পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সমিপত আফগানিস্তানৰ আত্মঘাতী ড্ৰোন আক্ৰমণ!

আফগানিস্তানে নিজৰ বায়ু শক্তি প্ৰদৰ্শন কৰি ইছলামবাগত থকা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত্বত ড্ৰোন আক্ৰমণ কৰাৰ দাবী কৰিছে।

পাকিস্তানৰ ৰাজধানী ইছলামবাদ স্থিত প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ নিলগত আফগানিস্তানে ড্ৰোন আক্ৰমণ চলাই।

এই আক্ৰমণে পাকিস্তানৰ শক্তি কৰিডৰত আলোড়নৰ সৃষ্টি কৰিছে আৰু আফগানিস্তানে পুনৰবাৰ তেওঁলোকৰ প্ৰতিবেশী দেশখনক নিজৰ শক্তি উপলব্ধি কৰাইছে।

আফগান স্বৰাজ মন্ত্ৰালয়ৰ সীমান্ত আৰক্ষীৰ মুখপাত্ৰ আব্দুল্লা ফাৰুকীয়ে এই দাবী কৰিছে। তেওঁ কৈছে যে,পাকিস্তানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত্বত আফগানিস্তানে আক্ৰমণ সংঘটিত কৰাত সফল হৈছে।

আফগানিস্তান সীমান্ত আৰক্ষীৰ মুখপাত্ৰ আব্দুল্লা ফাৰুকিয়ে কয়, ইছলামবাদত আমি এঘণ্টা পূৰ্বে বিমান আক্ৰমণ চলাইছো,আমি ইছলামবাদ, নৌশ্বেৰা, এবটাবাদ, জামৰুদটো আক্ৰমণ কৰিছো।ইছলামবাদত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ৫ কিলোমিটাৰ দূৰত তেওঁলোকৰ সেনা শিবিৰ আছে, আমি তাত আক্ৰমণ কৰিছো।”

আফগান বায়ুসেনাই কয় এই আক্ৰমণ পাকিস্তানৰ গুৰুত্বপূৰ্ণ সামৰিক ঘাটি, কেন্দ্ৰ আৰু সুবিধাসমূহত কৰা হৈছে।কাবুল, কান্দাহাৰ আৰু পাকতিয়াত পাকিস্তানে চলোৱা বিমান আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক: পাকিস্তানৰ ১৯টা পোষ্ট দখল আফগানিস্তানৰ, কাবুল-কান্দাহাৰত বিমান আক্ৰমণ পাক বাহিনীৰ

পাকিস্তানৰ ১৯টা পোষ্ট দখল আফগানিস্তানৰ, কাবুল-কান্দাহাৰত বিমান আক্ৰমণ পাক বাহিনীৰ

আফগান সামৰিক বিষয়াসকলে উল্লেখ কৰিছে যে কিছুদিন পূৰ্বে পাকিস্তানে কৰা বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকে পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল ।

পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানে প্ৰতিশোধমূলক আক্ৰমণ চলোৱাৰ পিছতে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । আফগান সামৰিক বিষয়াসকলে উল্লেখ কৰিছে যে কিছুদিন পূৰ্বে পাকিস্তানে কৰা বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকে পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল । এগৰাকী মুখপাত্ৰই জনোৱা মতে, কুনাৰ প্ৰদেশত ইছলামিক আমিৰশ্বাহী বাহিনীয়ে চলোৱা অভিযানত প্ৰায় ৫৫ জন পাকিস্তানী সৈনিক নিহত হৈছে ।

ইফালে আফগানিস্তানে পাকিস্তানত আক্ৰমণ কৰাৰ কেইঘণ্টামানৰ পাছত কাবুলত তিনিটা বিস্ফোৰণ আৰু বিমানৰ শব্দ শুনা যায় । ইছলামিক আমিৰশ্বাহীৰ উপ-মুখপাত্ৰ হামদুল্লা ফিট্ৰাটে কয় যে পাকিস্তানী সেনাই কাবুল, কান্দাহাৰ, পাকটিয়া আদি অঞ্চলত বোমা নিক্ষেপ কৰিছিল যদিও কোনো লোকৰ মৃত্যু হোৱা নাই । মুজাহিদে কয় যে ডুৰাণ্ড লাইনৰ কাষৰ কান্দাহাৰ আৰু হেলমাণ্ডত পাকিস্তানী সামৰিক জন্টা নিৰাপত্তা চেকপইণ্টৰ বিৰুদ্ধেও অভিযান আৰম্ভ হৈছে ।

