“ষ্টাৰডমৰ নামত ‘লাভ জেহাদ’; এইবাৰ আমিৰ খানক মৃত্যুৰ ভাবুকি

বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানক লৈ এটা পোষ্ট আৰু কথিত অডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। সন্দেহ কৰা হৈছে যে ছলমান খানৰ পিছত এতিয়া লৰেন্স বিষ্ণোই গেঙে অভিনেতাজনক ভাবুকি দিছে।

বলিউড চুপাৰষ্টাৰ চলমান খান আৰু লৰেন্স বিষ্ণোই গেঙৰ মাজত দীৰ্ঘদিনীয়া শত্ৰুতা চলি আহিছে। এতিয়া চলমানৰ পিছত লৰেন্স বিষ্ণোই গেঙৰ লক্ষ্য আমিৰ খান হোৱা যেন পৰিলক্ষিত হৈছে।  এই প্ৰশ্ন উত্থাপন হৈছে কাৰণ তেওঁক লৈ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। তথ্য অনুসৰি, এতিয়া লৰেন্স বিষ্ণোই গেঙৰ নামেৰে ছচিয়েল মিডিয়াত আমিৰ খানকো ভাবুকি প্ৰদান কৰা হৈছে। এই ভাবুকিপূৰ্ণ দাবীৰ পিছত মনোৰঞ্জন জগত আৰু নিৰাপত্তা সংস্থাসমূহৰ মাজত পুনৰ হাহাকাৰ সৃষ্টি হৈছে।

সামাজিক মাধ্যমত  ভাইৰেল হৈ পৰা এটা পোষ্ট আৰু কথিত অডিঅ’ ক্লিপত ‘টাইছন বিষ্ণোই’ নামৰ এজন ব্যক্তিয়ে দাবী কৰিছে যে এতিয়া আমিৰ খান তেওঁলোকৰ লক্ষ্য। এই ভাইৰেল পোষ্টটোত আমিৰ খানক পোনপটীয়াকৈ সকীয়াই দিয়া হৈছে। ছচিয়েল মিডিয়াত এই পোষ্ট আৰু ইয়াৰ সৈতে জড়িত অডিঅ’টো অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে, যাৰ বাবে নিৰাপত্তা ব্যৱস্থাক লৈ চিন্তা বৃদ্ধি পাইছে।

ভাইৰেল হোৱা এই পোষ্টটোত ভাবুকি দিয়াৰ আঁৰৰ কাৰণো উল্লেখ কৰা হৈছে। পোষ্টটোত আমিৰ খানৰ বিৰুদ্ধে ‘লাভ জিহাদ’ৰ অভিযোগ উত্থাপন কৰা হৈছে। যাক ভিত্তি কৰি বিষ্ণোই গেঙৰ সৈতে জড়িত এই হেণ্ডেলটোৱে তেওঁক লক্ষ্য কৰি লোৱাৰ কথা কৈছে।

জয় শ্ৰী ৰাম

জয় সীতা ৰাম

মই আৰজু বিষ্ণোই আৰু টাইছন বিষ্ণোই (লৰেন্স বিষ্ণোঈ গেং)। আমিৰ খানৰ দৰে মানুহে আমাৰ দেশত ‘লাভ জেহাদ’ৰ প্ৰচাৰ কৰিছে,যিটো আমাৰ সংস্কৃতিৰ বিৰুদ্ধে। আমি এই কুকুৰটোক সহ্য নকৰো আৰু ইয়াৰ উত্তৰ খুব সোনকালে তাক দিয়া হ’ব। এইটো আমাৰ সনাতন ধৰ্ম আৰু দেশৰ বিৰুদ্ধে। আমাৰ ভাই-ভনী আৰু দেশবাসীৰ ওচৰত আমাৰ প্ৰতিশ্ৰুতি যে যিয়েই এই নিকৃষ্ট কাৰ্য্যক প্ৰশ্ৰয় দিব, তাক আমি নিজৰ ধৰণেৰে উত্তৰ দিম। এই যিসকলে ষ্টাৰডমৰ নামত এইবোৰক প্ৰশ্ৰয় দি আছে, সিহঁতৰ উশাহ আমি বন্ধ কৰি দিম।

আৰু লগতে ৰাজস্থানৰ শ্ৰীগংগানগৰত এগৰাকী নিষ্পাপ কন্যা শিশুৰ সৈতে যি জঘন্য কাণ্ড ঘটিল— তাত প্ৰশাসনে অতি ভাল কাম কৰিলে, কিন্তু কিছুমান ৰাজনৈতিক লোকে ইয়াৰ মাজৰ কিছুমান নৰপিশাচক ৰক্ষা কৰি আছে। আমাৰ প্ৰথম আৰু অন্তিম সকীয়নি যে, সেই নিষ্পাপ শিশুটিৰ সৈতে যি ঘটিল তাত যি সকল জড়িত হৈ আছে আৰু আইনৰ পৰা সাৰি গৈছে, তাক তো আমি শাস্তি দিমেই। কিন্তু যিবোৰ নেতাই ইহঁতক বচাবলৈ চেষ্টা কৰি আছে, তেওঁলোকে লগে লগে ইয়াত হস্তক্ষেপ কৰা বন্ধ কৰক, নহ’লে তোমালোকৰো একেই দশা কৰিম যাৰ দশা ইহঁতৰ হ’বলৈ গৈ আছে। অলপ মানৱতা দেখুৱাওক।শত্ৰুক উচিত প্ৰত্যুত্তৰ দিম।

