বলীউডত জিলিকিব লাচিতৰ বীৰগাথা! নিৰ্মাণ হ’ব বিগ বাজেটৰ ছবি

অসমৰ এই মহান নায়কগৰাকীৰ জীৱনৰ ওপৰত আধাৰিত এখন বৃহৎ বাজেটৰ বলীউড পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে

মহাবীৰ লাচিত বৰফুকনৰ বীৰত্ব আৰু অসমৰ চহকী ইতিহাসক দেশ তথা বিশ্ব দৰবাৰত দাঙি ধৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ । অসমৰ এই মহান নায়কগৰাকীৰ জীৱনৰ ওপৰত আধাৰিত এখন বৃহৎ বাজেটৰ বলীউড পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে । এই সন্দৰ্ভত চৰকাৰে শেহতীয়া ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’ৰ লগতে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ৰ প্ৰখ্যাত পৰিচালক আদিত্য ধৰৰ সৈতে আলোচনা চলাই আছে । বৃহস্পতিবাৰে এক ফেচবুক লাইভ অনুষ্ঠানৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

আগষ্টত হ’ব বিশেষ বৈঠক

মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে যে প্ৰস্তাৱিত বায়’পিকখনৰ বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ অহা আগষ্ট মাহত তেওঁ পৰিচালক আদিত্য ধৰক সাক্ষাৎ কৰিব । অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে যদিহে কোনো কাৰণত আদিত্য ধৰৰ সৈতে এই আলোচনা সফল নহয়, তেন্তে চৰকাৰে অন্য পৰিচালকৰ কাষ চাপিব । কিন্তু লাচিত বৰফুকনৰ ওপৰত এখন বায়’পিক নিৰ্মাণ কৰাটো চৰকাৰে নিশ্চিত কৰিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যদি আদিত্য ধৰে এই ছবিখন পৰিচালনা কৰিব নোৱাৰে, তেন্তে আন পৰিচালকৰ কাষ চাপিব বুলিও উল্লেখ কৰে ।

ইতিহাসত প্ৰথমবাৰৰ বাবে চৰকাৰী পদক্ষেপ

যদিহে এই প্ৰকল্পটোৱে চূড়ান্ত ৰূপ লাভ কৰে, তেন্তে লাচিত বৰফুকনৰ জীৱনক কেন্দ্ৰ কৰি অসম চৰকাৰে প্ৰযোজনা বা সহযোগ কৰা ই হ’ব প্ৰথমখন বলীউড পৰ্যায়ৰ পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি । এই ছবিখনৰ মূল লক্ষ্য হৈছে সমগ্ৰ ভাৰত তথা বিশ্বৰ দৰ্শকৰ সন্মুখত অসমৰ গৌৰৱময় ইতিহাস আৰু লাচিত বৰফুকনৰ অপৰিসীম বীৰত্বক মহিমামণ্ডিত কৰা ।

লগতে পঢ়ক : অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা

ভাৰতত নহয়, আমেৰিকাত মুক্তি পাব ৪০০০ কোটিটকীয়া ‘ৰামায়ণ’ৰ ট্ৰেইলাৰ!

পূৰ্বে চৰ্চা হৈছিল যে ৰণবীৰ কাপুৰৰ পূৰ্বৰ হিট ছবি এনিমেলৰ দৰেই ৰামায়ণৰ ট্ৰেইলাৰো দিল্লীৰ ভাৰত মণ্ডপমত মুকলি কৰা হ’ব

বৰ্তমান সময়ত ভাৰতীয় চিনেমা জগতৰ আটাইতকৈ চৰ্চিত আৰু আটাইতকৈ ডাঙৰ ছবিখন হৈছে ৰণবীৰ কাপুৰ অভিনীত ‘ৰামায়ণ’ । ছবিখনক লৈ দৰ্শকৰ মাজত উছাহৰ অন্ত নাই । শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ তাৰিখ আৰু স্থানক লৈ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে, যিয়ে অনুৰাগীসকলক আচৰিত কৰি তুলিছে । ভাৰতত নহয়, এক আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিশ্বজুৰি মুক্তি দিয়া হ’ব এই মেগা বাজেট ছবিখনৰ অফিচিয়েল ট্ৰেইলাৰ ।

ছান ডিয়েগো কমিক-কন ২০২৬ ত মুক্তি পাব ট্ৰেইলাৰ

পূৰ্বে চৰ্চা হৈছিল যে ৰণবীৰ কাপুৰৰ পূৰ্বৰ হিট ছবি ‘এনিমেল’ৰ দৰেই ‘ৰামায়ণ’ৰ ট্ৰেইলাৰো দিল্লীৰ ভাৰত মণ্ডপমত মুকলি কৰা হ’ব । কিন্তু সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই এতিয়া নিৰ্মাতাসকলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ছবিখনৰ ট্ৰেইলাৰ আমেৰিকাৰ ছান ডিয়েগো চহৰত অনুষ্ঠিত হ’বলগীয়া বিখ্যাত ‘ছান ডিয়েগো কমিক-কন ২০২৬’ (San Diego Comic-Con 2026) ত মুকলি কৰা হ’ব ।

অহা ২৪ জুলাই ২০২৬ তাৰিখে বিশ্বজুৰি এই ট্ৰেইলাৰৰ প্ৰিমিয়াৰ কৰা হ’ব । মেকাৰ্ছে ছচিয়েল মিডিয়াত পোষ্ট কৰি কয়-

“ভাৰতৰ পৰা সমগ্ৰ বিশ্বলৈ । হাজাৰ হাজাৰ বছৰ ধৰি ৰামায়ণে ধৰ্ম, মৰ্যাদা, সাহস আৰু কৰুণাৰ দৰে জীৱনবোধেৰে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে । এতিয়া ইয়াৰ আৰম্ভণি এটা নতুন যাত্ৰাৰে হৈছে । ভাৰতৰ এই মহান সাংস্কৃতিক মহাকাব্যখন সমগ্ৰ বিশ্বৰ সন্মুখত এক ভব্য ৰূপত উপস্থাপন কৰা হ’ব ।”

ভাৰতৰ দৰ্শকে কেতিয়া আৰু ক’ত দেখিবলৈ পাব?

