বিশ্বকাপ ফাইনেলৰ পূৰ্বে আৱেগিক লিয়নেল মেছি

এই ঐতিহাসিক মহাৰণৰ ঠিক আগে আগে আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছিয়ে সমগ্ৰ দলটোৰ উদ্দেশ্যে প্ৰেৰণ কৰা এটা আৱেগিক বাৰ্তাই এতিয়া জোকাৰি গৈছে ছচিয়েল মিডিয়া

ফিফা বিশ্বকাপ ২০২৬-ৰ খিতাপ যুঁজত স্পেইনৰ মুখামুখি হোৱাৰ পূৰ্বে সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীৰ চকু এতিয়া আৰ্জেণ্টিনাৰ ওপৰত । কিন্তু এই ঐতিহাসিক মহাৰণৰ ঠিক আগে আগে আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছিয়ে সমগ্ৰ দলটোৰ উদ্দেশ্যে প্ৰেৰণ কৰা এটা আৱেগিক বাৰ্তাই এতিয়া জোকাৰি গৈছে ছচিয়েল মিডিয়া । ট্ৰফী জয় কৰাতকৈও ৰাষ্ট্ৰীয় দলটোৰ সৈতে কটোৱা দীৰ্ঘদিনীয়া যাত্ৰা আৰু সম্পৰ্ককহে মেছিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে ।

খিতাপতকৈ যাত্ৰাটো শ্ৰেষ্ঠ

নিজৰ অফিচিয়েল ছচিয়েল মিডিয়া হেণ্ডেলত মেছিয়ে লিখিছে:

“এই বছৰবোৰৰ আটাইতকৈ ধুনীয়া কথাটো কেৱল খিতাপবোৰেই নাছিল, বৰঞ্চ এই গোটেই যাত্ৰাটো আছিল । এই দলটোৰ সৈতে প্ৰতিটো দিন অতিবাহিত কৰা, একেলগে সংগ্ৰাম কৰা, কঠিন সময়ত ইজনে সিজনক সহায় কৰা আৰু প্ৰতিটো পল উপভোগ কৰাটোৱেই আছিল আটাইতকৈ বিশেষ ।”

সহকৰ্মী আৰু কোচিং ষ্টাফক ধন্যবাদ

মেছিয়ে খেলপথাৰৰ যুঁজখনৰ লগতে আঁৰত থাকি অহৰহ পৰিশ্ৰম কৰা কোচিং ষ্টাফ আৰু সহযোগী কৰ্মচাৰীসকলৰ প্ৰতিও গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰে যে আৰ্জেণ্টিনা দলটো কেৱল এটা ফুটবল দল নহয়, বৰঞ্চ এটা পৰিয়ালৰ দৰে । এই অভেদ একতায়েই দলটোৰ ধাৰাবাহিক সফলতাৰ মূল চাবিকাঠী । মেছিয়ে লিখিছে, “মোৰ সকলো সতীৰ্থ, কোচিং কৰ্মচাৰী আৰু সেই সকলো লোককে ধন্যবাদ, যিসকলে প্ৰতিদিনে এই ৰাষ্ট্ৰীয় দলটোক এটা পৰিয়াল কৰি ৰাখিবলৈ কাম কৰে ।”

‘ফলাফল যিয়েই নহওক, আমি ইতিহাস ৰচনা কৰিলোঁ’

মেগা ফাইনেলৰ পূৰ্বে জয়-পৰাজয়ৰ স্বাৰ্থপৰ অংকৰ উৰ্ধলৈ গৈ মেছিয়ে কয় যে এই দলটোৱে ইতিমধ্যে ফুটবলৰ ইতিহাসত নিজৰ নাম স্বৰ্ণাক্ষৰে লিখি থৈছে । ফাইনেল খেলখনৰ ফলাফলক লৈ তেওঁ চিন্তিত নহয় । বাৰ্তাটোৰ শেষৰফালে তেওঁ লিখিছে, “ফাইনেলত যিয়েই নহওক কিয়, এই দলটোৱে এনে এক কাহিনী লিখি থৈছে যাৰ কথা আমি কেতিয়াও পাহৰি নাযাম আৰু যাক কোনেও মচি পেলাব নোৱাৰিব ।”

অনুৰাগীৰ মাজত বিদায়ৰ গুণগুণনি, আৱেগিক পত্নী এণ্টোনেলা

মেছিৰ এই প’ষ্টটো মুহূৰ্তৰ ভিতৰত ভাইৰেল হৈ পৰে আৰু সমগ্ৰ বিশ্বৰ কোটি কোটি অনুৰাগীয়ে মেছিক শুভেচ্ছা জ্ঞাপন কৰে । অৱশ্যে, এই আৱেগিক বাৰ্তাটোৱে অনুৰাগীসকলৰ মনত এক আশংকাৰো সৃষ্টি কৰিছে । বহুতেই ধাৰণা কৰিছে যে এয়া মেছিৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সামৰণিৰ এক ইংগিত হ’ব পাৰে । আনহাতে, মেছিৰ এই হৃদয়স্পৰ্শী প’ষ্টটো পঢ়ি আৱেগিক হৈ পৰিছে তেওঁৰ পত্নী এণ্টোনেলা ৰোকুজো । তেওঁ ইমোজিৰ জৰিয়তে প’ষ্টটোত নিজৰ মৰম আৰু আৱেগ প্ৰকাশ কৰা দেখা গৈছে ।

এক ঐতিহাসিক বিদায়ৰ ক্ষণ?

ফুটবল বিশেষজ্ঞসকলৰ মতে, যদি আৰ্জেণ্টিনাই ফাইনেলত স্পেইনক পৰাস্ত কৰি পুনৰ বিশ্ব চেম্পিয়ন হ’বলৈ সক্ষম হয়, তেন্তে লিয়নেল মেছিৰ ফুটবল জীৱনৰ বাবে ইয়াৰকৈ ডাঙৰ আৰু স্মৰণীয় বিদায়ৰ মুহূৰ্ত আন একো হ’ব নোৱাৰে।  এতিয়া সমগ্ৰ বিশ্বই অপেক্ষা কৰিছে কাইলৈৰ সেই ঐতিহাসিক খিতাপ যুঁজখনলৈ ।

লগতে পঢ়ক : কিলিয়ান এমবাপ্পেৰ বিশ্ব অভিলেখ; গোল্ডেন বুটৰ দৌৰত মেছিক অতিক্ৰম

ফিফা বিশ্বকাপ ২০২৬: প্ৰথমবাৰৰ বাবে বিজয়ী দলে লাভ কৰিব বিশেষ উপহাৰ

প্ৰতিটো আঙঠিৰ এফালে ফিফা বিশ্বকাপৰ ট্ৰফী খোদিত থকাৰ বিপৰীতে আনটো ফাল বিজয়ী দলটোৰ পৰিচয় আৰু ঐতিহ্য প্ৰতিফলিত কৰাকৈ কাষ্টমাইজ কৰা হ’ব

ফুটবল বিশ্বকাপৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে পূৰ্বে নোহোৱা এক পৰম্পৰাৰ সূচনা কৰিবলৈ সাজু হৈছে বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফা (FIFA) । ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ফাইনেলত বিজয়ী দলটোক আইকনিক স্বৰ্ণিল ট্ৰফী আৰু সোণৰ পদকৰ উপৰিও প্ৰদান কৰা হ’ব বিশেষভাৱে অৰ্ডাৰ দি প্ৰস্তুত কৰা “চেম্পিয়নশ্বিপ আঙঠি” (Bespoke Championship Rings) । ফিফাৰ ৱেবছাইট অনুসৰি, ইয়াৰ পূৰ্বে ফিফাৰ কোনো প্ৰতিযোগিতাতে এনেধৰণৰ পুৰস্কাৰ আগবঢ়োৱা হোৱা নাই ।

আমেৰিকাৰ ক্ৰীড়াজগতৰ এক পুৰণি আৰু জনপ্ৰিয় পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । অহা ১৯ জুলাই, দেওবাৰে (স্থানীয় সময় অনুসৰি) নিউয়ৰ্ক নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া স্পেইন আৰু আৰ্জেন্টিনাৰ মাজৰ মেগা ফাইনেল খেলখনৰ সামৰণিৰ পিছতে চেম্পিয়ন দলটোক এই বিশেষ আঙঠিসমূহ প্ৰদান কৰা হ’ব ।

মাত্ৰ ২,০২৬ টা আঙঠি আৰু অনন্য ডিজাইন

এই ঐতিহাসিক টুৰ্নামেণ্টখন স্মৰণীয় কৰি ৰাখিবলৈ মুঠ ২,০২৬ টা সুকীয়া নম্বৰযুক্ত আঙঠি প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । ইয়াৰে ৩০ টা আঙঠি বিজয়ী দলৰ খেলুৱৈ আৰু সদস্যসকলৰ বাবে সংৰক্ষিত থাকিব । বাকী ১,৯৯৬ টা আঙঠি বিশ্বজুৰি ফুটবল অনুৰাগীসকলৰ বাবে ‘অফিচিয়েল লাইচেঞ্চড প্ৰডাক্ট’ হিচাপে মুকলি কৰা হ’ব ।

প্ৰতিটো আঙঠিৰ এফালে ফিফা বিশ্বকাপৰ ট্ৰফী খোদিত থকাৰ বিপৰীতে আনটো ফাল বিজয়ী দলটোৰ পৰিচয় আৰু ঐতিহ্য প্ৰতিফলিত কৰাকৈ কাষ্টমাইজ কৰা হ’ব । প্ৰতিটো আঙঠিতে একক নম্বৰ থকাৰ লগতে ইয়াৰ সৈতে এটা সত্যতাৰ প্ৰমাণপত্ৰও প্ৰদান কৰা হ’ব ।

খেলৰ শেষত অনুষ্ঠিত হ’বলগীয়া বিজয় উৎসৱৰ সময়ত কেৱল বিজয়ী দলৰ অধিনায়ক আৰু মুখ্য প্ৰশিক্ষকক সাময়িকভাৱে দুটা আঙঠি দিয়া হ’ব । পৰৱৰ্তী সময়ত সকলো খেলুৱৈৰে হাতৰ সঠিক জোখ লৈ চূড়ান্তভাৱে ৩০ টা আঙঠি কাষ্টম-মেড হিচাপে সাজু কৰি আনুষ্ঠানিকভাৱে খেলুৱৈসকলৰ হাতত অৰ্পণ কৰা হ’ব ।

লগতে পঢ়ক : ফিফা বিশ্বকাপৰ সামৰণি অনুষ্ঠানত কোনে কোনে পৰিৱেশন কৰিব অনুষ্ঠান?

ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয় ডিয়েগো মাৰাডোনালৈ উৎসৰ্গা লিয়নেল মেছিৰ

ইংলেণ্ডৰ বিৰুদ্ধে এই ঐতিহাসিক জয়ৰ পিছতে আবেগিক হৈ পৰে আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছি

ফিফা বিশ্বকাপ ২০২৬-ৰ ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ২-১ গ’লৰ এক স্মৰণীয় আৰু ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰি আৰ্জেণ্টিনাই একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে । এই ঐতিহাসিক জয়ৰ পিছতে আবেগিক হৈ পৰে আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছি । খেলৰ শেষত তেওঁ এই গুৰুত্বপূৰ্ণ জয় দেশখনৰ প্ৰয়াত মহান ফুটবলাৰ ডিয়েগো মাৰাডোনালৈ উৎসৰ্গা কৰি ইয়াক মাৰাডোনাৰ বাবে এক ‘বিশেষ উপহাৰ’ বুলি অভিহিত কৰে ।

মাৰাডোনাৰ স্মৃতি আৰু উপহাৰ পোৱা ঐতিহাসিক জাৰ্ছি

ছেমিফাইনেলৰ মহাৰণখন শেষ হোৱাৰ পিছতে খেলপথাৰত এক আবেগিক পৰিৱেশৰ সৃষ্টি হয় । TyC Sports-ৰ এজন সাংবাদিকে মেছিক ১৯৮৬ চনৰ বিশ্বকাপৰ আৰ্জেণ্টিনাৰ এটা ঐতিহাসিক জাৰ্ছি উপহাৰ দিয়ে । উল্লেখ্য যে, ১৯৮৬ চনৰ সেই ঐতিহাসিক টুৰ্ণামেণ্টতে মাৰাডোনাই ইংলেণ্ডৰ বিৰুদ্ধে ফুটবল ইতিহাসৰ আটাইতকৈ চৰ্চিত ‘হেণ্ড অৱ গড’ আৰু ‘গ’ল অৱ দ্য চেঞ্চুৰী’ গ’ল কৰিছিল ।

