ফিফা বিশ্বকাপৰ সামৰণি অনুষ্ঠানত কোনে কোনে পৰিৱেশন কৰিব অনুষ্ঠান?

ফিফা বিশ্বকাপৰ সামৰণি অনুষ্ঠানত কোনে কোনে পৰিৱেশন কৰিব অনুষ্ঠান?

এইবাৰৰ বিশ্বকাপ ফাইনেলৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ খেলপথাৰৰ বাহিৰতো থাকিব ক্ৰীড়া ইতিহাসৰ আটাইতকৈ বৃহৎ আৰু ৰোমাঞ্চকৰ মহোৎসৱ অৰ্থাৎ ফিফা বিশ্বকাপ ২০২৬-ৰ এতিয়া অন্তিম পৰ্যায় । অহা দেওবাৰে নিউয়ৰ্ক নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফাইনেল খেলখনৰ ঠিক পূৰ্বে বিশ্বই প্ৰত্যক্ষ কৰিব এক ৰঙীন সামৰণি অনুষ্ঠান । এই

এইবাৰৰ বিশ্বকাপ ফাইনেলৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ খেলপথাৰৰ বাহিৰতো থাকিব

ক্ৰীড়া ইতিহাসৰ আটাইতকৈ বৃহৎ আৰু ৰোমাঞ্চকৰ মহোৎসৱ অৰ্থাৎ ফিফা বিশ্বকাপ ২০২৬-ৰ এতিয়া অন্তিম পৰ্যায় । অহা দেওবাৰে নিউয়ৰ্ক নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফাইনেল খেলখনৰ ঠিক পূৰ্বে বিশ্বই প্ৰত্যক্ষ কৰিব এক ৰঙীন সামৰণি অনুষ্ঠান । এই অনুষ্ঠানটোত কেৱল খেলৰ উন্মাদনাই নহয়, বৰঞ্চ তিনিখন আয়োজক দেশ আৰু ১৬ খন আয়োজক চহৰত খেলা আটাইকেইখন (৪৮ খন) দলৰ স্মৰণীয় যাত্ৰাকো সংগীত আৰু সংস্কৃতিৰ মাধ্যমেৰে উদযাপন কৰা হ’ব । ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত হ’বলগীয়া খিতাপ দখলৰ এই ঐতিহাসিক মহাযুঁজখনৰ পূৰ্বে বিশ্ববাসী মন্ত্ৰমুগ্ধ হ’ব তাৰকাৰ মেলাত ।

বিজয়ী দলক ট্ৰফী তুলি দিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

এইবাৰৰ বিশ্বকাপ ফাইনেলৰ আটাইতকৈ ডাঙৰ আকৰ্ষণটো খেলপথাৰৰ বাহিৰতো থাকিব । হোৱাইট হাউছে নিশ্চিত কৰা অনুসৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প নিজে ষ্টেডিয়ামত উপস্থিত থাকি ফাইনেল খেলখন উপভোগ কৰিব । কেৱল সেয়াই নহয়, ট্ৰাম্পে বিজয়ী দলৰ অধিনায়কৰ হাতত বিশ্বকাপৰ সোণালী ট্ৰফীটো তুলি দিব ।

সমবেত হ’ব বিশ্বৰ তাৰকাসকল

‘বেলিচ ৱাণ্ডাৰ ষ্টুডিঅ”-ৰ সহযোগত আয়োজিত হ’বলগীয়া এই মেগা শ্ব’টোত হলীউডৰ পৰা আৰম্ভ কৰি বিশ্বসংগীতৰ ন-ন তাৰকা সমবেত হ’ব । মূল সামৰণি অনুষ্ঠানৰ মঞ্চ কঁপাবলৈ সাজু হৈছে হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজ, ল’ৰা পাউচিনি, ৰবি উইলিয়ামছ আৰু জনপ্ৰিয় গ্ল’বেল ক্ৰিয়েটৰ আইশ্ব’স্পীড । একে সময়তে, এমি, গ্ৰেমী, অস্কাৰ আৰু টনি বঁটা বিজয়ী কণ্ঠশিল্পী জেনিফাৰ হাডছনে নিজৰ সুৰীয়া কণ্ঠেৰে আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি খেলৰ শুভাৰম্ভ কৰিব ।

ফিফা বিশ্বকাপ ২০২৬-ৰ মুখ্য পৰিচালন বিষয়া হেইমো শ্বিৰ্গীয়ে কৈছিল যে, উদ্বোধনী অনুষ্ঠানৰ আৱেগক আগুৱাই লৈ গৈ সামৰণি অনুষ্ঠানত সংগীত, সংস্কৃতি আৰু ফুটবলৰ জৰিয়তে ফিফা বিশ্বকাপ ২০২৬-ৰ সামৰণি মৰা হ’ব । ইয়াৰ পিছতেই আৰম্ভ হ’ব সেই বহু প্ৰত্যাশিত খেলখন, যিখনে এই ঐতিহাসিক টুৰ্নামেণ্টখনৰ চেম্পিয়নৰ ভাগ্য নিৰ্ণয় কৰিব ।

হাফ-টাইম শ্ব’ত ক’ল্ডপ্লে’, বিটিএছ আৰু শ্বাকীৰাৰ ধুমুহা

ফাইনেল খেলখনৰ হাফ-টাইম শ্ব’টো অধিক আকৰ্ষণীয় কৰিবলৈ বিশেষভাৱে পৰিচালনাৰ দায়িত্ব লৈছে ‘ক’ল্ডপ্লে’-ৰ ক্ৰীছ মাৰ্টিনে । এই শ্ব’ত বিশ্ব কঁপাবলৈ সাজু হৈছে ৫ গৰাকী মেগা-ষ্টাৰ ।

কানাডিয়ান ছুপাৰষ্টাৰ জাষ্টিন বিবাৰে ক’চেলাত ধুমুহা সৃষ্টি কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এই বিশাল মঞ্চত লাইভ পৰিৱেশন কৰিব । লগতে আমেৰিকাৰ কিংবদন্তি কণ্ঠশিল্পী মেডোনাও এই মঞ্চত নামিব ।

ইফালে, কলম্বিয়ান তাৰকা শ্বাকীৰা, যিয়ে উদ্বোধনী অনুষ্ঠানতো প্ৰদৰ্শন কৰিছিল, তেওঁও এই শ্ব’ৰ অংশ হ’ব । ইয়াৰ উপৰিও লছ এঞ্জেলছ ফিলহাৰমনিকৰ সংগীত পৰিচালক গুস্তাভ’ ডুডামেলে এই হাফ-টাইম শ্ব’ৰ কাৰ্যসূচীত ক্লাছিক মাত্ৰা প্ৰদান কৰিব । আটাইতকৈ ডাঙৰ আকৰ্ষণ হিচাপে দক্ষিণ কোৰিয়াৰ অত্যন্ত জনপ্ৰিয় বয়বেণ্ড ‘বিটিএছ’-এও হাফ-টাইম শ্ব’ত নিজৰ অনবদ্য ডান্স আৰু সংগীতেৰে দৰ্শকৰ মন জয় কৰিব ।

লগতে পঢ়ক : বাথটাবৰ সেই কণমানি কেঁচুৱাটো এতিয়া মেছিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান!