ফিফা বিশ্বকাপ ২০২৬ ৰ ফাইনেলত আৰ্জেণ্টিনাক ১-০ গ’লত পৰাস্ত কৰি স্পেইনে জয়লাভ কৰিছে। এই জয়ৰ জৰিয়তে বিজয়ী দল স্পেইনে পুৰস্কাৰ হিচাপে প্ৰায় ৪৮১ কোটি টকা লাভ কৰিছে।
ৰ’ড্ৰীৰ নেতৃত্বত স্পেইনে ফিফা বিশ্বকাপ ২০২৬-ৰ খিতাপ জয় কৰি ইতিহাস ৰচনা কৰিলে। ফাইনেলত স্পেইনে আৰ্জেণ্টিনাক ১-০ গলত পৰাস্ত কৰে। খেলখন অতিৰিক্ত সময়লৈ টানি নিয়ে, য’ত ফেৰান ট’ৰেছে গ’ল কৰিবলৈ সক্ষম হয়। এই জয়ৰ চমক কেৱল ট্ৰফীটোক কেন্দ্ৰ কৰিয়েই সীমাবদ্ধ নাথাকিল। চেম্পিয়ন হোৱাৰ লগতে স্পেইনে অভিলেখ পৰিমাণৰ পুৰস্কাৰৰ ধন লাভ কৰে। ফিফাই বিশ্ববিজেতা স্পেইানক ৫০ নিযুত (মিলিয়ন) ডলাৰ (প্ৰায় ৪৮১ কোটি টকা) পুৰস্কাৰৰ ধন হিচাপে প্ৰদান কৰে। ফিফা বিশ্বকাপৰ ইতিহাসত যিকোনো চেম্পিয়ন দলে লাভ কৰা এইয়া সৰ্ববৃহৎ ধনৰাশি। ২০২২ চনত আৰ্জেণ্টিনাই খিতাপ জয় কৰাৰ সময়ত ৪২ নিযুত (মিলিয়ন) ডলাৰ লাভ কৰিছিল। অৰ্থাৎ এইবাৰ বিজেতাৰ পুৰস্কাৰৰ ধন ৮ নিযুত (মিলিয়ন) ডলাৰ বৃদ্ধি পালে।
ফাইনেলত পৰাজয়ৰ মুখ দেখা আৰ্জেণ্টিনায়েও এক বৃহৎ পৰিমাণৰ ধন লাভ কৰে। ৰানাৰ্ছ-আপ দলটোক ৩৩ নিযুত (মিলিয়ন) ডলাৰ (প্ৰায় ৩১৮ কোটি টকা) প্ৰদান কৰা হয়, যিটো যোৱা বিশ্বকাপতকৈ ৩ নিযুত (মিলিয়ন) ডলাৰ বেছি। তৃতীয় স্থান লাভ কৰা ইংলেণ্ডে ২৯ নিযুত (মিলিয়ন) ডলাৰ (প্ৰায় ২৭৯ কোটি টকা) আৰু চতুৰ্থ স্থানত থকা ফ্ৰান্সে ২৭ নিযুত (মিলিয়ন) ডলাৰ (প্ৰায় ২৬০ কোটি টকা) লাভ কৰে।
ফিফাই এইবাৰ ৪৮টা দলৰ নতুন ফৰ্মেটৰ টুৰ্ণামেণ্টখনত পুৰস্কাৰৰ ধনো যথেষ্ট বৃদ্ধি কৰিলে। কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰতিটো দলেই ১৯ নিযুত (মিলিয়ন) ডলাৰ (প্ৰায় ১৮৩ কোটি টকা) কৈ লাভ কৰিছে। আনহাতে, ৰাউণ্ড অব ১৬ (Round of 16)-ৰ পৰা বিদায় লোৱা প্ৰতিটো দলকে ১৫ নিযুত (মিলিয়ন) ডলাৰ (প্ৰায় ১৪৪ কোটি টকা) কৈ দিয়া হ’ল। ৰাউণ্ড অব ৩২ (Round of 32)-ত পৰাজিত হোৱা প্ৰতিটো দলৰ বাবে ১১ নিযুত (মিলিয়ন) ডলাৰ (প্ৰায় ১০৬ কোটি টকা) পুৰস্কাৰৰ ধন নিৰ্ধাৰণ কৰা হৈছিল। আনহাতে, গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হোৱা প্ৰতিটো দলকে ৯ নিযুত (মিলিয়ন) ডলাৰ (প্ৰায় ৮৭ কোটি টকা) পুৰস্কাৰৰ ধন দিয়া হয়।
এইবাৰ ফিফাই যোগ্যতা অৰ্জন কৰা আটাইকেইটা ৪৮টা দলকে টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ পূৰ্বেই আৰ্থিক সাহায্য প্ৰদান কৰিছিল। প্ৰতিটো দলকে ১০ নিযুত (মিলিয়ন) ডলাৰ (প্ৰায় ৯৬ কোটি টকা) অৰ্হতা মাচুল (Qualification fees) আৰু প্ৰস্তুতিৰ বাবে ২.৫ নিযুত (মিলিয়ন) ডলাৰ (প্ৰায় ২৪ কোটি টকা) দিয়া হৈছিল। অৰ্থাৎ, যিকোনো দলে প্ৰথমখন মেচ খেলাৰ পূৰ্বেই গেৰাণ্টী মানি (Guaranteed money) হিচাপে ১২.৫ নিযুত (মিলিয়ন) ডলাৰ (প্ৰায় ১২০ কোটি টকা) লাভ কৰিছিল।
ফিফাই ২০২৬ বৰ্ষৰ বিশ্বকাপত সৰ্বমুঠ ৮৭১ নিযুত (মিলিয়ন) ডলাৰ (প্ৰায় ৮৩৮৬ কোটি টকা) বিতৰণ কৰে, যিটো বিগত সংস্কৰণৰ তুলনাত ৪৩১ নিযুত (মিলিয়ন) ডলাৰ বেছি। ইয়াৰে ৬৫৫ নিযুত (মিলিয়ন) ডলাৰ প্ৰদৰ্শনৰ ভিত্তিত বিতৰণ কৰা হয়, আনহাতে বাকী থকা ধনখিনি অৰ্হতা অৰ্জন (Qualification) আৰু প্ৰস্তুতি পুঁজি হিচাপে প্ৰদান কৰা হয়।
লগতে পঢ়ক: আধৰুৱা হৈ ৰ’ল সপোন; পৰাজয়ৰ পিছত খেলপথাৰতে উচুপি উঠিল লিঅ’নেল মেছি