জাৰ্ছিটো হাতত তুলি লৈ অত্যন্ত আৱেগিকভাৱে মেছিয়ে কয়:

“মই নিশ্চিত যে ডিয়েগোৱে ওপৰৰ পৰা আমাক চাই আছে। আজিৰ দিনটো তেওঁৰ বাবে অতি বিশেষ আছিল । তেওঁ য’তেই নাথাকক কিয়, তাৰ পৰাই এই আনন্দ উপভোগ কৰিছে । আমাৰ এই জয় তেওঁৰ বাবে এক সৰু উপহাৰ ।”

৪০ বছৰ পিছত পুনৰাবৃত্তি ঘটিল ইতিহাসৰ

১৯৮৬ চনত ডিয়েগো মাৰাডোনাৰ নেতৃত্বত আৰ্জেণ্টিনাই ইংলেণ্ডক ২-১ ব্যৱধানত হৰুৱাই ইতিহাস ৰচনা কৰিছিল আৰু পিছলৈ বিশ্বকাপ জয় কৰিছিল । ঠিক ৪০ বছৰৰ পিছত, ২০২৬ চনত পুনৰ ইংলেণ্ডৰ বিৰুদ্ধে ২-১ গ’লৰ জয়ে আৰ্জেণ্টিনাৰ ফুটবল ইতিহাসত এক সোণালী অধ্যায়ৰ সংযোজন কৰিলে ।

খেলৰ দ্বিতীয় অৰ্ধত এনথনি গৰ্ডনৰ গ’লেৰে ইংলেণ্ডে প্ৰথমে অগ্ৰগতি লাভ কৰিছিল আৰু দীৰ্ঘ সময় ধৰি আৰ্জেণ্টিনাৰ ওপৰত তীব্ৰ চাপ সৃষ্টি কৰি ৰাখিছিল । কিন্তু মেছিয়ে ধৈৰ্য নেহেৰুৱাই মিডফিল্ডৰ পৰা খেলৰ গতি নিয়ন্ত্ৰণ কৰে আৰু সঠিক সুযোগৰ বাবে অপেক্ষা কৰে ।

মেছিৰ যাদু: দুটাকৈ এচিষ্টেৰে সলনি কৰিলে খেলৰ গতি

খেলৰ কঠিন সময়ত আৰ্জেণ্টিনাৰ প্ৰত্যাৱৰ্তনৰ নায়ক আছিল লিয়নেল মেছি । তেওঁৰ ভৰিৰ যাদুতেই প্ৰথমে এঞ্জো ফাৰ্নাণ্ডেজে গ’ল দি খেলখন সমতাত লৈ আহে । ইয়াৰ পিছত মেছিৰ আন এক দুৰ্দান্ত পাছৰ সহায়ত লাউটাৰো মাৰ্টিনেজে বিজয়ী গ’লটো কৰে । মেছিৰ এই দুয়োটা অনন্য ‘এচিষ্ট’ৰ বলতেই আৰ্জেণ্টিনাই ফাইনেলৰ টিকট নিশ্চিত কৰে ।

লগতে পঢ়ক : বাথটাবৰ সেই কণমানি কেঁচুৱাটো এতিয়া মেছিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান!

বাথটাবৰ সেই কণমানি কেঁচুৱাটো এতিয়া মেছিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান!

ফুটবল জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ লিয়েনেল মেছি আৰু আজিৰ উদীয়মান তাৰকা লামিন য়ামালৰ এই যাত্ৰাটো কেৱল খেল নহয়

সময় সঁচাকৈয়ে বৰ আচৰিত! ১৯ বছৰৰ পূৰ্বৰ এটা পুৰণি ফটোশ্বুট যে এদিন ফুটবল ইতিহাসৰ আটাইতকৈ আৱেগিক আৰু ৰোমাঞ্চকৰ মুখামুখিৰ কাৰণ হৈ পৰিব, কোনেও ভবা নাছিল ।

ফুটবল জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ লিয়েনেল মেছি আৰু আজিৰ উদীয়মান তাৰকা লামিন য়ামালৰ এই যাত্ৰাটো কেৱল খেল নহয়, যেন এক ভাগ্যৰ খেল!

নীলা বাথটাবৰ সেই মুহূৰ্তটো

২০০৭ চনৰ ডিচেম্বৰ মাহ । তেতিয়া লিয়েনেল মেছিৰ বয়স মাত্ৰ ২০ বছৰ, বাৰ্চিলোনাৰ এজন উদীয়মান জিলিকি উঠা তৰা । আনফালে, স্পেইনৰ কেটালোনিয়াৰ এটা সাধাৰণ পৰিয়ালৰ মাত্ৰ ৬ মহীয়া এটা কেঁচুৱা- নাম তেওঁৰ লামিন য়ামাল ।

Diario Sport আৰু UNICEFৰ এটা চেৰিটি ৰেফেল জিকি য়ামালৰ পৰিয়ালে সুযোগ পাইছিল বাৰ্চিলোনাৰ ড্ৰেছিং ৰুমত মেছিক লগ কৰাৰ । সেইদিনা ২০ বছৰীয়া মেছিয়ে এটা নীলা প্লাষ্টিকৰ বাথটাবত থকা ৬ মহীয়া য়ামালক নিজৰ কোলাত তুলি লৈ অতি মৰমেৰে গা ধুৱাই দিছিল । মেছিয়ে চাগে সপোনতো ভবা নাছিল যে তেওঁৰ কোলাত হাঁহি থকা এই নিষ্পাপ কেঁচুৱাটোৱেই ১৯ বছৰৰ পিছত তেওঁৰ আৰু সমগ্ৰ আৰ্জেণ্টিনা দলটোৰ বিশ্বকাপ জয়ৰ সপোনৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰাচীৰ হৈ থিয় দিব!

