'ডন ৩' বিতৰ্কঃ ৰণবীৰ সিঙৰ ওপৰত নিষেধাজ্ঞা, ৪৫ কোটি টকাৰ ক্ষতিপূৰণ দাবী

‘ডন ৩’ বিতৰ্কঃ ৰণবীৰ সিঙৰ ওপৰত নিষেধাজ্ঞা, ৪৫ কোটি টকাৰ ক্ষতিপূৰণ দাবী

অভিনেতা ৰণবীৰ সিঙৰ এক হঠাত লোৱা সিদ্ধান্তই এতিয়া তীব্ৰ খলকনি তুলিছে সমগ্ৰ হিন্দী চলচ্চিত্ৰ উদ্যোগত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ এক হঠাত লোৱা সিদ্ধান্তই এতিয়া তীব্ৰ খলকনি তুলিছে সমগ্ৰ হিন্দী চলচ্চিত্ৰ উদ্যোগত । পৰিচালক ফাৰহান আখতাৰৰ বহু প্ৰত্যাশিত ছবি ‘ডন ৩’ (Don 3)-ৰ পৰা কোনো

অভিনেতা ৰণবীৰ সিঙৰ এক হঠাত লোৱা সিদ্ধান্তই এতিয়া তীব্ৰ খলকনি তুলিছে সমগ্ৰ হিন্দী চলচ্চিত্ৰ উদ্যোগত

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ এক হঠাত লোৱা সিদ্ধান্তই এতিয়া তীব্ৰ খলকনি তুলিছে সমগ্ৰ হিন্দী চলচ্চিত্ৰ উদ্যোগত । পৰিচালক ফাৰহান আখতাৰৰ বহু প্ৰত্যাশিত ছবি ‘ডন ৩’ (Don 3)-ৰ পৰা কোনো আগজাননী নিদিয়াকৈ হঠাতে ওলাই যোৱাৰ বাবে অভিনেতাগৰাকীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে চলচ্চিত্ৰ কৰ্মীসকলৰ শীৰ্ষ সংগঠন ফেডাৰেচন অব্ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লইজ (FWICE)-এ । কেৱল সেয়ে নহয়, ছবিখনৰ প্ৰযোজনা সংস্থা ‘এক্সেল এণ্টাৰটেইনমেণ্ট’ (Excel Entertainment)-এ ৰণবীৰৰ পৰা ৪৫ কোটি টকাৰ বৃহৎ ক্ষতিপূৰণো দাবী কৰিছে ।

৩ বাৰকৈ জাননীৰ পিছতো নীৰৱ ৰণবীৰ :

সোমবাৰে মুম্বাইত অনুষ্ঠিত এক সংবাদ মেলত FWICE-ৰ মুখ্য উপদেষ্টা অশোক পণ্ডিতে কয় যে যোৱা ১১ এপ্ৰিলত ফাৰহান আখতাৰে এই সন্দৰ্ভত এটা আনুষ্ঠানিক অভিযোগ দাখিল কৰিছিল । ছবিখনৰ শ্বুটিঙৰ বাবে গোটেই ইউনিটটো ওলাই যোৱাৰ ঠিক তিনি সপ্তাহ পূৰ্বে ৰণবীৰে ছবিখন ত্যাগ কৰে ।

“আমি ৰণবীৰ সিঙক তেওঁৰ পক্ষ ল’বলৈ প্ৰতি ১০ দিনৰ মূৰে মূৰে তিনিবাৰকৈ জাননী পঠিয়াইছিলোঁ । কিন্তু তেওঁ কোনো সঁহাৰি নিদিলে । অৱশেষত যোৱা শনিবাৰে (২৩ মে’) তেওঁৰ সচিবে এটা মেইল পঠিয়াই কয় যে এই বিষয়ত কথা পাতিবলৈ FWICE-ৰ কোনো একাধিকাৰ বা কৰ্তৃত্ব নাই ।” — অশোক পণ্ডিত, মুখ্য উপদেষ্টা, FWICE

৪৫ কোটি টকাৰ লোকচানৰ খতিয়ান :

প্ৰযোজক ৰিতেশ চিধৱানীয়ে ব্যক্তিগতভাৱে আৰু ফাৰহান আখতাৰে লণ্ডনৰ পৰা জুম বৈঠকৰ জৰিয়তে FWICE-ৰ সন্মুখত প্ৰি-প্ৰডাকচনৰ সকলো খৰচৰ অডিট ৰিপৰ্ট দাঙি ধৰে । ২০০ তকৈও অধিক কৰ্মীৰ বাবে হোটেল বুকিং, লোকেচন আৰু বিদেশ ভ্ৰমণৰ খৰচ মিলাই ইতিমধ্যে ৪৫ কোটি টকা ব্যয় হৈছে, যিটো সম্পূৰ্ণৰূপে লোকচানৰ মুখত পৰিছে । উল্লেখ্য যে, ৰণবীৰে এক্সেল এণ্টাৰটেইনমেণ্টৰ সৈতে ৩ খন ছবিৰ চুক্তি কৰিছিল আৰু তেওঁৰ উপস্থিতিতেই ছবিখনৰ প্ৰমো’ও শ্বুট কৰা হৈছিল ।

“ছুপাৰষ্টাৰ আইনতকৈ ডাঙৰ নহয়”- FWICE

ৰণবীৰৰ এনে আচৰণত ক্ষুব্ধ হৈ চলচ্চিত্ৰ গোটটোৱে স্পষ্ট কৰি দিয়ে যে উদ্যোগটোত কোনেও নিয়মৰ ঊৰ্ধ্বত নহয় ।

