিক্ষক হ’ব পাৰে যুৱৰাজ সিং

আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত টিম ইণ্ডিয়াৰ বৃহৎ জয়…

বুধবাৰে ভাৰত আৰু আফগানিস্তানৰ মাজত তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হয়। খেলখনত ভাৰতে আগানিস্তানৰ বিৰুদ্ধে ১৭০ ৰানত জয়ী হয়।

ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল বুধবাৰে (১৭ জুন) লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত খেলা হয়। এই খেলখনত ভাৰতীয় দলে ১৭০ ৰানৰ ব্যৱধানত এক বৃহৎ জয় সাব্যস্ত কৰে।

খেলখনত ভাৰতীয় দলে প্ৰথমে বেটিং কৰি ৪৯.৫ অভাৰত ৪০২ ৰান সংগ্ৰহ কৰি অল-আউট হয়। প্ৰত্যুত্তৰত ৪০৩ ৰানৰ লক্ষ্য খেদিবলৈ আফগানিস্তানৰ দলটোৱে ৪৪.৩ অভাৰত মাত্ৰ ২৩২ ৰানতে থমকি ৰয়। এই বিজয়ৰ সৈতে ভাৰতীয় দলে তিনিখনীয়া এদিনীয়া শৃংখলাটোত ২-০ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ অন্তিমখন খেল ২০ জুনত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

আফগান দলটোৰ আৰম্ভণি ভাল আছিল যদিও প্ৰয়োজনীয় ৰান ৰেট বেছি হোৱাৰ বাবে তেওঁলোকৰ ওপৰত চাপ বাঢ়ি গৈছিল। আফগানিস্তানৰ হৈ সৰ্বাধিক ৭৯ ৰান সংগ্ৰহ কৰে ৰহমত শ্বাহে। ৮৯ টা বলৰ ইনিংছত তেওঁ ৮ টা চাৰি কোবায়। আনহাতে, চেদিকুল্লাহ আটলে ৪২ ৰান আৰু ৰহমানুল্লাহ গুৰবাজে ৪১ ৰানৰ বৰঙণি যোগায়।

ভাৰতৰ হৈ অৰ্শদীপ সিং আৰু গুৰনুৰ ব্ৰাৰে ৩ টাকৈ উইকেট লাভ কৰে। অভিষেককাৰী প্ৰিন্স যাদৱে ২ টা সফলতা লাভ কৰাৰ বিপৰীতে ৱাশ্বিংটন সুন্দৰে ১ টা উইকেট দখল কৰে।

লক্ষ্ণৌত অনুষ্ঠিত এই খেলখনত যশস্বী জয়ছোৱাল আৰু কুলদীপ যাদৱে দললৈ প্ৰত্যাৱৰ্তন কৰে, আনহাতে প্ৰিন্স যাদৱৰো অভিষেক ঘটে। খেলখনত ভাৰতৰ আৰম্ভণি বেয়া আছিল। যশস্বী জয়ছোৱালে মহম্মদ চেলিম চাফীৰ বলত নাংগেয়ালিয়া খাৰোটিক কেচ দি মাত্ৰ ৪ ৰানতে বিদায় লয়। অৱশ্যে ইয়াৰ পিছত ৰোহিত শৰ্মা আৰু তৃতীয় স্থানত বেটিং কৰিবলৈ অহা শুভমন গিলে ধৈৰ্য্যসহকাৰে খেলিবলৈ আৰম্ভ কৰে। ৰোহিত শৰ্মা ৪৮ ৰানত ৰাছিদ খানৰ স্পিনৰ বলি হৈ ব’ল্ড হয়। ৰোহিত আউট হোৱাৰ লগে লগে ভাৰতৰ স্ক’ৰ ৯৬/২ হয়।

