মৰ্যাদা বাঢ়িলে শত্ৰুও বাঢ়িবঃ এইবাৰ ডন-৩ বিতৰ্কত কংগনা ৰাণাৱটৰ প্ৰৱেশ

শেহতীয়াকৈ নিজৰ আগন্তুক ছবি ‘ভাৰত ভাগ্য বিধাতা’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত থকা কংগনা ৰাণাৱটক সংবাদ মাধ্যমে ৰণবীৰ সিঙৰ ওপৰত হোৱা এই ব্যৱস্থা সন্দৰ্ভত প্ৰশ্ন কৰিছিল

বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিঙক লৈ চিনেমা জগতত সৃষ্টি হোৱা ‘ডন ৩’ বিতৰ্কই এতিয়া এক নতুন মোৰ লৈছে । ছবিখনৰ পৰা ৰণবীৰ হঠাতে বাদ পৰাৰ পিছত আৰম্ভ হোৱা এই বিবাদে ইমানেই গুৰুতৰ ৰূপ ধাৰণ কৰিছে যে বলীউডৰ অন্যতম শক্তিশালী সংস্থা FWICE (ফেডাৰেচন অব্ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লইজ)-এ অভিনেতাগৰাকীৰ বিৰুদ্ধে এক ‘অসহযোগ নিৰ্দেশনা’ (Non-cooperation directive) জাৰি কৰিবলগীয়া হৈছে । এই পৰিস্থিতিৰ মাজতে এতিয়া এণ্ট্ৰী ঘটিছে বিতৰ্কিত অভিনেত্ৰী তথা সাসংদ কংগনা ৰাণাৱটৰ । ৰণবীৰৰ সমৰ্থনত থিয় দি কংগনাই আকৌ এবাৰ নিজৰ মন্তব্যৰে খলকনি তুলিছে ।

কংগনাৰ বিস্ফোৰক মন্তব্য : “মৰ্যাদা বাঢ়িলে শত্ৰুও বাঢ়িবই!”

শেহতীয়াকৈ নিজৰ আগন্তুক ছবি ‘ভাৰত ভাগ্য বিধাতা’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত থকা কংগনা ৰাণাৱটক সংবাদ মাধ্যমে ৰণবীৰ সিঙৰ ওপৰত হোৱা এই ব্যৱস্থা সন্দৰ্ভত প্ৰশ্ন কৰিছিল । সদায় নিজৰ স্পষ্ট কথাৰ বাবে জনাজাত কংগনাই কোনো কুণ্ঠাবোধ নকৰাকৈ ক’লে-

“এনেকুৱা কেতিয়াও হ’ব নোৱাৰে যে আপোনাৰ মৰ্যাদা বা স্থান বৃদ্ধি পাব আৰু আপোনাৰ শত্ৰু নাবাঢ়িব । আজি ৰণবীৰ সিঙে ভাবিব লাগে যে তেওঁৰ স্থান বৰ্তমান কি পৰ্যায়ত আছে, যাৰ বাবে তেওঁৰ ইমান শত্ৰু সৃষ্টি হৈছে ।”

নিজৰ কেৰিয়াৰৰ সংগ্ৰামৰ কথা উল্লেখ কৰি কংগনাই ৰণবীৰক সান্ত্বনা দি লগতে কয়- “যেতিয়া আপুনি জীৱনত আগবাঢ়ি যায়, তেতিয়া বিভিন্ন ধৰণৰ বাধা-বিঘিনি আহে । আপুনি সদায় পোন বাটটো নাপায় । মোৰ লগতো বহুত কিবাকিবি ঘটিছে, কিন্তু চাওক আজি মই ক’ত আছোঁ । মোৰ গাড়ীখনো ভালেই চলি আছে । শেষত সকলো ঠিক হৈ যায় ।”

আচলতে কি হৈছিল ?

জানিব পৰা মতে, বিতৰ্কৰ সূত্ৰপাত হৈছিল যেতিয়া খবৰ ওলাইছিল যে ৰণবীৰ সিঙক ‘ডন ৩’ৰ পৰা বাহিৰ হৈছে । ছবিখনৰ প্ৰযোজক ফাৰহান আখতাৰ আৰু এক্সেল এণ্টাৰটেইনমেণ্টে অভিযোগ উত্থাপন কৰিছে যে ৰণবীৰে কোনো আগতীয়া জাননী নিদিয়াকৈ হঠাতে এই মেগা প্ৰজেক্টটোৰ পৰা আঁতৰি গৈছিল ।

ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বৰ প্ৰস্তুতি অৰ্থাৎ প্ৰাক-প্ৰডাকচনৰ (Pre-production) কামত ইতিপূৰ্বেই কোটি কোটি টকা ব্যয় কৰা হৈছিল । ৰণবীৰৰ এই আকস্মিক সিদ্ধান্তৰ বাবে প্ৰডাকচন হাউচটোৰ প্ৰায় ৪৫ কোটি টকা লোকচান হোৱা বুলি দাবী কৰা হৈছে ।