বৰ্তমানলৈকে আমিৰ খান বা তেওঁৰ দলৰ ফালৰ পৰা এই ভাইৰেল পোষ্ট আৰু কথিত অডিঅ’ সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। আনহাতে, সংশ্লিষ্ট তদন্তকাৰী সংস্থা বা আৰক্ষীৰ ফালৰ পৰাও এই দাবী নিশ্চিত বা খণ্ডন কৰা হোৱা নাই। উল্লেখ্য যে আমিৰ খানৰ তৃতীয় বিবাহক লৈও তেওঁৰ বিৰুদ্ধে ফতোৱা জাৰি কৰা হৈছিল।

লগতে পঢ়ক: অৱশেষত সোণম ৱাংচুকক লৈ মুখ খুলিলে অভিনেতা আমিৰ খানে…

অৱশেষত সোণম ৱাংচুকক লৈ মুখ খুলিলে অভিনেতা আমিৰ খানে…

আমিৰ খানে স্পষ্টকৈ কয় যে যেতিয়া এই ছবিখনৰ কাহিনী আৰু চৰিত্ৰসমূহ লিখা হৈ আছিল, তেতিয়া তেওঁ বা ছবিখনৰ লেখকসকলৰ কোনেও সোণম ৱাংচুকৰ বিষয়ে জনা নাছিল

২০০৯ চনৰ ব্লকবাষ্টাৰ হিন্দী ছবি ‘৩ ইডিয়টচ’-ৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰ ‘ফুঞ্চুখ ৱাংডু’ চমুকৈ ৰেঞ্চ’ক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে বলীউডৰ তাৰকা অভিনেতা আমিৰ খানে । ছবিখনৰ এই আইকনিক চৰিত্ৰটো লাডাখৰ বিখ্যাত উদ্ভাৱক তথা শিক্ষা সংস্কাৰক সোণম ৱাংচুকৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল বুলি চলা চৰ্চাক অভিনেতাজনে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে ।

শেহতীয়াকৈ লণ্ডন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-ত অংশগ্ৰহণ কৰি এক প্ৰশ্নোত্তৰ অনুষ্ঠানত আমিৰ খানে স্পষ্টকৈ কয় যে যেতিয়া এই ছবিখনৰ কাহিনী আৰু চৰিত্ৰসমূহ লিখা হৈ আছিল, তেতিয়া তেওঁ বা ছবিখনৰ লেখকসকলৰ কোনেও সোণম ৱাংচুকৰ বিষয়ে জনা নাছিল । ই এক সম্পূৰ্ণ ভুল ধাৰণা বুলি উল্লেখ কৰি খানে কয়, “যেতিয়া ছবিখন লিখা হৈ আছিল, আমাৰ হাতত সোণম ৱাংচুকৰ বিষয়ে কোনো তথ্য নাছিল আৰু মই তেওঁক ব্যক্তিগতভাৱেও চিনি নাপাইছিলোঁ ।”

সহ-অভিনেতা ওমি বৈদ্যৰ ভিডিঅ’ক ‘ভুল’ আখ্যা আমিৰৰ-

উল্লেখযোগ্য যে, ছবিখনত ‘চতুৰ ৰামালিংগম’ৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা ওমি বৈদ্যই শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি সোণম ৱাংচুকৰ প্ৰতিবাদক সমৰ্থন জনাইছিল । লগতে তেওঁ দাবী কৰিছিল যে ৰেঞ্চ’ৰ চৰিত্ৰটো ৱাংচুকৰ জীৱনৰ পৰাই অনুপ্ৰাণিত আছিল । ইয়াৰ পিছৰে পৰা আমিৰ খানৰ ওপৰতো এই সন্দৰ্ভত মুখ খুলিবলৈ ছচিয়েল মিডিয়াত অনুৰাগীৰ ব্যাপক চাপ সৃষ্টি হৈছিল । এই সন্দৰ্ভত আমিৰ খানে পোনপটীয়াভাৱে কয়, “ভিডিঅ’টোত চতুৰে (ওমি বৈদ্য) যি কৈছে সেয়া সম্পূৰ্ণ ভুল ।” তেওঁ লগতে কয় যে সোণম ৱাংচুকৰ কামৰ এক সুকীয়া পৰিচয় আৰু যোগ্যতা আছে, গতিকে তেওঁক সন্মান জনাবলৈ তেওঁ ‘৩ ইডিয়টচ’ৰ কোনো চৰিত্ৰৰ ওপৰত আধাৰিত হ’বই লাগিব বুলি কোনো কথা নাই ।