য়ামালৰ পিতৃয়ে পিছলৈ ইনষ্টাগ্ৰামত এই ছবিখন শ্বেয়াৰ কৰি বৰ ধুনীয়াকৈ লিখিছিল- “দুজন লেজেণ্ডৰ আৰম্ভণি”। সঁচাকৈ, সেইয়া আছিল এক ইতিহাসৰ সূচনা।

১৯ জুলাইৰ সেই মহাৰণ

১৯ জুলাই ২০২৬, নিউ জাৰ্চীৰ ফুটবল খেলপথাৰ । সমগ্ৰ বিশ্ব থিয় হৈ ৰ’ব এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ ।

এফালে ৩৯ বছৰীয়া লিয়েনেল মেছি: ফুটবল জগতৰ সম্ৰাট, যিয়ে নিজৰ কেৰিয়াৰৰ শেষৰ ফালে থিয় হৈও এতিয়াও অনবদ্য ফৰ্মত আছে । নিজৰ দেশক একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন কৰাৰ আৰু কেতিয়াও নোপোৱা ‘গোল্ডেন বুট’ বুটলি লোৱাৰ শেষ সুযোগ তেওঁৰ হাতত ।

আনফালে ১৯ বছৰীয়া লামিন য়ামাল: ইউৰোপীয় চেম্পিয়ন স্পেইনৰ নতুন আশাৰ প্ৰতীক । যিজন ল’ৰাই মেছিৰ পুৰণি ক্লাব বাৰ্চিলোনাৰ জৰিয়তেই ডাঙৰ হৈছে, তেওঁও বিশ্বজয়ৰ যুঁজত নামিব ।

লগতে পঢ়ক : ছেমি ফাইনেলত জয়লাভৰ পিছতে বিতৰ্কত আৰ্জেণ্টিনা!

ছেমি ফাইনেলত জয়লাভৰ পিছতে বিতৰ্কত আৰ্জেণ্টিনা!

ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেলত প্ৰৱেশ কৰা আৰ্জেণ্টিনাৰ দলটোৱে জয়লাভৰ পিছত উদযাপনৰ সময়ত ফকলেণ্ড দ্বীপপুঞ্জৰ সৈতে জড়িত বেনাৰ প্ৰদৰ্শন কৰাৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰিছে।

ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি আৰ্জেণ্টিনাই একেৰাহে দ্বিতীয়বাৰৰ বাবে ফিফা বিশ্বকাপৰ ফাইনেলত স্থান নিশ্চিত কৰে যদিও এই জয়ৰ পিছত এতিয়া দলটো নতুন বিতৰ্কৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা গৈছে। খেলৰ অন্তত খেলুৱৈসকলৰ উদযাপনৰ সময়ত খেলপথাৰত এখন বেনাৰ দেখিবলৈ পোৱা গৈছিল, য’ত খেলতকৈ বেছি ৰাজনৈতিক বাৰ্তাক লৈ আলোচনাৰ সূচনা হ’ল। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ইয়াৰ দ্বাৰা ফিফাৰ নিয়ম উলংঘা কৰা হৈছে নেকি আৰু আৰ্জেণ্টিনাই অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব পাৰে নেকি?

আটলাণ্টাৰ মাৰ্চিডিজ বেঞ্জ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ছেমি ফাইনেল মেচখনত আৰ্জেণ্টিনাই ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি উজ্জ্বল প্ৰত্যাৱৰ্তন কৰে। মেচৰ পিছৰ উদযাপনৰ সময়ত মিডফিল্ডাৰ জিওভানি লো চেলছোৱে “লাছ মালভিনাছৰ পুত্ৰ আৰ্জেণ্টিনাছ” বুলি লিখা বেনাৰ এখন লৈ থকা দেখা গৈছিল, যাৰ অনুবাদ হৈছে “মালভিনাছ আৰ্জেণ্টিনাৰ অন্তৰ্গত”। এই বাৰ্তাটো ফকলেণ্ড দ্বীপপুঞ্জ (আৰ্জেণ্টিনাত মালভিনা নামেৰে জনাজাত)ৰ ওপৰত আৰ্জেণ্টিনাৰ দাবীৰ সৈতে জড়িত আৰু ইয়াৰ ফলত এই বেনাৰখনে বিতৰ্কৰ সৃষ্টি কৰিছিল।

ফিফা আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবল এছ’চিয়েশ্যন ব’ৰ্ডৰ (আইএফএবি) নিয়ম অনুসৰি খেলপথাৰৰ ভিতৰত আৰু ষ্টেডিয়ামৰ ভিতৰত ৰাজনৈতিক, ধৰ্মীয় বা ব্যক্তিগত বাৰ্তা প্ৰদৰ্শন কৰাটো নিষিদ্ধ। নিয়ম অনুসৰি খেলুৱৈৰ জাৰ্চি, সঁজুলি, বেনাৰ, পতাকা বা আন কোনো মাধ্যমৰ জৰিয়তে ৰাজনৈতিক বাৰ্তা প্ৰেৰণৰ অনুমতি দিয়া হোৱা নাই। যদি এনে কোনো কাণ্ড সংঘটিত হয়, তেন্তে সংশ্লিষ্ট প্ৰতিযোগিতা আয়োজক, ৰাষ্ট্ৰীয় ফুটবল সংস্থা বা ফিফাই বিষয়টো পৰ্যালোচনা কৰি ব্যৱস্থা ল’ব পাৰে। কিন্তু কেৱল বাৰ্তাৰ দৃশ্যমানতাৰ ফলত স্বয়ংক্ৰিয়ভাৱে শাস্তি নহয়,প্ৰতিটো গোচৰ ব্যক্তিগত ভিত্তিত পৰীক্ষা কৰা হয়।

ফিফাই এতিয়ালৈকে আনুষ্ঠানিকভাৱে তদন্তৰ কথা ঘোষণা কৰা নাই আৰু আৰ্জেণ্টিনাৰ বিৰুদ্ধে অনুশাসনমূলক কাৰ্য্যবিধি আৰম্ভ হোৱাৰ কথাও নিশ্চিত কৰা নাই। মেচৰ বিষয়াসকলৰ প্ৰতিবেদন বা উপলব্ধ ফুটেজৰ ভিত্তিত ফিফাই কোনো নিয়ম উলংঘা চিনাক্ত কৰিলেহে পৰৱৰ্তী কোনো সিদ্ধান্ত ল’ব পাৰিব। গতিকে এই পৰ্যায়ত আৰ্জেণ্টিনাৰ বিৰুদ্ধে নিষেধাজ্ঞা বা আন কোনো ব্যৱস্থাৰ বিষয়ে জল্পনা-কল্পনা কৰাটো অকালপক্ক হ’ব। বৰ্তমান আৰ্জেণ্টিনাৰ দলটোৱে বিশ্বকাপৰ ফাইনেলৰ প্ৰস্তুতিত মনোনিৱেশ কৰিছে।