এই লোকচানৰ পিছতে নিৰ্মাতাসকলে চলচ্চিত্ৰ কৰ্মীসকলৰ সৰ্ববৃহৎ সংস্থা FWICE-ৰ দ্বাৰস্থ হয় । সংস্থাই বিষয়টো গুৰুত্বসহকাৰে লৈ ৰণবীৰৰ বিৰুদ্ধে এক ‘অসহযোগ নিৰ্দেশনা’ জাৰি কৰে আৰু ইউনিয়নৰ কোনো সদস্যক অভিনেতাগৰাকীৰ সৈতে কাম নকৰিবলৈ আহ্বান জনায় ।

অৱশ্যে পিছত FWICE-ৰ মুখ্য উপদেষ্টা অশোক পণ্ডিতে স্পষ্টীকৰণ দি কয় যে এয়া কোনো আইনী “নিষিদ্ধকৰণ” নহয়, কিয়নো কোনো শিল্পীৰ ওপৰত তেনে নিষেধাজ্ঞা জাপি দিয়াৰ অধিকাৰ সংস্থাটোৰ নাই । এয়া কেৱল এক ‘অসহযোগ নিৰ্দেশনা’হে ।

ছচিয়েল মিডিয়াত তুমুল বিতৰ্ক, মৌন ৰণবীৰ-

কংগনা ৰাণাৱটৰ এই মন্তব্যৰ পিছতে সমগ্ৰ ছচিয়েল মিডিয়াত এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । একাংশ অনুৰাগীয়ে কংগনাৰ এই সাহসিকতাক প্ৰশংসা কৰিছে, আনহাতে আন একাংশ নেটিজেনে দাবী কৰিছে যে ৰণবীৰ সিঙে আনৰ সমৰ্থন লৈ থকাতকৈ প্ৰথমে ‘ডন ৩’ বিতৰ্কৰ সন্দৰ্ভত নিজৰ স্পষ্টীকৰণ দিব লাগে ।

ইমান ডাঙৰ বিতৰ্ক আৰু অসহযোগিতাৰ নিৰ্দেশনাৰ পিছতো বৰ্তমানলৈকে ৰণবীৰ সিঙে ৰাজহুৱাকৈ কোনো মন্তব্য কৰা নাই । এতিয়া কংগনাৰ এই এণ্ট্ৰীয়ে বলীউডৰ এই ড্ৰামাটিক বিবাদক কোন দিশে লৈ যায়, সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : ‘ডন ৩’ বিতৰ্কঃ ৰণবীৰ সিঙৰ ওপৰত নিষেধাজ্ঞা, ৪৫ কোটি টকাৰ ক্ষতিপূৰণ দাবী

ডিজিটেল প্লেটফৰ্মত ব্লকবাষ্টাৰ ‘ধুৰন্ধৰ ২’ : ভাৰতত কেতিয়া আৰু ক’ত হ’ব ষ্ট্ৰীমিং ?

জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ একচন-থ্ৰিলাৰ ছবি ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ এতিয়া ভাৰতত ডিজিটেল প্লেটফৰ্মত মুক্তি লাভৰ বাবে সম্পূৰ্ণ সাজু হৈছে

প্ৰেক্ষাগৃহত সফলতাৰে ব্যৱসায় কৰাৰ পিছত, অনুৰাগীসকলৰ বাবে সুখবৰ! জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ একচন-থ্ৰিলাৰ ছবি ‘ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ’ (Dhurandhar 2: The Revenge) এতিয়া ভাৰতত ডিজিটেল প্লেটফৰ্মত মুক্তি লাভৰ বাবে সম্পূৰ্ণ সাজু হৈছে । পৰিচালক আদিত্য ধৰৰ এই ছিকুৱেল ছবিখনে অতি সোনকালেই লাভ কৰিব অটিটি (OTT) মুক্তি ।

ছবিখনত ৰণবীৰ সিঙৰ লগতে আৰ. মাধৱন, সঞ্জয় দত্ত, অৰ্জুন ৰামপাল, চাৰা অৰ্জুন আৰু ৰাকেশ বেদীয়ে গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে ।

কেতিয়া আৰু ক’ত চাব পাৰিব ?

নিৰ্মাতাসকলে ছচিয়েল মিডিয়াৰ জৰিয়তে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ছবিখনৰ ষ্ট্ৰীমিং পৰিকল্পনা :

অফিচিয়েল ৰিলিজ : অহা ৫ জুন, ২০২৬ তাৰিখৰ পৰা কেৱল জিঅ’হটষ্টাৰ যোগে এই ছবিখন উপভোগ কৰিব পৰা যাব ।

বিশেষ ডিজিটেল প্ৰিমিয়াৰ : মূল মুক্তিৰ ঠিক এদিন পূৰ্বে, অৰ্থাৎ ৪ জুনৰ সন্ধিয়া ৭ বজাত এটা বিশেষ ডিজিটেল প্ৰিমিয়াৰৰো ব্যৱস্থা কৰা হৈছে ।

বহুভাষিক মুক্তি : সমগ্ৰ দেশৰ দৰ্শকে যাতে নিজৰ পছন্দৰ ভাষাত ছবিখন উপভোগ কৰিব পাৰে, তাৰ বাবে ইয়াক হিন্দী, তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাত উপলব্ধ কৰা হ’ব ।

নিৰ্মাতা দলটোৱে ছবিখনক “চিনেমাৰ ধুৰন্ধৰ” বুলি অভিহিত কৰি দৰ্শকক এই ডিজিটেল যাত্ৰাত ভাগ ল’বলৈ আমন্ত্ৰণ জনাইছে ।