ৱাংচুকৰ অনশনক নৈতিক সমৰ্থন জনালে আমিৰ খানে-

চলি থকা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰাৰ লগতে বৰ্তমান দিল্লীৰ যন্তৰ মন্তৰত অনিৰ্দিষ্টকালীন অনশনত বহা সোণম ৱাংচুকক পূৰ্ণ নৈতিক সমৰ্থন আগবঢ়াইছে আমিৰ খানে । ৱাংচুকৰ প্ৰতিবাদক সমৰ্থন জনাই আমিৰ খানে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে । তেওঁ কয়, “সোণম ৱাংচুকে যি কাম কৰি আছে সেয়া একেবাৰে সঠিক । তেওঁ অনশনত বহিছে আৰু বৰ্তমান তেওঁৰ স্বাস্থ্যৰ যি দৰে অৱনতি ঘটিছে, তাক লক্ষ্য কৰি বহুতে অনুভৱ কৰিছে যে তেওঁ এতিয়া এই অনশন ভংগ কৰা উচিত ।”

লগতে পঢ়ক : সোণম ৱাংচুকৰ অনশনত উদ্বেগ প্ৰকাশ দিল্লী উচ্চ ন্যায়ালয়ৰ

“গৌৰী হিন্দু নহয়”; ‘লাভ জেহাদ’ৰ অভিযোগত প্ৰথমবাৰৰ বাবে মুখ খুলিলে আমিৰ খানে

তৃতীয় বিবাহৰ পিছত ‘লাভ জেহাদ’ৰ অভিযোগৰ মাজতে বলীউডৰ অভিনেতা আমিৰ খানে মন্তব্য প্ৰকাশ কৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ পত্নী গৌৰী স্প্ৰেট হিন্দু নহয়।

আমিৰ খানৰ তৃতীয় বিবাহ বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। ৫ জুলাইত গৌৰী স্প্ৰেটৰ সৈতে পঞ্জিয়ন বিবাহ কৰাৰ পিছত অভিনেতাগৰাকী ধাৰাবাহিকভাৱে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। কেইবাটাও হিন্দু সংগঠনে তেওঁৰ বিৰুদ্ধে ‘লাভ জিহাদ’ৰ অভিযোগ উত্থাপন কৰিছে, আনহাতে উত্তৰ প্ৰদেশত তেওঁৰ বিৰুদ্ধে এটা ফতোৱাও জাৰি কৰা হৈছে, য’ত তেওঁক ‘দোষী মুছলমান পুৰুষ’ বুলি অভিহিত কৰা হৈছে। এই সমগ্ৰ বিতৰ্কৰ মাজতে আমিৰ খানে প্ৰথমবাৰৰ বাবে মুকলিকৈ নিজৰ মত প্ৰকাশ কৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ পত্নী গৌৰী স্প্ৰেট হিন্দু নহয়, তেওঁ খ্ৰীষ্টানহে আৰু তেওঁৰ কোনো এগৰাকী পত্নীয়েই বিবাহৰ পিছত ধৰ্ম সলনি কৰা নাই। ইয়াৰ লগতে তেওঁ নিজৰ পৰিয়ালৰ ধৰ্মীয় বৈচিত্ৰ্যৰ উদাহৰণ দি কয় যে তেওঁৰ ঘৰত সদায় সকলো ধৰ্মকে সন্মান জনোৱা হয়।

এটা সাক্ষাৎকাৰত আমিৰ খানে ‘লাভ জিহাদ’ৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁৰ পৰিয়ালত বিভিন্ন ধৰ্মৰ লোক আছে আৰু এয়াই তেওঁলোকৰ আটাইতকৈ ডাঙৰ শক্তি। আমিৰে জানিবলৈ দিয়ে যে তেওঁৰ দুই ভগ্নীৰ বিবাহ হিন্দু পৰিয়ালত হৈছে। তেওঁৰ কন্যাইও এজন হিন্দু যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে, আনহাতে তেওঁৰ সম্পৰ্কীয় ভাতৃ মনচুৰে এগৰাকী খ্ৰীষ্টান মহিলাক বিয়া কৰাইছে। অভিনেতাগৰাকীয়ে কয় যে তেওঁৰ পৰিয়ালত ধৰ্মক কেতিয়াও সম্পৰ্কৰ মাজত প্ৰাচীৰ হ’বলৈ দিয়া হোৱা নাই। তেওঁৰ মতে, মানৱতা আৰু পাৰস্পৰিক সন্মান যিকোনো ধৰ্মতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ।