দৰাচলতে ফকলেণ্ড দ্বীপপুঞ্জ দক্ষিণ আটলাণ্টিক মহাসাগৰত অৱস্থিত ব্ৰিটিছ অভাৰচিজ টেৰিটৰী। আৰ্জেণ্টিনাই তেওঁলোকক মালভিনাছ বুলি উল্লেখ কৰে আৰু দীৰ্ঘদিন ধৰি তেওঁলোকৰ ওপৰত দাবী বজাই ৰাখিছে। ১৯৮২ চনত ব্ৰিটেইন আৰু আৰ্জেণ্টিনাৰ মাজত দ্বীপসমূহক লৈ ৭৪ দিনীয়া যুদ্ধ হয়।এই সংঘাতত দুয়োখন দেশৰ শ শ সৈন্যই প্ৰাণ হেৰুৱাইছিল আৰু অৱশেষত ব্ৰিটেইনে দ্বীপসমূহৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ স্থাপন কৰিছিল। আৰ্জেণ্টিনাই আজিও এই ভূখণ্ডৰ দাবী অব্যাহত ৰাখিছে, আনহাতে ব্ৰিটেইনে কয় যে স্থানীয় জনসাধাৰণৰ নিজৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে আৰু গৰিষ্ঠসংখ্যক বাসিন্দাই ব্ৰিটিছ শাসনৰ অধীনত থাকিব বিচাৰে।

লগতে পঢ়ক: ইংলেণ্ডৰ সপোন চুৰমাৰ কৰি মহাকাব্যিক জয়েৰে ফাইনেলত মেছীৰ আৰ্জেণ্টিনা

ইংলেণ্ডৰ সপোন চুৰমাৰ কৰি মহাকাব্যিক জয়েৰে ফাইনেলত মেছীৰ আৰ্জেণ্টিনা

ফিফা বিশ্বকাপ ২০২৬ ৰ দ্বিতীয় ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৭ মিনিটত দুটা গ’ল দি একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত স্থান দখল কৰে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই। অন্তিম মুহূৰ্তলৈকে ইংলেণ্ডে আধিপত্য বিস্তাৰ কৰি আছিল যদিও শেষৰ ৭ মিনিটত মেছী বাহিনীয়ে সমগ্ৰ খেল সলনি কৰি দিয়ে ।

ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰিলে লিয়’নেল মেছীৰ আৰ্জেণ্টিনাই। ছেমিফাইনেলৰ এক শ্বাসৰুদ্ধকৰ মহাসমৰত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ইংলেণ্ডক ২-১ ব্যৱধানত ধূলিস্যাৎ কৰে। খেলখনৰ অন্তিম মুহূৰ্তলৈকে ইংলেণ্ডে আধিপত্য বিস্তাৰ কৰি আছিল যদিও শেষৰ ৭ মিনিটত মেছী বাহিনীয়ে সমগ্ৰ খেল সলনি কৰি দিয়ে ।

এই জয়েৰে আৰ্জেণ্টিনাই অভিলেখসংখ্যক ৭ম বাৰৰ বাবে ফিফা বিশ্বকাপৰ ফাইনেলত স্থান নিশ্চিত কৰিলে। এতিয়া ২০২৬ বিশ্বকাপৰ মেগা ফাইনেলত আৰ্জেণ্টিনাৰ মুখামুখি হ’ব স্পেইন। আনহাতে, ছেমিফাইনেলতে ট্ৰফীৰ সপোন ভংগ হোৱা ইংলেণ্ডে এতিয়া তৃতীয় স্থানৰ বাবে ফ্ৰান্সৰ বিৰুদ্ধে খেলিব লাগিব।

শেষ ৭ মিনিটত আৰ্জেণ্টিনাৰ ৰাজকীয় প্ৰত্যাৱৰ্তন:
খেলৰ প্ৰথমাৰ্ধ গ’লহীনভাৱে শেষ হোৱাৰ পিছত, দ্বিতীয়াৰ্ধত এন্থনী গৰ্ডনৰ এক অনবদ্য গ’লৰ সহায়ত ইংলেণ্ডে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল। এসময়ত এনে লাগিছিল যেন মেছীৰ বিশ্বকাপ ধৰি ৰখাৰ সপোন চূৰ্ণ-বিচুৰ্ণ হ’ব আৰু থমাছ টুচেলৰ ইংলেণ্ড ফাইনেললৈ যাব।

কিন্তু ফুটবল জগতত যে মেছীৰ যাদু কেতিয়াও শেষ নহয়, সেয়া আকৌ এবাৰ প্ৰমাণিত হ’ল। নিজে গ’ল নকৰিলেও লিয়’নেল মেছীয়ে মেচৰ শেষৰ ফালে দুটাকৈ চমৎকাৰ পাছ আগবঢ়ায়। প্ৰথমে এনজো ফাৰ্নাণ্ডিছে গ’ল দি খেলখন ১-১ সমতালৈ আনে। ইয়াৰ ঠিক পিছতেই, ইনজুৰী টাইমৰ দ্বিতীয় মিনিটত লাউটাৰো মাৰ্টিনেজে ইংলেণ্ডৰ ডিফেন্সক ভেদ কৰি বিজয়ী গ’লটো কৰে আৰু আৰ্জেণ্টিনাক ২-১ ৰ এক অবিশ্বাস্য জয় উপহাৰ দিয়ে।
ফাউল আৰু হালধীয়া কাৰ্ডৰ উত্তেজনাপূৰ্ণ যুঁজ:
প্ৰথমৰে পৰা দুয়োটা দলেই অতি আক্ৰমণাত্মক আৰু কঠিন গেম খেলা দেখা গৈছিল। খেলৰ প্ৰথম ১২ মিনিটতে ৮ টাকৈ ফাউল হয়। ইংলেণ্ডৰ তাৰকা জুড বেলিংহাম আৰু এলিয়ট এণ্ডাৰছনক আৰ্জেণ্টিনাৰ খেলুৱৈয়ে কেইবাবাৰো ফাউল কৰে। আনহাতে, ব্ৰিটেইনৰ অধিনায়ক হেৰী কেন আৰু এন্থনী গৰ্ডনেও মেছীক লক্ষ্য কৰি ফাউল কৰাৰ চেষ্টা চলায়। খেলখনত এণ্ডাৰছন আৰু আৰ্জেণ্টিনাৰ লিচান্দ্ৰো মাৰ্টিনেজে হালধীয়া কাৰ্ডো দেখিবলৈ পায়।

কিন্তু শেষ মুহূৰ্তৰ স্নায়ুযুদ্ধত ইংলেণ্ডক পিছ পেলাই শেষ হাঁহি মাৰিলে মেছী এণ্ড কোম্পানীয়ে। এতিয়া সমগ্ৰ বিশ্বৰ চকু থাকিব আৰ্জেণ্টিনা বনাম স্পেইনৰ সেই ঐতিহাসিক ফাইনেল মেচখনৰ ওপৰত।

লগতে পঢ়ক: আইচিচিৰ ডাঙৰ সিদ্ধান্ত; সলনি হ’ল ২০২৭ ৰ এদিনীয়া বিশ্বকাপৰ ফৰ্মেট

ফিফা বিশ্বকাপ ২০২৬: শেষ চাৰিত ৪ মহাশক্তি, খিতাপৰ যুঁজত কোন কাৰ মুখামুখি হ’ব?

