ফিফা বিশ্বকাপৰ সামৰণি অনুষ্ঠানত কোনে কোনে পৰিৱেশন কৰিব অনুষ্ঠান?

এইবাৰৰ বিশ্বকাপ ফাইনেলৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ খেলপথাৰৰ বাহিৰতো থাকিব

ক্ৰীড়া ইতিহাসৰ আটাইতকৈ বৃহৎ আৰু ৰোমাঞ্চকৰ মহোৎসৱ অৰ্থাৎ ফিফা বিশ্বকাপ ২০২৬-ৰ এতিয়া অন্তিম পৰ্যায় । অহা দেওবাৰে নিউয়ৰ্ক নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফাইনেল খেলখনৰ ঠিক পূৰ্বে বিশ্বই প্ৰত্যক্ষ কৰিব এক ৰঙীন সামৰণি অনুষ্ঠান । এই অনুষ্ঠানটোত কেৱল খেলৰ উন্মাদনাই নহয়, বৰঞ্চ তিনিখন আয়োজক দেশ আৰু ১৬ খন আয়োজক চহৰত খেলা আটাইকেইখন (৪৮ খন) দলৰ স্মৰণীয় যাত্ৰাকো সংগীত আৰু সংস্কৃতিৰ মাধ্যমেৰে উদযাপন কৰা হ’ব । ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত হ’বলগীয়া খিতাপ দখলৰ এই ঐতিহাসিক মহাযুঁজখনৰ পূৰ্বে বিশ্ববাসী মন্ত্ৰমুগ্ধ হ’ব তাৰকাৰ মেলাত ।

বিজয়ী দলক ট্ৰফী তুলি দিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

এইবাৰৰ বিশ্বকাপ ফাইনেলৰ আটাইতকৈ ডাঙৰ আকৰ্ষণটো খেলপথাৰৰ বাহিৰতো থাকিব । হোৱাইট হাউছে নিশ্চিত কৰা অনুসৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প নিজে ষ্টেডিয়ামত উপস্থিত থাকি ফাইনেল খেলখন উপভোগ কৰিব । কেৱল সেয়াই নহয়, ট্ৰাম্পে বিজয়ী দলৰ অধিনায়কৰ হাতত বিশ্বকাপৰ সোণালী ট্ৰফীটো তুলি দিব ।

সমবেত হ’ব বিশ্বৰ তাৰকাসকল

‘বেলিচ ৱাণ্ডাৰ ষ্টুডিঅ”-ৰ সহযোগত আয়োজিত হ’বলগীয়া এই মেগা শ্ব’টোত হলীউডৰ পৰা আৰম্ভ কৰি বিশ্বসংগীতৰ ন-ন তাৰকা সমবেত হ’ব । মূল সামৰণি অনুষ্ঠানৰ মঞ্চ কঁপাবলৈ সাজু হৈছে হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজ, ল’ৰা পাউচিনি, ৰবি উইলিয়ামছ আৰু জনপ্ৰিয় গ্ল’বেল ক্ৰিয়েটৰ আইশ্ব’স্পীড । একে সময়তে, এমি, গ্ৰেমী, অস্কাৰ আৰু টনি বঁটা বিজয়ী কণ্ঠশিল্পী জেনিফাৰ হাডছনে নিজৰ সুৰীয়া কণ্ঠেৰে আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি খেলৰ শুভাৰম্ভ কৰিব ।

ফিফা বিশ্বকাপ ২০২৬-ৰ মুখ্য পৰিচালন বিষয়া হেইমো শ্বিৰ্গীয়ে কৈছিল যে, উদ্বোধনী অনুষ্ঠানৰ আৱেগক আগুৱাই লৈ গৈ সামৰণি অনুষ্ঠানত সংগীত, সংস্কৃতি আৰু ফুটবলৰ জৰিয়তে ফিফা বিশ্বকাপ ২০২৬-ৰ সামৰণি মৰা হ’ব । ইয়াৰ পিছতেই আৰম্ভ হ’ব সেই বহু প্ৰত্যাশিত খেলখন, যিখনে এই ঐতিহাসিক টুৰ্নামেণ্টখনৰ চেম্পিয়নৰ ভাগ্য নিৰ্ণয় কৰিব ।

হাফ-টাইম শ্ব’ত ক’ল্ডপ্লে’, বিটিএছ আৰু শ্বাকীৰাৰ ধুমুহা

ফাইনেল খেলখনৰ হাফ-টাইম শ্ব’টো অধিক আকৰ্ষণীয় কৰিবলৈ বিশেষভাৱে পৰিচালনাৰ দায়িত্ব লৈছে ‘ক’ল্ডপ্লে’-ৰ ক্ৰীছ মাৰ্টিনে । এই শ্ব’ত বিশ্ব কঁপাবলৈ সাজু হৈছে ৫ গৰাকী মেগা-ষ্টাৰ ।

কানাডিয়ান ছুপাৰষ্টাৰ জাষ্টিন বিবাৰে ক’চেলাত ধুমুহা সৃষ্টি কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এই বিশাল মঞ্চত লাইভ পৰিৱেশন কৰিব । লগতে আমেৰিকাৰ কিংবদন্তি কণ্ঠশিল্পী মেডোনাও এই মঞ্চত নামিব ।

ইফালে, কলম্বিয়ান তাৰকা শ্বাকীৰা, যিয়ে উদ্বোধনী অনুষ্ঠানতো প্ৰদৰ্শন কৰিছিল, তেওঁও এই শ্ব’ৰ অংশ হ’ব । ইয়াৰ উপৰিও লছ এঞ্জেলছ ফিলহাৰমনিকৰ সংগীত পৰিচালক গুস্তাভ’ ডুডামেলে এই হাফ-টাইম শ্ব’ৰ কাৰ্যসূচীত ক্লাছিক মাত্ৰা প্ৰদান কৰিব । আটাইতকৈ ডাঙৰ আকৰ্ষণ হিচাপে দক্ষিণ কোৰিয়াৰ অত্যন্ত জনপ্ৰিয় বয়বেণ্ড ‘বিটিএছ’-এও হাফ-টাইম শ্ব’ত নিজৰ অনবদ্য ডান্স আৰু সংগীতেৰে দৰ্শকৰ মন জয় কৰিব ।

লগতে পঢ়ক : বাথটাবৰ সেই কণমানি কেঁচুৱাটো এতিয়া মেছিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান!

ঘোষণা হ’ল ২০২৬ বৰ্ষৰ অস্কাৰ বঁটা; ‘ৱান বেটল আফটাৰ এনাদাৰ’ৰ ৬টা বঁটা লাভ

ঘোষণা কৰা হ’ল ২০২৬ বৰ্ষৰ অস্কাৰ বঁটা। ৯৮ সংখ্যক অস্কাৰ বঁটাত ‘ৱান বেটল আফটাৰ এনাদাৰ’ আৰু ‘ছিনাৰ্ছ’ এ সৰ্বাধিক বঁটা লাভ কৰে।

মনোৰঞ্জন জগতৰ আটাইতকৈ ডাঙৰ বঁটা—অস্কাৰ ২০২৬ক লৈ সকলোৱে দৃষ্টি নিবদ্ধ হৈ আছে। কাৰণ ইতিমধ্য ঘোষণা কৰা হ’ল ২০২৬ বৰ্ষৰ অস্কাৰ বঁটা। ৯৮ সংখ্যক বাৰ্ষিক অস্কাৰ বঁটা লছ এঞ্জেলেছৰ ডলবী থিয়েটাৰত অনুষ্ঠিত হয়।

এইবাৰ ৯৮ সংখ্যক অস্কাৰ বঁটাত লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ৰ ‘ৱান বেটল আফটাৰ’ ছবিখনে শ্ৰেষ্ঠ ছবিকে ধৰি মুঠ ছটা অস্কাৰ বঁটা লাভ কৰে। ইফালে ৰিয়ান কুগলাৰৰ ‘ছিনাৰ্ছ’ ছবিখনে চাৰিটাকৈ অস্কাৰ বঁটা লাভ কৰিছে।মাইকেল বি জৰ্ডানক ছিনাৰ্ছ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা আৰু হামনেট ছবিৰ বাবে জেছি বাকলিক শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে সন্মানিত কৰা হৈছে।