ওটিটিত উপলব্ধ হ’ব ৩ মিনিটৰ অতিৰিক্ত দৃশ্য : “ৰ’ এণ্ড অনদেখা” সংস্কৰণ

ছিনেমা হলত ছবিখন চোৱা দৰ্শকসকলৰ বাবেও ওটিটি মুক্তি হ’ব বিশেষ । জিঅ’হটষ্টাৰৰ গ্ৰাহকসকলে ছবিখনৰ এটা বিশেষ “ৰ’ এণ্ড অনদেখা” (Raw & Undekha) সংস্কৰণ চাবলৈ সুযোগ পাব ।

প্ৰতিবেদন অনুসৰি, এই বৰ্ধিত সংস্কৰণত প্ৰায় ৩ মিনিটৰ অতিৰিক্ত দৃশ্য অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ থিয়েটাৰ সংস্কৰণত দেখুওৱা হোৱা নাছিল । অলপতে নেটফ্লিক্স আৰু জিঅ’হটষ্টাৰ দুয়োটাতে একে নামৰ সংস্কৰণ প্ৰচাৰ হোৱাক লৈ অনুৰাগীৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল যদিও, এতিয়া স্পষ্ট হৈ পৰিছে যে পূৰ্বৰ ঘোষণাটো প্ৰথমখন ‘ধুৰন্ধৰ’ৰ বাবেহে আছিল আৰু এতিয়া ৫ জুনত ‘ধুৰন্ধৰ ২’ৰ নতুন বৰ্ধিত সংস্কৰণহে মুকলি কৰা হ’ব ।

বক্স অফিচত অভিলেখ সৃষ্টিকাৰী উপাৰ্জন-

প্ৰেক্ষাগৃহত দুমাহতকৈও অধিক সময় পাৰ হোৱাৰ পিছতো ‘ধুৰন্ধৰ ২’ৰ যাত্ৰা আছিল অভূতপূৰ্ব :

বিশ্বজুৰি সংগ্ৰহ : বক্স অফিচ ট্ৰেকাৰ ‘ছেকনিক’ (Sacnilk)ৰ প্ৰতিবেদন অনুসৰি, ছবিখনে বিশ্বজুৰি প্ৰায় ১,৭৯৮ কোটি টকা উপাৰ্জন কৰি ২০২৬ চনৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবিৰ খিতাপ দখল কৰিছে ।

ঘৰুৱা বক্স অফিচ : কেৱল ভাৰততে ছবিখনৰ নেট সংগ্ৰহে প্ৰায় ১,১৪৮.২২ কোটি টকা স্পৰ্শ কৰিছে আৰু অতি সোনকালেই ১,১৫০ কোটিৰ অভিলেখ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে ।

লগতে পঢ়ক : বিবাহৰ ৩ মাহৰ পিছত হনিমুনলৈ ৰশ্মিকা মণ্ডানা; শ্বেয়াৰ কৰিলে ব্যক্তিগত মুহূৰ্ত

‘জীৱনৰ উদ্দেশ্য কি?’; বিতৰ্কৰ মাজতে সদগুৰুক সাক্ষাৎ ৰণবীৰ সিঙৰ

‘ডন ৩’ক লৈ চলি থকা হুলস্থুলৰ মাজতে শেহতীয়াকৈ ৰণবীৰ সিঙে আধ্যাত্মিক নেতা সদগুৰুৰ সৈতে হোৱা এক বাৰ্তালাপ সামাজিক মাধ্যময় ভাইৰেল হৈ পৰিছে।

বলীউডৰ অভিনেতা ৰণবীৰ সিঙে বৰ্তমান ‘ডন ৩’ ছবি আৰু এফ ডব্লিউ আই চিয়ে জাৰি কৰা নিষেধাজ্ঞাৰ বাবেই শিৰোনাম দখল কৰিছে। ফাৰহান আখতাৰ আৰু ৰিতেশ সিধৱানীক লৈ চলি থকা এই বিতৰ্কৰ মাজতে এতিয়া অভিনেতাগৰাকীয়ে সদগুৰুৰ পৰা পথ প্ৰদৰ্শন বিচাৰিছে।এতিয়া সদগুৰুৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। এই ভিডিঅ’টোত ৰণবীৰে যথেষ্ট গভীৰ চিন্তাত আৰু নিস্তব্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে।

বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টোত ৰণবীৰ সিঙে সদগুৰুৰ সৈতে জীৱনৰ উদ্দেশ্য সন্দৰ্ভত আলোচনাত লিপ্ত হোৱা দেখা গৈছে। বিশেষকৈ ৰণবীৰ সিঙে উত্থাপন কৰা এই বিশেষ প্ৰশ্নটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। ভিডিঅ’টোত ৰণবীৰ সিঙে উল্লেখ কৰিছে যে তেওঁ ছ’চিয়েল মিডিয়াত বহু লোকে সদগুৰুৰ ওচৰলৈ যাবলৈ কৈছিল।  