ভাৰতীয় অনুৰাগীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে তেওঁলোকে কেতিয়া এই ট্ৰেইলাৰটো চাবলৈ পাব ?

তাৰিখ: ২৪ জুলাই ২০২৬ (ভাৰতীয় সময় অনুসৰি)

সময়: পুৱা ৩:১৫ বজাত

স্থান: আমেৰিকাৰ স্থানীয় সময় অনুসৰি ২৩ জুলাইৰ আবেলি ৩:১৫ বজাত কমিক-কন ২০২৬-ৰ ‘বলৰুম ২০’ ত ইয়াৰ ভব্য মুকলি হ’ব ।

এই হলটোত প্ৰায় ৪৮০০ লোক বহাৰ ক্ষমতা আছে । এই বিশেষ অনুষ্ঠানত ছবিখনৰ মুখ্য অভিনেতা ৰণবীৰ কাপুৰ, চাউথৰ ছুপাৰষ্টাৰ য়শ, পৰিচালক নিতেশ তিৱাৰী আৰু প্ৰযোজক নমিত মালহোত্ৰা উপস্থিত থাকিব ।

৪০০০ কোটি টকাৰ মেগা বাজেট আৰু দুটা খণ্ড

নিৰ্দেশক নিতেশ তিৱাৰী আৰু হলিউডৰ প্ৰখ্যাত VFX কোম্পানী DNEG-ৰ মালিকে নমিত মালহোত্ৰাৰ যুটীয়া প্ৰচেষ্টাত এই ভিজুৱেল মাৰ্ভেলটো নিৰ্মাণ কৰা হৈছে । জানিব পৰা মতে, প্ৰায় ৪০০০ কোটি টকাৰ বিশাল বাজেটৰে ‘ৰামায়ণ’ৰ দুটা খণ্ড নিৰ্মাণ কৰা হৈছে ।

২০২৬ ৰ দীপাৱলীত ছবিৰ মুক্তি!

এইবাৰৰ দীপাৱলী চিনেপ্ৰেমীসকলৰ বাবে অতি বিশেষ হ’বলৈ গৈ আছে, কাৰণ দীপাৱলী ২০২৬ ৰ শুভ ক্ষণতে ছবিখনে ছবিগৃহত মুক্তিৰ মুখ দেখিব । উৎসৱলৈ মাত্ৰ ৪ মাহ বাকী থকা অৱস্থাত, এতিয়া ট্ৰেইলাৰ মুক্তিৰ জৰিয়তে টিম ‘ৰামায়ণে’ ছবিখনৰ অফিচিয়েল মাৰ্কেটিং আৰু প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিব ।

লগতে পঢ়ক : পুনৰ কাৰাগাৰলৈ যাব লাগিব ৰাজপাল যাদৱ; উচ্চ ন্যায়ালয়ৰ ৰায়দান

মুক্তিৰ দিনাই বক্স অফিচত খলকনি ধমাল ৪-ৰ

অজয় দেৱগনৰ ‘ধমাল ৪’ ছবিখনে বক্স অফিচত এক কল্পনাতীত মুক্তি লাভ কৰিছে।এই কমেডী ছবিখনে মুকলি দিনটোত বিশ্বজুৰি ২১ কোটি টকাৰো অধিক উপাৰ্জন কৰিছে।

অজয় দেৱগন, আৰ্শ্বদ ৱাৰ্ছী, জাভেদ জাফেৰী, ৰবি কিষাণ, সঞ্জয় মিশ্ৰ, উপেন্দ্ৰ লিমায়ে, অঞ্জলি আনন্দ, সঞ্জীদা শ্বেখ, এছা গুপ্তা, আৰু বিজয় পাটকাৰৰ অভিনিত ‘ধমাল ৪’ এ ছবিগৃহত এক প্ৰচণ্ড আৰম্ভণি কৰিছে, প্ৰথম দিনৰ উপাৰ্জনে আনকি প্ৰাৰম্ভিক অনুমানকো অতিক্ৰম কৰিছে। ১০ জুলাইত মুক্তি পোৱা ইন্দ্ৰ কুমাৰ পৰিচালিত ছবিখনে বহু হিন্দী, দক্ষিণ ভাৰতীয়, আৰু হলিউডৰ ছবিৰ প্ৰতিযোগিতাৰ সন্মুখীন হোৱাৰ পিছতো মুক্তিৰ দিনটোত সৰ্বাধিক উপাৰ্জন কৰা নতুন ছবিৰ মৰ্যাদা লাভ কৰে।

‘ধমাল ৪’ ছবিখনে ভাৰতৰ ১০,৬৬৯ টা শ্ব’ত প্ৰায় ১৩.৭৫ কোটি টকা উপাৰ্জন কৰে। ভাৰতত ছবিখনৰ মুঠ সংগ্ৰহৰ পৰিমাণ আছিল প্ৰায় ১৬.৫০ কোটি টকা। ইয়াৰ উপৰিও বহিঃৰাজ্যতো ৫ কোটি টকা উপাৰ্জন কৰিছিল, যাৰ ফলত প্ৰথম দিনটোৰ বাবে বিশ্বব্যাপী মুঠ সংগ্ৰহৰ পৰিমাণ প্ৰায় ২১.৫০ কোটি হৈছে।