আফগানিস্তানৰ ইছলামিক আমিৰশ্বাহীৰ উপ-মুখপাত্ৰ হামদুল্লাহ ফিত্ৰাটে এক্সত লিখিছে যে ইছলামিক আমিৰাটে ২০৩ মানছুৰী কৰ্পছ আৰু ২০১ খালিদ বিন ৱালিদ কৰ্পছৰ জৰিয়তে পাকটিয়া, পাক্তিকা, খোষ্ট, কুনাৰ, নুৰিষ্টান, নাংগাৰহৰ প্ৰদেশ আৰু টৰখাম গেটত বিভিন্ন স্থানত শত্ৰুৰ বিৰুদ্ধে তীব্ৰ প্ৰতিহত আক্ৰমণ চলাইছে । এতিয়ালৈকে এটা মুখ্য কাৰ্যালয় আৰু ১৯টা আউটপোষ্ট দখল কৰা হৈছে । ইয়াৰে চাৰিটা আউটপোষ্ট খালী কৰি সম্পূৰ্ণৰূপে নিয়োজিত কৰা হৈছে ।

জানিব পৰা মতে প্ৰায় ৫৫ জন পাকিস্তানী সৈনিক নিহত হৈছে আৰু আন কেইবাজনো সৈন্যক মুজাহিদীনে জীৱিত অৱস্থাত বন্দী কৰিছে । ডজন ডজন লঘু আৰু গধুৰ অস্ত্ৰ জব্দ কৰা হৈছে আৰু এখন টেংক ধ্বংস কৰা হৈছে । লগতে জব্দ কৰা হৈছে এখন ইণ্টাৰনেশ্যনেল হাৰ্ভেষ্টাৰ বাহন ।

আফগান আৰ্মী কৰ্পছৰ পূব অঞ্চলৰ সংবাদ মাধ্যমৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে বৃহস্পতিবাৰে নিশা তীব্ৰ যুদ্ধ সংঘটিত হয় । শেহতীয়াকৈ পাকিস্তানী সেনাবাহিনীয়ে নংগাৰহৰ আৰু পাকটিয়া প্ৰদেশত কৰা বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে । আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, ডুৰাণ্ড লাইন সীমান্ত, খোষ্ট, পাকটিয়া, নুৰিস্তান প্ৰদেশ, আৰু আন কিছুমান অঞ্চলত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক : আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা পাকিস্তানৰ, দুয়োপক্ষৰ তুমুল সংঘৰ্ষ

আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা পাকিস্তানৰ, দুয়োপক্ষৰ তুমুল সংঘৰ্ষ

পাকিস্তানে আফগানিস্তানৰ ৰাজধানী কাবুল আৰু দক্ষিণৰ কান্দাৰ চহৰকে ধৰি কেইবাটাও অঞ্চলত বিমান আক্ৰমণ চলাই ।

পাকিস্তান আৰু আফগানিস্তানৰ মাজত শেহতীয়াকৈ উত্তেজনাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে । শুকুৰবাৰে পাকিস্তানে আফগানিস্তানৰ ৰাজধানী কাবুল আৰু দক্ষিণৰ কান্দাৰ চহৰকে ধৰি কেইবাটাও অঞ্চলত বিমান আক্ৰমণ চলাই । আফগান বাহিনীয়ে পাকিস্তানৰ সীমান্ত চকীত শেহতীয়া বিমান আক্ৰমণৰ প্ৰতিশোধ লোৱা বুলি দাবী কৰাৰ সময়তে তালিবান চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পিছতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে আফগান তালিবানৰ বিৰুদ্ধে “মুকলি যুদ্ধ” ঘোষণা কৰে ।