ৰণবীৰ সিঙে সদগুৰুক সাক্ষাৎ কৰি প্ৰশ্ন কৰে যে ‘জীৱনৰ উদ্দেশ্য কি?’ তাৰ উত্তৰত সদগুৰুৱে কয় যে জীৱনৰ উদ্দেশ্য কি বুলি সুধিলে আচলতে আপুনি যিটো সুধিছে সেয়া হ’ল,জীৱনৰ উপযোগ কি? জীৱনৰ কোনো উদ্দেশ্য নাই। আপোনাৰ বুদ্ধিমত্তাতকৈ জীৱন বহুত ডাঙৰ। তোমাৰ অস্তিত্ব নাথাকিলেও জীৱনটো তেতিয়াও থাকিলহেঁতেন।জীৱনক যুক্তি বা উপযোগিতাৰ পাল্লাত জোখাব নোৱাৰি,জীৱনটো নিজৰ মাজতে এক অভিজ্ঞতা—যিটো কেৱল অনুভৱ কৰিব পাৰি।

মন কৰিবলগীয়া যে ৰণবীৰৰ এই ভিডিঅ’টো চোৱাৰ পিছত বহু লোকে তেওঁৰ বৰ্তমানৰ মানসিক অৱস্থাৰ প্ৰেক্ষাপটত ইয়াৰ ব্যাখ্যা আগবঢ়াইছে। আন কিছুমানে কয় যে অভিনেতাজনে কঠিন পৰ্যায়ত মানসিক শান্তি বিচাৰিছে।

লগতে পঢ়ক: ‘ডন ৩’ বিতৰ্কঃ ৰণবীৰ সিঙৰ ওপৰত নিষেধাজ্ঞা, ৪৫ কোটি টকাৰ ক্ষতিপূৰণ দাবী

‘ডন ৩’ বিতৰ্কঃ ৰণবীৰ সিঙৰ ওপৰত নিষেধাজ্ঞা, ৪৫ কোটি টকাৰ ক্ষতিপূৰণ দাবী

অভিনেতা ৰণবীৰ সিঙৰ এক হঠাত লোৱা সিদ্ধান্তই এতিয়া তীব্ৰ খলকনি তুলিছে সমগ্ৰ হিন্দী চলচ্চিত্ৰ উদ্যোগত

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ এক হঠাত লোৱা সিদ্ধান্তই এতিয়া তীব্ৰ খলকনি তুলিছে সমগ্ৰ হিন্দী চলচ্চিত্ৰ উদ্যোগত । পৰিচালক ফাৰহান আখতাৰৰ বহু প্ৰত্যাশিত ছবি ‘ডন ৩’ (Don 3)-ৰ পৰা কোনো আগজাননী নিদিয়াকৈ হঠাতে ওলাই যোৱাৰ বাবে অভিনেতাগৰাকীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে চলচ্চিত্ৰ কৰ্মীসকলৰ শীৰ্ষ সংগঠন ফেডাৰেচন অব্ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লইজ (FWICE)-এ । কেৱল সেয়ে নহয়, ছবিখনৰ প্ৰযোজনা সংস্থা ‘এক্সেল এণ্টাৰটেইনমেণ্ট’ (Excel Entertainment)-এ ৰণবীৰৰ পৰা ৪৫ কোটি টকাৰ বৃহৎ ক্ষতিপূৰণো দাবী কৰিছে ।

৩ বাৰকৈ জাননীৰ পিছতো নীৰৱ ৰণবীৰ :

সোমবাৰে মুম্বাইত অনুষ্ঠিত এক সংবাদ মেলত FWICE-ৰ মুখ্য উপদেষ্টা অশোক পণ্ডিতে কয় যে যোৱা ১১ এপ্ৰিলত ফাৰহান আখতাৰে এই সন্দৰ্ভত এটা আনুষ্ঠানিক অভিযোগ দাখিল কৰিছিল । ছবিখনৰ শ্বুটিঙৰ বাবে গোটেই ইউনিটটো ওলাই যোৱাৰ ঠিক তিনি সপ্তাহ পূৰ্বে ৰণবীৰে ছবিখন ত্যাগ কৰে ।

“আমি ৰণবীৰ সিঙক তেওঁৰ পক্ষ ল’বলৈ প্ৰতি ১০ দিনৰ মূৰে মূৰে তিনিবাৰকৈ জাননী পঠিয়াইছিলোঁ । কিন্তু তেওঁ কোনো সঁহাৰি নিদিলে । অৱশেষত যোৱা শনিবাৰে (২৩ মে’) তেওঁৰ সচিবে এটা মেইল পঠিয়াই কয় যে এই বিষয়ত কথা পাতিবলৈ FWICE-ৰ কোনো একাধিকাৰ বা কৰ্তৃত্ব নাই ।” — অশোক পণ্ডিত, মুখ্য উপদেষ্টা, FWICE

৪৫ কোটি টকাৰ লোকচানৰ খতিয়ান :

প্ৰযোজক ৰিতেশ চিধৱানীয়ে ব্যক্তিগতভাৱে আৰু ফাৰহান আখতাৰে লণ্ডনৰ পৰা জুম বৈঠকৰ জৰিয়তে FWICE-ৰ সন্মুখত প্ৰি-প্ৰডাকচনৰ সকলো খৰচৰ অডিট ৰিপৰ্ট দাঙি ধৰে । ২০০ তকৈও অধিক কৰ্মীৰ বাবে হোটেল বুকিং, লোকেচন আৰু বিদেশ ভ্ৰমণৰ খৰচ মিলাই ইতিমধ্যে ৪৫ কোটি টকা ব্যয় হৈছে, যিটো সম্পূৰ্ণৰূপে লোকচানৰ মুখত পৰিছে । উল্লেখ্য যে, ৰণবীৰে এক্সেল এণ্টাৰটেইনমেণ্টৰ সৈতে ৩ খন ছবিৰ চুক্তি কৰিছিল আৰু তেওঁৰ উপস্থিতিতেই ছবিখনৰ প্ৰমো’ও শ্বুট কৰা হৈছিল ।