পিছত শুভমন গিলে ৩৮ টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে। আনফালে ঈশান কিষাণেও ৫২ টা বলত হাফ-চেঞ্চুৰী সম্পূৰ্ণ কৰে। ক্ৰীজত টিকি থকা শুভমন গিলে ৭৭ টা বলত শতক অৰ্জন কৰে। এদিনীয়াত গিলৰ এইটো নৱম শতক আছিল। শুভমনৰ পিছত ঈশানেও ৭১ টা বলত নিজৰ শতক সম্পূৰ্ণ কৰে। ঈশানৰ এদিনীয়া কেৰিয়াৰৰ এইটো দ্বিতীয়টো শতক আছিল। ঈশান কিষাণে ৭৯ টা বলত ১২৫ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি নাংগেয়ালিয়া খাৰোটিৰ বলত কেচ আউট হয়। তেওঁৰ ইনিংছত ১৪ টা চাৰি আৰু ৭ টা ছিক্সাৰ অন্তৰ্ভুক্ত আছিল।

আফগানিস্তানৰ স্পিনাৰ নাংগেয়ালিয়া খাৰোটিয়ে মাত্ৰ কেইটামান অভাৰতে খেলৰ গতি সলনি কৰাৰ চেষ্টা চলায়। ৪২.৩ অভাৰত তেওঁ সুন্দৰ বেটিং কৰি থকা শুভমন গিলক ১৫৪ ৰানত আউট কৰে। গিলে ৰিভাৰ্ছ চুইপ খেলিবলৈ গৈ ডিপ কভাৰত কেচ দিয়ে। ইয়াৰ পিছৰ বলতে কে এল ৰাহুলে খাতা নোখোলাকৈয়ে লং অনত কেচ আউট হয়।

লগতে পঢ়ক: ODI ত শুভমান গিলৰ বেটেৰে ধুমুহা; ১৫৪ ৰান সংগ্ৰহ কৰি ইতিহাস সৃষ্টি

একমাত্ৰ টেষ্টত ঐতিহাসিক জয় ভাৰতৰ : এক ইনিংছ আৰু ৩০০ ৰানৰ বৃহৎ ব্যৱধানত ধূলিস্যাৎ আফগানিস্তান

ভাৰত আৰু আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট মেচখনত ভাৰতীয় দলে এক ঐতিহাসিক জয় সাব্যস্ত কৰিছে

মুল্লনপুৰৰ (নিউ চণ্ডীগড়) মহাৰাজ যাদৱিন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত আৰু আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট মেচখনত ভাৰতীয় দলে এক ঐতিহাসিক জয় সাব্যস্ত কৰিছে । আলহী দল আফগানিস্তানক এক ইনিংছ আৰু ৩০০ ৰানৰ এক বৃহৎ ব্যৱধানত ধূলিস্যাৎ কৰি ট্ৰফী আজুৰি আনিলে টিম ইণ্ডিয়াই । মেচখন অতি আকৰ্ষণীয়ভাৱে তৃতীয় দিনাৰ (৮ জুন) তৃতীয়টো সত্ৰতে সমাপ্ত হয় । উল্লেখযোগ্য যে, ৰানৰ ব্যৱধানৰ হিচাপত টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতীয় দলৰ এয়া আটাইতকৈ ডাঙৰ জয় । ইয়াৰ পূৰ্বে ২০১৮ চনৰ অক্টোবৰ মাহত ৰাজকোটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে এক ইনিংছ আৰু ২৭২ ৰানত জয়লাভ কৰিছিল, যিটো অভিলেখ এই মেচখনত ভংগ হ’ল ।

প্ৰথম ইনিংছত ভাৰতৰ ৰানৰ পাহাৰ-

মেচৰ প্ৰথম দিনা ভাৰতৰ অধিনায়ক শুভমন গীলে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল । অধিনায়কৰ এই সিদ্ধান্তক যোগ্য প্ৰমাণিত কৰি ভাৰতীয় বেটাৰসকলে প্ৰথম ইনিংছত ৮ টা উইকেট হেৰুৱাই ৫৬৪ ৰানৰ এক বিশাল স্ক’ৰ থিয় কৰায় আৰু ইনিংছ ঘোষণা কৰে ।

