“মহাপ্ৰৱঞ্চৰ বিৰুদ্ধে চৰকাৰী সাক্ষী হ’ব বিচাৰো”: সুকেশ চন্দ্ৰশেখৰ গোচৰক লৈ জেকলিন ফাৰ্নাণ্ডেজৰ সুৰ সলনি

সুকেশ চন্দ্ৰশেখৰ গোচৰক লৈ সুৰ সলনি হৈছে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ। এইবাৰ চৰকাৰী সাক্ষী হ’বলৈ সাজু হৈ জেকলিন।

সুকেশ চন্দ্ৰশেখৰৰ ধন সৰবৰাহৰ গোচৰত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে সুৰ সলনি কৰি দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টত কয় যে, তেওঁ চৰকাৰী সাক্ষী হ’ব বিচাৰে। এই ঘটনাৰ পিছতে আদালতে তেওঁক স্পষ্ট কৰি দিলে যে ইয়াৰ বাবে তেওঁ বলবৎকাৰী সঞ্চালকালয় (ইডি)ত আনুষ্ঠানিক আবেদন দাখিল কৰিব লাগিব।এই বিষয়টোৰ ওপৰতেই আজি বিয়লি এক শুনানি অনুষ্ঠিত হোৱাৰ কথা আছে।

আদালতে কয় যে, এই প্ৰক্ৰিয়া অনুসৰি জেকলিন ফাৰ্নাণ্ডেজে প্ৰথমে ইডিৰ আগত নিজৰ বক্তব্য লিপিবদ্ধ কৰিব লাগিব।তদন্তকাৰী সংস্থাই তেওঁৰ বক্তব্যৰ ভিত্তিত নিৰ্ণয় কৰিব যে তেওঁক চৰকাৰী সাক্ষী বনাবলৈ আদালতত আবেদন দাখিল কৰিব নে নকৰে।জেকলিনৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্য্যবিধি বাতিল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে আবেদন খাৰিজ কৰাৰ কেইমাহমানৰ পাছতে এই ঘটনাটো সংঘটিত হৈছে।

উল্লেখ্য যে, সুকেশ চন্দ্ৰশেখৰ কেইবাটাও গোচৰৰ সৈতে জড়িত হৈ কাৰাগাৰত  আছে।তেওঁ নিজকে জেকলিন ফাৰ্নাণ্ডেজৰ প্ৰেমিক বুলি দাবী কৰিছে আৰু, জেলৰ পৰা অসংখ্য চিঠি লিখি তেওঁ নিজৰ আৱেগ প্ৰকাশ কৰিছে।ইডিৰ তদন্ত অনুসৰি, সুকেশ চন্দ্ৰশেখৰে প্ৰায় ২০০ কোটি ধন সৰবৰাহৰ কামত লিপ্ত হৈছিল।

লগতে পঢ়ক: “জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে…”; মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নীৰ বিশেষ অনুৰোধ

জেকলিন ফাৰ্নাণ্ডেজক মোক্ষম আঘাত;ন্যায়ালয়ে খাৰিজ কৰিলে আবেদন

জেকলিন ফাৰ্নাণ্ডেজক মোক্ষম আঘাত

দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা মোক্ষম আঘাত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ। ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত উচ্চ ন্যায়ালয়ৰ পৰা সকাহ নাপালে জেকলিনে।

জেকলিন ফাৰ্নাণ্ডেজে ইডিয়ে পঞ্জীয়ন কৰা এফআইআৰ আৰু বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি নিম্ন আদালতৰ আদেশক প্ৰত্যাহ্বান জনাইছিল।

উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰাৰ সময়ত জেকলিনে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগক মিছা বুলি অভিহিত কৰাৰ লগতে প্ৰৱঞ্চনামূলক সুকেশ চন্দ্ৰশেখৰৰ সৈতে লিভ-ইন সম্পৰ্কৰ কথাও নাকচ কৰিছিল।

জেকলিনে আবেদন দাখিল কৰি কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ মিছা। কেৱল সুকেশ চন্দ্ৰশেখৰে তেওঁৰ সৈতে প্ৰৱঞ্চনা কৰাই নহয় অদিতি সিঙেও প্ৰৱঞ্চনা কৰিছে বুলিও কয়।

অভিনেত্ৰী গৰাকীয়ে কয় যে তেওঁক সুকেশ চন্দ্ৰশেখৰে লক্ষ্য কৰি লৈছিল আৰু ধন সৰবৰাহৰ গোচৰত তেওঁৰ কোনো ভূমিকা নাই।