আমিৰ খানে তেওঁৰ তিনিওগৰাকী পত্নীয়েই হিন্দু আছিল বুলি কৰা দাবীকো মিছা বুলি প্ৰমাণ কৰে। তেওঁ কয় যে গৌৰী স্প্ৰেট এগৰাকী খ্ৰীষ্টান ধৰ্মী মহিলা আৰু তেওঁ এনে এগৰাকী খ্ৰীষ্টান যিয়ে ধৰ্মক বৰ বেছি মানি নচলে। আমিৰে ইয়াকো স্পষ্ট কৰে যে ৰীণা দত্ত, কিৰণ ৰাও আৰু গৌৰী স্প্ৰেটৰ ভিতৰত কোনেও বিবাহৰ পিছত ধৰ্মান্তৰকৰণ কৰা নাই। তেওঁলোকৰ সকলো বিবাহ চিভিল মেৰেজ আইনৰ অধীনত হৈছিল, গতিকে ধৰ্ম সলনি কৰাৰ প্ৰশ্নই নুঠে। আমিৰে কয় যে সময়ৰ লগে লগে তেওঁৰ জীৱনটো অধিক সুন্দৰ হৈ পৰিছে আৰু তেওঁ নিজৰ ব্যক্তিগত জীৱনক লৈ সুখী তথা সহজ অনুভৱ কৰিছে।

আমিৰ খানৰ তৃতীয় বিবাহৰ পিছত কেইবাটাও সংগঠনে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তেওঁৰ বিৰুদ্ধে ‘লাভ জিহাদ’ক প্ৰসাৰিত কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ আলিগড়ৰ শ্বাহী চীফ মুফতি মৌলানা চৌধুৰী ইব্ৰাহিম হুছেইনে তেওঁৰ বিৰুদ্ধে এটা ফতোৱা জাৰি কৰে। মুফতিগৰাকীয়ে কয় যে ইছলামিক বিশ্বাস অনুসৰি কোনো মুছলমান পুৰুষে নিজৰ ধৰ্ম পালন কৰি থকা এগৰাকী অনা-মুছলিম মহিলাক বিবাহ কৰাটো উচিত বুলি গণ্য কৰা নহয়। এই বক্তব্যৰ পিছতে বিতৰ্ক অধিক ঘনীভূত হৈ পৰে।

কিন্তু কোনো সংগঠন বা ব্যক্তিৰ ওপৰত মন্তব্য কৰাৰ পৰিৱৰ্তে আমিৰ খানে তেওঁৰ উত্তৰত তেওঁৰ বিবাহ, পৰিয়াল আৰু ধৰ্ম সম্পৰ্কীয় ভুল ধাৰণাসমূহ পৰিষ্কাৰ কৰিবলৈ বিচাৰিছিল। তেওঁ পুনৰ কয় যে তেওঁৰ পৰিয়ালৰ কোনো লোকৰ ওপৰত কেতিয়াও ধৰ্ম সলনি কৰিবলৈ কোনো ধৰণৰ হেঁচা হোৱা নাই আৰু সকলো সম্পৰ্ক পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।

লগতে পঢ়ক: অসমীয়া বোলছবিজগতৰ বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান

আমিৰ-গৌৰীৰ বিবাহত লাগিল মোহৰ; সাক্ষী হৈ ৰ’ল পুত্ৰ-কন্যা

অপেক্ষা অন্ত ! বলীউডৰ অভিনেতা আমিৰ খানে আজি (৫ জুলাই) তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়।৬১ বছৰ বয়সত আমিৰে নিজৰ লেডী লাভ গৌৰীক বিয়া কৰাই চিৰদিনৰ বাবে জীৱন সংগী কৰি লৈছে।

বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানে ৫ জুলাইত তেওঁৰ প্ৰেমিকা গৌৰী স্প্ৰেটৰ সৈতে বিবাহপাশত আবদ্ধ হয়। মুম্বাইৰ বান্দ্ৰাত অৱস্থিত আমিৰৰ বাসভৱনত অতি সাধাৰণ ভাৱে এই বিবাহ সম্পন্ন হয়। দুয়ো বিগত দুবছৰতকৈও অধিক সময় ধৰি একেলগে আছিল। দেওবাৰে অনুষ্ঠিত হোৱা এই বিবাহত কেৱল পৰিয়ালৰ লোক আৰু কিছুসংখ্যক বিশেষ বন্ধু-বান্ধৱীহে উপস্থিত থাকে। এই বিবাহত আমিৰৰ পূৰ্বৰ তিনিওটা সন্তানো উপস্থিত আছিল।

এতিয়া আনুষ্ঠানিকভাৱে পতি-পত্নী হ’ল আমিৰ খান আৰু গৌৰী স্প্ৰেট। কিন্তু এই বিয়াত আটাইতকৈ বেছি চৰ্চা লাভ কৰিলে গৌৰীৰ পুত্ৰ কুইনে। বিবাহৰ প্ৰথমখন ছবি পোহৰলৈ অহাৰ লগে লগেই সকলোৰে দৃষ্টি তেওঁৰ ওপৰত পৰে। এইখন ছবিয়ে যেন বহু কাহিনী একেলগে প্ৰকাশ কৰিছে।

আমিৰৰ মাতৃ জিনাতৰ লগতে পুত্ৰ আজাদকো এই বিবাহত দেখা গৈছিল। বিবাহৰ নিয়ম অনুসৰি যেতিয়া অভিনেতাগৰাকীয়ে নথি-পত্ৰত চহী কৰি আছিল, তেতিয়া তেওঁৰ ঠিক কাষতে থকা পুত্ৰ আজাদে সমগ্ৰ প্ৰক্ৰিয়াটো অতি মনোযোগেৰে লক্ষ্য কৰা দেখা গৈছিল। গৌৰী স্প্ৰেটৰ পুত্ৰ কুইনো এই বিবাহৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছিল। তেওঁ আমিৰ আৰু গৌৰীৰ মাজত বহি থকা দেখা গৈছিল আৰু তেওঁলোকৰ বিবাহৰ সাক্ষী হৈছিল।