২০২৬ বৰ্ষৰ অস্কাৰ বঁটাৰ তালিকাঃ

শ্ৰেষ্ঠ ছবি : ৱান বেটেল আফটাৰ এনআডাৰ

শ্ৰেষ্ঠ অভিনেতা : মাইকেল বি জৰ্ডান (ছিনাৰ্ছ)

শ্ৰেষ্ঠ সহ অভিনেত্ৰী : এমী মেডিগেন (ৱেপনছ)

শ্ৰেষ্ঠ পৰিচালক: পল থমাছ এণ্ডাৰছন (ৱান বেটেল আফটাৰ এনআডাৰ)

শ্ৰেষ্ঠ সহ অভিনেতা : ছীন পেন (ৱান বেটেল আফটাৰ এনআডাৰ)

শ্ৰেষ্ঠ সহ অভিনেত্ৰী: জেচি বাকলি (হামনেট)

শ্ৰেষ্ঠ অৰিজিনেল স্ক্ৰীণপ্লে’ : ৰায়ান কুগলাৰ

শ্ৰেষ্ঠ তথ্যচিত্ৰ : মিষ্টাৰ ন’বডী এগেইনষ্ট পুটিন

শ্ৰেষ্ঠ সংগীত (মূল স্কোৰ):ছিনাৰ্ছ

শ্ৰেষ্ঠ মৌলিক গীত: ‘গোল্ডেন’ – চলচ্চিত্ৰ: কে-পপ ডেমন হাণ্টাৰছ

বেষ্ট ডকুমেণ্টৰী শ্বৰ্ট : অল দ্য এম্পটী ৰুমছ

মাইকেল বি জৰ্ডানে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে।এই বঁটাৰে তেওঁ ষষ্ঠজন কৃষ্ণাংগ অভিনেতা হিচাপে পৰিগণিত হৈছে,যিসকলে অস্কাৰ বঁটা লাভ কৰিছে।‘ছিনাৰ্ছ’ ত অভিনয় কৰা যমজ সন্তানৰ চৰিত্ৰৰ বাবে জৰ্ডানে এই বঁটা লাভ কৰিছে। আনহাতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ বঁটা জেছি বাকলিয়ে লাভ কৰিছে ।এই বঁটা লাভ কৰি তেওঁ অস্কাৰৰ দৰে বঁটা লাভ কৰা প্ৰথমগৰাকী আইৰিছ অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে।

লগতে পঢ়ক: অনুৰাগীক আমিৰ খানে দিলে ভালখবৰ; দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত অভিনয়লৈ প্ৰত্যাৱৰ্তন

‘অৱতাৰ ৩’ৰ ট্ৰেইলাৰ মুকলি; পেণ্ডোৰাৰ জগতত দেখা গ’ল বিপজ্জনক খলনায়ক

‘অৱতাৰ ৩’ৰ ট্ৰেইলাৰ মুকলি

বিশ্বৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি ‘অৱতাৰ’ অন্যতম বৃহৎ ফ্ৰেঞ্চাইজি । পৰিচালক জেমছ কেমেৰুনৰ এই ফ্ৰেঞ্চাইজিৰ দুটা খণ্ড এতিয়ালৈকে মুক্তি পাইছে । অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তৃতীয় খণ্ডৰ বাবে । ইফালে নিৰ্মাতাসকলে তৃতীয় খণ্ড, অৱতাৰ: ফায়াৰ এণ্ড এছৰ ট্ৰেইলাৰ মুকলি কৰিছে । যিটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

উল্লেখ্য যে অৱতাৰৰ দ্বিতীয় খণ্ড ‘দ্য ৱে অব ৱাটাৰ’ নামেৰে মুক্তি পাইছিল । এতিয়া তৃতীয় খণ্ডৰ নাম ৰখা হৈছে অৱতাৰ: ‘ফায়াৰ এণ্ড এছ’ । এই ট্ৰেইলাৰ মুকলিৰ লগে লগে এতিয়া অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে ।

উল্লেখ্য যে শেহতীয়াকৈ অৱতাৰৰ নিৰ্মাতাসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰিছিল যে ইয়াত উনা চেপলিনক খলনায়কৰ চৰিত্ৰত দেখা যাব । তেতিয়াৰ পৰাই অনুৰাগীসকলে তেওঁক এই ভূমিকাত দেখাৰ বাবে বাট চাই আছিল ।

এই ছবিখনৰ বাজেট কিমান ?

 সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ‘অৱতাৰ ৩’ৰ বাবে প্ৰায় ২১০০ কোটি টকা ব্যয় কৰা হৈছে । এই বিগ বাজেটৰ ছবিখন ১৯ ডিচেম্বৰত ভাৰতত ইংৰাজী, হিন্দী, তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাব । উল্লেখ্য যে ছবিখনৰ প্ৰথম খণ্ডত ২.৯৭ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ২৫ হাজাৰ কোটি টকা উপাৰ্জন হৈছিল । দ্বিতীয় খণ্ডটোৱেও তীব্ৰ সঁহাৰি লাভ কৰিছিল । এই ছবিখনে ২.৩ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ২০ হাজাৰ কোটি টকা সংগ্ৰহ কৰিছিল । ‘অৱতাৰ ৩’ প্ৰথম দুটা অংশক অতিক্ৰম কৰে নে নকৰে সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : ছলমান খানৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে; পুনৰ চৰ্চাত ২৭ বছৰীয়া কৃষ্ণ হৰিণ চিকাৰৰ ঘটনা

‘মই কন্যা সন্তান বিচাৰিছো..’; তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে ৰিহানা

তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে ৰিহানা

গ্ৰেমী বঁটা বিজয়ী ৰিহানা তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে।তেওঁ কৈছে যে, এইবাৰ ৰিহানা এটি কন্যা সন্তান হোৱাটো বিচাৰিছে।

এটা সাক্ষাৎকাৰত যেতিয়া আয়োজকগৰাকীয়ে কণ্ঠশিল্পী তথা অভিনেত্ৰী গৰাকীক আগন্তুক সন্তানটোৰ (ল’ৰা বা ছোৱালী) লিংগৰ বিষয়ে প্ৰশ্ন কৰে।

তেতিয়া তেওঁ ধেমালিতে কয়, “আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু চাব লাগিব। হে ভগৱান যদি ল’ৰা হয় তেনেহলে কি আপোনালোক দুখী হ’ব নেকি?

ইয়াৰ পিছত আয়োজকগৰাকীয়ে ক’লে, “আমি সকলোৱে মনে মনে আশা কৰিছো যে এইবাৰ আপোনাৰ এটি কন্যা সন্তান হ’ব, কাৰণ ইতিমধ্যে আপোনাৰ দুটা মৰমলগা পুত্ৰ আছে।” উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁৰ দুটা পুত্ৰ সন্তান আছে।

এই সন্দৰ্ভত কণ্ঠশিল্পী গৰাকীয়ে যে তেওঁ নিজৰ দুই পুত্ৰক ডাঙৰ-দীঘল কৰি ভাল পায়, কিন্তু তথাপিও এইবাৰ তেওঁ এজনী ছোৱালী জন্ম দিব বিচাৰে।

ৰিহানাই কয়, “মই সদায় ছোৱালী বিচাৰিছিলো, কিন্তু ভগৱানে মোক দুটা ল’ৰা দিলে, বৰ মৰমলগা।” ৰিহানাই আৰু কয় যে তেওঁৰ আগন্তুক সন্তানৰ নাম ‘ৰ’ আখৰেৰে আৰম্ভ হ’ব, কাৰণ এতিয়া তেওঁৰ পৰিয়ালত এইটো এটা পৰম্পৰাত পৰিণত হৈছে।

উল্লেখ্য যে তেওঁৰ প্ৰথম পুত্ৰৰ বয়স তিনি বছৰ, যাৰ নাম R.Z.A. আনহাতে তেওঁৰ দ্বিতীয় পুত্ৰৰ নাম ৰিয়ট, যাৰ বয়স প্ৰায় ২ বছৰ। দুয়োৰে নাম ‘ৰ’ আখৰেৰে আৰম্ভ হয়। সেয়ে তৃতীয় সন্তানটিৰ নামো ৰ আখৰৰ হ’ব।

লগতে পঢ়ক: ‘মোৰ মৃত্যুৰ বাবে…’; এখন চিঠি লিখি আত্মহত্যা প্ৰাক্তন মিছ পুডুচেৰী ছান ৰেচলৰ