আদালতত ছলমান খানৰ আবেদন; ‘কালা হিৰণ ছবিখনত তাৎক্ষণিক নিষেধাজ্ঞাৰ দাবী

বলীউডৰ অভিনেতা ছলমান খানে ব্যক্তিত্বৰ অধিকাৰ খৰ্বৰ বিষয়টো উত্থাপন কৰিছে। কালা হিৰণ ছবিখনৰ নিৰ্মাতাসকলে তেওঁৰ জনপ্ৰিয়তাৰ শোষণ কৰিছে বুলিও অভিযোগ কৰিছে।

ছলমান খানৰ ছবি ‘কালা হিৰণ: দ্য বেটেল ফৰ লেগেচি’ ৰ নিৰ্মাণ আৰু মুক্তিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাই বলীউডৰ অভিনেতা গৰাকীয়ে দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে। ছলমান খানৰ অভিযোগ যে ছবিখনৰ পোষ্টাৰে তেওঁৰ ব্যক্তিত্বৰ অধিকাৰৰ স্পষ্ট উলংঘন কৰিছে আৰু তেওঁৰ নাম, ছবি তথা ৰাজহুৱা পৰিচয় বাণিজ্যিক লাভৰ বাবে অনুমতি অবিহনে ব্যৱহাৰ কৰা হৈছে। ছলমান খানে কৈছে যে এই আগন্তুক ছবিখন আৰু ইয়াৰ সৈতে জড়িত প্ৰচাৰ সামগ্ৰীসমূহে তেওঁৰ ব্যক্তিত্বৰ অধিকাৰ খৰ্ব কৰিছে, যাৰ ফলত তেওঁৰ প্ৰতিষ্ঠা আৰু আইনী অধিকাৰ প্ৰভাৱিত হ’ব পাৰে।

ছলমান খানে ছবিখনৰ প্ৰযোজক অমিত জানী, জানী ফায়াৰফক্স ফিল্মছ, ভৰত শ্ৰীনেট, অক্ষয় পাণ্ডে আৰু ছবিখনৰ সৈতে জৰিত অন্যান্য লোকসকলৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন নিষেধাজ্ঞা জাৰি কৰাৰ দাবী জনাইছে। তেওঁৰ অভিযোগ যে ছবিখনৰ পোষ্টাৰ, টিজাৰ আৰু ছ’চিয়েল মিডিয়াৰ প্ৰচাৰত তেওঁৰ পৰিচয়ৰ সৈতে জড়িত উপাদানসমূহ ব্যৱহাৰ কৰা হৈছে। আবেদনখনত উল্লেখ কৰা হৈছে যে ছবিখনৰ পোষ্টাৰত দেখুওৱা চৰিত্ৰটো ছলমান খানৰ সৈতে বহু পৰিমাণে মিলে। পোষ্টাৰখনত থকা ব্যক্তিজনক ছলমানৰ বিখ্যাত নীলা ব্ৰেছলেটৰ দৰে এডাল ব্ৰেছলেট পিন্ধি বন্দুক ধৰি থকা দেখুওৱা হৈছে। ছলমানৰ মতে, ইয়াৰ দ্বাৰা ৰাইজৰ মাজলৈ এই বাৰ্তাই যায় যে ছবিখন তেওঁৰ ওপৰতেই আধাৰিত।

তেওঁ লগতে কয় যে অস্ত্ৰ আইন গোচৰত তেওঁ ইতিমধ্যে আদালতৰ পৰা সকাহ লাভ কৰিছে, কিন্তু পোষ্টাৰখনত বন্দুকৰ সৈতে তেওঁৰ দৰে অবয়ব দেখুৱাই এক ভুল বাৰ্তা প্ৰেৰণ কৰা হৈছে। ছলমান খানে আবেদনখনত উল্লেখ কৰিছে যে কৃষ্ণসাৰ হৰিণ গোচৰৰ সৈতে জড়িত কিছুমান গোচৰ এতিয়াও ৰাজস্থান উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। এনে পৰিস্থিতিত এই বিষয়টোক লৈ চলচ্চিত্ৰ নিৰ্মাণ আৰু ইয়াৰ প্ৰচাৰ কৰিলে ন্যায়িক প্ৰক্ৰিয়া প্ৰভাৱিত হ’ব পাৰে। তেওঁৰ মতে, ছবিখনৰ জৰিয়তে মানুহৰ মনত পূৰ্বৰে পৰা এটা ধাৰণা গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে।

