“মই মহাপ্ৰৱঞ্চৰ বিৰুদ্ধে চৰকাৰী সাক্ষী হ’ব বিচাৰো”: সুকেশ চন্দ্ৰশেখৰ গোচৰক লৈ জেকলিন ফাৰ্নাণ্ডেজৰ সুৰ সলনি

“মহাপ্ৰৱঞ্চৰ বিৰুদ্ধে চৰকাৰী সাক্ষী হ’ব বিচাৰো”: সুকেশ চন্দ্ৰশেখৰ গোচৰক লৈ জেকলিন ফাৰ্নাণ্ডেজৰ সুৰ সলনি

সুকেশ চন্দ্ৰশেখৰ গোচৰক লৈ সুৰ সলনি হৈছে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ। এইবাৰ চৰকাৰী সাক্ষী হ’বলৈ সাজু হৈ জেকলিন। সুকেশ চন্দ্ৰশেখৰৰ ধন সৰবৰাহৰ গোচৰত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে সুৰ সলনি কৰি দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টত কয় যে, তেওঁ চৰকাৰী সাক্ষী হ’ব বিচাৰে। এই ঘটনাৰ পিছতে আদালতে

সুকেশ চন্দ্ৰশেখৰ গোচৰক লৈ সুৰ সলনি হৈছে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ। এইবাৰ চৰকাৰী সাক্ষী হ’বলৈ সাজু হৈ জেকলিন।

সুকেশ চন্দ্ৰশেখৰৰ ধন সৰবৰাহৰ গোচৰত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে সুৰ সলনি কৰি দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টত কয় যে, তেওঁ চৰকাৰী সাক্ষী হ’ব বিচাৰে। এই ঘটনাৰ পিছতে আদালতে তেওঁক স্পষ্ট কৰি দিলে যে ইয়াৰ বাবে তেওঁ বলবৎকাৰী সঞ্চালকালয় (ইডি)ত আনুষ্ঠানিক আবেদন দাখিল কৰিব লাগিব।এই বিষয়টোৰ ওপৰতেই আজি বিয়লি এক শুনানি অনুষ্ঠিত হোৱাৰ কথা আছে।

আদালতে কয় যে, এই প্ৰক্ৰিয়া অনুসৰি জেকলিন ফাৰ্নাণ্ডেজে প্ৰথমে ইডিৰ আগত নিজৰ বক্তব্য লিপিবদ্ধ কৰিব লাগিব।তদন্তকাৰী সংস্থাই তেওঁৰ বক্তব্যৰ ভিত্তিত নিৰ্ণয় কৰিব যে তেওঁক চৰকাৰী সাক্ষী বনাবলৈ আদালতত আবেদন দাখিল কৰিব নে নকৰে।জেকলিনৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্য্যবিধি বাতিল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে আবেদন খাৰিজ কৰাৰ কেইমাহমানৰ পাছতে এই ঘটনাটো সংঘটিত হৈছে।

উল্লেখ্য যে, সুকেশ চন্দ্ৰশেখৰ কেইবাটাও গোচৰৰ সৈতে জড়িত হৈ কাৰাগাৰত  আছে।তেওঁ নিজকে জেকলিন ফাৰ্নাণ্ডেজৰ প্ৰেমিক বুলি দাবী কৰিছে আৰু, জেলৰ পৰা অসংখ্য চিঠি লিখি তেওঁ নিজৰ আৱেগ প্ৰকাশ কৰিছে।ইডিৰ তদন্ত অনুসৰি, সুকেশ চন্দ্ৰশেখৰে প্ৰায় ২০০ কোটি ধন সৰবৰাহৰ কামত লিপ্ত হৈছিল।

লগতে পঢ়ক: “জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে…”; মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নীৰ বিশেষ অনুৰোধ