ছচিয়েল মিডিয়াত তেওঁলোকৰ ছবিসমূহ অতি ক্ষিপ্ৰতাৰে ভাইৰেল হৈ পৰিছে। অনুৰাগীসকলে ইয়াক এটা সুন্দৰ ‘ব্লেনডেড ফেমিলীৰ আৰম্ভণি বুলি অভিহিত কৰিছে।

বিবাহৰ ৰীতি-নীতি আৰম্ভ হোৱাৰ পূৰ্বে আমিৰৰ কন্যা ইৰা খান আৰু পুত্ৰ জুনেইদ খানক তেওঁলোকৰ ঘৰত উপস্থিত হোৱা দেখা গৈছিল। ‘লগান’ ছবিৰ পৰিচালক আশুতোষ গোৱাৰীকাৰ আৰু অভিনেত্ৰী এলি অৱৰামো এই বিবাহত উপস্থিত আছিল।  

আমিৰ আৰু গৌৰী প্ৰথমবাৰৰ বাবে প্ৰায় ২৫ বছৰ পূৰ্বে লগ পাইছিল। কিন্তু তেওঁলোকৰ সম্পৰ্ক ২০২৪ চনতহে আৰম্ভ হৈছিল, যেতিয়া তেওঁলোকে বেংগালুৰুত আমিৰৰ সম্বন্ধীয় ভগ্নী নুজহত খানৰ জৰিয়তে পুনৰ লগ পাইছিল। প্ৰায় এবছৰ ধৰি সম্পৰ্কটো গোপনে ৰখাৰ পিছত, আমিৰে ২০২৫ চনৰ মাৰ্চ মাহত তেওঁৰ ৬০ সংখ্যক জন্মদিনত গৌৰীক বিশ্ববাসীৰ সৈতে চিনাকি কৰাই দিছিল।

লগতে পঢ়ক: অপেক্ষাৰ অন্ত: অ’টিটি প্লেটফৰ্মত মুক্তি লাভ দিলজিৎ দোচাঞ্জৰ পঞ্জাৱ ৯৫

৫ জুলাইত তৃতীয়বাৰৰ বাবে সংসাৰ আৰম্ভ কৰিব আমিৰ খানে; থাকিব ১৫০ জন অতিথি

অহা ৫ জুলাইত নিজৰ বাসগৃহতে তৃতীয়বাৰৰ বাবে বিবাহপাশত অৱদ্ধ হ’ব অভিনেতা আমিৰ খান। বিবাহত দুয়োৰে অতি ঘনিষ্ঠ ১৫০ গৰাকী লোক হে উপস্থিত থাকিব।

বলিউডৰ ‘মিষ্টাৰ পাৰফেক্টচনিষ্ট’ আমিৰ খানে তৃতীয়বাৰৰ বাবে সংসাৰ আৰম্ভ কৰিবলৈ ওলাইছে। ৬১ বছৰ বয়সত তেওঁ প্ৰেমিকা গৌৰী স্প্ৰেটৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব, যাৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আছিল। আমিৰ আৰু গৌৰীয়ে বিগত কেইবছৰমানৰ পৰা ইজনে সিজনক ডেট কৰি আছিল, কিন্তু এতিয়া তেওঁলোকে এক হোৱাৰ সিদ্ধান্ত লৈছে। ৫ জুলাই, দেওবাৰে তেওঁলোকৰ নিজৰ ঘৰতে আইনী বিবাহ সম্পন্ন হ’ব। আমিৰৰ মতে, তেওঁলোকে এটা সৰু অনুষ্ঠান আয়োজন কৰিব, য’ত কেৱল তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকহে উপস্থিত থাকিব।

আমিৰ খানৰ তৃতীয়খন বিবাহক লৈ অনুৰাগী আৰু চলচ্চিত্ৰ জগতৰ মাজত ব্যাপক কৌতুহল সৃষ্টি হৈছে। ছুপাৰষ্টাৰজনৰ বিবাহত প্ৰায় ১৫০ গৰাকী অতিথি উপস্থিত থকাৰ সম্ভাৱনা আছে। বিয়াখনত প্ৰায় ১০০ ৰ পৰা ১৫০ জন অতিথি উপস্থিত থাকিব। ইয়াত দুয়োটা পৰিয়ালৰ সদস্য, ঘনিষ্ঠ বন্ধু আৰু চলচ্চিত্ৰ জগতৰ কিছুমান বিশেষ ব্যক্তিহে উপস্থিত থাকিব। আমিৰ আৰু গৌৰীয়ে নিজেই অতিথিৰ তালিকা প্ৰস্তুত কৰিছে আৰু নিজৰ পচন্দ অনুসৰি বিবাহৰ ভোজনৰ মেনুও নিৰ্বাচন কৰিছে।

