গৌৰীৰ সৈতে সম্পৰ্কত লগাব মোহৰ; তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব আমিৰ খান

গৌৰীৰ সৈতে সম্পৰ্কত লগাব মোহৰ; তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব আমিৰ খান

অৱশেষত আমিৰ খান গৌৰী স্প্ৰেটৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে। বহু দিনৰ পৰা আমিৰ আৰু গৌৰীয়ে ডেটিং কৰি আছে। বলিউড ছুপাৰষ্টাৰ আমিৰ খানে তেওঁৰ তৃতীয় বিবাহৰ খবৰত মোহৰ লগাইছে। ৬১ বছৰীয়া অভিনেতাগৰাকীয়ে এটা সাক্ষাৎকাৰত সদৰী কৰিছে যে তেওঁ অহা জুলাই মাহত তেওঁৰ প্ৰেমিকা গৌৰীৰ সৈতে

অৱশেষত আমিৰ খান গৌৰী স্প্ৰেটৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে। বহু দিনৰ পৰা আমিৰ আৰু গৌৰীয়ে ডেটিং কৰি আছে।

বলিউড ছুপাৰষ্টাৰ আমিৰ খানে তেওঁৰ তৃতীয় বিবাহৰ খবৰত মোহৰ লগাইছে। ৬১ বছৰীয়া অভিনেতাগৰাকীয়ে এটা সাক্ষাৎকাৰত সদৰী কৰিছে যে তেওঁ অহা জুলাই মাহত তেওঁৰ প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব। বৰ্তমান আমিৰ আমেৰিকাত আছে। বয়সত আমিৰতকৈ ১৪ বছৰ সৰু গৌৰী স্প্ৰেট বেংগালুৰুত জন্মগ্ৰহণ কৰা এগৰাকী ব্যৱসায়ী মহিলা আৰু ফেশ্বন পেচাদাৰী। আমিৰ খানে যোৱা ২০২৫ বৰ্ষত গৌৰীৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কথা নিশ্চিত কৰিছিল, আনহাতে এতিয়া তেওঁ নিজেই জনাইছে যে ৫ জুলাই ২০২৬ত তেওঁ পুনৰ বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে।

আমিৰ খানৰ এইখন হ’ব তৃতীয় বিবাহ। ইয়াৰ পূৰ্বে তেওঁ ১৯৮৬ চনত ৰীনা দত্ত আৰু তাৰ পিছত ২০০৫ চনৰ ডিচেম্বৰত কিৰণ ৰাওৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ২০২১ চনত কিৰণৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ ৫ বছৰৰ পিছত এতিয়া তেওঁ তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব। আমিৰে এই বছৰৰ মাৰ্চ মাহত তেওঁৰ জন্মদিনৰ উপলক্ষে ৪৭ বছৰীয়া গৌৰী স্প্ৰেটৰ বিষয়ে মুকলিকৈ কৈছিল। এতিয়া বিবাহৰ খবৰ নিশ্চিত কৰি তেওঁ কয়, ‘মই এতিয়া আমেৰিকাত আছোঁ। বিবাহৰ খবৰটো সঁচা। ই ৫ জুলাইত অনুষ্ঠিত হ’ব।’

আন এক সাক্ষাৎকাৰত আমিৰ খানে তৃতীয় বিবাহৰ ইংগিত দিছিল। তেওঁ কৈছিল, ‘মোৰ হৃদয়ত, মই ইতিমধ্যে গৌৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছোঁ। আমি দুয়ো অনুভৱ কৰোঁ যে আমি আমাৰ সম্পৰ্কটোক পৰৱৰ্তী স্তৰলৈ লৈ যাবলৈ প্ৰস্তুত। গতিকে আমাৰ বন্ধনক আনুষ্ঠানিক ৰূপ দিয়াটো আমাৰ অংশীদাৰিত্বৰ এক স্বাভাৱিক পৰৱৰ্তী পদক্ষেপ যেন লাগে।’

‘মই আৰু গৌৰী আমাৰ নতুন ঘৰত একেলগে থাকি সুখী। গৌৰীয়ে মোক আৰু মোৰ জীৱনক পূৰ্ণতা দিছে। মই এতিয়া বহুত শান্ত অনুভৱ কৰিছোঁ। গৌৰী আৰু মই ইজনে সিজনক লৈ চিৰিয়াছ। আমি ইজনে সিজনৰ সংগী। আমি একেলগে আছোঁ।’

জানিব পৰা মতে, অভিনেতাগৰাকীয়ে এই বিবাহ অতি ব্যক্তিগত কৰি ৰাখিব বিচাৰিছে আৰু এই উপলক্ষে কোনো ভব্য অনুষ্ঠান আয়োজন কৰাৰ পৰিৱৰ্তে তেওঁলোকে এটা সাধাৰণ আৰু ব্যক্তিগত অনুষ্ঠান কৰাৰ পৰিকল্পনা কৰিছে। জানিব পৰা মতে, ইয়াত কেৱল তেওঁলোক দুজনৰ অতি ঘনিষ্ঠ লোক আৰু প্ৰিয় বন্ধুসকলহে উপস্থিত থাকিব।

লগতে পঢ়ক: খালী ভৰিৰে ৩৫৫০ চিৰি বগাই তিৰুপতি বালাজী দৰ্শন জাহ্নৱী কাপুৰৰ

শেহতীয়া প্ৰৱন্ধসমূহ