পাক আৰু আফগানিস্তানৰ মাজত ৪৮ ঘণ্টীয়া যুদ্ধবিৰতি
বুধবাৰে সন্ধিয়া ৬ বজাৰ পৰা (পাকিস্তানৰ সময় অনুসৰি) ৪৮ ঘণ্টাৰ বাবে অস্থায়ী যুদ্ধবিৰতি ৰূপায়ণ কৰিবলৈ সন্মত হয় পাকিস্তান আৰু আফগানিস্তানৰ তালিবান প্ৰশাসনে।
সীমান্তত শেহতীয়াকৈ সংঘটিত সংঘৰ্ষৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে,যাৰ বাবে চুবুৰীয়া দেশ দুখনৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।
পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে ঘোষণা কৰা এই যুদ্ধবিৰতিৰ উদ্দেশ্য সীমান্তত যুদ্ধ বিস্তাৰৰ পিছত শত্ৰুতা হ্ৰাস কৰা আৰু আলোচনাৰ পথ মুকলি কৰা।
বিবৃতিটোত কোৱা হৈছে যে দুয়োটা দল অৰ্থাৎ পাকিস্তান আৰু আফগানিস্তান এই জটিল কিন্তু সমাধানযোগ্য সমস্যাটো সমাধানৰ বাবে আন্তৰিক প্ৰচেষ্টা চলাব।
মন্ত্ৰালয়ে কয় যে শত্ৰুতাত যুদ্ধবিৰতিৰ উদ্দেশ্য কূটনৈতিক আলোচনাৰ প্ৰসাৰ আৰু ভৱিষ্যতে জীৱন আৰু সম্পত্তিৰ ক্ষতি ৰোধ কৰা।
লগতে পঢ়ক: এয়া নতুন মধ্যপ্ৰাচ্যৰ ঐতিহাসিক উত্থান; পণবন্দীক মুকলি কৰাৰ পাছত ইজৰাইলৰ সংসদত ট্ৰাম্পৰ ভাষণ









