কাবুলৰ ভাৰতৰ টেকনিকেল মিছনক সম্পূৰ্ণ দূতাবাসৰ মৰ্যাদা

কাবুলৰ টেকনিকেল মিছনক সম্পূৰ্ণ দূতাবাসৰ মৰ্যাদা আফগানিস্তানৰ সৈতে সম্পৰ্কক আৰু এখোজ আগুৱাই লৈ ভাৰতে মঙলবাৰে কাবুলত থকা টেকনিকেল মিছনৰ মৰ্যাদা সম্পূৰ্ণ দূতাবাসলৈ ঘূৰাই আনে । বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত নিশ্চিত কৰা হৈছে যে ই “পাৰস্পৰিক স্বাৰ্থৰ সকলো ক্ষেত্ৰতে আফগান পক্ষৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক

কাবুলৰ টেকনিকেল মিছনক সম্পূৰ্ণ দূতাবাসৰ মৰ্যাদা

আফগানিস্তানৰ সৈতে সম্পৰ্কক আৰু এখোজ আগুৱাই লৈ ভাৰতে মঙলবাৰে কাবুলত থকা টেকনিকেল মিছনৰ মৰ্যাদা সম্পূৰ্ণ দূতাবাসলৈ ঘূৰাই আনে । বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত নিশ্চিত কৰা হৈছে যে ই “পাৰস্পৰিক স্বাৰ্থৰ সকলো ক্ষেত্ৰতে আফগান পক্ষৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক গভীৰ” কৰাৰ উদ্দেশ্য পুনৰ দৃঢ় কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, “চৰকাৰে কাবুলত থকা ভাৰতীয় টেকনিকেল মিছনৰ মৰ্যাদা আফগানিস্তানত থকা ভাৰতীয় দূতাবাসৰ সমপৰ্যায়ৰ মৰ্যাদা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰি পুনৰ ঘূৰাই আনিছে।” বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, এই সিদ্ধান্তই ভাৰতৰ পাৰস্পৰিক স্বাৰ্থৰ সকলো ক্ষেত্ৰতে আফগান পক্ষৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ সংকল্পক আলোকপাত কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে কাবুলত থকা ভাৰতীয় দূতাবাসে আফগান সমাজৰ অগ্ৰাধিকাৰ আৰু আকাংক্ষাক মনত ৰাখি আফগানিস্তানৰ সৰ্বাংগীন উন্নয়ন, মানৱীয় সাহায্য আৰু সামৰ্থ্য বিকাশৰ পদক্ষেপত ভাৰতৰ অৱদান আৰু অধিক বৃদ্ধি কৰিব ।

আগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী মুত্তাকীৰ ভাৰত ভ্ৰমণৰ প্ৰায় দুসপ্তাহৰ পাছত দুয়ো দেশৰ মাজত এই উন্নয়ন হৈছে । ১০ অক্টোবৰত মুত্তাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয় । আলোচনাৰ পিছত জাৰি কৰা এক যৌথ বিবৃতিত কোৱা হৈছিল যে দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ বিস্তৃত বিষয়সমূহৰ লগতে গুৰুত্বপূৰ্ণ আঞ্চলিক পৰিঘটনাসমূহো পৰ্যালোচনা কৰে ।

ইফালে জয়শংকৰে আফগানিস্তানৰ জনসাধাৰণৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু দুয়োখন দেশক সংযোগ কৰা গভীৰ সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্কৰ কথা পুনৰবাৰ উল্লেখ কৰে । তেওঁ আফগান জনসাধাৰণৰ আকাংক্ষা আৰু উন্নয়নমূলক প্ৰয়োজনীয়তাক সমৰ্থন কৰাৰ বাবে ভাৰতৰ অবিৰত দায়বদ্ধতাও প্ৰকাশ কৰে ।

লগতে পঢ়ক : ভাৰতৰ সৈতে কৌশলগত মিত্ৰতা ঘোষণা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাৰ