“মোৰ সৈতে যোগাযোগ কৰক”: আদিত্য ধৰৰ সৈতে কাম কৰিবলৈ ইচ্ছুক অক্ষয় কুমাৰ

“মোৰ সৈতে যোগাযোগ কৰক”: আদিত্য ধৰৰ সৈতে কাম কৰিবলৈ ইচ্ছুক অক্ষয় কুমাৰ

ধুৰন্ধৰৰ পৰিচালক আদিত্য ধৰৰ সৈতে কাম কৰিবলৈ মন মেলিছে অভিনেতা অক্ষয় কুমাৰ। অক্ষয় কুমাৰে ৩৫ বছৰৰো অধিক সময় চিনেমা জগতত কটায়।এই সময়ছোৱাত তেওঁ উদ্যোগটোৰ বলিষ্ঠ অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰায় চাৰি দশকত চলচ্চিত্ৰ নিৰ্মাণৰ বিৱৰ্তন ঘনিষ্ঠভাৱে প্ৰত্যক্ষ কৰাৰ পিছত এতিয়া অক্ষয় কুমাৰে বিশ্বাস কৰে

ধুৰন্ধৰৰ পৰিচালক আদিত্য ধৰৰ সৈতে কাম কৰিবলৈ মন মেলিছে অভিনেতা অক্ষয় কুমাৰ।

অক্ষয় কুমাৰে ৩৫ বছৰৰো অধিক সময় চিনেমা জগতত কটায়।এই সময়ছোৱাত তেওঁ উদ্যোগটোৰ বলিষ্ঠ অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰায় চাৰি দশকত চলচ্চিত্ৰ নিৰ্মাণৰ বিৱৰ্তন ঘনিষ্ঠভাৱে প্ৰত্যক্ষ কৰাৰ পিছত এতিয়া অক্ষয় কুমাৰে বিশ্বাস কৰে যে ভাৰতীয় চিনেমাত এক বৃহৎ পৰিৱৰ্তন ঘটিছে আৰু ইয়াত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক সম্পূৰ্ণৰূপে সাজু।

এটা সাক্ষাৎকাৰত অক্ষয় কুমাৰে আদিত্য ধৰ, সন্দীপ ৰেড্ডী ভাংগাৰ দৰে নতুন যুগৰ চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁ কয়, যদি এই পৰিচালকসকলৰ কোনো এজনে (আদিত্য ধৰ আৰু সন্দীপ ৰেড্ডী ভাংগাই) ভাবে যে মই তেওঁলোকৰ ছবিৰ বাবে যোগ্য,তেন্তে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল তেওঁলোকে মোৰ বাবে উপযুক্ত কিবা এটা বিচাৰি উলিয়াব লাগে আৰু মইও ভূমিকাটো ভাল পাব লাগিব।মই এখন একচন ছবি কৰিব বিচাৰো।”

লগতে পঢ়ক: “মহাপ্ৰৱঞ্চৰ বিৰুদ্ধে চৰকাৰী সাক্ষী হ’ব বিচাৰো”: সুকেশ চন্দ্ৰশেখৰ গোচৰক লৈ জেকলিন ফাৰ্নাণ্ডেজৰ সুৰ সলনি