“ছুপাৰষ্টাৰ আইনতকৈ ডাঙৰ নহয়”- FWICE

ৰণবীৰৰ এনে আচৰণত ক্ষুব্ধ হৈ চলচ্চিত্ৰ গোটটোৱে স্পষ্ট কৰি দিয়ে যে উদ্যোগটোত কোনেও নিয়মৰ ঊৰ্ধ্বত নহয় ।

অসহযোগৰ নিৰ্দেশনা : FWICE-ৰ সভাপতি বি এন তিৱাৰীয়ে কয়, “আমি উদ্যোগটোলৈ এটা বাৰ্তা পঠিয়াব খুজিছোঁ যে এজন ছুপাৰষ্টাৰ আইনতকৈ ডাঙৰ হ’ব নোৱাৰে । তেওঁ আমাক ব্যক্তিগতভাৱে লগ নকৰালৈকে এই অসহযোগ চলি থাকিব ।”

কৰ্মীৰ কাম কৰিবলৈ অস্বীকাৰ: সংগঠনটোৰ সাধাৰণ সম্পাদক অশোক ডুবেয়ে ঘোষণা কৰে যে সমগ্ৰ ভাৰতৰে কোনো এজন টেকনিচিয়ান, লাইটমেন বা স্পটবয়ে ৰণবীৰ সিঙৰ সৈতে কাম নকৰে ।

ভৱিষ্যতৰ প্ৰকল্পত আউল : যিহেতু FWICE-ৰ অধীনত ৫০০০ ৰো অধিক সক্ৰিয় সদস্য আৰু ৩২ টা ক্ৰাফ্ট ইউনিয়ন আছে, সেয়েহে এই সিদ্ধান্তৰ বাবে ৰণবীৰৰ আগন্তুক ছবি ‘প্ৰলয়’ৰ লগতে তেওঁৰ সকলো বিজ্ঞাপন চলচ্চিত্ৰৰ (Ad Films) কামো স্তব্ধ হৈ পৰাৰ সম্ভাৱনা আছে ।

মধ্যস্থতাৰ চেষ্টা ব্যৰ্থ :

জানিব পৰা মতে, বলীউডৰ তাৰকা আমিৰ খান, প্ৰযোজক সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু শিবাশিষ চৰকাৰে বিষয়টো নিষ্পত্তি কৰিবলৈ চেষ্টা চলাইছিল যদিও সকলো আলোচনা ব্যৰ্থ হয় ।

সংগঠনটোৱে কয় যে শেহতীয়াকৈ ৰণবীৰৰ ‘ধুৰন্ধৰ’ ফ্ৰেঞ্চাইজিয়ে বিশ্বজুৰি ৩০০০ কোটি টকাৰো অধিক ব্যৱসায় কৰিছে আৰু তেওঁ উদ্যোগটোৰ এজন অতি গুৰুত্বপূৰ্ণ ব্যক্তি । কিন্তু কেৱল কাহিনী ভাল লগা নাই বুলিয়েই শেষ মুহূৰ্তত ছবি এৰি দিলে হাজাৰ হাজাৰ সাধাৰণ কৰ্মীৰ লোকচান হয় ।

সংবাদ মেলৰ শেষত FWICE-ৰ সভাপতি বি এন তিৱাৰীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়— “সন্তান যেতিয়া বেয়া হৈ যায়, সিহঁতক সঠিক কৰিব লগা হয় ।”

ইফালে FWICE-ৰ অসহযোগ নিৰ্দেশনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰণবীৰ সিঙৰ মুখপাত্ৰগৰাকীয়ে কয়, “চলচ্চিত্ৰ জগতখনৰ লগতে ‘ডন’ ফ্ৰেঞ্চাইজিৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি ৰণবীৰ সিঙৰ অপৰিসীম সন্মান আছে । ‘ডন ৩’ বোলছবিখনক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতিৰ মাজতো তেওঁ সচেতনভাৱে নীৰৱতা অৱলম্বন কৰাৰ সিদ্ধান্ত লৈছে, কাৰণ তেওঁ বিশ্বাস কৰে যে বৃত্তিমূলক আলোচনা আৰু ব্যক্তিগত সম্পৰ্কসমূহ সদায় মৰ্যাদা, পৰিপক্বতা আৰু পাৰস্পৰিক সন্মানেৰে চম্ভালিব লাগে ।’