ফিফা বিশ্বকাপ ২০২৬ এতিয়া একেবাৰে অন্তিম পৰ্যায়ত উপনীত হৈছেহি

৪৮ টা দলেৰে আৰম্ভ হোৱা ফিফা বিশ্বকাপ ২০২৬ (FIFA World Cup 2026) এতিয়া একেবাৰে অন্তিম পৰ্যায়ত উপনীত হৈছেহি । তীব্ৰ উত্তেজনাপূৰ্ণ কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ সমাপ্ত হোৱাৰ পিছত এতিয়া খিতাপ দখলৰ দৌৰত মাত্ৰ ৪ টা দলহে বাকী ৰৈছে । বিশ্ব ফুটবলৰ এই চাৰি মহাশক্তি হ’ল- ফ্ৰান্স, স্পেইন, ইংলেণ্ড আৰু ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা ।

কোৱাৰ্টাৰ ফাইনেলৰ মেচসমূহত দলকেইটাৰ প্ৰদৰ্শন আছিল অতি চমকপ্ৰদ । দেওবাৰে অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে নৰৱেক ২-১ গ’লত পৰাস্ত কৰি ছেমিৰ টিকট কাটে । আনহাতে, আৰ্জেণ্টিনাই চুইজাৰলেণ্ডক ৩-১ গ’লত ধূলিস্যাৎ কৰে, যদিও লিয়’নেল মেছিয়ে এই মেচত কোনো গ’ল কৰিব নোৱাৰিলে । ইয়াৰ পূৰ্বে শুকুৰবাৰে ফ্ৰান্সে মৰক্কোক ২-০ গ’লত আৰু শনিবাৰে স্পেইনে বেলজিয়ামক ২-১ গ’লত পৰাস্ত কৰি শেষ চাৰিত স্থান সুৰক্ষিত কৰিছিল ।

যদি আপুনি এজন ফুটবল প্ৰেমী আৰু ভাৰতৰ পৰা এই মেচসমূহ উপভোগ কৰিব বিচাৰে, তেন্তে আপোনাৰ বাবে লৈ অহা হৈছে দুয়োখন ছেমিফাইনেল আৰু ফাইনেল মেচৰ সম্পূৰ্ণ সময়সূচী ।

প্ৰথম ছেমিফাইনেল: ফ্ৰান্স বনাম স্পেইন

বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলত মুখামুখি হ’ব ইউৰোপৰ দুই অন্যতম শক্তিশালী দল ফ্ৰান্স আৰু স্পেইন । এইখন এখন অতি ৰোমাঞ্চকৰ মেচ হ’ব বুলি আশা কৰা হৈছে, কিয়নো এফালে থাকিব ফ্ৰান্সৰ তাৰকা ষ্ট্ৰাইকাৰ কিলিয়ান এমবাপে আৰু আনফালে থাকিব স্পেইনৰ যুৱ বিস্ময় বালক লামিন ইয়ামাল । ভাৰতীয় সময় অনুসৰি ১৫ জুলাই (বুধবাৰ) মাজনিশা ১২:৩০ বজাত আমেৰিকাৰ টেক্সাছৰ আৰ্লিংটনত অৱস্থিত আইকনিক ‘এটি এণ্ড টি ষ্টেডিয়াম’ত (ডলাছ ষ্টেডিয়াম) এই যুঁজখন অনুষ্ঠিত হ’ব ।

দ্বিতীয় ছেমিফাইনেল: ইংলেণ্ড বনাম আৰ্জেণ্টিনা

ইফালে ১৬ জুলাই (বৃহস্পতিবাৰ) মাজনিশা আন এক হাইভল্টেজ মেচত মুখামুখি হ’ব ইংলেণ্ড আৰু আৰ্জেণ্টিনা । ভাৰতীয় সময় অনুসৰি এই মেচখনো নিশা ১২:৩০ বজাত আৰম্ভ হ’ব । বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই একেৰাহে দ্বিতীয়টো খিতাপ অৰ্জনৰ লক্ষ্যৰে পথাৰত নামিব, আনহাতে থমাছ টুচেলৰ প্ৰশিক্ষণত ইংলেণ্ড দলেও ধাৰাবাহিক ট্ৰফীৰ খৰাং অন্ত পেলাবলৈ সাজু হৈছে । জৰ্জিয়াৰ আটলাণ্টা চহৰৰ ‘মাৰ্চিডিজ-বেঞ্জ ষ্টেডিয়াম’ত (আটলাণ্টা ষ্টেডিয়াম) অনুষ্ঠিত হ’ব এই মহাৰণ ।

কেতিয়া হ’ব ২০২৬ ফিফা বিশ্বকাপৰ ফাইনেল?

ছেমিফাইনেলত বিজয়ী হোৱা দল দুটাই ২০ জুলাইত খিতাপৰ বাবে যুঁজ দিব । তাৰ পূৰ্বে ছেমিফাইনেলত পৰাজিত হোৱা দল দুটাৰ মাজত ১৯ জুলাই, ২০২৬ তাৰিখে ভাৰতীয় সময় অনুসৰি নিশা ২:৩০ বজাত ফ্ল’ৰিডাৰ মিয়ামী ষ্টেডিয়ামত তৃতীয় স্থানৰ বাবে মেচ অনুষ্ঠিত হ’ব ।

আনহাতে, সকলোৰে বহুল প্ৰত্যাশিত ফিফা বিশ্বকাপ ২০২৬-ৰ মেগা ফাইনেল মেচখন ২০ জুলাই, ২০২৬ (সোমবাৰ) তাৰিখে ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাত নিউ জাৰ্চিৰ বিখ্যাত মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : উইম্বলডনত ভাৰতীয় ক্ৰিকেটৰ তিনি প্ৰজন্ম: চিনাৰৰ প্ৰশংসাত পঞ্চমুখ মাষ্টাৰ ব্লাষ্টাৰ

ফিফা বিশ্বকাপ ২০২৬: মেছী আৰু এমবাপ্পেৰ সন্মুখত এতিয়া ছেমি-ফাইনেলৰ অগ্নিপৰীক্ষা!