আবেদনখনত এইটোও কোৱা হৈছে যে ২০২৫ চনৰ নৱেম্বৰ মাহত দিল্লী উচ্চ ন্যায়ালয়ে ছলমান খানৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষিত কৰি নিৰ্দেশ দিছিল যে অনুমতি অবিহনে তেওঁৰ ফটো, নাম, কণ্ঠস্বৰ বা তেওঁৰ সৈতে জড়িত পৰিচয় ব্যৱহৰ কৰিব নোৱাৰিব। ছলমানৰ অভিযোগ যে এই প্ৰস্তাৱিত ছবিখনে সেই নিৰ্দেশ উলংঘন কৰিছে।

ছলমান খানৰ মতে, ২০২৬ চনৰ এপ্ৰিল মাহত ছবিখনৰ সৈতে জড়িত ব্যক্তিসকললৈ আইনী জাননী প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পিছতো ছবিখনৰ প্ৰচাৰ চলাই থকা হ’ল। আবেদনখনত দাবী কৰা হৈছে যে প্ৰযোজক অমিত জানীয়ে ছ’চিয়েল মিডিয়াত কেইবাটাও পোষ্ট আৰু ভিডিঅ’ মুকলি কৰি নিজেই স্বীকাৰ কৰিছে যে ছবিখন কৃষ্ণসাৰ হৰিণ গোচৰ আৰু ছলমান খানৰ সৈতে জড়িত ঘটনাৱলীৰ ওপৰত আধাৰিত। গোচৰটোৰ চূড়ান্ত ৰায় প্ৰকাশ নোহোৱালৈকে ছবিখনৰ নিৰ্মাণ, শ্বুটিং, প্ৰচাৰ, বিতৰণ, ষ্ট্ৰীমিং আৰু মুক্তিৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ ছলমান খানে আদালতৰ ওচৰত দাবী জনাইছে। ইয়াৰ লগতে ছবিখনৰ কাহিনী, চিত্ৰনাট্য, পোষ্টাৰ, কাষ্টিং আৰু অন্যান্য প্ৰচাৰ সামগ্ৰীৰ প্ৰসাৰ ৰোধ কৰিবলৈও নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে।

লগতে পঢ়ক: ২৭১ কোটি অৰ্জন কৰি আলোড়ন সৃষ্টি ‘পেড্ডী’ৰ; ১০খন ছবিৰ অভিলেখ ভংগ

খালী ভৰিৰে ৩৫৫০ চিৰি বগাই তিৰুপতি বালাজী দৰ্শন জাহ্নৱী কাপুৰৰ

জাহ্নৱী কাপুৰ তেওঁৰ নতুন ছবি ‘পেড্ডী’ৰ বাবে শিৰোনাম দখল কৰিছে। ছবিখনৰ মুক্তিৰ দিনাই খালী ভৰিৰে অন্ধ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰে অভিনেত্ৰী গৰাকীয়ে।

বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰৰ বহু প্ৰত্যাশিত দক্ষিণৰ ছবি পেড্ডী বৃহস্পতিবাৰে ছবিগৃহত মুক্তি লাভ কৰিছে। এই বিশেষ মূহূৰ্তটোৰ কাৰণে অভিনেত্ৰী গৰাকীয়ে অন্ধ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰি ভগৱানৰ আশীৰ্বাদ লয়। মন্দিৰত উপস্থিত হৈ জাহ্নৱী কাপুৰে শ্ৰদ্ধাৰে পূজা-অৰ্চনা কৰে আৰু ভগৱানৰ ওচৰত মূৰ দোঁৱাই ছবিখনৰ সফলতা কামনা কৰে। মন্দিৰ প্ৰাংগণত তেওঁক পৰম্পৰাগত ৰূপত দেখা গৈছিল।

