যুদ্ধবিৰতি উলংঘন কৰি আফগানিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

যুদ্ধবিৰতি উলংঘন কৰি আফগানিস্তানত এয়াৰষ্ট্ৰাইক পাকিস্তানৰ; ৩ ক্ৰিকেটাৰসহ ১০জনৰ মৃত্যু

যুদ্ধবিৰতি উলংঘন কৰি আফগানিস্তানত এয়াৰষ্ট্ৰাইক পাকিস্তানৰ পাকিস্তানৰ পুনৰ নাপাক কাণ্ড। যুদ্ধবিৰতি উলংঘন কৰি আফগানিস্তানত পুনৰ এয়াৰ ষ্ট্ৰাইক কৰে পাকিস্তানে।পাকিস্তানৰ এই আক্ৰমণত নিহত ৩ গৰাকী আফগান ক্ৰিকেটাৰ আৰু ৮ নাগৰিকৰ মৃত্যু হয়। শুকুৰবাৰে দুয়োখন দেশে পাৰস্পৰিক সন্মতি সাপেক্ষে ৪৮ ঘণ্টীয়া যুদ্ধবিৰতি বৃদ্ধি কৰাৰ বাবে সহমতত উপনীত

যুদ্ধবিৰতি উলংঘন কৰি আফগানিস্তানত এয়াৰষ্ট্ৰাইক পাকিস্তানৰ

পাকিস্তানৰ পুনৰ নাপাক কাণ্ড। যুদ্ধবিৰতি উলংঘন কৰি আফগানিস্তানত পুনৰ এয়াৰ ষ্ট্ৰাইক কৰে পাকিস্তানে।পাকিস্তানৰ এই আক্ৰমণত নিহত ৩ গৰাকী আফগান ক্ৰিকেটাৰ আৰু ৮ নাগৰিকৰ মৃত্যু হয়।

শুকুৰবাৰে দুয়োখন দেশে পাৰস্পৰিক সন্মতি সাপেক্ষে ৪৮ ঘণ্টীয়া যুদ্ধবিৰতি বৃদ্ধি কৰাৰ বাবে সহমতত উপনীত হৈছিল।

কিন্তু মাত্ৰ কেইঘণ্টামানৰ পিছতে তালিবানে পাকিস্তানৰ ওপৰত আফগানিস্তানৰ পাক্তিকা প্ৰদেশত বিমান আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰে।পাকিস্তানে ডুৰাণ্ড লাইনৰ গাতে লাগি থকা পাক্তিকা প্ৰদেশৰ কেইবাখনো জিলাত বিমান আক্ৰমণ কৰে।

পাকিস্তানৰ আক্ৰমণত তিনিজন ক্ৰিকেটাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে।এই মৰ্মান্তিক ঘটনাটো পাক্তিকা প্ৰদেশৰ উৰগুন জিলাত সংঘটিত হৈছে।

তথ্য অনুসৰি এই আফগান খেলুৱৈকেইগৰাকী পক্তিকাৰ ৰাজধানী শৰণাত প্ৰীতি মেচ খেলিবলৈ গৈছিল।ঘৰলৈ উভতি অহাৰ পিছত উৰগুন জিলাত এক সমাৱেশৰ সময়ত তেওঁক আক্ৰমণ কৰা হয়।

এই মৰ্মান্তিক কাণ্ডৰ পিছত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে আগন্তুক ত্ৰিকোণীয় টি-২০ ছিৰিজ,য’ত পাকিস্তানক অন্তৰ্ভুক্ত কৰা হৈছিল, সেই ছিৰিজৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে।

এই ধাৰাবাহিকখন নৱেম্বৰৰ শেষৰ ফালে খেলিব লগা আছিল। পাকিস্তানৰ বিমান আক্ৰমণৰ পিছতে এতিয়া প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে আফগানিস্তান।  

লগতে পঢ়ক: পাক আৰু আফগানিস্তানৰ মাজত ৪৮ ঘণ্টীয়া যুদ্ধবিৰতি; বিমান আক্ৰমণত ১৫ জনৰ নিহত