বিবাহৰ নিয়ম-নীতিসমূহ দিনটোৰ প্ৰথম ভাগত সম্পন্ন হ’ব। আমিৰ আৰু গৌৰীয়ে ‘স্পেচিয়েল মেৰেজ এক্ট’ৰ (Special Marriage Act) অধীনত নিজৰ বিবাহ পঞ্জীয়ন কৰাব। ইয়াৰ পিছত তেওঁলোকে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ভোজন কৰিব। আমিৰ আৰু গৌৰীয়ে তেওঁলোকৰ প্ৰিয় খাদ্যসমূহ মেনুত অন্তৰ্ভুক্ত কৰিছে আৰু খাদ্য প্ৰস্তুত কৰাৰ কামতো নিজেই চকু ৰাখিছে। বিবাহ অনুষ্ঠানত তেওঁলোক দুয়োৰে সন্তান সকলো উপস্থিত থাকিব। ইয়াৰ লগতে আমিৰৰ ঘনিষ্ঠ বন্ধু তথা চলচ্চিত্ৰ নিৰ্মাতা আশুতোষ গোৱাৰীকাৰ আৰু ৰাজকুমাৰ সন্তোষীও উপস্থিত থকাৰ সম্ভাৱনা আছে।

৫ জুলাইত তৃতীয়বাৰলৈ দৰা হ’ব আমিৰ খান; নিকাহ নহয় কৰিব পঞ্জীয়নভুক্ত বিবাহ

৬১ বছৰ বয়সত বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানে তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব।

ইণ্ডাষ্ট্ৰীৰ ‘মিষ্টাৰ পাৰফেকচনিষ্ট’ আমিৰ খানে তৃতীয়বাৰৰ বাবে দৰা হ’বলৈ ওলাইছে। আমিৰ খানে অহা ৫ জুলাইত তেওঁৰ গাৰ্লফ্ৰেণ্ড গৌৰী স্প্ৰেটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ এক নতুন জীৱন আৰম্ভ কৰিবলৈ সাজু হৈছে। আমিৰে ইতিমধ্যে বিয়াৰ প্ৰস্তুতিও আৰম্ভ কৰি দিছে।

আমিৰ খানে এতিয়া তেওঁৰ তৃতীয়খন বিবাহক লৈ বিশেষ তথ্য সদৰী কৰিছে। এটা সাক্ষাৎকাৰত আমিৰ খানে ৫ জুলাইত গৌৰীৰ সৈতে তেওঁৰ তৃতীয়খন বিবাহৰ কথা নিশ্চিত কৰিছে। তেওঁ জনায় যে তেওঁলোকৰ বিয়াখন বৰ জাকজমকতাৰে নহয়, বৰঞ্চ অতি সাধাৰনভাৱে এক অন্তৰংগ পৰিৱেশত সম্পন্ন হ’ব।

আমিৰে কয় যে গৌৰী আৰু তেওঁ নিজৰ বিবাহৰ উৎসৱ আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰাৰ পৰিৱৰ্তে অতি সৰলভাৱে উদযাপন কৰিব। আমিৰে কয়— “আমাৰ বিয়াখন ঘৰতে হ’ব। এয়া এখন সাধাৰণ ৰেজিষ্টাৰ্ড মেৰেজ হ’ব। বিয়াত কেৱল দুয়োপক্ষৰ আত্মীয়-স্বজন আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱহে উপস্থিত থাকিব। আমি দুয়োৱে বিয়াখন অতি সাধাৰণ কৰি ৰাখিব বিচাৰোঁ।”

নিজৰ তৃতীয়খন বিয়াৰ প্ৰস্তুতিৰ বাবে আমিৰে কিছু সময়ৰ বাবে কামৰ পৰা বিৰতি লৈছে। বিয়াৰ কেইদিনমান পিছত আমিৰে ‘৩ ইডিয়টচৰ ছিকুৱেলৰ শ্বুটিং আৰম্ভ কৰিব।

আমিৰ খানৰ কথা ক’বলৈ গ’লে বৰ্তমান তেওঁৰ বয়স ৬১ বছৰ। গৌৰীৰ সৈতে এয়া তেওঁৰ তৃতীয়খন বিবাহ হ’ব। আমিৰে দীৰ্ঘদিন ধৰি গৌৰীক ডেট কৰি আছিল। যোৱা বছৰৰ মাৰ্চ মাহত নিজৰ ৬০ সংখ্যক জন্মদিনত দুয়োৱে এই সম্পৰ্কক আনুষ্ঠানিক ৰূপ দিছিল। তেতিয়াৰে পৰা দুয়োকে প্ৰায়ে প্ৰতিটো বিশেষ অনুষ্ঠানত একেলগে দেখা পোৱা যায়।

লগতে পঢ়ক: হিজাব পৰিত্যাগ কৰি স্লিভলেছ পোছাক পৰিধান; ইৰানী কণ্ঠশিল্পী পৰস্তু আহমদীক ৭৪ বাৰকৈ চাবুকেৰে কোবোৱাৰ শাস্তি