অভিনেত্ৰীগৰাকীয়ে খালী ভৰিৰে মন্দিৰত গৈ উপস্থিত হৈছিল। দৰ্শনৰ অন্তত যেতিয়া তেওঁ মন্দিৰৰ পৰা ওলাই আহে, তেতিয়া প্ৰৱেশ দ্বাৰত ৰৈ মূৰ তল কৰি অতি ভক্তিৰে ভগৱানক প্ৰণাম জনায়। এই সময়ছোৱাত জাহ্নৱীয়ে পৰম্পৰাগত ভাৰতীয় সাজ-পোছাক পৰিধান কৰিছিল। তেওঁ এখন বেঙুনীয়া ৰঙৰ চিল্কৰ শাৰী পিন্ধিছিল।

জাহ্নৱী কাপুৰে প্ৰায়েই তিৰুপতি বালাজীৰ দৰ্শনৰ বাবে মন্দিৰলৈ আহে। তেওঁ প্ৰতি বছৰে নিজৰ জন্মদিনৰ সুযোগতে ভগৱান ভেংকটেশ্বৰৰ আশীৰ্বাদ ল’বলৈ তিৰুমালাত উপস্থিত হয়। কেৱল সেয়াই নহয়, নিজৰ প্ৰয়াত মাতৃ শ্ৰীদেৱীৰ জন্মদিনতো তেওঁ মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰে।

তেওঁৰ ছবি ‘পেড্ডী’ৰ কথা ক’বলৈ গ’লে, এইখন এখন স্পৰ্টছ ড্ৰামা (ক্ৰীড়াভিত্তিক) ছবি, যাৰ পৰিচালনা কৰিছে বুচি বাবু চনাই। ছবিখনত জাহ্নৱী কাপুৰৰ সৈতে দক্ষিণ ভাৰতীয় ছুপাৰষ্টাৰ ৰাম চৰণে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও ছবিখনত বোমান ইৰানী, শিৱ ৰাজকুমাৰ, জগতপতি বাবু আৰু দিব্যেন্দুৰ দৰে তাৰকাসকলেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

লগতে পঢ়ক: “বহুত বস্তু হেৰুৱালোঁ, ১০ বছৰ ধৰি অভিনয় ত্যাগ কৰাৰ কথা ভাবিছো”; মনোজ বাজপেয়ীৰ বিস্ফোৰক স্বীকাৰোক্তি

“বহুত বস্তু হেৰুৱালোঁ, ১০ বছৰ ধৰি অভিনয় ত্যাগ কৰাৰ কথা ভাবিছো”; মনোজ বাজপেয়ীৰ বিস্ফোৰক স্বীকাৰোক্তি

 

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত মনোজ বাজপেয়ীয়ে প্ৰকাশ কৰে যে তেওঁ বিগত দহ বছৰ ধৰি অভিনয় ত্যাগ কৰাৰ কথা চিন্তা কৰি আহিছে।

বলীউডৰ অন্যতম প্ৰতিভাশালী আৰু প্ৰিয় তাৰকাৰ ভিতৰত এগৰাকী হৈছে মনোজ বাজপেয়ী।মনোজ বাজপেয়ী বলীউডৰ অন্যতম আটাইতকৈ প্ৰতিভাৱান অভিনেতা। তেওঁ এতিয়ালৈকে নিজৰ কেৰিয়াৰত বহুতো উল্লেখনীয় চলচ্চিত্ৰ উপহাৰ দিছে আৰু নিজৰ অভিনয়ৰ দক্ষতাৰ প্ৰমাণ কৰিছে। একে সময়তে, মনোজ বাজপেয়ী অ’টিটি প্লেটফৰ্মৰো ৰজা হৈ পৰিছে। এই সকলোবোৰৰ মাজতে অলপতে অভিনেতাজনে প্ৰকাশ কৰিছে যে বিগত এটা দশকত তেওঁ বহুবাৰ অভিনয় এৰি দিয়াৰ কথা চিন্তা কৰিছে। তেওঁ স্বীকাৰ কৰিছে যে কঠিন চৰিত্ৰসমূহ ৰূপায়ণ কৰাৰ আৱেগিক বোজাই প্ৰায়ে তেওঁৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়।

