গোপনে বিবাহ পাশত আৱদ্ধ হ’ল জুবিন নটিয়াল; শৈশৱৰ বান্ধৱীৰ সৈতে ললে সাতফেৰে

গোপনে বিবাহ পাশত আৱদ্ধ হ’ল জুবিন নটিয়াল; শৈশৱৰ বান্ধৱীৰ সৈতে ললে সাতফেৰে

বলীউডৰ অন্যতম প্ৰখ্যাত কণ্ঠশিল্পী জুবিন নটিয়ালে নিজৰ লাখ লাখ অনুৰাগীক সুখকৰ চমক দিছে। ছুপাৰহিট গীতেৰে মানুহৰ হৃদয়ত ৰাজত্ব কৰা জুবিনে বিবাহপাশত আবদ্ধ হোৱাৰ খবৰ প্ৰচাৰ হৈছে। বলীউডৰ অন্যতম প্ৰখ্যাত কণ্ঠশিল্পী জুবিন নটিয়াল সন্দৰ্ভত এক ডাঙৰ খবৰ ওলাইছে। নিজৰ সুমধুৰ কণ্ঠৰে সকলোৰে হৃদয়ত স্থান দখল কৰা

বলীউডৰ অন্যতম প্ৰখ্যাত কণ্ঠশিল্পী জুবিন নটিয়ালে নিজৰ লাখ লাখ অনুৰাগীক সুখকৰ চমক দিছে। ছুপাৰহিট গীতেৰে মানুহৰ হৃদয়ত ৰাজত্ব কৰা জুবিনে বিবাহপাশত আবদ্ধ হোৱাৰ খবৰ প্ৰচাৰ হৈছে।

বলীউডৰ অন্যতম প্ৰখ্যাত কণ্ঠশিল্পী জুবিন নটিয়াল সন্দৰ্ভত এক ডাঙৰ খবৰ ওলাইছে। নিজৰ সুমধুৰ কণ্ঠৰে সকলোৰে হৃদয়ত স্থান দখল কৰা জুবিন নটিয়ালে জীৱনৰ এক নতুন আৰু সুন্দৰ অধ্যায় আৰম্ভ কৰিছে।জুবিনে নিজৰ পূৰ্বপুৰুষৰ গাঁৱত শৈশৱৰ বান্ধৱীৰ সৈতে গোপনে বিবাহ পাশত আৱদ্ধ হৈছে।

উত্তৰাখণ্ডৰ নিস্তব্ধ পাহাৰৰ মাজত, কোনো ধৰণৰ ধুমধাম বা সংবাদ মাধ্যমৰ কভাৰেজ নোহোৱাকৈয়ে এই বিয়াখন অনুষ্ঠিত হয়।কণ্ঠশিল্পী গৰাকীৰ বিবাহৰ কেইখনমান ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

কণ্ঠশিল্পীগৰাকীৰ বিয়াত কেৱল ঘনিষ্ঠ পৰিয়ালৰ লোকেহে অংশ লৈছিল। জুবিন নটিয়ালে ডেষ্টিনেশ্বন ৱেডিং বা আড়ম্বৰপূৰ্ণ বিয়াৰ সলনি সহজ আৰু পৰম্পৰাগতভাৱে বিয়া কৰাৰ সিদ্ধান্ত লয়।চেলিব্ৰিটি লাইফষ্টাইল থকাৰ পিছতো তেওঁ নিজৰ জীৱনটো ব্যক্তিগতভাৱে ৰখাৰ সিদ্ধান্ত লয়।

এতিয়ালৈকে জুবিনে কাক বিয়া কৰাইছে সেই সন্দৰ্ভত বা বিবাহক লৈ এতিয়াও জুবিনে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ।অৱশ্যে ভাইৰেল ফটোখনত জুবিন আৰু তেওঁৰ শৈশৱৰ বান্ধৱীয়ে ইজনে সিজনক সাৱটি ধৰা দেখিবলৈ পোৱা গৈছে।

লগতে পঢ়ক: কিংবদন্তি সংগীতশিল্পী আশা ভোছলেক শেষ বিদায় জনাবলৈ মুম্বাইত জনসমুদ্ৰ