গৌৰীৰ সৈতে সম্পৰ্কত লগাব মোহৰ; তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব আমিৰ খান

অৱশেষত আমিৰ খান গৌৰী স্প্ৰেটৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে। বহু দিনৰ পৰা আমিৰ আৰু গৌৰীয়ে ডেটিং কৰি আছে।

বলিউড ছুপাৰষ্টাৰ আমিৰ খানে তেওঁৰ তৃতীয় বিবাহৰ খবৰত মোহৰ লগাইছে। ৬১ বছৰীয়া অভিনেতাগৰাকীয়ে এটা সাক্ষাৎকাৰত সদৰী কৰিছে যে তেওঁ অহা জুলাই মাহত তেওঁৰ প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব। বৰ্তমান আমিৰ আমেৰিকাত আছে। বয়সত আমিৰতকৈ ১৪ বছৰ সৰু গৌৰী স্প্ৰেট বেংগালুৰুত জন্মগ্ৰহণ কৰা এগৰাকী ব্যৱসায়ী মহিলা আৰু ফেশ্বন পেচাদাৰী। আমিৰ খানে যোৱা ২০২৫ বৰ্ষত গৌৰীৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কথা নিশ্চিত কৰিছিল, আনহাতে এতিয়া তেওঁ নিজেই জনাইছে যে ৫ জুলাই ২০২৬ত তেওঁ পুনৰ বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে।

আমিৰ খানৰ এইখন হ’ব তৃতীয় বিবাহ। ইয়াৰ পূৰ্বে তেওঁ ১৯৮৬ চনত ৰীনা দত্ত আৰু তাৰ পিছত ২০০৫ চনৰ ডিচেম্বৰত কিৰণ ৰাওৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ২০২১ চনত কিৰণৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ ৫ বছৰৰ পিছত এতিয়া তেওঁ তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব। আমিৰে এই বছৰৰ মাৰ্চ মাহত তেওঁৰ জন্মদিনৰ উপলক্ষে ৪৭ বছৰীয়া গৌৰী স্প্ৰেটৰ বিষয়ে মুকলিকৈ কৈছিল। এতিয়া বিবাহৰ খবৰ নিশ্চিত কৰি তেওঁ কয়, ‘মই এতিয়া আমেৰিকাত আছোঁ। বিবাহৰ খবৰটো সঁচা। ই ৫ জুলাইত অনুষ্ঠিত হ’ব।’

আন এক সাক্ষাৎকাৰত আমিৰ খানে তৃতীয় বিবাহৰ ইংগিত দিছিল। তেওঁ কৈছিল, ‘মোৰ হৃদয়ত, মই ইতিমধ্যে গৌৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছোঁ। আমি দুয়ো অনুভৱ কৰোঁ যে আমি আমাৰ সম্পৰ্কটোক পৰৱৰ্তী স্তৰলৈ লৈ যাবলৈ প্ৰস্তুত। গতিকে আমাৰ বন্ধনক আনুষ্ঠানিক ৰূপ দিয়াটো আমাৰ অংশীদাৰিত্বৰ এক স্বাভাৱিক পৰৱৰ্তী পদক্ষেপ যেন লাগে।’

‘মই আৰু গৌৰী আমাৰ নতুন ঘৰত একেলগে থাকি সুখী। গৌৰীয়ে মোক আৰু মোৰ জীৱনক পূৰ্ণতা দিছে। মই এতিয়া বহুত শান্ত অনুভৱ কৰিছোঁ। গৌৰী আৰু মই ইজনে সিজনক লৈ চিৰিয়াছ। আমি ইজনে সিজনৰ সংগী। আমি একেলগে আছোঁ।’

জানিব পৰা মতে, অভিনেতাগৰাকীয়ে এই বিবাহ অতি ব্যক্তিগত কৰি ৰাখিব বিচাৰিছে আৰু এই উপলক্ষে কোনো ভব্য অনুষ্ঠান আয়োজন কৰাৰ পৰিৱৰ্তে তেওঁলোকে এটা সাধাৰণ আৰু ব্যক্তিগত অনুষ্ঠান কৰাৰ পৰিকল্পনা কৰিছে। জানিব পৰা মতে, ইয়াত কেৱল তেওঁলোক দুজনৰ অতি ঘনিষ্ঠ লোক আৰু প্ৰিয় বন্ধুসকলহে উপস্থিত থাকিব।

লগতে পঢ়ক: খালী ভৰিৰে ৩৫৫০ চিৰি বগাই তিৰুপতি বালাজী দৰ্শন জাহ্নৱী কাপুৰৰ

অনুৰাগীক আমিৰ খানে দিলে ভাল খবৰ

বলীউডৰ ‘মিষ্টাৰ পাৰফেকচনিষ্ট’ আমিৰ খানে ১৪ মাৰ্চত জন্মদিন উদযাপন কৰে।এই বিশেষ মূহুৰ্তটোত ছুপাৰষ্টাৰগৰাকীয়ে অনুৰাগীৰ বাবে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰে।এই ভিডিঅ’টোত তেওঁ নিজৰ অভিনয়ত বেছি গুৰুত্ব দিব বুলি উল্লেখ কৰে।