অসহযোগৰ নিৰ্দেশনা : FWICE-ৰ সভাপতি বি এন তিৱাৰীয়ে কয়, “আমি উদ্যোগটোলৈ এটা বাৰ্তা পঠিয়াব খুজিছোঁ যে এজন ছুপাৰষ্টাৰ আইনতকৈ ডাঙৰ হ’ব নোৱাৰে । তেওঁ আমাক ব্যক্তিগতভাৱে লগ নকৰালৈকে এই অসহযোগ চলি থাকিব ।”

কৰ্মীৰ কাম কৰিবলৈ অস্বীকাৰ: সংগঠনটোৰ সাধাৰণ সম্পাদক অশোক ডুবেয়ে ঘোষণা কৰে যে সমগ্ৰ ভাৰতৰে কোনো এজন টেকনিচিয়ান, লাইটমেন বা স্পটবয়ে ৰণবীৰ সিঙৰ সৈতে কাম নকৰে ।

ভৱিষ্যতৰ প্ৰকল্পত আউল : যিহেতু FWICE-ৰ অধীনত ৫০০০ ৰো অধিক সক্ৰিয় সদস্য আৰু ৩২ টা ক্ৰাফ্ট ইউনিয়ন আছে, সেয়েহে এই সিদ্ধান্তৰ বাবে ৰণবীৰৰ আগন্তুক ছবি ‘প্ৰলয়’ৰ লগতে তেওঁৰ সকলো বিজ্ঞাপন চলচ্চিত্ৰৰ (Ad Films) কামো স্তব্ধ হৈ পৰাৰ সম্ভাৱনা আছে ।

মধ্যস্থতাৰ চেষ্টা ব্যৰ্থ :

জানিব পৰা মতে, বলীউডৰ তাৰকা আমিৰ খান, প্ৰযোজক সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু শিবাশিষ চৰকাৰে বিষয়টো নিষ্পত্তি কৰিবলৈ চেষ্টা চলাইছিল যদিও সকলো আলোচনা ব্যৰ্থ হয় ।

সংগঠনটোৱে কয় যে শেহতীয়াকৈ ৰণবীৰৰ ‘ধুৰন্ধৰ’ ফ্ৰেঞ্চাইজিয়ে বিশ্বজুৰি ৩০০০ কোটি টকাৰো অধিক ব্যৱসায় কৰিছে আৰু তেওঁ উদ্যোগটোৰ এজন অতি গুৰুত্বপূৰ্ণ ব্যক্তি । কিন্তু কেৱল কাহিনী ভাল লগা নাই বুলিয়েই শেষ মুহূৰ্তত ছবি এৰি দিলে হাজাৰ হাজাৰ সাধাৰণ কৰ্মীৰ লোকচান হয় ।

সংবাদ মেলৰ শেষত FWICE-ৰ সভাপতি বি এন তিৱাৰীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়— “সন্তান যেতিয়া বেয়া হৈ যায়, সিহঁতক সঠিক কৰিব লগা হয় ।”

ইফালে FWICE-ৰ অসহযোগ নিৰ্দেশনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰণবীৰ সিঙৰ মুখপাত্ৰগৰাকীয়ে কয়, “চলচ্চিত্ৰ জগতখনৰ লগতে ‘ডন’ ফ্ৰেঞ্চাইজিৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি ৰণবীৰ সিঙৰ অপৰিসীম সন্মান আছে । ‘ডন ৩’ বোলছবিখনক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতিৰ মাজতো তেওঁ সচেতনভাৱে নীৰৱতা অৱলম্বন কৰাৰ সিদ্ধান্ত লৈছে, কাৰণ তেওঁ বিশ্বাস কৰে যে বৃত্তিমূলক আলোচনা আৰু ব্যক্তিগত সম্পৰ্কসমূহ সদায় মৰ্যাদা, পৰিপক্বতা আৰু পাৰস্পৰিক সন্মানেৰে চম্ভালিব লাগে ।’

তেওঁ কয়- ‘সময়ৰ লগে লগে বিভিন্ন ধৰণৰ চৰ্চা আৰু উৰাবাতৰি ওলাইছে যদিও, ৰণবীৰে কেতিয়াও ইয়াৰ ৰাজহুৱা উত্তৰ দিয়াটো বা কোনো ধৰণৰ অনুমানভিত্তিক বিতৰ্কত ভাগ লোৱাটো প্ৰয়োজনীয় বুলি ভবা নাই । তেওঁৰ সম্পূৰ্ণ মনোযোগ এতিয়াও নিজৰ কাম আৰু আগন্তুক প্ৰতিশ্ৰুতিসমূহৰ ওপৰত কেন্দ্ৰীভূত হৈ আছে । এই প্ৰকল্পৰ সৈতে জড়িত সকলোৰে প্ৰতি তেওঁৰ গভীৰ সন্মান আৰু শুভেচ্ছা অটুট আছে আৰু তেওঁ এই ফ্ৰেঞ্চাইজিটোৰ ধাৰাবাহিক সফলতা আন্তৰিকতাৰে কামনা কৰিছে । এনেকুৱা মুহূৰ্তত সংযম আৰু শালীনতা বজাই ৰখাটো সদায় তেওঁৰ এক সচেতন সিদ্ধান্ত আছিল আৰু ভৱিষ্যতেও তেওঁ এই একেই স্থিতি বজাই ৰাখিব ।”

শেহতীয়া প্ৰৱন্ধসমূহ