ইয়াৰ পূৰ্বে পাকিস্তানৰ তথ্য মন্ত্ৰী আট্টুল্লা তাৰাৰে ছ’চিয়েল মিডিয়াত কয় যে পাকটিয়া প্ৰদেশৰ কাবুল আৰু কান্দাহাৰত “আফগান তালিবানৰ প্ৰতিৰক্ষা স্থান”ক লক্ষ্য কৰি লোৱা হৈছে । পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কাবুলৰ বিৰুদ্ধে “মুকলি যুদ্ধ” ঘোষণা কৰাৰ বিপৰীতে মন্ত্ৰী মহচিন নাকভিয়ে ইয়াক “তালিবানৰ মুকলি আগ্ৰাসনৰ প্ৰতি উপযুক্ত সঁহাৰি” বুলি অভিহিত কৰে ।

প্ৰায় দুঘণ্টা ধৰি কাবুলত যুদ্ধ বিমানৰ শব্দ, তীব্ৰ বিস্ফোৰণ আৰু বন্দুকৰ গুলীৰ শব্দ শুনা যায় । তালিবানৰ সৰ্বোচ্চ নেতা হিবাতুল্লাহৰ দুৰ্গ বুলি গণ্য কৰা চহৰখনৰ কান্দাহাৰৰ সাংবাদিকসকলেও জেট বিমানৰ শব্দ শুনাটো নিশ্চিত কৰিছে ।

তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে পাকিস্তানৰ বিমান আক্ৰমণ নিশ্চিত কৰে যদিও কোনো লোকৰ মৃত্যু হোৱা নাই বুলি কয় । অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ সীমান্তত “বৃহৎ পৰিসৰৰ প্ৰত্যাক্ৰমণ” আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল । আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি স্থল যুদ্ধত ৮ জন জোৱান নিহত হৈছে ।

নংগৰহৰ প্ৰদেশৰ টৰখাম সীমান্ত ক্ৰছিঙৰ সমীপত শৰণাৰ্থীৰ বাবে স্থাপন কৰা শিবিৰত মৰ্টাৰ শ্বেলৰ আঘাতত ৭ জন লোক আহত হয়, য’ত এগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে ।

উল্লেখ্য যে, বিগত কেইমাহমানৰ পৰা দুয়োখন দেশৰ মাজত সম্পৰ্ক ক্ৰমাগতভাৱে অৱনতি ঘটিছে । অক্টোবৰৰ পৰা সীমান্ত সংঘৰ্ষত ৭০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ পিছত অক্টোবৰৰ পৰা কেইবাটাও সীমান্ত ক্ৰছিং বন্ধ হৈ আছে । অৱশ্যে আফগান শৰণাৰ্থীৰ সীমিত চলাচলৰ অনুমতি দিয়া হৈছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদী আৰু নেতান্যাহুৰ মাজত দ্বিপাক্ষিক আলোচনা; ভাৰত আৰু ইজৰাইলৰ মাজত বৃহৎ চুক্তিৰ সম্ভাৱনা

পুনৰ আফগানিস্তানত পাকিস্তানৰ আক্ৰমণ, প্ৰতিশোধৰ হুংকাৰ তালিবানৰ

আফগানিস্তানত পাকিস্তানৰ আক্ৰমণ

আফগানিস্তান আৰু পাকিস্তানৰ মাজত সংঘাত হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই । শান্তি চুক্তি সন্দৰ্ভত দুয়োখন দেশৰ মাজত আলোচনা চলি থকাৰ সময়তে পাকিস্তানে দৈনিক আফগান সাধাৰণ নাগৰিকৰ ওপৰত বোমা বৰ্ষণ অব্যাহত ৰাখিছে ।

সোমবাৰে গভীৰ নিশা পাকিস্তানী বাহিনীয়ে আফগানিস্তানত অনুপ্ৰৱেশ কৰি আক্ৰমণ সংঘটিত কৰে । আফগান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে মঙলবাৰে কয় যে এই আক্ৰমণত ৯টা শিশু আৰু আন এজন লোক নিহত হৈছে ।