এটা সাক্ষাৎকাৰত মনোজ বাজপেয়ীয়ে কয় যে, তেওঁৰ মনলৈ অভিনয় এৰি দিয়াৰ ভাৱ বাৰে বাৰে আহিছে।সঁচা কথা ক’বলৈ গ’লে, বিগত প্ৰায় ১০ বছৰ ধৰি মাজে মাজে মোৰ মন যায় যে মই অভিনয় এৰি দিওঁ। কিন্তু তাৰ পিছত আকৌ কিবা এটা চৰিত্ৰ আহে আৰু সেয়া হৈ উঠে।” অভিনেতাজনে জোৰ দি কয় যে তেওঁ বাধ্যবাধকতাত কাম কৰি থাকিব নিবিচাৰে। তেওঁ কয়, “মই অভিনয়ক বাধ্যবাধকতা হিচাপে কৰিব নিবিচাৰোঁ যে মই ঘৰলৈ দাইল-ভাত লৈ যাব লাগে । মই অভিনয় তেতিয়াহে কৰিব বিচাৰোঁ যেতিয়া কোনোবা এটা চৰিত্ৰ থাকে আৰু তাক ৰূপায়ণ কৰি বৰ আনন্দ পোৱা যায়।”

আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল মনোজ বাজপেয়ীয়ে প্ৰকাশ কৰিছে যে বহু বছৰ ধৰি অত্যন্ত মানসিক চাপযুক্ত আৰু গভীৰ চৰিত্ৰসমূহ কৰাৰ পিছত, এতিয়া তেওঁ পাতল-লঘু, বাণিজ্যিক মনোৰঞ্জনধৰ্মী বোলছবিৰ প্ৰতি আকৰ্ষিত হৈছে। অভিনেতাজনে কয়, “আজিকালি মোৰ বাণিজ্যিক চৰিত্ৰৰ চিনেমা কৰিবলৈ বৰ মন গৈছে.. একেবাৰে সস্তীয়া কমেডী, অৰ্থহীন কমেডী । অলপ গানৰ তালে তালে নাচিব লাগে। ঘৰৰ পৰা একো প্ৰস্তুতি চলাই যাব নালাগে। কেৱল পৰিয়ালক বিদায় দিয়ক আৰু ছেটত এটা ভাল সময় কটাওক।”

অভিনেতা গৰাকীয়ে এইটোও স্বীকাৰ কৰিছে যে ‘গলি গুলিয়াঁ’, ‘আলীগড়’ আৰু ‘ভোঁছলে’ৰ দৰে ছবিৰ কিছু অন্ধকাৰ আজিও তেওঁৰ ভিতৰত বিৰাজমান। অভিনেতাজনে কয়, “কেতিয়াবা মই মোৰ মানসিক অন্ধকাৰ অনুভৱ কৰোঁ। কেতিয়াবা মই ঠিকমতে জানো যে এইয়া ক’ৰ পৰা আহিছে।” তেওঁ লগতে কয় যে এনে চৰিত্ৰসমূহে প্ৰায়ে মেজাজ সলনি হোৱা আৰু আৱেগিক ভাগৰৰ কাৰণ হৈ পৰে, যাৰ বাবে আধ্যাত্মিকতা তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ আশ্ৰয় হৈ পৰিছে।

তেওঁ নিজৰ সপোনৰ পিছত দৌৰোঁতে কৰা ত্যাগসমূহৰ বিষয়েও কথা পাতিছে, বিশেষকৈ মাক-দেউতাকৰ সৈতে অতিবাহিত কৰা সময়খিনিক লৈ। যেতিয়া তেওঁক সোধা হৈছিল যে এই সংগ্ৰাম ইয়াৰ যোগ্য আছিলনে, তেতিয়া তেওঁ কয়, “প্ৰকৃততে, হয়,” তেওঁ লগতে কয়, “কিন্তু মই বহু বস্তু হেৰুৱালোঁ।” মুম্বাই যিয়ে তেওঁ আৰু তেওঁৰ পিতৃ-মাতৃৰ মাজত দূৰত্ব সৃষ্টি কৰিলে। তেওঁ কয়, “কেতিয়াবা মোৰ ভাব হয়, মই মোৰ দেউতাৰ সৈতে আৰু অলপ সময় পালে ভাল আছিল। আমি এজনে আনজনক আৰু ভালদৰে বুজিব পাৰিলোঁহেঁতেন।মোৰ মাৰ সৈতে আমি আমাৰ ব্যক্তিগত সমস্যাবোৰ সমাধান কৰিব পাৰিলোঁহেঁতেন। অতীতলৈ চালে এই ত্যাগ সৰ্থক যেন লাগে। বাজপায়ীয়ে কয়, “ভৌতিক প্ৰাপ্তিৰ পিছত যেতিয়া আপুনি পিছলৈ ঘূৰি চায়, তেতিয়া অনুভৱ হয় যে সকলোবোৰ ইয়াৰ যোগ্য নাছিল।”