ভাৰতৰ হৈ অধিনায়ক শুভমন গীলে সুন্দৰ ফৰ্ম অক্ষুণ্ণ ৰাখি ১৭৭ টা বলত ১২৬ ৰানৰ এক চমকপ্ৰদ ইনিংছ খেলে (১৫ টা চাৰি আৰু ১ টা ছয়)। এয়া আছিল গীলৰ টেষ্ট কেৰিয়াৰৰ ১১ সংখ্যক শতৰান । আনহাতে, তেওঁক যোগ্য সংগ দি অপেনিং বেটছমেন কে এল ৰাহুলে ১৬৫ টা বলত ১১ টা চাৰিৰ সহায়ত ১০০ ৰান সম্পূৰ্ণ কৰে । ৰাহুলৰ টেষ্ট কেৰিয়াৰৰ এয়া ১২ সংখ্যক শতৰান । ইয়াৰ উপৰিও ছাই সুদৰ্শন (৮১ ৰান), উইকেটকীপাৰ বেটাৰ ঋষভ পন্ট (৮১ ৰান) আৰু অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে (অপৰাজিত ৫২ ৰান) অৰ্ধশতৰান অৰ্জন কৰি দলৰ স্ক’ৰ ৫৫০ পাৰ কৰাত সহায় কৰে । আফগানিস্তানৰ হৈ ফাষ্ট বলাৰ মহম্মদ চেলিম চাফীয়ে সৰ্বাধিক ৬ টা উইকেট লাভ কৰিবলৈ সক্ষম হয় ।

প্ৰথম ইনিংছত আফগানিস্তানৰ বিপৰ্যয় : মানব সুথাৰৰ বিধ্বংসী স্পীন

৫৬৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি আফগান দলটো প্ৰথম ইনিংছত তীব্ৰ বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় । দ্বিতীয় দিনাৰ খেল শেষ হোৱালৈকে দলটোৱে মাত্ৰ ১১৩ ৰানতে ৫ টা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাইছিল । নিজৰ অভিষেক মেচ খেলা ভাৰতীয় যুৱ স্পীনাৰ মানব সুথাৰে আফগান বেটিং লাইন-আপক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে । তেওঁ প্ৰথম ইনিংছত মাত্ৰ ১৫২ ৰানতে আফগানিস্তানক অল-আউট কৰি এক অকলে ৬ টা উইকেট বুটলি লয় । আনহাতে বেগী বলাৰ প্ৰসিদ্ধ কৃষ্ণাই ৩ টা উইকেট লাভ কৰে । আফগানিস্তানৰ হৈ কেৱল ৰহমত শ্বাহে অলপ যুঁজ দি ৬০ ৰানৰ এক ধৈৰ্য্যশীল ইনিংছ খেলে । ইয়াৰ সৈতে তেওঁ ভাৰতৰ বিৰুদ্ধে টেষ্ট মেচত অৰ্ধশতৰান কৰা প্ৰথমগৰাকী আফগান বেটছমেন হিচাপে পৰিগণিত হয় ।

ফলো-অনৰ সন্মুখীন আফগানিস্তান: দ্বিতীয় ইনিংছত ১১২ ৰানতে মষিমূৰ

প্ৰথম ইনিংছৰ আধাৰত ভাৰতে ৪১২ ৰানৰ এক বিশাল অগ্ৰগতি লাভ কৰাৰ পাছত আফগানিস্তান ফলো-অনৰ সন্মুখীন হয় । কিন্তু দ্বিতীয় ইনিংছতো আফগান বেটাৰসকলে ভাৰতীয় বলাৰৰ আক্ৰমণ প্ৰতিহত কৰাত ব্যৰ্থ হয় । মহম্মদ চিৰাজে আৰম্ভণিতেই আব্দুল মলিকক (৮ ৰান) আউট কৰি প্ৰথম আঘাত সানে । ইয়াৰ পিছত নিয়মীয়া ব্যৱধানত উইকেট পতন ঘটি আফগানিস্তানৰ দ্বিতীয় ইনিংছটো মাত্ৰ ১১২ ৰানতে সংকুচিত হৈ পৰে ।