বিশ্বকাপ ২০২৬: শেষ আঠৰ মহাৰণ! ছেমি-ফাইনেলৰ টিকট কাটিব কোনে- আৰ্জেণ্টিনা, ফ্ৰান্স নে ইংলেণ্ডে?

চলিত ফিফা বিশ্বকাপ (FIFA World Cup 2026) এতিয়া এক ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে । তীব্ৰ উত্তেজনাপূৰ্ণ ‘ৰাউণ্ড অৱ ১৬’ৰ খেলসমূহ সমাপ্ত হোৱাৰ পিছত এতিয়া কেৱল ৮টা শক্তিশালী দল বাকী ৰৈছে । ৪৮টা দলৰ এই অভিলেখ সৃষ্টিকাৰী টুৰ্নামেণ্টখন এতিয়া আৰ্জেণ্টিনা, ফ্ৰান্স, মৰক্কো, স্পেইন, বেলজিয়াম, ইংলেণ্ড, নৰৱে আৰু চুইজাৰলেণ্ডৰ মাজলৈ সংকুচিত হৈ পৰিছে ।

বিশ্বকাপৰ ইতিহাসত এইবাৰেই প্ৰথমবাৰৰ বাবে ব্ৰাজিল আৰু জাৰ্মানী- দুয়োটা দলেই একেলগে কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বেই বিদায় মাগিছে, যিয়ে ফুটবল অনুৰাগীসকলক আচৰিত কৰি তুলিছে ।

কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ

ছেমি-ফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ এই অন্তিম-আঠৰ খেলসমূহত বিশ্বৰ তাৰকা খেলুৱৈসকলৰ মাজত এক তীব্ৰ কৌশলগত যুদ্ধ দেখিবলৈ পোৱা যাব ।

ফ্ৰান্স বনাম মৰক্কো

২০২২ চনৰ কাটাৰ বিশ্বকাপৰ ছেমি ফাইনেলৰ পুনৰাবৃত্তি ঘটিব এই মেচখনত । ৰাউণ্ড অৱ ১৬ ত অধিনায়ক কিলিয়ান এমবাপ্পেৰ পেনাল্টী গ’লৰ সহায়ত ফ্ৰান্সে পেৰাগুৱেক ১-০ ত পৰাস্ত কৰে । আনহাতে, মৰক্কোৱে কানাডাক ৩-০ ব্যৱধানত ধূলিস্যাৎ কৰি একেৰাহে দুবাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম আফ্ৰিকান দেশ হিচাপে ইতিহাস ৰচনা কৰিছে । এতিয়া ‘এটলাছ লায়ন্স’ৰ বাবে ই ফ্ৰান্সৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ সোণালী সুযোগ ।

স্পেইন বনাম বেলজিয়াম

দুটা সম্পূৰ্ণ ভিন্ন শৈলীৰ দলৰ এই যুঁজখন অতি আকৰ্ষণীয় হ’ব । স্পেইনে পৰ্তুগালক ১-০ ব্যৱধানত হৰুৱাই ইয়াত প্ৰৱেশ কৰিছে, য’ত বিকল্প খেলুৱৈ মিকেল মেৰিনোৱে শেষ মুহূৰ্তত নাটকীয় গ’ল কৰে । আনহাতে, বেলজিয়ামে সহ-আয়োজক আমেৰিকাক ৪-১ ব্যৱধানত পৰাস্ত কৰে । এই খেলখনত স্পেইনৰ ‘পজেছন গেম’ আৰু বেলজিয়ামৰ দ্ৰুত আক্ৰমণৰ মাজত প্ৰতিযোগিতা হ’ব ।

ইংলেণ্ড বনাম নৰৱে

থমাছ টুচেলৰ প্ৰশিক্ষণত ইংলেণ্ডে ১০ জন খেলুৱৈৰে খেলিও মেক্সিকোক ৩-২ ত পৰাস্ত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । এই মেচত জুড বেলিংহামে দুটা গ’ল কৰে । বিপৰীতে, নৰৱেই ৫ বাৰৰ ডিফেণ্ডিং চেম্পিয়ন ব্ৰাজিলক ২-১ ব্যৱধানত পৰাস্ত কৰি ডাঙৰ অঘটন ঘটায় । প্ৰিমিয়াৰ লীগৰ দুই মহান তাৰকা- নৰৱেৰ আৰ্লিং হালেণ্ড আৰু ইংলেণ্ডৰ হেৰী কেইনৰ মাজত এই মেচত তীব্ৰ যুঁজ হ’ব ।

আৰ্জেণ্টিনা বনাম চুইজাৰলেণ্ড

ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ইজিপ্তৰ বিৰুদ্ধে ২-০ ত পিছপৰি থকাৰ পিছতো ৩-২ ব্যৱধানত এক অলৌকিক প্ৰত্যাৱৰ্তন কৰি কোৱাৰ্টাৰত স্থান পাইছে । লিঅ’নেল মেছিয়ে পেনাল্টী মিছ কৰাৰ পিছতো দলটোৱে জয় লাভ কৰে । চুইজাৰলেণ্ডে কলম্বিয়াক পেনাল্টী শ্বুটআউটত হৰুৱাই ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে ।

গোল্ডেন বুটৰ দৌৰত কোন আগত?

