কুমাৰ ভাস্কৰ বৰ্মা সেতুত জন্মদিন উদযাপন: পুনৰ গ্ৰেপ্তাৰ গুৱাহাটীৰ দম্পতী

কুমাৰ ভাস্কৰ বৰ্মা সেতুত জন্মদিন উদযাপন: পুনৰ গ্ৰেপ্তাৰ গুৱাহাটীৰ দম্পতী

কুমাৰ ভাস্কৰ বৰ্মা দলঙত জন্মদিন উদযাপন উদযাপন কৰি বিপদত দম্পতী গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰা নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা দলঙৰ ওপৰত নিয়ম উলংঘা কৰি জন্মদিন উদযাপন কৰি পুনৰ বিপদত পৰিছে এটা দম্পতী । শেহতীয়াকৈ, দলঙৰ ওপৰত জন্মদিন উদযাপন কৰাৰ অপৰাধত ভৰলুমুখ আৰক্ষীয়ে গুৱাহাটীৰ এটা

কুমাৰ ভাস্কৰ বৰ্মা দলঙত জন্মদিন উদযাপন উদযাপন কৰি বিপদত দম্পতী

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰা নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা দলঙৰ ওপৰত নিয়ম উলংঘা কৰি জন্মদিন উদযাপন কৰি পুনৰ বিপদত পৰিছে এটা দম্পতী । শেহতীয়াকৈ, দলঙৰ ওপৰত জন্মদিন উদযাপন কৰাৰ অপৰাধত ভৰলুমুখ আৰক্ষীয়ে গুৱাহাটীৰ এটা দম্পতীক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ পূৰ্বেও মাত্ৰ কেইটামান দিন পূৰ্বে একেটা স্থানতে অনুৰূপ কাৰ্যৰ বাবে আইনী ব্যৱস্থাৰ সন্মুখীন হৈছিল আন এটা দম্পতী । আজি আটক হোৱা দম্পতীটোক এল অজয়বি শৰ্মা আৰু তেওঁৰ পত্নী বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰা মতে, যোৱা ১৬ জুলাইত এই ঘটনাটো সংঘটিত হৈছিল । দম্পতীটোৱে দলঙৰ ওপৰত নিজৰ গাড়ীখন মাজমজিয়াত ৰখাই বাহনখনৰ বনেতৰ ওপৰত কেক কাটি জন্মদিন উদযাপন কৰিছিল । এই সমগ্ৰ দৃশ্যৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে ভৰলুমুখ আৰক্ষী তৎপৰ হৈ পৰে আৰু দম্পতীটোক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও যোৱা ২৩ জুনত উত্তৰ গুৱাহাটীৰ গৌতম বৰুৱা নামৰ এজন ব্যৱসায়ী আৰু তেওঁৰ পত্নীক অনুৰূপ কাৰ্যৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । কেৱল দম্পত্তিটোৱেই নহয়, তেওঁলোকৰ সৈতে অহা আন অতি কমেও ১২ জন লোককো আৰক্ষীয়ে আটক কৰিছিল । সেই ঘটনাটোত ব্যৱসায়ীজন আৰু তেওঁৰ বন্ধু বৰ্গই দলঙৰ ওপৰত গাড়ী ৰখাই যাতায়তৰ পথ বন্ধ কৰি দিছিল আৰু ৰঙা দলিচা পাৰি জাকজমকতাৰে জন্মদিন উদযাপন কৰিছিল ।

লগতে পঢ়ক : কৰ্মচাৰীক আবদ্ধ কৰিবলৈ বেংকৰ গেটত তলা লগালে মেনেজাৰে! ভাইৰেল ভিডিঅ

শেহতীয়া প্ৰৱন্ধসমূহ