"ষ্টাৰডমৰ নামত 'লাভ জেহাদ'; এইবাৰ আমিৰ খানক মৃত্যুৰ ভাবুকি

“ষ্টাৰডমৰ নামত ‘লাভ জেহাদ’; এইবাৰ আমিৰ খানক মৃত্যুৰ ভাবুকি

বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানক লৈ এটা পোষ্ট আৰু কথিত অডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। সন্দেহ কৰা হৈছে যে ছলমান খানৰ পিছত এতিয়া লৰেন্স বিষ্ণোই গেঙে অভিনেতাজনক ভাবুকি দিছে। বলিউড চুপাৰষ্টাৰ চলমান খান আৰু লৰেন্স বিষ্ণোই গেঙৰ মাজত দীৰ্ঘদিনীয়া শত্ৰুতা চলি আহিছে। এতিয়া

বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানক লৈ এটা পোষ্ট আৰু কথিত অডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। সন্দেহ কৰা হৈছে যে ছলমান খানৰ পিছত এতিয়া লৰেন্স বিষ্ণোই গেঙে অভিনেতাজনক ভাবুকি দিছে।

বলিউড চুপাৰষ্টাৰ চলমান খান আৰু লৰেন্স বিষ্ণোই গেঙৰ মাজত দীৰ্ঘদিনীয়া শত্ৰুতা চলি আহিছে। এতিয়া চলমানৰ পিছত লৰেন্স বিষ্ণোই গেঙৰ লক্ষ্য আমিৰ খান হোৱা যেন পৰিলক্ষিত হৈছে।  এই প্ৰশ্ন উত্থাপন হৈছে কাৰণ তেওঁক লৈ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। তথ্য অনুসৰি, এতিয়া লৰেন্স বিষ্ণোই গেঙৰ নামেৰে ছচিয়েল মিডিয়াত আমিৰ খানকো ভাবুকি প্ৰদান কৰা হৈছে। এই ভাবুকিপূৰ্ণ দাবীৰ পিছত মনোৰঞ্জন জগত আৰু নিৰাপত্তা সংস্থাসমূহৰ মাজত পুনৰ হাহাকাৰ সৃষ্টি হৈছে।

সামাজিক মাধ্যমত  ভাইৰেল হৈ পৰা এটা পোষ্ট আৰু কথিত অডিঅ’ ক্লিপত ‘টাইছন বিষ্ণোই’ নামৰ এজন ব্যক্তিয়ে দাবী কৰিছে যে এতিয়া আমিৰ খান তেওঁলোকৰ লক্ষ্য। এই ভাইৰেল পোষ্টটোত আমিৰ খানক পোনপটীয়াকৈ সকীয়াই দিয়া হৈছে। ছচিয়েল মিডিয়াত এই পোষ্ট আৰু ইয়াৰ সৈতে জড়িত অডিঅ’টো অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে, যাৰ বাবে নিৰাপত্তা ব্যৱস্থাক লৈ চিন্তা বৃদ্ধি পাইছে।

ভাইৰেল হোৱা এই পোষ্টটোত ভাবুকি দিয়াৰ আঁৰৰ কাৰণো উল্লেখ কৰা হৈছে। পোষ্টটোত আমিৰ খানৰ বিৰুদ্ধে ‘লাভ জিহাদ’ৰ অভিযোগ উত্থাপন কৰা হৈছে। যাক ভিত্তি কৰি বিষ্ণোই গেঙৰ সৈতে জড়িত এই হেণ্ডেলটোৱে তেওঁক লক্ষ্য কৰি লোৱাৰ কথা কৈছে।

জয় শ্ৰী ৰাম

জয় সীতা ৰাম

মই আৰজু বিষ্ণোই আৰু টাইছন বিষ্ণোই (লৰেন্স বিষ্ণোঈ গেং)। আমিৰ খানৰ দৰে মানুহে আমাৰ দেশত ‘লাভ জেহাদ’ৰ প্ৰচাৰ কৰিছে,যিটো আমাৰ সংস্কৃতিৰ বিৰুদ্ধে। আমি এই কুকুৰটোক সহ্য নকৰো আৰু ইয়াৰ উত্তৰ খুব সোনকালে তাক দিয়া হ’ব। এইটো আমাৰ সনাতন ধৰ্ম আৰু দেশৰ বিৰুদ্ধে। আমাৰ ভাই-ভনী আৰু দেশবাসীৰ ওচৰত আমাৰ প্ৰতিশ্ৰুতি যে যিয়েই এই নিকৃষ্ট কাৰ্য্যক প্ৰশ্ৰয় দিব, তাক আমি নিজৰ ধৰণেৰে উত্তৰ দিম। এই যিসকলে ষ্টাৰডমৰ নামত এইবোৰক প্ৰশ্ৰয় দি আছে, সিহঁতৰ উশাহ আমি বন্ধ কৰি দিম।

আৰু লগতে ৰাজস্থানৰ শ্ৰীগংগানগৰত এগৰাকী নিষ্পাপ কন্যা শিশুৰ সৈতে যি জঘন্য কাণ্ড ঘটিল— তাত প্ৰশাসনে অতি ভাল কাম কৰিলে, কিন্তু কিছুমান ৰাজনৈতিক লোকে ইয়াৰ মাজৰ কিছুমান নৰপিশাচক ৰক্ষা কৰি আছে। আমাৰ প্ৰথম আৰু অন্তিম সকীয়নি যে, সেই নিষ্পাপ শিশুটিৰ সৈতে যি ঘটিল তাত যি সকল জড়িত হৈ আছে আৰু আইনৰ পৰা সাৰি গৈছে, তাক তো আমি শাস্তি দিমেই। কিন্তু যিবোৰ নেতাই ইহঁতক বচাবলৈ চেষ্টা কৰি আছে, তেওঁলোকে লগে লগে ইয়াত হস্তক্ষেপ কৰা বন্ধ কৰক, নহ’লে তোমালোকৰো একেই দশা কৰিম যাৰ দশা ইহঁতৰ হ’বলৈ গৈ আছে। অলপ মানৱতা দেখুৱাওক।শত্ৰুক উচিত প্ৰত্যুত্তৰ দিম।

বৰ্তমানলৈকে আমিৰ খান বা তেওঁৰ দলৰ ফালৰ পৰা এই ভাইৰেল পোষ্ট আৰু কথিত অডিঅ’ সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। আনহাতে, সংশ্লিষ্ট তদন্তকাৰী সংস্থা বা আৰক্ষীৰ ফালৰ পৰাও এই দাবী নিশ্চিত বা খণ্ডন কৰা হোৱা নাই। উল্লেখ্য যে আমিৰ খানৰ তৃতীয় বিবাহক লৈও তেওঁৰ বিৰুদ্ধে ফতোৱা জাৰি কৰা হৈছিল।

লগতে পঢ়ক: অৱশেষত সোণম ৱাংচুকক লৈ মুখ খুলিলে অভিনেতা আমিৰ খানে…

শেহতীয়া প্ৰৱন্ধসমূহ