পিভি সিন্ধুৰ ইতিহাস ৰচনা; জাপান অ’পেনত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয়

পিভি সিন্ধুৰ ইতিহাস; জাপান অ’পেনত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয়

ভাৰতীয় বেডমিণ্টন তাৰকা পিভি সিন্ধুৱে জাপান অ’পেন ছুপাৰ ৭৫০ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰে। ফাইনেলত আয়োজক ৰাষ্ট্ৰ জাপানৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক পৰাস্ত কৰি সিন্ধুৱে প্ৰথমবাৰৰ বাবে এই সন্মানীয় প্ৰতিযোগিতাখনৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে। ভাৰতীয় বেডমিণ্টন তাৰকা পিভি সিন্ধুৱে দেওবাৰে টকিঅ’ত বিশ্বৰ ৩

ভাৰতীয় বেডমিণ্টন তাৰকা পিভি সিন্ধুৱে জাপান অ’পেন ছুপাৰ ৭৫০ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰে। ফাইনেলত আয়োজক ৰাষ্ট্ৰ জাপানৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক পৰাস্ত কৰি সিন্ধুৱে প্ৰথমবাৰৰ বাবে এই সন্মানীয় প্ৰতিযোগিতাখনৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে।

ভাৰতীয় বেডমিণ্টন তাৰকা পিভি সিন্ধুৱে দেওবাৰে টকিঅ’ত বিশ্বৰ ৩ নম্বৰ আকানে য়ামাগুচিকল ২১-১৭,২১-১৭ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে জাপান অ’পেন খিতাপ দখল কৰে। পিভি সিন্ধুৱে জাপান অ’পেন ছুপাৰ ৭৫০ টুৰ্ণামেণ্টত মহিলা একক শাখাত খিতাপ অৰ্জন কৰিছে। এই খিতাপ যুঁজখন ৫০ মিনিট ধৰি চলিছিল।

পিভি সিন্ধু জাপান অ’পেন জয় কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ইয়াৰ পূৰ্বে এই টুৰ্ণামেণ্টৰ কোনো এটা শ্ৰেণীতেই কোনো ভাৰতীয় খেলুৱৈয়ে খিতাপ দখল কৰিব পৰা নাছিল। এতিয়া প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় খেলুৱৈ ইয়াত ফাইনেলত প্ৰৱেশ কৰাৰ লগতে খিতাপো আজুৰি আনিবলৈ সক্ষম হ’ল। সিন্ধুৱে কেৱল ইতিহাসেই ৰচনা কৰা নাই, বৰঞ্চ ভাৰতীয় বেডমিণ্টনৰ বাবে এটা নতুন অধ্যায়ো লিখিলে।

এই জয় পিভি সিন্ধুৰ বাবে এইবাবেও বিশেষ, কিয়নো তেওঁ ১৯ মাহৰ পাছত BWF ৱৰ্ল্ড ট্যুৰত কোনো খিতাপ নিজৰ নামত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে তেওঁৰ অন্তিমটো খিতাপ ২০২৪ চনৰ ডিচেম্বৰত চৈয়দ মোদী ইণ্টাৰনেচনেলত আহিছিল। দীৰ্ঘদিন ধৰি ফিটনেছ আৰু ফৰ্মৰ সৈতে যুঁজি থকা সিন্ধুৱে এই জয়ৰ জৰিয়তে এক শক্তিশালী প্ৰত্যাৱৰ্তনৰ সংকেত দিছে।

পিভি সিন্ধুৱে নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে BWF ছুপাৰ 750 চিৰিজৰ খিতাপ অৰ্জন কৰিছে। ইয়াৰ লগতে, ২০১৯ চনত বিশ্ব চেম্পিয়ন হোৱাৰ পিছত এইটো তেওঁৰ প্ৰথমটো ডাঙৰ আন্তঃৰাষ্ট্ৰীয় খিতাপ। দেখা গ’ল যে ৩১ বছৰীয়া সিন্ধু আৰু আকানে য়ামাগুছিৰ মাজত এয়া ত্ৰিশতম মুখামুখি আছিল। এই সময়ছোৱাত সিন্ধুৱে ১৬ টা আৰু য়ামাগুছিয়ে ১৪ টা মেচত জয়লাভ কৰিছে।

লগতে পঢ়ক:  এমবাপ্পেৰ ৰেকৰ্ডক চেৰ পেলাই বুকায়ো ছাকাৰ হেট্ৰিক; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত ইংলেণ্ডৰ