কি হয় ঘটনাটো

ৰায় ঘোষণা কৰাৰ সময়ত ন্যায়াধীশ অনিশ দয়ালে কয় যে আবেদন খাৰিজ কৰা হৈছে। ৰায়দানৰ বিশদ প্ৰতিলিপিৰ বাবে অপেক্ষা কৰি আছে।

ইডি গোচৰৰ ২০২২চনৰ আগষ্ট মাহত দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই চন্দ্ৰশেখৰৰ বিৰুদ্ধে ৰুজু কৰা ধন দাবীৰ গোচৰৰ পৰাই উদ্ভৱ হৈছে, য’ত তেওঁৰ বিৰুদ্ধে ৰেলিগেয়ৰ এণ্টাৰপ্ৰাইজৰ প্ৰাক্তন প্ৰমোটাৰ শিবিন্দৰ মোহন সিঙৰ পত্নী অদিতি সিঙৰ পৰা প্ৰতাৰণা আৰু ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।

কেন্দ্ৰীয় আইন সম্পাদক হিচাপে পৰিচয় দি তেওঁ জেলত থকা স্বামীৰ জামিন লাভৰ প্ৰস্তাৱ দিছিল। ইডি আৰু ই অ’ ডব্লিউৱে বিভিন্ন ধৰণেৰে এই অভিযোগ উত্থাপন কৰা জালিয়াতিৰ তদন্ত চলাই আছে।

ই অ’ ডব্লিউৱে জেলৰ ভিতৰত জালিয়াতি আৰু দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰি থকাৰ সময়তে ইডিয়ে ধন সৰবৰাহৰ অভিযোগৰ তদন্ত কৰি আছে। ইডিয়ে ফাৰ্নাণ্ডেজক এই গোচৰৰ সহ অভিযুক্ত বুলি কৈছিল।

জেকলিনে দাখিল কৰিছিল আবেদন

জেকলিনে এই বিষয়টো সন্দৰ্ভত উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কিন্তু এতিয়া এই গোচৰত উচ্চ ন্যায়ালয়ে ৰায় দি আবেদন নাকচ কৰিছে।

লগতে পঢ়ক: ভাৰতে দেখুৱালে নম্ৰতা; পাকিস্তানী চেনেল আৰু চেলিব্ৰিটিৰ ছ’চিয়েল মিডিয়া একাউণ্ট পুনৰ সক্ৰিয়

অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ মাতৃৰ দেহাৱসান; মাতৃক হেৰুৱাই ভাগি পৰিছে জেকলিন

বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ ওপৰত দুখৰ পাহাৰ ভাগি পৰিছে।কিয়নো মাতৃহাৰা হ’ল অভিনেত্ৰী গৰাকী। কিছুদিন ধৰি অসুস্থতাৰ সৈতে যুঁজি আছিল জেকলিনৰ মাতৃ ।

মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ।কিন্তু আজি শেষ নিশ্বাস ত্যাগ কৰিলে জেকলিনৰ মাতৃ কিম ফাৰ্নাণ্ডেজে।

জানিব পৰা মতে জেকলিনৰ মাতৃ কিম ফাৰ্নাণ্ডেজ হৃদ ৰোগত আক্ৰান্ত হৈছিল, ইয়াৰ পিছত সংকটজনক অৱস্থাত ২৪ মাৰ্চত তেওঁক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

তেতিয়াৰে পৰাই আই চি ইউত চিকিৎসকৰ এটা দলৰ তত্বাৱধানত আছিল তেওঁ। অৱশ্যে জেকলিনৰ পৰিয়ালৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

উল্লেখেয যে মাকৰ অসুস্থতাৰ খবৰ পোৱাৰ লগে লগেই জেকলিনে নিজৰ কাম এৰি মাকৰ ওচৰলৈ আহিছিল।অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে চিকিৎসালয়ত মাকৰ ওচৰলৈ গৈছিল।ছলমান খানেও জেকলিনৰ মাতৃৰ অৱস্থা জানিবলৈ চিকিৎসালয়ত উপস্থিত হয়।

অভিনেত্ৰীগৰাকী মাতৃৰ সৈতে অতি ঘনিষ্ঠ আছিল জেকলিন। এতিয়া মাতৃক হেৰুৱাই শোকত বাগি পৰিছে অভিনেত্ৰী গৰাকী।

জানিব পৰা মতে মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া ব্যক্তিগতভাৱে কৰিব, য’ত তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্য হে উপস্থিত থাকিব।