লগতে পঢ়ক: ছীল হ’ল কণ্ঠশিল্পী বাদশ্বাহৰ ক্লাব SAGO; নিয়ম ভংগ কৰাৰ অভিযোগ

‘যেতিয়া কোনোবা আপোনাৰ লগত থাকিব নিবিচাৰে’;  নিসংগ হৈ পৰিছে নেকি ছলমান খান?

ছলমান খানৰ শেহতীয়া এটা পোষ্টে ছচিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰেছে। যদিও ছালমান খানে চাৰ্টবিহীন ফটোখনত নিজৰ শৰীৰ আৰু এবছ প্ৰদৰ্শন কৰি আছে, কিন্তু তেওঁ দিয়া কেপচনটোতে অনুৰাগীক বিচলিত কৰিছে।

নিজৰ স্বভাৱ সলনি কৰাৰ লগতে ছচিয়েল মিডিয়াত হঠাৎ অত্যন্ত সক্ৰিয় হৈ পৰিছে বলীউডৰ অভিনেতা ছলমান খান।শেহতীয়াকৈ ছলমান খানে ছ’চিয়েল মিডিয়াত ৰহস্যময় কেপচনৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰিছে।ফটোখনৰ পৰা অনুমান কৰিব পাৰি যে ‘দবাং খান’ এ তেওঁৰ হৃদয়ত কিছু বেদনা লৈ ফুৰিছে।

ছলমান খানে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত চাৰ্টবিহীন এখন ফটো শ্বেয়াৰ কৰিছে।ছবিখনত ‘দবাং খান’ক চোফা এখনত বহি থকা দেখা গৈছে।চেহেৰাৰ পৰা বিচাৰ কৰিলে তেওঁ গভীৰ চিন্তাত সোমাই পৰাৰ দৰে অনুভৱ হয়।

ফটোখন শ্বেয়াৰ কৰি ছলমান খানে কেপচনত লিখিছে— মোৰ মতে নিজৰ লগত থকাৰ দুটা উপায় আছে—অকলে থাকক, বা নিসংগতাত বাস কৰক।অকলশৰীয়া ব্যক্তি এগৰাকীয়ে নিজৰ মতে থাকিব পাৰে, কিন্তু অকলশৰীয়া তেতিয়া অনুভৱ কৰে, যেতিয়া কোনোবা আপোনাৰ লগত থাকিব নিবিচাৰে।এতিয়া, ইয়াৰ পিছত কি কৰিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰশীল।

ছলমান খানৰ এই পোষ্টটো এতিয়া সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। বহু অনুৰাগীয়ে কৈছে যে ৬০ বছৰ বয়সত নিসংগতাত ভুগিছে ছলমান খান।  

লগতে পঢ়ক: ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হ’ল  সঞ্জয় দত্তৰ বিতৰ্কিত ছবি ‘আখৰী সাৱাল’

দীঘল চুলি-দাড়ি; ৩৩ বছৰৰ পিছত ‘খালনায়ক’ হৈ ঘূৰি আহিছে সঞ্জয় দত্ত

বলীউডৰ অভিনেতা সঞ্জয় দত্তই দৰ্শকসকলৰ বাবে এক বৃহৎ ঘোষণা কৰিছে। পুনৰ এবাৰ ৰূপালী পৰ্দাত খলনায়ক হিচাপে ঘূৰি আহিবলৈ সাজু হৈছে সঞ্জয় দত্ত।