ছবিখনৰ আৰম্ভণিৰ দিনটোৰ উপাৰ্জন প্ৰাৰম্ভিক অনুমানতকৈ বহু বেছি আছিল, যিয়ে ১২–১৩ কোটিৰ ভিতৰত সংগ্ৰহৰ প্ৰকল্প কৰিছিল। বৰঞ্চ গোটেই দিনটোত দৰ্শকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ ফলত ‘ধমাল ৪’য়ে সামগ্ৰিকভাৱে ২৪% দখলৰ হাৰ লাভ কৰি লাভৱান হৈছিল। উল্লেখযোগ্য যে ছবিখনে মহাৰাষ্ট্ৰ আৰু দিল্লী-এনচিআৰৰ দৰে নগৰীয়া বজাৰৰ পৰা সৰ্বাধিক দৰ্শকক আকৰ্ষণ কৰিছিল, যিবোৰ অঞ্চলত ফ্ৰেঞ্চাইজিটোৱে সদায় নিষ্ঠাবান অনুৰাগীৰ ভিত্তি লাভ কৰি আহিছে।

বক্স অফিচৰ ভিৰ কৰা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ‘ধমাল ৪’ৰ মুকলি আৰু অধিক তাৎপৰ্যপূৰ্ণ। অক্ষয় কুমাৰৰ ‘ৱেলকাম টু দ্য জংগল’, আলিয়া ভাটৰ ‘আলফা’, তেলেগু একচন-ড্ৰামা ‘লেনিন’, আৰু হলিউডৰ ‘ইভিল ডেড: বাৰ্ন’ আৰু লাইভ একচন ‘ম’য়ানা’ৰ দৰে শিৰোনামৰ সৈতে মুক্তি পাইছিল। অজয় দেৱগনৰ কমেডী ছবিখনে দিনটোৰ শীৰ্ষ প্ৰদৰ্শনকাৰী নতুন মুক্তি হিচাপে আত্মপ্ৰকাশ কৰে। শনিবাৰ আৰু দেওবাৰৰ ভিতৰত উপাৰ্জনৰ ব্যাপক উত্থানৰ বাবে আশা বেছি, যিটো ইতিবাচক মুখৰ পৰা মুখলৈ আৰু দৰ্শকৰ অভ্যৰ্থনাৰ দ্বাৰা পৰিচালিত।

লগতে পঢ়ক: পুনৰ কাৰাগাৰলৈ যাব ৰাজপাল যাদৱ; উচ্চ ন্যায়ালয়ৰ ৰায়দান

শ্ৰদ্ধা কাপুৰৰ ‘ইঠা’ক লৈ বিতৰ্ক!নাম সলনি কৰাৰ দাবী পৰিয়ালবৰ্গৰ

শ্ৰদ্ধা কাপুৰ অভিনীত ছবি ‘ইঠা’ মুক্তিৰ পূৰ্বে বিতৰ্কৰ মাজত সোমাই পৰিছে।কিংবদন্তি ভিঠাবাই নাৰায়ণগাঁওকাৰৰ পৰিয়াল আৰু এন চি পিয়ে ছবিখনৰ শিৰোনামক লৈ আপত্তি কৰিছে।

শ্ৰদ্ধা কাপুৰৰ বহুল চৰ্চিত আৰু বহু প্ৰতীক্ষিত ছবি ‘ইঠা’ৰ টিজাৰ মুক্তি পোৱাৰ পিছতে দৰ্শকৰ মাজত এক অভূতপূৰ্ব উত্তেজনা দেখা গৈছে। ছবিখনত শ্ৰদ্ধা কাপুৰৰ শক্তিশালী অভিনয় আৰু নৃত্যই ইণ্টাৰনেটত চৰ্চা লাভ কৰিছে। কিন্তু মুক্তিৰ পূৰ্বেই ছবিখন এক নতুন বিতৰ্কত সাঙোৰ খাই পৰিছে। এই বিতৰ্ক ছবিখনৰ কাহিনী বা অভিনেতা-অভিনেত্ৰীক লৈ নহয়, বৰঞ্চ ইয়াৰ নামকৰণক লৈহে সৃষ্টি হৈছে। মহাৰাষ্ট্ৰৰ এগৰাকী মহান লাৱণী শিল্পী ভিঠাবাই নাৰায়ণগাওঁকাৰৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনৰ নাম ‘ইঠা’ ৰখাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

নেশ্যলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)ৰ চলচ্চিত্ৰ আৰু সাংস্কৃতিক বিভাগে ছবিখনৰ নামৰ ওপৰত আপত্তি দৰ্শাইছে। তেওঁলোকৰ মতে, যেতিয়া ছবিখন সম্পূৰ্ণৰূপে ভিঠাবাই নাৰায়ণগাওঁকাৰৰ জীৱনৰ ওপৰত আধাৰিত, তেতিয়া ইয়াৰ নামটোও তেওঁৰ নামৰ সৈতে জড়িত হোৱা উচিত। তেওঁলোকৰ ধাৰণা মতে, ছবিখনৰ নাম ‘ভিঠা’ বা ‘ভিঠাবাই’ ৰখা উচিত, যাতে তেওঁৰ পৰিচয় আৰু অৱদানক উচিত সন্মান প্ৰদান কৰিব পৰা যায়।

জানিব পৰা মতে, এনচিপিৰ উপৰিও ভিঠাবাই নাৰায়ণগাওঁকাৰৰ পৰিয়ালেও একেই দাবী উত্থাপন কৰিছে। তেওঁৰ পুত্ৰ কৈলাস নাৰায়ণগাওঁকাৰ আৰু ৰাজেশ নাৰায়ণগাওঁকাৰৰ লগতে নাতিয়েক মোহিত নাৰায়ণগাওঁকাৰেও জনাইছে যে ছবিখনৰ নাম এনে হোৱা উচিত যাতে মানুহে পোনে পোনে ভিঠাবাইৰ পৰিচয়ৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে।