বলীউডৰ ছুপাৰষ্টাৰ আৰু ‘মিষ্টাৰ পাৰফেকচনিষ্ট’ আমিৰ খানে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিটো দ্ৰুতগতিত ভাইৰেল হৈছে। এই ভিডিঅ’টোত তেওঁ নিজৰ অনুৰাগীসকলক এক বিশেষ বাৰ্তা দিয়া দেখা গৈছে আৰু তাৰ সমান্তৰালকৈ তেওঁ অনুৰাগীসকলৰ সৈতে কিছু ভাল খবৰও শ্বেয়াৰ কৰিছে।আমিৰ খানে উল্লেখ কৰে যে তেওঁ এতিয়া নিজৰ অভিনয় কেৰিয়াৰত অধিক গুৰুত্ব দিব।

দৰাচলতে কিছুদিনৰ পৰা আমিৰ খানক কোনো ছবিত অভিনেতা হিচাপে দেখা পোৱা নাছিল।তেওঁ অভিনয়ৰ জগতখনৰ পৰা প্ৰায় আতৰি অহাৰ দৰে হৈছিল আৰু বেছিভাগ সময়ত প্ৰডাকচনত মনোযোগ দিছিল। কিন্তু এতিয়া তেওঁৰ অনুৰাগী সকলৰ বাবে এটা ভাল খবৰ দিছে। অভিনেতা গৰাকীয়ে শীঘ্ৰেই অভিনয় জগতলৈ উভতি আহিব।

এই ভিডিঅ’টোত আমিৰ খানে কৈছে যে, তেওঁ কিছুদিনৰ পৰা অবিৰতভাৱে নতুন ছবিৰ চিত্ৰনাট্য পঢ়ি থকাৰ লগতে শুনিও আছে।অৱশেষত তেওঁ কেইখনমান ছবি বাছনি কৰাৰ লগতে চূড়ান্তও কৰিছে। এতিয়া তেওঁ স্পষ্ট কৰি দিছে যে, প্ৰডাকচনতকৈ অভিনয়ত বেছি গুৰুত্ব দিব।

আমিৰে তেওঁৰ অনুৰাগীসকলৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে, আৰু কয় যে, তেওঁ সদায় দৰ্শকৰ পৰা প্ৰচুৰ মৰম আৰু সমৰ্থন লাভ কৰি আহিছে।যিটো তেওঁৰ বাবে অত্যন্ত বিশেষ।গতিকে এতিয়া আৰু ছবিৰ চিত্ৰনাট্য নহয় শীঘ্ৰে অভিনয়লৈ উভতি আহিব।

লগতে পঢ়ক: ‘লাভ জিহাদ নহয়, আমি ধৰ্ম সলনি কৰা নাই’; বিবাহ বিতৰ্কৰ সন্দৰ্ভত মনালিছা-ফৰমানে দিলে প্ৰমাণ

জুবিন গাৰ্গৰ মৃত্যুত স্তম্ভিত আমিৰ খান; আৱেগিক পোষ্টৰে দিলে শ্ৰদ্ধাঞ্জলি

জুবিন গাৰ্গৰ মৃত্যুত স্তম্ভিত আমিৰ খান

অসম তথা বলীউডত নিজৰ সুৰীয়া কণ্ঠেৰে কোটি কোটি মানুহৰ অন্তৰত স্থান দখল কৰা কণ্ঠশিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই।

১৯ ছেপ্টেম্বৰত তেওঁৰ হঠাৎ মৃত্যুৰ খবৰে সংগীত জগতৰ লগতে তেওঁৰ অনুৰাগী সকলৰ মাজতো শোকৰ ছাঁ পেলাইছে। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত বলীউডৰ বহু তাৰকাই গভীৰ শোক প্ৰকাশ কৰিছে।

তাৰ মাজতে এতিয়া বলিউডৰ অভিনেতা আমিৰ খানেও জুবিন গাৰ্গৰ মৃত্যুত এটা আৱেগিক পোষ্ট কৰিছে। আমিৰ খান প্ৰডাকচনে তেওঁলোকৰ পেজত এটা পোষ্ট শ্বেয়াৰ কৰিছে।

য’ত লিখা হৈছিল যে,”জুবিন গাৰ্গৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছো।তেওঁ এজন মহান শিল্পী আছিল,তেওঁৰ কণ্ঠই কোটি কোটি লোকক স্পৰ্শ কৰিছিল আৰু তেওঁৰ সংগীতে প্ৰজন্মৰ পিছত প্ৰজন্মক প্ৰভাৱিত কৰিছে।শিল্প-সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় অনন্য হৈ থাকিব।তেখেতৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো।–টীম AKP”

লগতে পঢ়ক: বলীউডত দুৰ্গা পূজাৰ উসাহ; খুড়াকলৈ মনত পেলাই উচুপি উঠিল ৰাণী-কাজল