দ্বিতীয় ইনিংছত আফগানিস্তানৰ হৈ অপেনাৰ চেদিকুল্লাহ অতলে সৰ্বাধিক ৪২ ৰান কৰে । আনহাতে ৰহমানুল্লাহ গুৰবাজে ২৪ ৰান আৰু ৰহমত শ্বাহে ১৩ ৰান কৰে । আফগানিস্তানৰ বাকী কোনো এজন বেটছমেনে দহকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে । আনকি দলটোৰ বেটাৰ শৰাফুদ্দিনে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে বেটিং কৰিবলৈ খেলপথাৰলৈকে নামিব নোৱাৰিলে । দ্বিতীয় ইনিংছত ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে সুন্দৰ বলিং কৰি চাৰিটা উইকেট আৰু কুলদীপ যাদৱে তিনিটা উইকেট দখল কৰে ।

লগতে পঢ়ক : আফগানিস্তান শৃংখলাৰ পৰা বাহিৰ বিৰাট! ৰোহিত-হাৰ্দিকক লৈও ওলমিছে প্ৰশ্নবোধক

চিকিৎসালয়ত আক্ৰমণ কাপুৰুষোচিত কাৰ্যঃ পাকিস্তানক কঠোৰ নিন্দা ভাৰতৰ

কাবুলৰ এখন চিকিৎসালয়ত সংঘটিত হোৱা আক্রমণক গৰিহণা দি পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে

আফগানিস্তানৰ কাবুলৰ এখন চিকিৎসালয়ত সংঘটিত হোৱা আক্রমণক গৰিহণা দি পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে ৷ ভাৰতে স্পষ্টকৈ উল্লেখ কৰিছে যে এয়া কোনো সামৰিক অভিযান নাছিল, বৰঞ্চ নিৰীহ লোকক লক্ষ্য কৰি কৰা কাপুৰুষোচিত আক্ৰমণ আছিল । কোনো চিকিৎসালয়ক এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি ল’ব নালাগে । ভাৰত চৰকাৰে কয় যে পাকিস্তানে এতিয়া সমগ্ৰ ঘটনা ঢাকিবলৈ চেষ্টা কৰিব । ভাৰতে ইয়াক বৰ্বৰ, কাপুৰুষোচিত আৰু অমানৱীয় হিংসা বুলি অভিহিত কৰিছে ।

ভাৰত চৰকাৰে ইয়াক অভিযান আখ্যা দিয়ে । অৱশ্যে সত্যটো হ’ল এয়া সাধাৰণ নাগৰিকৰ ওপৰত হোৱা প্ৰত্যক্ষ আক্ৰমণ । ই কোনো সামৰিক অভিযান নহয় । পাকিস্তানে প্ৰত্যুত্তৰ দিব লাগিব । ভাৰতে উল্লেখ কৰে যে এয়া কেৱল আক্ৰমণ নহয়, আফগান ভূমি আৰু ইয়াৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ । ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত উত্তেজনা আৰু অধিক বৃদ্ধি পাব পাৰে । উত্তেজনা আৰু অধিক ভয়াৱহ কৰি তুলিছে পাকিস্তানে । ভাৰতে উল্লেখ কৰিছে যে এই আক্ৰমণ ৰমজান মাহত সংঘটিত হৈছে । এই সময়ত শান্তি আৰু মানৱতাৰ কথা কোৱা হয় আৰু চিকিৎসালয়ত আক্ৰমণ কৰাটো আৰু অধিক লজ্জাজনক বুলি ভাৰতে উল্লেখ কৰে ।

এই বিষয়টোক সহজভাৱে নল’বলৈ আৰু দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ভাৰতে বিশ্বৰ আন দেশসমূহকো আহ্বান জনাইছে । অৱশেষত ভাৰতে আফগানিস্তানৰ জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশ কৰি নিহতসকলৰ বাবে শোক প্ৰকাশ কৰে আৰু আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰে ।