এনচিপিৰ চলচ্চিত্ৰ আৰু সাংস্কৃতিক বিভাগৰ মহাৰাষ্ট্ৰৰ সভাপতি বাবাচাহেব পাটিলে কয় যে ভিঠাবাই নাৰায়ণগাওঁকাৰ কেৱল এগৰাকী শিল্পী নহয়, তেওঁ মহাৰাষ্ট্ৰৰ সাংস্কৃতিক সম্পদ। সেয়েহে তেওঁৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিৰ নামো তেওঁৰ মৰ্যাদা অনুসৰি হ’ব লাগে। বৰ্তমানলৈকে এই বিতৰ্কৰ সন্দৰ্ভত নিৰ্দেশক লক্ষ্মণ উতেকাৰ বা প্ৰডাকচন হাউছ ‘মেডক ফিল্মছ’ৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।

ছবিখনৰ টিজাৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইয়াত শ্ৰদ্ধা কাপুৰক ভিঠাবাই নাৰায়ণগাওঁকাৰৰ চৰিত্ৰত দেখা গৈছে। টিজাৰটোৰ আটাইতকৈ আৱেগিক দৃশ্যটো হ’ল য’ত তেওঁক গৰ্ভাৱস্থাৰ সময়তো মঞ্চত পৰিবেশন কৰা দেখা গৈছে। এই ছবিখনত শ্ৰদ্ধা কাপুৰৰ উপৰিও ৰণদীপ হুড্ডা আৰু মহম্মদ জিছান আয়ুবক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। ছবিখন অহা ২৮ আগষ্টত চিনেমা হলত মুক্তি পাব।

লগতে পঢ়ক: ‘গেলেক্সি এপাৰ্টমেণ্ট’ত আৰু নেদেখিব ছলমান খানক: কিয় ল’লে এই সিদ্ধান্ত ?

‘গেলেক্সি এপাৰ্টমেণ্ট’ত আৰু নেদেখিব ছলমান খানক: কিয় ল’লে এই সিদ্ধান্ত ?

অহৰহ ভাবুকি আৰু নিৰাপত্তাৰ চিন্তাৰ বাবে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে নিজৰ আইকনিক ঘৰ ‘গেলেক্সি এপাৰ্টমেণ্টছ’ এৰি যাব পাৰে।

বলিউডৰ চুপাৰষ্টাৰ ছলমান খানে খুব সোনকালেই তেওঁৰ আটাইতকৈ প্ৰিয় আৰু বিখ্যাত ‘গেলেক্সি এপাৰ্টমেণ্ট’ক বিদায় জনাব পাৰে। খবৰ অনুসৰি, তেওঁ বান্দ্ৰা এলেকাতে নিৰ্মাণ হ’বলগীয়া এটা নতুন আৰু অতি বিলাসী ঘৰলৈ স্থানান্তৰিত হোৱাৰ প্ৰস্তুতি চলাইছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ছলমানৰ এই নতুন ঘৰটো নিৰ্মাণৰ পথ সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈছে। তেওঁৰ পৰিয়ালে বহু আগতেই এই ঠাইখিনি পছন্দ কৰিছিল, কিন্তু কিছুমান চৰকাৰী অনুমতিৰ বাবে কামটো ৰৈ গৈছিল। এতিয়া এই নতুন প্ৰজেক্টটো আগুৱাই নিবলৈ প্ৰয়োজনীয় অনুমতি পোৱা গৈছে।

এই নতুন বিলাসী ঘৰটো নিৰ্মাণৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণ হিচাপে ‘সুৰক্ষা’ৰ কথাক উল্লেখ কৰা হৈছে। দৰাচলতে, যোৱা কিছু সময় ধৰি ছলমান খানে ধাৰাবাহিকভাৱে প্ৰাণে মৰাৰ ভাবুকি পাই আহিছে। নিৰাপত্তা সংস্থাসমূহেও তেওঁক পৰামৰ্শ দিছিল যে ‘গেলেক্সি এপাৰ্টমেণ্ট’ত থকাটো এতিয়া তেওঁৰ বাবে সম্পূৰ্ণ সুৰক্ষিত নহয়, কাৰণ তাত নিৰাপত্তাৰ ব্যৱস্থা কৰাত বহু অসুবিধা হৈছে। সেয়েহে এতিয়া তেওঁৰ পৰিয়ালে এনে এখন ঠাইত থাকিবলৈ চিন্তা কৰিছে, য’ত তেওঁলোকে সম্পূৰ্ণ সুৰক্ষিত অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত খবৰ ওলাইছে যে তেওঁ সোনকালেই নতুন ঘৰলৈ স্থানান্তৰিত হ’ব পাৰে।

লগতে জানিব পৰা গৈছে যে ছলমানৰ এই নতুন আৰু বিলাসী ঘৰটো নিৰ্মাণৰ প্ৰস্তুতি দ্ৰুতগতিত চলিছে। উল্লেখ্য যে, এই বহু মহলীয়া অট্টালিকাটো নিৰ্মাণৰ বাবে বৃহন্মুম্বাই মিউনিচিপাল কৰ্পৰেশ্যনে (BMC) ২০২৫ চনৰ অক্টোবৰ মাহতেই প্ৰাৰম্ভিক সেউজ সংকেত দিছিল। ইয়াক কাৰিকৰী ভাষাত ‘ইণ্টিমেশ্যন অৱ ডিছএপ্ৰুভেল’ বুলি কোৱা হয়। এই অনুমতি পোৱাৰ পিছৰে পৰা মাটিৰ কাম আৰম্ভ কৰাৰ বাবে যি আনুষ্ঠানিক প্ৰক্ৰিয়া আছিল, সেয়া দ্ৰুতগতিত আগবাঢ়িছে, যাৰ বাবে খান পৰিয়ালে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল।