আফগান চৰকাৰৰ এগৰাকী মুখপাত্ৰই এক্সত প্ৰকাশ কৰা পোষ্টত কয় যে মাজনিশা প্ৰায় ১২ বজাত পাকিস্তানী বাহিনীয়ে খোষ্ট প্ৰদেশৰ গোৰবুজ জিলাৰ মোগলগাই অঞ্চলৰ এটা ঘৰত বোমা বৰ্ষণ কৰে । এই আক্ৰমণত স্থানীয় এজন সাধাৰণ নাগৰিক নিহত হয়, লগতে ৫জন ল’ৰা আৰু চাৰিগৰাকী ছোৱালীও নিহত হয় ।

আন এটা পোষ্টত জাবিহুল্লাহ মুজাহিদে কয় যে পাকিস্তানে কুনাৰ আৰু পাক্তিকা অঞ্চলতো বিমান আক্ৰমণ চলাইছিল । এই আক্ৰমণত চাৰিজন সাধাৰণ নাগৰিক আহত হয় । আফগানিস্তানত থকা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰদূত জালমাই খলিলজাদে পাকিস্তানৰ আক্ৰমণত নিহতসকলৰ বাবে শোক প্ৰকাশ কৰে ।

খলিলজাদে কয় যে সাধাৰণ নাগৰিকক হত্যা কৰি পূৰ্ণাংগ যুদ্ধৰ আশংকা কৰা পাকিস্তান আৰু আফগানিস্তানৰ সমস্যাৰ সমাধান নহয় । তেওঁ কয় যে ধৈৰ্য্যশীল আৰু বাস্তৱসন্মত কূটনীতি এটা উন্নত বিকল্প । প্ৰাক্তন ৰাষ্ট্ৰদূত জালমাই খলিলজাদে কয় যে দুয়োখন দেশৰ মাজত চুক্তিৰ দালালি কৰাৰ চেষ্টাত তুৰ্কীৰ এটা প্ৰতিনিধি দল ইছলামবাদ আৰু কাবুল ভ্ৰমণ কৰিব বুলি খবৰ ওলাইছে ।

লগতে পঢ়ক : অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত আত্মঘাতী আক্ৰমণ; তিনি কামাণ্ডোৰ মৃত্যু

পুনৰ বিফল আফগানিস্তান-পাকিস্তানৰ শান্তি আলোচনা

বিফল আফগানিস্তান-পাকিস্তানৰ শান্তি আলোচনা

কোনো সুনিৰ্দিষ্ট চুক্তি নোহোৱাকৈয়ে আফগানিস্তান আৰু পাকিস্তানৰ মাজত তৃতীয় ৰাউণ্ডৰ শান্তি আলোচনাৰ অন্ত পৰে । সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণক লৈ দুয়োখন দেশৰ মাজত মতানৈক্য অব্যাহত আছে । পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে আলোচনাৰ সময়ত কোনো লিখিত চুক্তি হোৱা নাছিল আৰু চতুৰ্থ ৰাউণ্ডৰ কোনো পৰিকল্পনা নাই বুলি উল্লেখ কৰে ।

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা দুদিনীয়া আলোচনাত পাকিস্তানে আফগান ভূমিৰ পৰা পাকিস্তানত আক্ৰমণ চলাই থকা তেহৰিক-ই-তালিবান পাকিস্তান (TTP) উগ্ৰপন্থীৰ বিৰুদ্ধে আফগান তালিবানক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

এক সাক্ষাতকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে আলোচনা সম্পূৰ্ণ স্থবিৰ হৈ পৰিছে । আফগান পক্ষই কেৱল মৌখিক আশ্বাস দিব বিচাৰিছিল যদিও আন্তঃৰাষ্ট্ৰীয় আলোচনাত মৌখিক আশ্বাস গ্ৰহণ কৰিব নোৱাৰি । দুয়োখন দেশৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ বাবে মধ্যস্থতা কৰা তুৰ্কী আৰু কাটাৰৰ আন্তৰিক প্ৰচেষ্টাৰ বাবে তেওঁ ধন্যবাদ জনায় ।

আছিফে কয় যে পাকিস্তানৰ স্থিতি স্পষ্ট । শান্তি আলোচনাত আমাৰ একমাত্ৰ দাবী আছিল যে আফগানিস্তানে নিশ্চিত কৰক যে নিজৰ মাটি পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব । আফগানৰ মাটিৰ পৰা যদি কোনো আক্ৰমণ সংঘটিত হয় তেন্তে পাকিস্তানে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলিও আছিফে কয় ।

