“জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে...”; মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নীৰ বিশেষ অনুৰোধ

“জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে…”; মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নীৰ বিশেষ অনুৰোধ

কম সময়তে অতি জনপ্ৰিয় হোৱা পশ্চিম বংগৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ ই জুবিন গাৰ্গ গীত সমূহ বিকৃত কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ পিছতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ সামাজিক মাধ্যমত বিশেষ পোষ্ট ব’হাগ বিহু উপলক্ষে শিল্পী সকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সংগীতানুষ্ঠান সমূহ কৰি আছে।এইবাৰ

কম সময়তে অতি জনপ্ৰিয় হোৱা পশ্চিম বংগৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ ই জুবিন গাৰ্গ গীত সমূহ বিকৃত কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ পিছতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ সামাজিক মাধ্যমত বিশেষ পোষ্ট

ব’হাগ বিহু উপলক্ষে শিল্পী সকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সংগীতানুষ্ঠান সমূহ কৰি আছে।এইবাৰ জুবিন গাৰ্গ বিহীন প্ৰথমটো ব’হাগ। যাৰ বাবে অসমৰ সকলো লোক ব্যথিত হৈ আছে। মঞ্চত গীত পৰিৱেশনৰ সময়ত বহু শিল্পীয়ে জুবিন গাৰ্গক সুৱঁৰি আৱেগিক হৈ পৰাও দেখিবলৈ পোৱা গৈছে।

তাৰ মাজতে জুবিন গাৰ্গ ভগ্নী পামী বৰঠাকুৰে পশ্চিম বংগৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰলৈ এক বিশেষ অনুৰোধ কৰিছে।মৰ্মিতা মিত্ৰক জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে মঞ্চত পৰিবেশন কৰিবলৈ অনুৰোধ জনাইছে।দৰাচলতে সামাজিক মাধ্যমত মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।য’ত মৰ্মিতাই জুবিনৰ গীতসমূহ সঠিকভাৱে পৰিৱেশন নকৰি বিকৃতভাৱে উপস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে।

 এই সন্দৰ্ভত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত তেওঁ লিখিছে যে, সকলো শিল্পী – কলাকুশলী যি সকলে জুবিন দাৰ গীত সমূহ এইবাৰ ব’হাগৰ মঞ্চত অতি শ্ৰদ্ধা আৰু মৰমেৰে perform কৰিছে, তেওঁৰ সৃষ্টিৰাজীক সন্মান জনাইছে, সেই সকলোলৈকে আমাৰ পৰিয়ালৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো 🙏, যদিও ধন্যবাদ এটি সৰু শব্দ মাথোঁ।

মৰ্মিতা মিত্ৰ লৈ বিশেষ অনুৰোধ জনাইছো যাতে জুবিন গাৰ্গৰ গীত সমূহ শুদ্ধভাৱে মঞ্চত পৰিবেশন কৰে, কাৰণ জুবিন গাৰ্গৰ সৃষ্টিৰাজি শুদ্ধভাৱে জনতাৰ মাজত, নতুন প্ৰজন্মৰ মাজত প্ৰচলিত হ’ব লাগিব।

Experimentation on musical compositions and improvisation on existing compositions must be very scientifically done and shall maintain the original flavour of the compositions.My best wishes are with her.

লগতে পঢ়ক: গোপনে বিবাহ পাশত আৱদ্ধ হ’ল জুবিন নটিয়াল; শৈশৱৰ বান্ধৱীৰ সৈতে ললে সাতফেৰে