হিজাব পৰিত্যাগ কৰি স্লিভলেছ পোছাক পৰিধান; ইৰানী কণ্ঠশিল্পী পৰস্তু আহমদীক ৭৪ বাৰকৈ চাবুকেৰে কোবোৱাৰ শাস্তি

হিজাব পৰিত্যাগ কৰি স্লিভলেছ পোছাক পৰিধান; ইৰানী কণ্ঠশিল্পী পৰস্তু আহমদীক ৭৪ বাৰকৈ চাবুকেৰে কোবোৱাৰ শাস্তি

ইৰানৰ পৰা এক আচৰিত খবৰ পোহৰলৈ আহিছে। তাৰকা ইৰানী গায়িকা পৰস্তু আহমদীক হিজাব অবিহনে গান গোৱাৰ বাবে ৭৪টা কোব খাবলৈ শাস্তি প্ৰদান কৰা হৈছে। প্ৰখ্যাত ইৰানী গায়ক আৰু সংগীত পৰিচালক পৰস্তু আহমদীক লৈ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। এক অনলাইন কনচাৰ্টত হিজাব পৰিত্যাগ কৰি স্লিভলেছ

ইৰানৰ পৰা এক আচৰিত খবৰ পোহৰলৈ আহিছে। তাৰকা ইৰানী গায়িকা পৰস্তু আহমদীক হিজাব অবিহনে গান গোৱাৰ বাবে ৭৪টা কোব খাবলৈ শাস্তি প্ৰদান কৰা হৈছে।

প্ৰখ্যাত ইৰানী গায়ক আৰু সংগীত পৰিচালক পৰস্তু আহমদীক লৈ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। এক অনলাইন কনচাৰ্টত হিজাব পৰিত্যাগ কৰি স্লিভলেছ পোছাক পিন্ধি গীত পৰিৱেশন কৰাই গায়িকাগৰাকীৰ বাবে বিপৰ্যয় কঢ়িয়াই আনিলে। এই ঘটনাৰ বাবে পৰস্তুক ৭৪ বাৰকৈ চাবুকেৰে কোবোৱাৰ শাস্তি বিহা হৈছে। বহু মানৱাধিকাৰ কৰ্মীয়ে পৰস্তুক দিয়া এই শাস্তিৰ তীব্ৰ বিৰোধিতা কৰিছে।

ইৰানৰ কোঁম প্ৰদেশৰ এখন আদালতে পৰস্তুৰ লগতে তেওঁৰ প্ৰডাকচন টিমৰ ৮ জন সদস্যকো ৭৪ বাৰকৈ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ দিছে। আদালতে গায়িকাগৰাকীৰ বিৰুদ্ধে অশ্লীল সমল প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰিছে। কেৱল এয়াই নহয়, পৰস্তুক অহা ২ বছৰৰ বাবে দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু কোনো ধৰণৰ কলাত্মক কাৰ্যকলাপত অংশগ্ৰহণ কৰাতো বাধা প্ৰদান কৰা হৈছে। এই নিৰ্দেশে ইৰানৰ শিল্পীসকলৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। ছচিয়েল মিডিয়াত এই শাস্তিৰ তীব্ৰ গৰিহণা দিয়া হৈছে। মানুহৰ মতে, ইৰানত আজিও একো সলনি হোৱা নাই আৰু তাত মানৱাধিকাৰৰ পৰিস্থিতি অলপো উন্নত হোৱা নাই।

২০২৪ চনৰ ডিচেম্বৰ মাহত ২৯ বছৰীয়া পৰস্তুৱে ইউটিউবত এটা লাইভ কনচাৰ্ট কৰিছিল, য’ত তেওঁ ইৰানৰ দেশপ্ৰেমমূলক গীত ‘আজ খুনে জৱানানে ৱতন’ গাইছিল। এই কনচাৰ্টটো লাখ লাখ লোকে চাইছিল। এই প্ৰদৰ্শনৰ সময়ত গায়িকাগৰাকীয়ে হিজাবৰ পৰিৱৰ্তে এটা স্লিভলেছ পোছাক পিন্ধিছিল।

চাওঁতে চাওঁতে গায়িকাগৰাকীৰ এই ভিডিঅ’টো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে। বিতৰ্কৰ সৃষ্টি হোৱাত ইৰানৰ কৰ্তৃপক্ষই গায়িকাগৰাকী আৰু তেওঁৰ দলৰ কেইজনমান সদস্যক আটক কৰে। অৱশ্যে পিছত তেওঁলোকক এৰি দিয়া হৈছিল যদিও তেওঁলোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া অব্যাহত আছিল।

গায়িকাগৰাকীৰ সেই ভাইৰেল ভিডিঅ’টো ২৭ মিনিটৰ আছিল। ইয়াত তেওঁ ক’লা ৰঙৰ স্লিভলেছ পোছাক পিন্ধিছিল। ইয়াক বহু মহিলাই মতামত প্ৰকাশৰ স্বাধীনতা বুলি গণ্য কৰিছিল, কিন্তু ইৰানী কৰ্তৃপক্ষৰ বাবে এয়া আছিল আইন উলংঘা। ইৰানত মহিলাৰ বাবে ৰাজহুৱা স্থানত হিজাব পিন্ধাটো বাধ্যতামূলক। তাত একক সংগীত পৰিৱেশনৰ ক্ষেত্ৰতো কঠোৰ নিয়ম আছে। মহিলাসকলক ৰাজহুৱা স্থানত অকলে গান গোৱাৰ অনুমতি নাই। নিয়ম অনুসৰি তেওঁলোকে হিজাব নোহোৱাকৈ ৰাজহুৱা স্থানলৈ আহিব নোৱাৰে। কিন্তু পৰস্তু সদায় এই নিয়মবোৰৰ বিৰুদ্ধে আছিল। ২০২২ চনত তেওঁ হিজাব বিৰোধী আন্দোলনৰো অংশ আছিল।

লগতে পঢ়ক: বিলাসীতা এৰি নদীৰ ঘাটত সাধু-সন্তৰ নৈশ যাপন সুনীল গ্ৰোভাৰৰ

শেহতীয়া প্ৰৱন্ধসমূহ