পাকিস্তানৰ তথ্য মন্ত্ৰী আট্টাউল্লাহ তাৰাৰে শনিবাৰে পুৱা এক্সত লিখিছে যে সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু দ্বিপাক্ষিক প্ৰতিশ্ৰুতি পূৰণৰ দায়িত্ব এতিয়া আফগান তালিবানৰ ওপৰত, যিটো তেওঁলোকে এতিয়ালৈকে কৰিব পৰা নাই । তেওঁ কয় যে আফগান জনসাধাৰণৰ প্ৰতি পাকিস্তানৰ কোনো শত্ৰুতা নাই যদিও আফগান জনসাধাৰণ বা চুবুৰীয়া দেশৰ স্বাৰ্থৰ বিৰোধী কোনো নীতিক সমৰ্থন নকৰে ।

উল্লেখ্য যে, আফগানিস্তান আৰু পাকিস্তানৰ মাজত প্ৰথম ৰাউণ্ডৰ শান্তি আলোচনা ২৯ অক্টোবৰত ডোহা (কাটাৰ)ত হোৱাৰ বিপৰীতে দ্বিতীয়খন বৈঠক ২৫ অক্টোবৰত ইস্তানবুল (তুৰ্কী)ত অনুষ্ঠিত হয় । দুয়োখন বৈঠকে কোনো সুনিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’ব পৰা নাছিল । এতিয়া তৃতীয় ৰাউণ্ডো কোনো উত্তৰ অবিহনেই সমাপ্ত হৈছে । ইয়াৰ পূৰ্বে ১১ৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত দুয়োখন দেশৰ মাজত সীমান্তত সশস্ত্ৰ সংঘৰ্ষ সংঘটিত হৈছিল, যাৰ ফলত দুয়োপক্ষৰ লোকৰ বহু মৃত্যু হৈছিল ।

লগতে পঢ়ক : “প্ৰধানমন্ত্ৰী মোদী মোৰ ভাল বন্ধু আৰু মই ভাৰতলৈ যাম”; ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ ঘোষণা

সমাধান নোলাল! পৰস্পৰক দোষাৰোপ কৰি আফগানিস্তান-পাকিস্তানে সামৰিলে শান্তি আলোচনা

বিফল আফগানিস্তান-পাকিস্তানৰ শান্তি আলোচনা

আফগানিস্তান আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিনীয়া উত্তেজনাৰ অন্ত পেলাবলৈ ইস্তানবুলত চলি থকা শান্তি আলোচনাৰ কোনো সুনিৰ্দিষ্ট সমাধান নোহোৱাকৈয়ে অন্ত পৰিছে । বুধবাৰে পাকিস্তানৰ তথ্য মন্ত্ৰী আট্টাউল্লাহ টাড়াৰে কয় যে দুয়োখন দেশৰ মাজত আলোচনাত কোনো কাৰ্য্যকৰী চুক্তিত উপনীত হ’ব পৰা নগ’ল । ২৫ অক্টোবৰৰ পৰা তুৰ্কী আৰু কাটাৰৰ মধ্যস্থতাত এই শান্তি আলোচনা চলি আছিল । ১৯ অক্টোবৰত দোহাত যুদ্ধবিৰতি চুক্তি হোৱাৰ পিছত দুয়োখন চুবুৰীয়া দেশৰ মাজত এই বৈঠক অনুষ্ঠিত হৈছিল । কিন্তু অবিৰত মতানৈক্য আৰু অভিযোগৰ বাবে আলোচনাৰ কোনো সমাধান সূত্ৰ নোলাল ।

