অনুৰাগীক আমিৰ খানে দিলে ভালখবৰ; দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত অভিনয়লৈ প্ৰত্যাৱৰ্তন

অনুৰাগীক আমিৰ খানে দিলে ভাল খবৰ

বলীউডৰ ‘মিষ্টাৰ পাৰফেকচনিষ্ট’ আমিৰ খানে ১৪ মাৰ্চত জন্মদিন উদযাপন কৰে।এই বিশেষ মূহুৰ্তটোত ছুপাৰষ্টাৰগৰাকীয়ে অনুৰাগীৰ বাবে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰে।এই ভিডিঅ’টোত তেওঁ নিজৰ অভিনয়ত বেছি গুৰুত্ব দিব বুলি উল্লেখ কৰে। বলীউডৰ ছুপাৰষ্টাৰ আৰু ‘মিষ্টাৰ পাৰফেকচনিষ্ট’ আমিৰ খানে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিটো দ্ৰুতগতিত

বলীউডৰ ‘মিষ্টাৰ পাৰফেকচনিষ্ট’ আমিৰ খানে ১৪ মাৰ্চত জন্মদিন উদযাপন কৰে।এই বিশেষ মূহুৰ্তটোত ছুপাৰষ্টাৰগৰাকীয়ে অনুৰাগীৰ বাবে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰে।এই ভিডিঅ’টোত তেওঁ নিজৰ অভিনয়ত বেছি গুৰুত্ব দিব বুলি উল্লেখ কৰে।

বলীউডৰ ছুপাৰষ্টাৰ আৰু ‘মিষ্টাৰ পাৰফেকচনিষ্ট’ আমিৰ খানে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিটো দ্ৰুতগতিত ভাইৰেল হৈছে। এই ভিডিঅ’টোত তেওঁ নিজৰ অনুৰাগীসকলক এক বিশেষ বাৰ্তা দিয়া দেখা গৈছে আৰু তাৰ সমান্তৰালকৈ তেওঁ অনুৰাগীসকলৰ সৈতে কিছু ভাল খবৰও শ্বেয়াৰ কৰিছে।আমিৰ খানে উল্লেখ কৰে যে তেওঁ এতিয়া নিজৰ অভিনয় কেৰিয়াৰত অধিক গুৰুত্ব দিব।

দৰাচলতে কিছুদিনৰ পৰা আমিৰ খানক কোনো ছবিত অভিনেতা হিচাপে দেখা পোৱা নাছিল।তেওঁ অভিনয়ৰ জগতখনৰ পৰা প্ৰায় আতৰি অহাৰ দৰে হৈছিল আৰু বেছিভাগ সময়ত প্ৰডাকচনত মনোযোগ দিছিল। কিন্তু এতিয়া তেওঁৰ অনুৰাগী সকলৰ বাবে এটা ভাল খবৰ দিছে। অভিনেতা গৰাকীয়ে শীঘ্ৰেই অভিনয় জগতলৈ উভতি আহিব।

এই ভিডিঅ’টোত আমিৰ খানে কৈছে যে, তেওঁ কিছুদিনৰ পৰা অবিৰতভাৱে নতুন ছবিৰ চিত্ৰনাট্য পঢ়ি থকাৰ লগতে শুনিও আছে।অৱশেষত তেওঁ কেইখনমান ছবি বাছনি কৰাৰ লগতে চূড়ান্তও কৰিছে। এতিয়া তেওঁ স্পষ্ট কৰি দিছে যে, প্ৰডাকচনতকৈ অভিনয়ত বেছি গুৰুত্ব দিব।

আমিৰে তেওঁৰ অনুৰাগীসকলৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে, আৰু কয় যে, তেওঁ সদায় দৰ্শকৰ পৰা প্ৰচুৰ মৰম আৰু সমৰ্থন লাভ কৰি আহিছে।যিটো তেওঁৰ বাবে অত্যন্ত বিশেষ।গতিকে এতিয়া আৰু ছবিৰ চিত্ৰনাট্য নহয় শীঘ্ৰে অভিনয়লৈ উভতি আহিব।

লগতে পঢ়ক: ‘লাভ জিহাদ নহয়, আমি ধৰ্ম সলনি কৰা নাই’; বিবাহ বিতৰ্কৰ সন্দৰ্ভত মনালিছা-ফৰমানে দিলে প্ৰমাণ