উজনিৰ বান পৰিস্থিতি: ৰে’লে যাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা প্ৰশাসনৰ

উজনি অসমত প্ৰকৃতিৰ ৰুদ্ৰৰূপ; স্তব্ধ হৈ পৰিল উজনিৰ ৰে’ল যাতায়াত

ধাৰাসাৰ বৰষুণৰ ফলত উজনি অসমত বানে এক সংহাৰি ৰূপ ধাৰণ কৰিছে। স্তব্ধ হৈ পৰিছে উজনিৰ সমগ্ৰ ৰে’ল যাতায়াত। বাতিল কৰা হৈছে কেইবাখনো ৰে’ল চলাচল। নেৰানেপেৰা বৰষুণৰ ফলত উজনি অসমত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।শিৱসাগৰ জিলাৰ নাজিৰাত দিখৌ নৈৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰি এক সংহাৰী ৰূপ

ধাৰাসাৰ বৰষুণৰ ফলত উজনি অসমত বানে এক সংহাৰি ৰূপ ধাৰণ কৰিছে। স্তব্ধ হৈ পৰিছে উজনিৰ সমগ্ৰ ৰে’ল যাতায়াত। বাতিল কৰা হৈছে কেইবাখনো ৰে’ল চলাচল।

নেৰানেপেৰা বৰষুণৰ ফলত উজনি অসমত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।শিৱসাগৰ জিলাৰ নাজিৰাত দিখৌ নৈৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰি এক সংহাৰী ৰূপ ধাৰণ কৰিছে। দিখৌ নৈৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰাৰ ফলত নাজিৰা আৰু ইয়াৰ আশে-পাশে থকা কেইবাটাও অঞ্চল এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। পৰিস্থিতি এনে ভয়াৱহ হৈছে গৈ যে বহু স্থানত দিখৌ নৈৰ মথাউৰিৰ ওপৰেৰে তীব্ৰ বেগেৰে বাগৰিছে বাঢ়নী পানী।

ধাৰাসাৰ বৰষুণৰ ফলত স্তব্ধ হৈ পৰিল উজনিৰ সমগ্ৰ ৰে’ল যাতায়াত।শিমলুগুৰিৰ পিছত নাজিৰা-মেজেঙা ৰে’লপথ খহাই নিলে বানে ।যাত্ৰী আৰু ৰে’ল চলাচলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰে’ল কৰ্তৃপক্ষই পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে শিমলুগুৰি-নামতিআলি আৰু শিমলুগুৰি-চেলেনঘাট অংশত ৰে’ল চলাচল বন্ধ কৰি দিছে।

ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা যাত্ৰা কৰা দূৰণিবটীয়া ৰে’লসমূহৰ পথ সলনি কৰি ৰঙিয়া-ৰঙাপাৰা দি ডাইভাৰ্ট কৰা হৈছে। ইয়াৰ উপৰিও, এই অচলাৱস্থাৰ বাবে কেইবাখনো স্থানীয় পেচেঞ্জাৰ ৰে’ল বাতিল কৰা হৈছে ।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই জনোৱা মতে, পৰিস্থিতি উন্নত হোৱাৰ লগে লগেই পুনৰুদ্ধাৰৰ কাম আৰম্ভ হ’ব। ভয়াৱহ বানৰ ৰাজধানী-বিবেক এক্সপ্ৰেছ, গুৱাহাটী-লিডুলৈ চলাচল কৰা ইণ্টাৰচিটী এক্সপ্ৰেছ, যোৰহাট-তিনিচুকীয়া যাত্ৰীবাহী ৰে’ল, লামডিং-তিনিচুকীয়াৰ মাজত ৰে’ল আৰু শিমলুগুৰি আৰু ডিব্ৰুগড় যাত্ৰীবাহী ৰে’ল চলাচল বাতিল কৰা হৈছে।

লগতে পঢ়ক: উজনি অসমত বানৰ তাণ্ডৱ: সেনাৰ ‘অপাৰেচন জল ৰাহাট’ আৰম্ভ