এই নতুন ছয় মহলীয়া বিলাসী অট্টালিকাটো বান্দ্ৰাৰ চিম্বাই এলেকাত সাগৰৰ ঠিক সন্মুখত নিৰ্মাণ কৰা হ’ব। এই বিলাসী ঘৰটোত গ্ৰাউণ্ড ফ্ল’ৰৰ লগতে গাড়ী ৰখাবলৈ এখন সুন্দৰ ষ্টিল্ট পাৰ্কিংও থাকিব। এই সমগ্ৰ অট্টালিকাটোৰ মুঠ কভাৰ্ড এৰিয়া প্ৰায় ১,০১৪ বৰ্গ মিটাৰ বুলি কোৱা হৈছে। ছলমান খানৰ পৰিয়ালে এই বহুমূলীয়া প্লটটো ২০১১ চনতেই ক্ৰয় কৰিছিল, যিটো তেওঁৰ মাতৃৰ নামত পঞ্জীয়ন কৰা আছে। এতিয়া এই ঠাইত নিৰ্মাণৰ কামে দ্ৰুতগতিত আগবাঢ়িছে, যিটো অতি সোনকালে সম্পূৰ্ণ কৰা হ’ব।

ছলমান খানৰ এই প্ৰজেক্টৰ আটাইতকৈ ডাঙৰ বাধা আছিল ‘কোষ্টেল ৰেগুলেচন জ’ন’ (CRZ)-ৰ অনুমতি। সাগৰৰ পাৰত অৱস্থিত হোৱাৰ বাবে ‘মহাৰাষ্ট্ৰ কোষ্টেল জ’ন মেনেজমেণ্ট অথৰিটি’ৰ অনুমতি পোৱাটো অত্যন্ত প্ৰয়োজনীয় আছিল। অৱশেষত ১৬ জুনত এই অনুমতি পোৱা গৈছে। অনুমতি পোৱাৰ পিছত এতিয়া এই বিলাসী অট্টালিকাটো নিৰ্মাণৰ পথ সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈছে। এই সুৰক্ষিত আৰু সুন্দৰ অট্টালিকাটো সম্পূৰ্ণ হোৱাৰ লগে লগে বলিউডৰ তাৰকা ছলমান খানে তেওঁৰ সমগ্ৰ পৰিয়ালৰ সৈতে ‘গেলেক্সি এপাৰ্টমেণ্ট’ৰ পৰাল স্থানান্তৰিত হ’ব।

উল্লেখ্য যে, ছলমান খানৰ বৰ্তমানৰ ঘৰ ‘গেলেক্সি এপাৰ্টমেণ্ট’ৰ বাহিৰত ২০২৪ চনত দুজন বাইক আৰোহীয়ে হঠাতে গুলীবৰ্ষণ কৰিছিল, যাৰ দায়িত্ব বিষ্ণৈ গেঙে লৈছিল। এই ভয়ংকৰ ঘটনাৰ পিছত চৰকাৰে ছলমান খানৰ নিৰাপত্তা তাৎক্ষণিকভাৱে বৃদ্ধি কৰি ‘ৱাই প্লাছ’ (Y+) শ্ৰেণীলৈ উন্নীত কৰিছিল। অৱশ্যে, এই নতুন ঘৰটোলৈ স্থানান্তৰিত হোৱাৰ বিষয়ত এতিয়ালৈকে ছলমান বা তেওঁৰ দলৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য অহা নাই।

লগতে পঢ়ক: সকলো অভিলেখ ভংগ কৰিবলৈ আহি আছে ‘বাহুবলী ৩’; প্ৰভাসে দিলে ডাঙৰ ইংগিত

জল্পনা-কল্পনাৰ অৱসান: মুক্তি পালে ‘Mirzapur The Movie’-ৰ বিস্ফোৰক টিজাৰ

কেতিয়া মুক্তি পাব ‘Mirzapur The Movie’? টিজাৰ মুক্তিৰ পিছতে সামাজিক মাধ্যমত খলকনি ।

বহু জল্পনা-কল্পনা আৰু অপেক্ষাৰ অন্তত, অৱশেষত ‘মিৰ্জাপুৰ দ্য মুভি’ (Mirzapur The Movie)-ৰ অফিচিয়েল টিজাৰ মুকলি কৰিছে নিৰ্মাতাসকেল । অ’টিটি প্লেটফৰ্মত ধুমুহা সৃষ্টি কৰাৰ পিছত এতিয়া ডাঙৰ পৰ্দাত উত্তেজনাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে কালীন ভাইয়া আৰু গুড্ডু পণ্ডিত ।

মুকলি কৰা টিজাৰে নিশ্চিত কৰিছে যে এই চলচ্চিত্ৰখনে সমাদৃত মিৰ্জাপুৰ চিৰিজৰ এটা প্ৰিকোৱেল বা সমান্তৰাল কাহিনী হিচাপে কাম কৰিব । ই দৰ্শকক পুনৰ ২০১৮ চনলৈ লৈ যাব আৰু মিৰ্জাপুৰৰ অপৰাধ জগতখনক গঢ় দিয়া ক্ষমতাৰ সংগ্ৰামৰ উৎসসমূহ অন্বেষণ কৰিব ।

গুড্ডু পণ্ডিত আৰু মুন্না ভাইয়াৰ সংঘাত

টিজাৰটোত চিনাকি মুখ আৰু নতুন চৰিত্ৰৰ এক আকৰ্ষণীয় মিশ্ৰণ দেখুওৱা হৈছে, যিয়ে এক তীব্ৰ আৰু ৰক্তাক্ত আখ্যানৰ পটভূমি তৈয়াৰ কৰিছে । এই কাহিনীৰ কেন্দ্ৰবিন্দুত আছে গুড্ডু পণ্ডিত (আলি ফজল) আৰু মুন্না ভাইয়া(দিব্যেন্দু)ৰ মাজৰ এক প্ৰচণ্ড প্ৰতিযোগিতা, য’ত অনুৰাগীৰ এই দুয়োটা প্ৰিয় চৰিত্ৰই আধিপত্যৰ বাবে এক নিষ্ঠুৰ যুঁজত অৱতীৰ্ণ হৈছে । মিৰ্জাপুৰৰ কাংক্ষিত সিংহাসনখনক লৈ এই যুঁজখন চলিব আৰু টিজাৰটোৱে তীব্ৰ উত্তেজনা, প্ৰতাৰণা আৰু বিস্ফোৰক মুখামুখিৰ প্ৰতিশ্ৰুতি দিছে ।