টাড়াৰে নিজৰ বিবৃতিত কয় যে আফগান প্ৰতিনিধি দলটোৱে মূল বিষয়টোৰ পৰা ফালৰি কাটি আলোচনাৰ মূল উদ্দেশ্যৰ পৰা আঁতৰি আহিছে । আফগান তালিবানে দায়িত্ব গ্ৰহণ কৰাৰ পৰিৱৰ্তে অভিযোগ আৰু অজুহাতৰ আশ্ৰয় লৈছিল । খবৰ অনুসৰি, পাকিস্তানে তালিবানে তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি)ৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো বিচাৰিছিল, যিটো দলক ইছলামবাদে শেহতীয়া আক্ৰমণৰ বাবে দোষাৰোপ কৰিছে । অৱশ্যে তালিবানে টিটিপিৰ নিয়ন্ত্ৰণ অস্বীকাৰ কৰি কয় যে গোটটো তেওঁলোকৰ নিয়ন্ত্ৰণত নাই ।

জানিব পৰা মতে, আলোচনাৰ সময়ত দুয়োপক্ষৰ মাজত উত্তেজনাপূৰ্ণ পৰিবেশ অব্যাহত থাকে । আফগান পক্ষই টিটিপিৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কথা উল্লেখ কৰাৰ বিপৰীতে পাকিস্তানে শেহতীয়া আক্ৰমণৰ বাবে আফগান তালিবানক দোষাৰোপ কৰে । চলিত মাহৰ আৰম্ভণিতে পাকিস্তানী বায়ুসেনাই কাবুলকে ধৰি কেইবাটাও অঞ্চলত টিটিপি ঘাটিত বিমান আক্ৰমণ চলাইছিল, যাৰ ফলত তালিবানে পাকিস্তানী সেনাৰ চকীত আক্ৰমণ চলাইছিল ।

লগতে পঢ়ক : বাংলাদেশৰ দুঃসাহসঃ উত্তৰ পূৰ্বাঞ্চলক সাঙুৰি প্ৰকাশ কৰিলে বিতৰ্কিত মানচিত্ৰ

কাবুলৰ ভাৰতৰ টেকনিকেল মিছনক সম্পূৰ্ণ দূতাবাসৰ মৰ্যাদা

কাবুলৰ টেকনিকেল মিছনক সম্পূৰ্ণ দূতাবাসৰ মৰ্যাদা

আফগানিস্তানৰ সৈতে সম্পৰ্কক আৰু এখোজ আগুৱাই লৈ ভাৰতে মঙলবাৰে কাবুলত থকা টেকনিকেল মিছনৰ মৰ্যাদা সম্পূৰ্ণ দূতাবাসলৈ ঘূৰাই আনে । বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত নিশ্চিত কৰা হৈছে যে ই “পাৰস্পৰিক স্বাৰ্থৰ সকলো ক্ষেত্ৰতে আফগান পক্ষৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক গভীৰ” কৰাৰ উদ্দেশ্য পুনৰ দৃঢ় কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, “চৰকাৰে কাবুলত থকা ভাৰতীয় টেকনিকেল মিছনৰ মৰ্যাদা আফগানিস্তানত থকা ভাৰতীয় দূতাবাসৰ সমপৰ্যায়ৰ মৰ্যাদা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰি পুনৰ ঘূৰাই আনিছে।” বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, এই সিদ্ধান্তই ভাৰতৰ পাৰস্পৰিক স্বাৰ্থৰ সকলো ক্ষেত্ৰতে আফগান পক্ষৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ সংকল্পক আলোকপাত কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে কাবুলত থকা ভাৰতীয় দূতাবাসে আফগান সমাজৰ অগ্ৰাধিকাৰ আৰু আকাংক্ষাক মনত ৰাখি আফগানিস্তানৰ সৰ্বাংগীন উন্নয়ন, মানৱীয় সাহায্য আৰু সামৰ্থ্য বিকাশৰ পদক্ষেপত ভাৰতৰ অৱদান আৰু অধিক বৃদ্ধি কৰিব ।

আগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী মুত্তাকীৰ ভাৰত ভ্ৰমণৰ প্ৰায় দুসপ্তাহৰ পাছত দুয়ো দেশৰ মাজত এই উন্নয়ন হৈছে । ১০ অক্টোবৰত মুত্তাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয় । আলোচনাৰ পিছত জাৰি কৰা এক যৌথ বিবৃতিত কোৱা হৈছিল যে দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ বিস্তৃত বিষয়সমূহৰ লগতে গুৰুত্বপূৰ্ণ আঞ্চলিক পৰিঘটনাসমূহো পৰ্যালোচনা কৰে ।