তেওঁ কয়- ‘সময়ৰ লগে লগে বিভিন্ন ধৰণৰ চৰ্চা আৰু উৰাবাতৰি ওলাইছে যদিও, ৰণবীৰে কেতিয়াও ইয়াৰ ৰাজহুৱা উত্তৰ দিয়াটো বা কোনো ধৰণৰ অনুমানভিত্তিক বিতৰ্কত ভাগ লোৱাটো প্ৰয়োজনীয় বুলি ভবা নাই । তেওঁৰ সম্পূৰ্ণ মনোযোগ এতিয়াও নিজৰ কাম আৰু আগন্তুক প্ৰতিশ্ৰুতিসমূহৰ ওপৰত কেন্দ্ৰীভূত হৈ আছে । এই প্ৰকল্পৰ সৈতে জড়িত সকলোৰে প্ৰতি তেওঁৰ গভীৰ সন্মান আৰু শুভেচ্ছা অটুট আছে আৰু তেওঁ এই ফ্ৰেঞ্চাইজিটোৰ ধাৰাবাহিক সফলতা আন্তৰিকতাৰে কামনা কৰিছে । এনেকুৱা মুহূৰ্তত সংযম আৰু শালীনতা বজাই ৰখাটো সদায় তেওঁৰ এক সচেতন সিদ্ধান্ত আছিল আৰু ভৱিষ্যতেও তেওঁ এই একেই স্থিতি বজাই ৰাখিব ।”

অ’টিটিত কেতিয়া আহিব ৰণবীৰ সিঙৰ ‘ধূৰন্ধৰ ২’? অনুৰাগীৰ বাবে ডাঙৰ খবৰ!

এইবাৰ ডিজিটেল প্লেটফৰ্মলৈ সাজু হৈছে ৰণবীৰ সিঙৰ শেহতীয়া স্পাই থ্ৰিলাৰ ব্লকবাষ্টাৰ ধূৰন্ধৰ ২

বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰাৰ পিছত এইবাৰ ডিজিটেল প্লেটফৰ্মলৈ সাজু হৈছে ৰণবীৰ সিঙৰ শেহতীয়া স্পাই থ্ৰিলাৰ ব্লকবাষ্টাৰ ‘ধূৰন্ধৰ ২’ (Dhurandhar: The Revenge) । ২০২৬ চনৰ মাৰ্চ মাহত চিনেমাগৃহত মুক্তি পোৱাৰ পৰা বৰ্তমানলৈকে ছবিখনে সমগ্ৰ বিশ্বতে ১,৭৯১.৫৫ কোটি টকাৰো অধিক ব্যৱসায় কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

কেতিয়া আৰু ক’ত চাব পাৰিব ?

নেটফ্লিক্সৰ অফিচিয়েল তথ্য অনুসৰি, অহা ১৪ মে’, ২০২৬ তাৰিখে ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি লাভ কৰিব । অৱশ্যে টাইম জ’নৰ পাৰ্থক্যৰ বাবে কিছুমান দেশত ই ১৫ মে’ৰ পৰাহে উপলব্ধ হ’ব । মন কৰিবলগীয়া যে ভাৰতীয় দৰ্শকৰ বাবে এই ছবিখন এতিয়াই নেটফ্লিক্সত উপলব্ধ নহয় ।

ভাৰতীয় দৰ্শকৰ বাবে বিশেষ খবৰ-

বিভিন্ন সংবাদ মাধ্যমৰ ৰিপৰ্ট অনুসৰি, ভাৰতত ‘ধূৰন্ধৰ ২’ সম্ভৱত ‘জিঅ’হটষ্টাৰ’ত মুক্তি পাব । যদিও নিৰ্মাতাসকলে এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই, ছবিখনৰ চিনেমাগৃহত আঠ সপ্তাহ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ১৪ মে’ত ইয়াৰ অ’টিটি মুক্তিৰ সম্ভাৱনা প্রবল । শেহতীয়াকৈ এক আইনী গোচৰৰ শুনানিৰ সময়তো ইংগিত পোৱা গৈছে যে মে’ মাহৰ মাজভাগৰ আগত ছবিখন অ’টিটিত উপলব্ধ নহ’ব ।

অ’টিটি সংস্কৰণৰ বিশেষত্ব-

চিনেমাগৃহতকৈ অ’টিটিত ছবিখন অধিক দীঘলীয়া হ’ব । প্ৰায় ৩ ঘণ্টা ৫২ মিনিট দৈৰ্ঘ্যৰ এই সংস্কৰণটোত কিছুমান অতিৰিক্ত দৃশ্য, অপ্ৰকাশিত ফুটেজ আৰু চেঞ্চৰ নকৰা সংলাপো অন্তৰ্ভুক্ত থাকিব বুলি জানিব পৰা গৈছে ।

বিবাদ আৰু সফলতা-

আদিত্য ধৰৰ নিৰ্দেশনাত নিৰ্মিত এই ছবিখনত ৰণবীৰ সিঙৰ উপৰিও চাৰা অৰ্জুন, অৰ্জুন ৰামপাল, আৰ মাধৱন আৰু সঞ্জয় দত্তৰ দৰে তাৰকাই অভিনয় কৰিছে । অৱশ্যে ছবিখনৰ ক্লাইমেক্সত পুৰণি জনপ্ৰিয় গীত ‘তিৰছি টোপিৱালে’ৰ ৰিমিক্স ব্যৱহাৰ কৰাক লৈ মূল পৰিচালক ৰাজীৱ ৰায়ৰ সৈতে এক আইনী বিবাদৰো সৃষ্টি হৈছিল । সকলো বাধা নেওচি ছবিখনে বৰ্তমানলৈকে ভাৰতীয় বজাৰৰ পৰা ১,৩ ৬৫.২০ কোটি টকা সংগ্ৰহ কৰি এক ঐতিহাসিক সফলতা অৰ্জন কৰিছে ।