মুন্না ভাইয়াৰ প্ৰত্যাৱৰ্তন আৰু নতুন ‘বাবলু পণ্ডিত’

আটাইতকৈ উল্লেখনীয় কথাটো হ’ল, চিৰিজটোৰ দ্বিতীয় ছিজনৰ বিস্ফোৰক সমাপ্তিত মুন্না ভাইয়াৰ মৃত্যু হোৱা যেন দেখা পোৱাৰ পিছতো, দিব্যেন্দুৱে অভিনয় কৰা এই চৰিত্ৰটোৰ প্ৰত্যাৱৰ্তন ঘটিছে । ইফালে দৰ্শকে বাবলু পণ্ডিতৰ চৰিত্ৰটোত এক নতুন মুখ দেখিবলৈ পাইছে । পিছে এইবাৰ পূৰ্বে বিক্ৰান্ত মেছিয়ে কৰা এই চৰিত্ৰটোত ‘পঞ্চায়ত’ খ্যাত অভিনেতা জীতেন্দ্ৰ কুমাৰে খোজ পেলাইছে ।

ইয়াৰ উপৰিও টিজাৰটোৱে বাবু জী আৰু অনুৰাগীৰ প্ৰিয় কম্পাউণ্ডাৰ (অভিষেক বেনাৰ্জী)ৰ দৰে চিনাকি চৰিত্ৰসমূহৰ প্ৰত্যাৱৰ্তনকো নিশ্চিত কৰিছে ।

নতুন ৰূপত ৰবি কিষাণ

ৰহস্য আৰু অধিক বৃদ্ধি কৰি ছবিখনত ভোজপুৰী তাৰকা ৰবি কিষাণে অভিনয় কৰা এটা নতুন চৰিত্ৰৰ পৰিচয় দিয়া হৈছে । যদিও তেওঁৰ চৰিত্ৰটোৰ সবিশেষ এতিয়াও গোপন ৰখা হৈছে, টিজাৰটোৱে জোৰদাৰ ইংগিত দিছে যে তেওঁ মিৰ্জাপুৰৰ এই ৰক্তাক্ত যুদ্ধত অন্যতম প্ৰভাৱশালী খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিব ।

ভাৰতীয় মনোঞ্জন জগতত ‘মিৰ্জাপুৰ’ৰ প্ৰভাৱ

২০১৮ চনত যেতিয়া ‘মিৰ্জাপুৰ’ মুক্তি পাইছিল, তেতিয়া ই ভাৰতীয় অ’টিটি জগতৰ ছবিখন সম্পূৰ্ণ সলনি কৰি দিছিল । উত্তৰ প্ৰদেশৰ আইনহীন ভূখণ্ডৰ পটভূমিত নিৰ্মিত এই চিৰিজে কালীন ভাইয়াৰ (পংকজ ত্ৰিপাঠী) নিষ্ঠুৰ শাসন আৰু অপৰাধ, ৰাজনীতি তথা হিংসাৰ মাজত গুড্ডু পণ্ডিত আৰু বাবলু পণ্ডিতৰ উত্থানক অনুসৰণ কৰিছিল ।

কেতিয়া মুক্তি পাব ‘Mirzapur The Movie’?

এক্সেল এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত আৰু গুৰমীত সিঙৰ পৰিচালনাত প্ৰস্তুত হোৱা ‘মিৰ্জাপুৰ দ্য মুভি’ চলিত বৰ্ষৰ ৪ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব । চিনেমা হলৰ ডাঙৰ পৰ্দাত মিৰ্জাপুৰৰ এই নতুন অধ্যায়ে দৰ্শকক কিমান আকৰ্ষিত কৰিব পাৰে, সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : ৫ জুলাইত তৃতীয়বাৰলৈ দৰা হ’ব আমিৰ খান; নিকাহ নহয় কৰিব পঞ্জীয়নভুক্ত বিবাহ

৫ জুলাইত তৃতীয়বাৰলৈ দৰা হ’ব আমিৰ খান; নিকাহ নহয় কৰিব পঞ্জীয়নভুক্ত বিবাহ

৬১ বছৰ বয়সত বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানে তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব।

ইণ্ডাষ্ট্ৰীৰ ‘মিষ্টাৰ পাৰফেকচনিষ্ট’ আমিৰ খানে তৃতীয়বাৰৰ বাবে দৰা হ’বলৈ ওলাইছে। আমিৰ খানে অহা ৫ জুলাইত তেওঁৰ গাৰ্লফ্ৰেণ্ড গৌৰী স্প্ৰেটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ এক নতুন জীৱন আৰম্ভ কৰিবলৈ সাজু হৈছে। আমিৰে ইতিমধ্যে বিয়াৰ প্ৰস্তুতিও আৰম্ভ কৰি দিছে।

আমিৰ খানে এতিয়া তেওঁৰ তৃতীয়খন বিবাহক লৈ বিশেষ তথ্য সদৰী কৰিছে। এটা সাক্ষাৎকাৰত আমিৰ খানে ৫ জুলাইত গৌৰীৰ সৈতে তেওঁৰ তৃতীয়খন বিবাহৰ কথা নিশ্চিত কৰিছে। তেওঁ জনায় যে তেওঁলোকৰ বিয়াখন বৰ জাকজমকতাৰে নহয়, বৰঞ্চ অতি সাধাৰনভাৱে এক অন্তৰংগ পৰিৱেশত সম্পন্ন হ’ব।