টুৰ্নামেণ্টখনৰ শেষ পৰ্যায়ৰ লগে লগে গোল্ডেন বুটৰ বাবেও তাৰকাসকলৰ মাজত তীব্ৰ প্ৰতিযোগিতা আৰম্ভ হৈছে :

লিঅ’নেল মেছী (আৰ্জেণ্টিনা): ৮টা গ’ল (শীৰ্ষত)

কিলিয়ান এমবাপ্পে (ফ্ৰান্স): ৭টা গ’ল

আৰ্লিং হালেণ্ড (নৰৱে): ৭টা গ’ল

হেৰী কেইন (ইংলেণ্ড): ৬টা গ’ল

ইয়াৰ বাহিৰেও জুড বেলিংহাম আৰু ঔচমানে ডেম্বেলৰ দৰে খেলুৱৈ সকলো এই দৌৰত আছে ।

ফিফা বিশ্বকাপৰ এক ঐতিহাসিক পৰিসংখ্যা

ফিফাৰ চৰকাৰী তথ্য অনুসৰি, বিশ্বকাপৰ ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে ঘটিছে যে ব্ৰাজিল আৰু জাৰ্মানী দুয়োটা দলেই একেলগে কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বেই বিদায় লৈছে । ইয়াৰ পূৰ্বে বিভিন্ন সংস্কৰণত তেওঁলোকে পৃথকে পৃথকে বিদায় লৈছিল, কিন্তু একেটা টুৰ্নামেণ্টতে দুয়োটা দলৰ এনে বিপৰ্যয় ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাছিল ।

লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬: মেছিৰ যাদু! আশ্চৰ্যজনক প্ৰত্যাৱৰ্তনেৰে ইজিপ্তক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা

ফিফা বিশ্বকাপ ২০২৬: মেছিৰ যাদু! আশ্চৰ্যজনক প্ৰত্যাৱৰ্তনেৰে ইজিপ্তক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা

ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ইজিপ্তক ৩-২ গ’লত পৰাস্ত কৰি ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে আটলান্টা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত আৰ্জেণ্টিনা ৭৮ মিনিটলৈকে ২-০ গ’লত পিছ পৰি আছিল।

ফিফা বিশ্বকাপ ২০২৬ত বৰ্তমানৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত আছে। ৭ জুলাই (মঙলবাৰ) দিনা আটলাণ্টাৰ বিখ্যাত আটলাণ্টা ষ্টেডিয়ামত অনুষ্ঠিত ৰাউণ্ড অৱ ১৬ৰ এখন অতি ৰোমাঞ্চকৰ মেচত আৰ্জেণ্টিনাই ইজিপ্তক ৩-২ ব্যৱধানত পৰাস্ত কৰে। এই গুৰুত্বপূৰ্ণ বিজয়ৰ সৈতে লিয়নেল মেছিৰ দলটোৱে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে।

৭৮ মিনিটলৈ পিছপৰি আছিল আৰ্জেণ্টিনা: তাৰ পিছত…

খেলখনৰ প্ৰথমাৰ্ধৰ পৰা প্ৰায় ৭৮ মিনিটলৈকে ইজিপ্তে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি আৰ্জেণ্টিনাক তীব্ৰ চাপত ৰাখিছিল। কিন্তু তাৰ পিছতেই আৰম্ভ হয় লিয়নেল মেছিৰ যাদু। মাত্ৰ ১৩ মিনিটৰ ভিতৰত এটাৰ পিছত এটাকৈ ৩টা গ’ল দি আৰ্জেণ্টিনাই খেলখনৰ সম্পূৰ্ণ গতি সলাই পেলায় আৰু ইজিপ্তক পৰাস্ত কৰে।

আৰ্জেণ্টিনা বনাম ইজিপ্ত খেলৰ গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ

অধিনায়ক মেছিৰ অনবদ্য অবদান: আৰ্জেণ্টিনাৰ এই ঐতিহাসিক প্ৰত্যাৱৰ্তনৰ মূল কাণ্ডাৰী আছিল অধিনায়ক লিয়নেল মেছি। তেওঁ নিজে এটা গ’ল কৰাৰ লগতে আন এটা গ’ল কৰাত সতীৰ্থক সহায় কৰে।

খেলৰ প্ৰথমটো গ’ল: ৭৯ মিনিটত মেছিৰ এটা সুন্দৰ পাছৰ সহায়ত ক্ৰীষ্টিয়ান ৰোমেৰোৱে আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো গ’ল স্ক’ৰ কৰে।
সমতা স্থাপন: ইয়াৰ ঠিক ৪ মিনিট পিছত, অৰ্থাৎ ৮৩ মিনিটত গঞ্জালো মন্টিয়েলৰ পাছত মেছিয়ে নিজেই এক অনবদ্য গ’ল দি খেলখন ২-২ সমতালৈ আনে।

ইনজুৰী টাইমৰ বিজয় গ’ল: খেলৰ অন্তিম মুহূৰ্তত, ৯০+২ মিনিটত লাউটাৰো মাৰ্টিনেজৰ এক পাছ লাভ কৰি এনজো ফাৰ্নাণ্ডিছে ইজিপ্তৰ জালত বল সুমুৱাই আৰ্জেণ্টিনাক ৩-২ ৰ এক অপ্ৰত্যাশিত আৰু নিৰ্ণায়ক জয় আনি দিয়ে।
বিশ্বকাপৰ ইতিহাসত মেছিৰ নতুন ৰেকৰ্ড
চলিত ২০২৬ চনৰ ফিফা বিশ্বকাপত লিয়নেল মেছিৰ এয়া অষ্টমটো গ’ল আছিল। এই গ’লটোৰ সৈতে তেওঁ এইবাৰৰ বিশ্বকাপৰ ‘গ’ল্ডেন বুট’ দৌৰত আটাইতকৈ আগত স্থান লাভ কৰিছে। ইয়াৰ উপৰিও, ফিফা বিশ্বকাপৰ সমগ্ৰ ইতিহাসত মেছিৰ মুঠ গ’লৰ সংখ্যা এতিয়া ২১টালৈ বৃদ্ধি পাইছে, যাৰ ফলত তেওঁ নিজৰ পুৰণি ৰেকৰ্ড আৰু অধিক উন্নত কৰিবলৈ সক্ষম হৈছে।
কোৱাৰ্টাৰ ফাইনেলত কাৰ মুখামুখি হ’ব আৰ্জেণ্টিনা?
এই জয়ৰ পিছত আৰ্জেণ্টিনাই এতিয়া কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱাৰ্টাৰ ফাইনেলত তেওঁলোকে কলম্বিয়া অথবা চুইজাৰলেণ্ডৰ ভিতৰত বিজয়ী দলটোৰ বিৰুদ্ধে খেলপথাৰত নামিব।

লগতে পঢ়ক: বেলজিয়ামৰ হাতত ৪-১ গ’লত ধূলিসাৎ আমেৰিকা: জ্বলা জুইত ঘিঁউ ঢালি ইৰানৰ মুকলি ইতিকিং!