লগতে পঢ়ক : পতি,পত্নী ঔৰ ৱহ দ্বিতীয়ৰ ওপৰত প্ৰৱঞ্চনা প্ৰচাৰৰ অভিযোগ; আয়ুষ্মান খুৰানাৰ স্পষ্টিকৰণ

জাপানটো ধুমুহা সৃষ্টি কৰিবলৈ সাজু ৰণবীৰ সিং; শীঘ্ৰেই জাপানৰ ছবিগৃহত মুক্তি পাব ধুৰন্ধৰ

সমগ্ৰ বিশ্বজুৰি খলকনি তুলাৰ পিছত,আদিত্য ধৰৰ ছবি ধুৰন্ধৰ এতিয়া জাপানৰ বক্স অফিচত মুক্তি পাবলৈ সাজু হৈছে।

শেহতীয়াকৈ চলচ্চিত্ৰ নিৰ্মাতা আদিত্য ধৰে বলীউডক এখন সৰ্ববৃহৎ ছবি ধুৰন্ধৰ উপহাৰ দিয়ে।এই ছবিখনে কেৱল ভাৰতীয় বক্স অফিচতে নহয়, বিশ্বজুৰিও ব্যাপক উপাৰ্জন কৰিছিল।এতিয়া ৰণবীৰে জাপানকো ধুমুহাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে।

দৰাচলতে শীঘ্ৰে জাপানত মুক্তি পাব ধুৰন্ধৰৰ প্ৰথম পৰ্যায়। জাপানত ছবিখনৰ এটা টিজাৰ আৰু পোষ্টাৰ মুকলি কৰা হৈছে। অহা ১০ জুলাইত জাপানত মুক্তি পাব ‘ধুৰন্ধৰ’।ভাৰতীয় ছবিৰ তাত এতিয়ালৈকে উল্লেখযোগ্যভাৱে আকৰ্ষণীয় ট্ৰেক ৰেকৰ্ড আছে।

বলীউডৰ ছবি হিচাপে জাপানত এতিয়া লৈকে আমিৰ খানৰ ‘৩ ইডিয়টছ’ আৰু শ্বাহৰুখ খানৰ পাঠানক যথেষ্ট ভাল সঁহাৰি দিছিল। আনহাতে শ্ৰীদেৱীৰ ছবি ইংলিছ-ৱিংলিছ ছবিখনো বহুটো ছবিগৃহত প্ৰদৰ্শিত হৈছিল।জাপানত ধুৰন্ধৰৰ মুক্তিক লৈ এতিয়া আশাবাদী আদিত্য ধৰ।

লগতে পঢ়ক: যশৰ অনুৰাগীৰ বাবে বেয়া খবৰ; পুনৰ পিছুৱাই দিয়া হ’ল ‘টক্সিক’ ৰ মুক্তিৰ তাৰিখ 

‘ৰণবীৰ সিঙে কৰিব লাগিব চামুণ্ডেশ্বৰী মন্দিৰ পৰিদৰ্শন’; আদালতৰ নিৰ্দেশ

কৰ্ণাটক উচ্চ ন্যায়ালয়ে ‘কান্তৰা মিমিক্ৰী গোচৰ’ত ৰণবীৰ সিঙৰ বিনাচৰ্ত ক্ষমাপ্ৰাৰ্থনা মানি লৈছে।

অৱশেষত ধূৰন্ধৰৰ অভিনেতা ৰণবীৰ সিঙৰ সমস্যাত ফুল ষ্টপ লাগিলে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে ‘কান্তাৰা মিমিক্ৰী গোচৰ’ত ৰণবীৰ সিঙৰ বিনাচৰ্তে ক্ষমাপ্ৰাৰ্থনা মানি লৈছে।শনিবাৰ, ২৫ এপ্ৰিলত তেওঁ শপতনামা দাখিল কৰে। নতুন শপতনামা  লক্ষ্য কৰি আদালতে মৌখিকৰূপে কয় যে এই বিষয়টো এতিয়া বন্ধ কৰিব পৰা যাব।

ইয়াৰোপৰি অহা চাৰি সপ্তাহৰ ভিতৰত মহীশূৰৰ চামুণ্ডেশ্বৰী মন্দিৰ পৰিদৰ্শন কৰিবলৈ ৰণবীৰ সিঙক আদালতে নিৰ্দেশ দিছে।অৱশ্যে এতিয়ালৈকে এই গোচৰ সন্দৰ্ভত ৰণবীৰ সিঙে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

ৰণবীৰ সিঙৰ আবেদন সন্দৰ্ভত আদালতত শুনানি অনুষ্ঠিত হয়।য’ত ৰণবীৰ সিঙে তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা এফআইআৰ বাতিল কৰিবলৈ দাবী কৰিছিল। গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সময়ত ৰণবীৰে কান্তৰা: অধ্যায় ১ ছবিখনৰ ঋষব শ্বেট্টীৰ চৰিত্ৰৰ অনুকৰণ সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছিল।অভিনেতা গৰাকীৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ লগতে দেৱী চামুণ্ডেশ্বৰীক “মহিলা ভূত” বুলি উল্লেখ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