আমিৰে কয় যে গৌৰী আৰু তেওঁ নিজৰ বিবাহৰ উৎসৱ আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰাৰ পৰিৱৰ্তে অতি সৰলভাৱে উদযাপন কৰিব। আমিৰে কয়— “আমাৰ বিয়াখন ঘৰতে হ’ব। এয়া এখন সাধাৰণ ৰেজিষ্টাৰ্ড মেৰেজ হ’ব। বিয়াত কেৱল দুয়োপক্ষৰ আত্মীয়-স্বজন আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱহে উপস্থিত থাকিব। আমি দুয়োৱে বিয়াখন অতি সাধাৰণ কৰি ৰাখিব বিচাৰোঁ।”

নিজৰ তৃতীয়খন বিয়াৰ প্ৰস্তুতিৰ বাবে আমিৰে কিছু সময়ৰ বাবে কামৰ পৰা বিৰতি লৈছে। বিয়াৰ কেইদিনমান পিছত আমিৰে ‘৩ ইডিয়টচৰ ছিকুৱেলৰ শ্বুটিং আৰম্ভ কৰিব।

আমিৰ খানৰ কথা ক’বলৈ গ’লে বৰ্তমান তেওঁৰ বয়স ৬১ বছৰ। গৌৰীৰ সৈতে এয়া তেওঁৰ তৃতীয়খন বিবাহ হ’ব। আমিৰে দীৰ্ঘদিন ধৰি গৌৰীক ডেট কৰি আছিল। যোৱা বছৰৰ মাৰ্চ মাহত নিজৰ ৬০ সংখ্যক জন্মদিনত দুয়োৱে এই সম্পৰ্কক আনুষ্ঠানিক ৰূপ দিছিল। তেতিয়াৰে পৰা দুয়োকে প্ৰায়ে প্ৰতিটো বিশেষ অনুষ্ঠানত একেলগে দেখা পোৱা যায়।

লগতে পঢ়ক: হিজাব পৰিত্যাগ কৰি স্লিভলেছ পোছাক পৰিধান; ইৰানী কণ্ঠশিল্পী পৰস্তু আহমদীক ৭৪ বাৰকৈ চাবুকেৰে কোবোৱাৰ শাস্তি

ছীল হ’ল কণ্ঠশিল্পী বাদশ্বাহৰ ক্লাব SAGO; নিয়ম ভংগ কৰাৰ অভিযোগ

বাদশ্বাহৰ ক্লাব ছীল কৰাৰ পিছত আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি ডিস্কোৰ ভিতৰত প্ৰশাসনে অসংখ্য অনিয়ম চিনাক্ত কৰিছিল।

ছিংগাৰ-ৰেপাৰ বাদশ্বাহৰ চণ্ডীগড়ৰ ছেক্টৰ-২৬ ত অৱস্থিত ক্লাব ‘SAGO By Badshah’ ক চণ্ডীগড় প্ৰশাসনে ছীল কৰি দিছে। বিল্ডিং উলংঘা কৰাকে ধৰি আন কেইবাটাও অনিয়মৰ প্ৰতি লক্ষ্য ৰাখি ক্লাবটো ছীল কৰা হৈছে।

জানিব পৰা মতে, প্ৰশাসনে কেইবাবাৰো ক্লাব পৰিচালনাক জাননী জাৰি কৰি নিয়ম অনুসৰি প্ৰয়োজনীয় উন্নতি সাধন কৰিবলৈ আৰু বৰ্তমানৰ অসুবিধাসমূহ শুধৰণি কৰিবলৈ নিৰ্দেশ দিছিল।ইয়াৰ বাবে সময়ো নিৰ্ধাৰণ কৰা হৈছিল যদিও নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিয়ম মানি চলা নহ’ল।

মঙলবাৰে পুৱা এটা প্ৰশাসনিক দল সেই স্থানত উপস্থিত হয় আৰু প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত ক্লাবটো ছীল কৰে।অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে বাদশ্বাহৰ পৰা কোনো সঁহাৰি পোৱা নাই।

লগতে পঢ়ক: মৰ্যাদা বাঢ়িলে শত্ৰুও বাঢ়িবঃ এইবাৰ ডন-৩ বিতৰ্কত কংগনা ৰাণাৱটৰ প্ৰৱেশ

মৰ্যাদা বাঢ়িলে শত্ৰুও বাঢ়িবঃ এইবাৰ ডন-৩ বিতৰ্কত কংগনা ৰাণাৱটৰ প্ৰৱেশ

শেহতীয়াকৈ নিজৰ আগন্তুক ছবি ‘ভাৰত ভাগ্য বিধাতা’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত থকা কংগনা ৰাণাৱটক সংবাদ মাধ্যমে ৰণবীৰ সিঙৰ ওপৰত হোৱা এই ব্যৱস্থা সন্দৰ্ভত প্ৰশ্ন কৰিছিল

বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিঙক লৈ চিনেমা জগতত সৃষ্টি হোৱা ‘ডন ৩’ বিতৰ্কই এতিয়া এক নতুন মোৰ লৈছে । ছবিখনৰ পৰা ৰণবীৰ হঠাতে বাদ পৰাৰ পিছত আৰম্ভ হোৱা এই বিবাদে ইমানেই গুৰুতৰ ৰূপ ধাৰণ কৰিছে যে বলীউডৰ অন্যতম শক্তিশালী সংস্থা FWICE (ফেডাৰেচন অব্ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লইজ)-এ অভিনেতাগৰাকীৰ বিৰুদ্ধে এক ‘অসহযোগ নিৰ্দেশনা’ (Non-cooperation directive) জাৰি কৰিবলগীয়া হৈছে । এই পৰিস্থিতিৰ মাজতে এতিয়া এণ্ট্ৰী ঘটিছে বিতৰ্কিত অভিনেত্ৰী তথা সাসংদ কংগনা ৰাণাৱটৰ । ৰণবীৰৰ সমৰ্থনত থিয় দি কংগনাই আকৌ এবাৰ নিজৰ মন্তব্যৰে খলকনি তুলিছে ।

কংগনাৰ বিস্ফোৰক মন্তব্য : “মৰ্যাদা বাঢ়িলে শত্ৰুও বাঢ়িবই!”