ভাৰতে স্পষ্ট বাৰ্তা দিছে যে চিকিৎসালত কৰা আক্ৰমণ কোনো কাৰণতে ন্যায্য হ’ব নোৱাৰে আৰু ইয়াক লুকুৱাবলৈ কৰা যিকোনো প্ৰচেষ্টা বিফল হ’ব ।

লগতে পঢ়ক : আফগানিস্তানত পাকিস্তানৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক, ৪০০ লোকৰ মৃত্যুৰ দাবী

আফগানিস্তানত পাকিস্তানৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক, ৪০০ লোকৰ মৃত্যুৰ দাবী

আফগানিস্তানত তালিবান চৰকাৰৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰিছে যে এই অভিযানৰ সময়ত পাকিস্তানে নিৰীহ লোকক লক্ষ্য কৰি লৈছিল

আফগানিস্তানৰ কাবুলত পাকিস্তানৰ ভয়ংকৰ বিমান আক্ৰমণ । পাকিস্তানে দাবী কৰিছে যে কেৱল সামৰিক প্ৰতিষ্ঠানকহে লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছিল । এই আক্ৰমণ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি ৪০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । আফগানিস্তানত তালিবান চৰকাৰৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰিছে যে এই অভিযানৰ সময়ত পাকিস্তানে নিৰীহ লোকক লক্ষ্য কৰি লৈছিল । খবৰ অনুসৰি এখন চিকিৎসালয়ত হোৱা এই বিমান আক্ৰমণৰ ফলত বহু সংখ্যক লোকৰ মৃত্যু হৈছে ।

কাবুলত বিমান আক্ৰমণৰ পিছত তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মুজাহিদে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ আহ্বান জনায় । তেওঁ কয়, “আলোচনা আৰু কূটনীতিৰ সময় শেষ; আমি পাকিস্তানৰ বিৰদ্ধে প্ৰতিশোধ লম ।” তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদৰ এই বক্তব্য নিউজত সম্প্ৰচাৰিত হয় । তেওঁ কয়, “কাবুলৰ কিছুমান লক্ষ্যত পাকিস্তানী সেনাই আক্ৰমণ কৰাৰ পিছত ইছলামবাগৰ সৈতে কূটনীতি আৰু আলোচনাৰ সময় শেষ হৈছে ।” তেওঁ কয় যে আলোচনাৰ পথ গ্ৰহণ কৰাৰ পৰিৱৰ্তে তালিবানে এতিয়া প্ৰতিশোধ লোৱাৰ মনস্থ কৰিছে ।

উল্লেখ্য যে মঙলবাৰে পুৱা পাকিস্তানৰ সামৰিক এক্সন সন্দৰ্ভত আফগানিস্তান চৰকাৰৰ মুখপাত্ৰ হামদুল্লা ফিট্ৰাটে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰে । সোমবাৰে গভীৰ নিশা সংঘটিত হোৱা এই আক্ৰমণত চিকিৎসালয়খনৰ এক বৃহৎ অংশ ধ্বংস হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে । ৪০০ৰো অধিক লোক নিহত হোৱাৰ বিপৰীতে প্ৰায় ২৫০ জন আহত হয় এই আক্ৰমণত । ফিট্ৰাটে কয় যে উদ্ধাৰকাৰী দলে অট্টালিকাটোত থকা জুই নিয়ন্ত্ৰণ কৰি নিহতসকলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছে ।

লগতে পঢ়ক : হৰমুজত যুদ্ধজাহাজ মোতায়েন : ট্ৰাম্পৰ আহ্বানৰ প্ৰত্যুত্তৰ দিলে ভাৰতে

আফগানিস্তানৰ কেইবাখনো চহৰত পাকিস্তানী বায়ুসেনাৰ বিমান আক্ৰমণ…

আফগানিস্তানে পুনৰবাৰ পাকিস্তানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আফগান প্ৰশাসনে দাবী কৰিছে যে পাকিস্তানী সেনাই দেশৰ কেইবাটাও অঞ্চলত বিমান আক্ৰমণ কৰিছে।