লগতে পঢ়ক: ‘আমি Situationship ত আছো’; কানত ধৰি জেকী ভগনানীয়ে বিচাৰিছে ক্ষমা

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ব দীপিকা পাডুকন; জীয়ৰী দোৱাৰ সৈতে শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে অনুৰাগী সকলৰ বাবে এটা ভাল খবৰ শ্বেয়াৰ কৰিছে। দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকন।

বলীউডৰ অভিনেতা ৰণবীৰ সিং আৰু অভিনেত্ৰী দীপিকা পাডুকন পুনৰ পিতৃ-মাতৃ হ’বলৈ ওলাইছে। অভিনেত্ৰী গৰাকীয়ে কন্যা দোৱাৰ জন্মৰ প্ৰায় ১.৫ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে। অভিনেত্ৰী গৰাকীয়ে ৪০ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে।

সামাজিক মাধ্যমত এখন ফটো দি অনুৰাগী সকলক দীপিকী পাডুকনে এই খবৰ দিছে। ফটোখন ভাইৰেল হোৱাৰ লগে লগে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ পৰা অনুৰাগীলৈকে সকলোৱে দীপিকা পাডুকনলৈ অভিনন্দন আৰু শুভেচ্ছা প্ৰেৰণ কৰিছে।

দীপিকা পাডুকনে ইনষ্টাগ্ৰামত পোষ্ট কৰি অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰে।ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোখনত তেওঁলোকৰ ডেৰ বছৰীয়া কন্যা দোৱাই হাতত গৰ্ভাৱস্থাৰ পৰীক্ষাৰ ষ্ট্ৰিপ ধৰি থকা দেখা গৈছে।এই ফটোখনত দীপিকা পাডুকনে কেপচনত evil-eye charms  অন্তৰ্ভুক্ত কৰিছে।

লগতে পঢ়ক: “মোৰ সৈতে যোগাযোগ কৰক”: আদিত্য ধৰৰ সৈতে কাম কৰিবলৈ ইচ্ছুক অক্ষয় কুমাৰ

কান্তাৰা বিতৰ্কঃ ৰণবীৰ সিঙে দাখিল কৰিব লাগিব নতুন মাফিনামা

‘কান্তৰা: অধ্যায় ১’ত অভিনয় কৰা দেৱী চামুণ্ডীক লৈ ৰণবীৰ সিঙে এক মন্তব্য কৰিছিল,যিটো আপত্তিজনক বুলি গণ্য কৰা হৈছিল। এতিয়া আকৌ এই মন্তব্যক লৈ বিপদত পৰিছে ৰণবীৰ সিং।

বলীউডৰ অভিনেতা ৰণবীৰ সিং পুনৰবাৰ চৰ্চালৈ আহিছে, কিন্তু এইবাৰ ছবিৰ বাবে নহয়, বৰঞ্চ ‘কান্তৰা’ৰ বিতৰ্কৰ বাবেহে।ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫ৰ সময়ত যি বিতৰ্ক উদ্ভৱ হৈছিল, সেই বিতৰ্কই এতিয়া আইনী ৰূপ ধাৰণ কৰিছে।ৰণবীৰ সিঙে কৰ্ণাটক উচ্চ ন্যায়ালয়ত ক্ষমাপ্ৰাৰ্থনাৰ সংশোধিত শপতনামা দাখিল কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে ।

এই পদক্ষেপ তেতিয়া গ্ৰহণ কৰা হৈছিল যেতিয়া অভিযোগকাৰীয়ে পূৰ্বৰ ক্ষমা বিচৰাটো ‘কেৱল অভিনয়’ বুলি অভিহিত কৰি মানি ল’বলৈ অস্বীকাৰ কৰিছিল। এতিয়া অভিনেতা গৰাকীয়ে নতুন পদ্ধতিৰে নিজৰ ভূলৰ শুধৰণি পুনৰবাৰ আদালতৰ ওচৰত দাখিল কৰিব লাগিব।

দৰাচলতে, ৰণবীৰ সিঙে এই বিবাদক লৈ পূৰ্বেও ক্ষমা বিচাৰিছিল, কিন্তু অভিযোগকাৰীয়ে তাক ভাল পোৱা নাছিল।আদালতৰ শুনানিৰ সময়ত অভিযোগকাৰীৰ হৈ যুক্তি দিয়া হৈছিল যে অভিনেতাগৰাকীৰ পূৰ্বৰ ক্ষমাপ্ৰাৰ্থনাত প্ৰকৃত অনুশোচনাৰ অভাৱ আছিল আৰু তেওঁৰ সুৰটো গুৰুতৰ যেন লগা নাছিল। এই আপত্তিৰ পিছতে ৰণবীৰৰ অধিবক্তাই আদালতক আশ্বাস দিয়ে যে তেওঁ অভিযোগকাৰীৰ সৈতে আলোচনা কৰি নতুন, সংশোধিত ক্ষমাপ্ৰাৰ্থনা দাখিল কৰিব।

লগতে পঢ়ক: ‘শেষটোক স্বীকাৰ কৰক…’; অৰ্জুন কাপুৰৰ চাঞ্চল্যকৰ পোষ্ট