ফিফা বিশ্বকাপ ২০২৬ ৰ ফাইনেলত স্পেইনৰ জয়ৰ পিছত ট্ৰফী অনুষ্ঠানৰ সময়ত ড’নাল্ড ট্ৰাম্পৰ উপস্থিতি আৰু দৰ্শকৰ ঠাট্টা-মস্কৰাই শিৰোনাম দখল কৰিছে।স্পেইনৰ জয়ৰ পিছত ছ’চিয়েল মিডিয়াত ট্ৰাম্পৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
ফিফা বিশ্বকাপ ২০২৬ত স্পেইনৰ যুৱ দলটোৰ খেল ইমানেই আকৰ্ষণীয় আছিল যে লিঅ’নেল মেছিৰ ওচৰতো ইয়াৰ কোনো উত্তৰ নাছিল। আৰু যেতিয়া মেচখন শেষ হ’ল, স্পেইনে ট্ৰফী নিজৰ নামত কৰিলে, আনহাতে কেৰিয়াৰৰ শেষ বিশ্বকাপ খেলা মেছিৰ চকুত আছিল চকুৰ পানী। স্পেইনে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰি ফুটবলৰ জগতখনত শীৰ্ষস্থান লাভ কৰিছে। ফেৰান টৰেছে এই বিশ্বকাপত নিজৰ প্ৰথমটো গ’ল দিয়ে, যিটো নিশ্চিতভাৱে তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ শ্ৰেষ্ঠ গ’ল আছিল। এই গ’লটোৰ বাবেই দেওবাৰে অনুষ্ঠিত হোৱা ফাইনেলত স্পেইনে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক ১-০ গলত পৰাস্ত কৰি জয়লাভ কৰে।
মেচখনৰ পিছতে ট্ৰফী প্ৰদানৰ সময়ত সংঘটিত হয় এক অদ্ভুত কাণ্ড।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যেতিয়া স্পেইনৰ অধিনায়ক ৰড্ৰিক ট্ৰফী উপহাৰ দিছিলে তেতিয়া তেওঁক স্পেইনৰ অধিনায়কজনে মঞ্চ এৰিবলৈ ইংগিত দিয়ে।
দৰাচলতে যেতিয়া ড’নাল্ড ট্ৰাম্প আৰু ফিফাৰ সভাপতি জিয়ানী ইনফেন্টিনো প্ৰেজেণ্টেশ্যন চেৰেমনিৰ (বঁটা বিতৰণী অনুষ্ঠান) বাবে খেলপথাৰলৈ আহে, তেতিয়া ষ্টেডিয়ামত উপস্থিত থকা ৮০ হাজাৰতকৈও অধিক লোকে প্ৰচণ্ড ইতিকিং কৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে স্পেইনৰ বিজয় উৎসৱত বিনামন্ত্ৰণে অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল। ট্ৰাম্প ‘মেৰিন ৱান’ হেলিকপ্টাৰেৰে ষ্টেডিয়ামত উপস্থিত হৈছিল। মেচ আৰম্ভ হোৱাৰ প্ৰায় ৪৫ মিনিট পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীৰ হেলিকপ্টাৰখন ষ্টেডিয়ামৰ ওপৰেৰে উৰি গৈছিল। খেলৰ সময়ত তেওঁ ইনফেন্টিনোৰ সৈতে বিলাসী আসনেৰে সুসজ্জিত এটা কাঁচৰ আৱৰণ থকা অংশত বহি আছিল। তেওঁৰ আশে-পাশে কেইবাজনো বিশিষ্ট ব্যক্তি আৰু প্ৰাক্তন খেলুৱৈও বহি আছিল, যাৰ ভিতৰত স্পেইনৰ ৰজা ফিলিপ ষষ্ঠ (Felipe VI), কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শিনবাম অন্তৰ্ভুক্ত আছিল।
ট্ৰাম্পে স্পেইনক বিশ্বকাপ ট্ৰফী প্ৰদান কৰি পোডিয়ামৰ কাষত দলটোৰ সৈতে থিয় হৈ উদযাপনত চামিল হ’বলৈ চেষ্টা কৰে, কিন্তু ৰড্ৰিয়ে পিঠিত হাত থৈ মঞ্চৰ পৰা ওলাই যাবলৈ ইংগিত দিলে। তাৰ পিছতে ফিফাৰ সভাপতি জিয়ানি ইনফেন্টিনে ট্ৰাম্পক মঞ্চৰ পৰা এস্কৰ্ট কৰি লৈ যায়।