পবিত্ৰ ৰমজান মাহৰ অন্তিম দিনকেইটাত আফগানিস্তান আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।আফগানিস্তানে দাবী কৰিছে যে- পাকিস্তানে পুনৰবাৰ আফগানৰ সাৰ্বভৌমত্ব উলংঘা কৰি কাবুল,কন্দহাৰ, পাকটিয়া, পক্তিকাকে ধৰি কেইবাখনো ঠাইত ভয়াৱহ বিমান আক্ৰমণ কৰিছে।

পাকিস্তানী বায়ুসেনাৰ বিমানে কান্দাহাৰ বিমানবন্দৰৰ সমীপত অৱস্থিত ব্যক্তিগত বিমান সংস্থা ‘কাম এয়াৰ’ৰ ইন্ধন ডিপোক লক্ষ্য কৰি লৈছে।এই কোম্পানীটোয়ে অসামৰিক বিমান সংস্থাৰ লগতে ৰাষ্ট্ৰসংঘৰ বিমানকো ইন্ধন যোগান ধৰে।এই আক্ৰমণটো এনে সময়ত হৈছে যেতিয়া ইৰাণ-ইজৰাইল সংঘাতৰ বাবে কেইবাখনো দেশত তেল সংকট অব্যাহত আছে।

আফগান তালিবানৰ বিষয়াসকলে জাৰি কৰা এক বিবৃতি অনুসৰি:এই বিমান আক্ৰমণত আৱাসিক অঞ্চলক লক্ষ্য কৰি লোৱা হৈছে,ফলত বহু অসামৰিক বাসগৃহ ধ্বংস হৈছে।এই আক্ৰমণত মহিলা আৰু শিশুৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে।ইফালে আন কিছুমান স্থানত পাকিস্তানী বিমানে মৰুভূমি আৰু জনবসতিহীন অঞ্চলটো আক্ৰমণ কৰিছে।

লগতে পঢ়ক: যুদ্ধৰ মাজতে পুনৰ ট্ৰাম্পক মোক্ষম আঘাত; দুৰ্ঘটনাত পতিত আমেৰিকাৰ সামৰিক ইন্ধন ভৰোৱা বিমান

অপাৰেচন সিন্দুৰত বিধ্বস্ত হোৱা পাকিস্তানৰ নূৰ খান বেছত আফগানিস্তানৰ আক্ৰমণ

আফগানিস্তান আৰু পাকিস্তানৰ মাজতো উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে

মধ্যপ্ৰাচ্যক যুদ্ধৰ কলীয়া ডাৱৰে আৱৰি ধৰাৰ সময়তে আফগানিস্তান আৰু পাকিস্তানৰ মাজতো উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । বিগত চাৰিদিন ধৰি দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে । সোমবাৰে আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক উল্লেখযোগ্য ঘোষণা কৰে । তেওঁলোকে উল্লেখ কৰে যে আফগান বায়ুসেনাই পাকিস্তানৰ কেইবাটাও সামৰিক ঘাটিত নিখুঁত বিমান আক্ৰমণ চলাইছিল । এই আক্ৰমণে চুবুৰীয়া দেশ দুখনৰ মাজত পৰিস্থিতি আৰু অধিক তীব্ৰতৰ কৰি তুলিছে ।

ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বিবৃতিত আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ৰাৱালপিণ্ডিৰ নুৰ খান এয়াৰবেছক লক্ষ্য কৰি আক্ৰমণ কৰা হৈছে । বেলুচিস্তানৰ কুৱেটাত থকা দ্বাদশ ডিভিজনৰ মুখ্য কাৰ্যালয় আৰু খাইবাৰ পাখতুনখোৱাৰ মহমণ্ড এজেন্সীৰ খোৱাজাই কেম্পতো বিস্ফোৰণ ঘটে । তালিবানে দাবী কৰে যে তেওঁলোকে পাকিস্তানৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক কমাণ্ড চেণ্টাৰতো যথেষ্ট ক্ষতিসাধন কৰিছে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, এই অভিযান পাকিস্তানী বাহিনীৰ শেহতীয়া আগ্ৰাসনৰ প্ৰতিশোধৰ উদ্দেশ্যৰে কৰা হৈছে । শেহতীয়াকৈ পাকিস্তানে কাবুল আৰু বাগ্ৰাম বিমান ঘাটিত আক্ৰমণ চলাইছিল । মন্ত্ৰালয়ে সকীয়াই দিছে যে যদিহে পাকিস্তানে পুনৰ আফগান আকাশমাৰ্গ উলংঘা কৰে বা কোনো আক্ৰমণাত্মক কাৰ্য্যত লিপ্ত হয় তেন্তে আৰু অধিক শক্তিশালী আৰু নিৰ্ণায়ক প্ৰত্যুত্তৰৰ সন্মুখীন হ’ব ।