শেহতীয়াকৈ নিজৰ আগন্তুক ছবি ‘ভাৰত ভাগ্য বিধাতা’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত থকা কংগনা ৰাণাৱটক সংবাদ মাধ্যমে ৰণবীৰ সিঙৰ ওপৰত হোৱা এই ব্যৱস্থা সন্দৰ্ভত প্ৰশ্ন কৰিছিল । সদায় নিজৰ স্পষ্ট কথাৰ বাবে জনাজাত কংগনাই কোনো কুণ্ঠাবোধ নকৰাকৈ ক’লে-

“এনেকুৱা কেতিয়াও হ’ব নোৱাৰে যে আপোনাৰ মৰ্যাদা বা স্থান বৃদ্ধি পাব আৰু আপোনাৰ শত্ৰু নাবাঢ়িব । আজি ৰণবীৰ সিঙে ভাবিব লাগে যে তেওঁৰ স্থান বৰ্তমান কি পৰ্যায়ত আছে, যাৰ বাবে তেওঁৰ ইমান শত্ৰু সৃষ্টি হৈছে ।”

নিজৰ কেৰিয়াৰৰ সংগ্ৰামৰ কথা উল্লেখ কৰি কংগনাই ৰণবীৰক সান্ত্বনা দি লগতে কয়- “যেতিয়া আপুনি জীৱনত আগবাঢ়ি যায়, তেতিয়া বিভিন্ন ধৰণৰ বাধা-বিঘিনি আহে । আপুনি সদায় পোন বাটটো নাপায় । মোৰ লগতো বহুত কিবাকিবি ঘটিছে, কিন্তু চাওক আজি মই ক’ত আছোঁ । মোৰ গাড়ীখনো ভালেই চলি আছে । শেষত সকলো ঠিক হৈ যায় ।”

আচলতে কি হৈছিল ?

জানিব পৰা মতে, বিতৰ্কৰ সূত্ৰপাত হৈছিল যেতিয়া খবৰ ওলাইছিল যে ৰণবীৰ সিঙক ‘ডন ৩’ৰ পৰা বাহিৰ হৈছে । ছবিখনৰ প্ৰযোজক ফাৰহান আখতাৰ আৰু এক্সেল এণ্টাৰটেইনমেণ্টে অভিযোগ উত্থাপন কৰিছে যে ৰণবীৰে কোনো আগতীয়া জাননী নিদিয়াকৈ হঠাতে এই মেগা প্ৰজেক্টটোৰ পৰা আঁতৰি গৈছিল ।

ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বৰ প্ৰস্তুতি অৰ্থাৎ প্ৰাক-প্ৰডাকচনৰ (Pre-production) কামত ইতিপূৰ্বেই কোটি কোটি টকা ব্যয় কৰা হৈছিল । ৰণবীৰৰ এই আকস্মিক সিদ্ধান্তৰ বাবে প্ৰডাকচন হাউচটোৰ প্ৰায় ৪৫ কোটি টকা লোকচান হোৱা বুলি দাবী কৰা হৈছে ।

এই লোকচানৰ পিছতে নিৰ্মাতাসকলে চলচ্চিত্ৰ কৰ্মীসকলৰ সৰ্ববৃহৎ সংস্থা FWICE-ৰ দ্বাৰস্থ হয় । সংস্থাই বিষয়টো গুৰুত্বসহকাৰে লৈ ৰণবীৰৰ বিৰুদ্ধে এক ‘অসহযোগ নিৰ্দেশনা’ জাৰি কৰে আৰু ইউনিয়নৰ কোনো সদস্যক অভিনেতাগৰাকীৰ সৈতে কাম নকৰিবলৈ আহ্বান জনায় ।

অৱশ্যে পিছত FWICE-ৰ মুখ্য উপদেষ্টা অশোক পণ্ডিতে স্পষ্টীকৰণ দি কয় যে এয়া কোনো আইনী “নিষিদ্ধকৰণ” নহয়, কিয়নো কোনো শিল্পীৰ ওপৰত তেনে নিষেধাজ্ঞা জাপি দিয়াৰ অধিকাৰ সংস্থাটোৰ নাই । এয়া কেৱল এক ‘অসহযোগ নিৰ্দেশনা’হে ।

ছচিয়েল মিডিয়াত তুমুল বিতৰ্ক, মৌন ৰণবীৰ-

কংগনা ৰাণাৱটৰ এই মন্তব্যৰ পিছতে সমগ্ৰ ছচিয়েল মিডিয়াত এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । একাংশ অনুৰাগীয়ে কংগনাৰ এই সাহসিকতাক প্ৰশংসা কৰিছে, আনহাতে আন একাংশ নেটিজেনে দাবী কৰিছে যে ৰণবীৰ সিঙে আনৰ সমৰ্থন লৈ থকাতকৈ প্ৰথমে ‘ডন ৩’ বিতৰ্কৰ সন্দৰ্ভত নিজৰ স্পষ্টীকৰণ দিব লাগে ।

ইমান ডাঙৰ বিতৰ্ক আৰু অসহযোগিতাৰ নিৰ্দেশনাৰ পিছতো বৰ্তমানলৈকে ৰণবীৰ সিঙে ৰাজহুৱাকৈ কোনো মন্তব্য কৰা নাই । এতিয়া কংগনাৰ এই এণ্ট্ৰীয়ে বলীউডৰ এই ড্ৰামাটিক বিবাদক কোন দিশে লৈ যায়, সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : ‘ডন ৩’ বিতৰ্কঃ ৰণবীৰ সিঙৰ ওপৰত নিষেধাজ্ঞা, ৪৫ কোটি টকাৰ ক্ষতিপূৰণ দাবী