ইফালে জয়শংকৰে আফগানিস্তানৰ জনসাধাৰণৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু দুয়োখন দেশক সংযোগ কৰা গভীৰ সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্কৰ কথা পুনৰবাৰ উল্লেখ কৰে । তেওঁ আফগান জনসাধাৰণৰ আকাংক্ষা আৰু উন্নয়নমূলক প্ৰয়োজনীয়তাক সমৰ্থন কৰাৰ বাবে ভাৰতৰ অবিৰত দায়বদ্ধতাও প্ৰকাশ কৰে ।

লগতে পঢ়ক : ভাৰতৰ সৈতে কৌশলগত মিত্ৰতা ঘোষণা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাৰ

তাৎক্ষণিক যুদ্ধবিৰতিৰ সহমতত উপনীত পাকিস্তান-আফগানিস্তান

তাৎক্ষণিক যুদ্ধবিৰতিৰ সহমতত উপনীত পাকিস্তান-আফগানিস্তান

কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে দেওবাৰে পুৱা ঘোষণা কৰে যে তুৰ্কীৰ মধ্যস্থতাত কাটাৰৰ ডোহাত অনুষ্ঠিত হোৱা আলোচনাত পাকিস্তান আৰু আফগানিস্তানে তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে । এই যুদ্ধবিৰতিৰ লক্ষ্য হৈছে এসপ্তাহ ধৰি চলি থকা ভয়াৱহ সীমান্ত সংঘৰ্ষৰ অন্ত পেলোৱা, য’ত কেইবা ডজন লোকৰ মৃত্যু আৰু শ শ লোক আহত হৈছে ।

প্ৰকাশিত এক তথ্য অনুসৰি কাটাৰে কয় যে যুদ্ধবিৰতি স্থায়ী আৰু সঠিকভাৱে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰাৰ বাবে আগন্তুক দিনত আৰু অধিক বৈঠক অনুষ্ঠিত কৰিবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰিছে । শেহতীয়াকৈ সীমান্তত সংঘটিত হোৱা যুদ্ধত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হোৱাৰ পিছত এই আলোচনা অনুষ্ঠিত হৈছে । ২০২১ চনত তালিবান পুনৰ ক্ষমতালৈ অহাৰ পিছত চুবুৰীয়া দেশ দুখনৰ মাজত এইটোৱেই আটাইতকৈ গুৰুতৰ সংঘাত ।

আফগান বিষয়াসকলে কয় যে কাবুলৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত প্ৰতিৰক্ষা মন্ত্ৰী মোল্লা মহম্মদ ইয়াকুব, আনহাতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে তালিবানৰ প্ৰতিনিধিৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে ।

পাকিস্তানৰ অভিযোগ-

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে আফগানিস্তানৰ পৰা পাকিস্তানলৈ সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদ বন্ধ কৰি পাক-আফগান সীমান্তত শান্তি আৰু স্থিতিশীলতা ঘূৰাই অনাটোৱেই আছিল আলোচনাৰ মূল লক্ষ্য । ইছলামবাদে সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানত আক্ৰমণ চলাই থকা সন্ত্ৰাসবাদীক ৰুধিবলৈ দাবী জনোৱাৰ পিছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ।

তালিবানৰ প্ৰত্যুত্তৰ-

তালিবানে উগ্ৰপন্থীক আশ্ৰয় দিয়া বুলি অস্বীকাৰ কৰি পাকিস্তানে ভুল তথ্য প্ৰচাৰ কৰা আৰু আফগানিস্তানক অস্থিৰ কৰাৰ বাবে ইছলামিক ষ্টেটৰ সৈতে জড়িত গোটসমূহক সমৰ্থন কৰা বুলি অভিযোগ উত্থাপন কৰে । পাকিস্তানে অৱশ্যে এই অভিযোগ নাকচ কৰি কয় যে উগ্ৰপন্থীয়ে দীৰ্ঘদিন ধৰি চৰকাৰক উফৰাই দেশখনত কঠোৰ ইছলামিক শাসন প্ৰয়োগ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰি আহিছে ।