এই উত্তেজনা আৰু অধিক বৃদ্ধি পায় যেতিয়া পাকিস্তানে আফগানিস্তানৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰে । শুকুৰবাৰে পাকিস্তানে কাবুল আৰু কান্দাহাৰত বিমান আক্ৰমণ সংঘটিত কৰে । কিছু ঘণ্টাৰ ভিতৰতে আফগান সেনাই প্ৰত্যাক্ৰমণ আৰম্ভ কৰে । পাকিস্তান বায়ুসেনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ৰাৱালপিণ্ডিৰ নুৰ খান বায়ুসেনা ঘাটি । ২০২৫ চনৰ মে’ মাহত ভাৰতৰ অপাৰেচন সিন্দুৰৰ সময়তো ইয়াক লক্ষ্য কৰি লোৱা হৈছিল । ভাৰতৰ সেই আক্ৰমণে ঘাটিটোৰ আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতিসাধন কৰিছিল ।

লগতে পঢ়ক : ইজৰাইলৰ ওপৰত ইৰাণৰ ভয়ংকৰ প্ৰত্যাক্ৰমণ, প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ কাৰ্যালয়ত মিছাইল নিক্ষেপ

জালালাবাদত পাকিস্তানী যুঁজাৰু বিমান ভূপতিত, পাইলট জীৱন্তে বন্দী কৰাৰ দাবী আফগান বাহিনীৰ

আফগান বাহিনীয়ে জালালাবাদ চহৰত এখন পাকিস্তানী যুঁজাৰু বিমান ভূপতিত কৰা বুলি দাবী কৰে

পাকিস্তান আৰু আফগানিস্তানৰ সীমান্তত অব্যাহত আছে তীব্ৰ উত্তেজনা । ইফালে শনিবাৰে আফগান বাহিনীয়ে জালালাবাদ চহৰত এখন পাকিস্তানী যুঁজাৰু বিমান ভূপতিত কৰা বুলি দাবী কৰে । আফগান বাহিনীয়ে দাবী কৰা মতে, যুদ্ধ বিমানখনৰ পাইলটক জীৱিত অৱস্থাত বন্দী কৰা হয় ।

প্ৰকাশিত বাতৰি অনুসৰি শনিবাৰে জালালাবাদৰ এখন জিলাত পাকিস্তানী যুদ্ধ বিমান ভূপতিত হয় । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পাইলটজনে বিমানখনৰ পৰা পেৰাচুটেৰে অৱতৰণ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁক আটক কৰা হয় ।

জালালাবাদ আৰক্ষীৰ মুখপাত্ৰই জালালাবাদ চহৰত এখন পাকিস্তানী যুঁজাৰু বিমান ভূপতিত কৰা হয় আৰু পাইলটক জীৱিত অৱস্থাত আটক কৰা বুলি নিশ্চিত কৰিছে । পূব আফগানিস্তান সেনাৰ মুখপাত্ৰ ৱাহিদুল্লাহ মহম্মদীয়েও এই খবৰ নিশ্চিত কৰিছে ।

লগতে পঢ়ক : আমেৰিকাৰ সাতটা সামৰিক ঘাটিত ইৰাণৰ বিধ্বংসী আক্ৰমণ, বাহৰেইন, কুৱেইট, কাটাৰ আৰু ইউ এ ইৰ ঘাটিত ক্ষেপণাস্ত্ৰ নিক্ষেপ