ইফালে শুকুৰবাৰে যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে পাকিস্তানে সাধাৰণ নাগৰিকক লক্ষ্য কৰি বিমান আক্ৰমণ চলাইছিল বুলি আফগানিস্তানে প্ৰকাশ কৰিছে । কাবুলে কয় যে আলোচনা চলি থাকিবলৈ তেওঁলোকৰ সৈন্যক আক্ৰমণ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে । পাক্তিকা প্ৰদেশত সংঘটিত পাকিস্তানৰ এই আক্ৰমণত তিনিগৰাকী আফগান খেলুৱৈ নিহত হয় । ইয়াৰ পিছতে পাকিস্তানত অনুষ্ঠিত হোৱা টি-২০ ক্ৰিকেট শৃংখলাৰ পৰা আফগানিস্তান আঁতৰি যায় ।

লগতে পঢ়ক : বাংলাদেশত অথন্তৰঃ জুই আৰু ক’লা ধোঁৱাই আৱৰি ধৰিলে ঢাকা বিমানবন্দৰ

কোন আছিল পাকিস্তানৰ বিমান আক্ৰমণত নিহত ৩ জন আফগান ক্ৰিকেটাৰ?

কোন আছিল পাকিস্তানৰ বিমান আক্ৰমণত নিহত ৩ জন আফগান ক্ৰিকেটাৰ?

আফগানিস্তানৰ পাক্তিকা প্ৰদেশত পাকিস্তানৰ বিমান আক্ৰমণত তিনিজন আফগান ক্ৰিকেটাৰ নিহত হৈছে।এই আটাইকেইজন খেলুৱৈয়ে প্ৰীতি মেচত অংশগ্ৰহণ কৰি স্থানীয় সমাৱেশত অংশ লৈছিল। এই আক্ৰমণত মুঠ ৮ জন লোকৰ মৃত্যু হৈছে।

এই আক্ৰমণত নিহত হোৱা এই ক্ৰিকেটাৰসকল কোন আছিল,এই সন্দৰ্ভত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে এটা পোষ্ট শ্বেয়াৰ কৰিছে।

ACB ৰ মতে, এই তিনিজন ক্ৰিকেটাৰক কবীৰ, ছিবগাতুল্লাহ আৰু হাৰুণ বুলি চিনাক্ত কৰা হৈছে।মৃত্যু হোৱা ক্ৰিকেটাৰ তিনিগৰাকীয়ে পক্তিকাৰ ৰাজধানী শৰণাত প্ৰীতি মেচ খেলিবলৈ গৈছিল। ঘৰলৈ উভতি অহাৰ পিছত উৰগুন জিলাত এক সমাৱেশৰ সময়ত এই আক্ৰমণটো সংঘটিত হয়।

কবীৰ আফগানিস্তানৰ পাক্তিকা প্ৰদেশৰ উৰগুন জিলাৰ এজন যুৱ ক্ৰিকেটাৰ আছিল। তেওঁৰ জীৱন বা কেৰিয়াৰৰ বিষয়ে বিশেষ একো জনা নাযায়,কিন্তু আফগানিস্তানৰ ঘৰুৱা ক্ৰিকেটত তেওঁক এজন প্ৰতিভাৱান খেলুৱৈ হিচাপে গণ্য কৰা হৈছিল।আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ পোষ্টটোৰ পৰা স্পষ্ট হৈ পৰিছে যে কবীৰ আফগানিস্তান ক্ৰিকেটৰ ভৱিষ্যত আছিল।

২০০৬ চনৰ ১৫ মাৰ্চত হাৰুণ খানৰ জন্ম হৈছিল।তেওঁ কাবুলৰ এজন যুৱ বেটছমেন আছিল।হাৰুনে লিষ্ট এ, টি-২০ আৰু প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল আৰু আফগানিস্তান ক্ৰিকেটৰ ভৱিষ্যতৰ উজ্জ্বল তাৰকা হিচাপে গণ্য কৰা হৈছিল।

লগতে পঢ়ক: যুদ্ধবিৰতি উলংঘন কৰি আফগানিস্তানত এয়াৰষ্ট্ৰাইক পাকিস্তানৰ; ৩ ক্ৰিকেটাৰসহ ১০জনৰ মৃত্যু