১৯৯৩ চনৰ ছুপাৰহিট ছবি খালনায়কৰ স্মৃতি আজিও দৰ্শকৰ হৃদয়ত জীয়াই আছে।সঞ্জয় দত্ত আৰু মাধুৰী দীক্ষিত অভিনীত এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি  কৰিছিলে।এতিয়া ৩৩ বছৰৰ পাছত আকৌ এবাৰ ছবিগৃহত ফলকনি তুলিবলৈ আহি আছে খালনায়ক ৰিটাৰ্ণছ।বহু বছৰৰ মূৰত পুনৰ এবাৰ খলনায়ক হিচাপে ঘূৰি আহিছে সঞ্জয় দত্ত।মুক্তি পালে চিনেমাখনৰ প্ৰথমটো টিজাৰৰ ভিডিঅ’।

ভিডিঅ’টোৰ প্ৰথম দৃশ্যটোৱে অতি ভয়ংকৰ।সঞ্জয় দত্তক তেজেৰে ৰাঙলী হৈ থকা দেখিবলৈ পোৱা গৈছে। চাৰিওফালে জুই জ্বলি আছিল। অভিনেতাজনৰ মুখত আঘাতৰ চিন আচিল।টিজাৰত সঞ্জয় দত্তৰ উগ্ৰ অৱতাৰ প্ৰদৰ্শিত হৈছে।এই টিজাৰটো শ্বেয়াৰ কৰি সঞ্জয় দত্তই লিখিছে: কিছুমান কাহিনী শেষ নহয়…পুনৰবাৰ আৰম্ভ হয়।খালনায়ক ৰিটাৰ্ণছ।সঞ্জয়ৰ বাহিৰেও ছবিখনত আৰু কোন কোন আছে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

১৯৯৩ চনত মুক্তি পোৱা খালনায়ক ছবিখনৰ প্ৰযোজক আছিল সুভাষ ঘাই। সঞ্জয় আৰু মাধুৰী দীক্ষিতৰ উপৰিও অনুপম খেৰ, ৰাখী, আৰু জেকী শ্ৰফে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।সঞ্জয়ে কুখ্যাত অপৰাধী বলৰাম প্ৰসাদ (বল্লু)ৰ চৰিত্ৰত অভিনয় কৰিছিল।ছবিখনৰ গীত সমূহ এতিয়াও জনপ্ৰিয়। ছবিখনক লৈ এতিয়া দৰ্শক সকল আনন্দিত হৈছে।  

লগতে পঢ়ক: “কিছু সময় ধৈৰ্য ধৰক…”; ২৭ চনৰ ঈদক লৈ ছলমান খানৰ ডাঙৰ ঘোষণা

‘এইটো কেৱল টকাৰ ইচ্ছু নাছিল’; চেক বাউন্স কেছ সন্দৰ্ভত ৰাজপাল যাদৱৰ ডাঙৰ প্ৰকাশ

আইনী বিবাদ আৰু তিহাৰ কাৰাগাৰত থকা অভিজ্ঞতাৰ বিষয়ে ৰাজপাল যাদৱে প্ৰথমবাৰৰ বাবে মুকলিকৈ প্ৰকাশ কৰিছে।

নিজৰ অতুলনীয় কমেডী ছবিৰে লাখ লাখ লোকৰ হৃদয় জয় কৰা অভিনেতা ৰাজপাল যাদৱে বৰ্তমান ৯ কোটিৰ ঋণ আৰু চেক বাউন্স কেছৰ বাবে শিৰোনাম দখল কৰিছে।শেহতীয়াকৈ তিহাৰ জেলৰ পৰা মুক্তি পোৱাৰ পিছত এই সমগ্ৰ বিতৰ্কক লৈ তেওঁ নিজৰ মৌনতা ভংগ কৰিছে।ৰাজপালে ইংগিত দিছে যে এই বিষয়টো সন্দৰ্ভত জনসাধাৰণৰ মাজত যি ধাৰণা সৃষ্টি হৈছে, সত্য কথাটো ইয়াতকৈ বহুত বেছি জটিল আৰু গভীৰ।

এটা সাক্ষাৎকাৰত ৰাজপাল যাদৱে তেওঁৰ আইনী সংগ্ৰামৰ বিভিন্ন দিশৰ বিষয়ে স্পষ্টভাৱে কয়। অভিনেতা গৰাকীয়ে কয় যে, টকাৰ অভাৱৰ বাবে মোক জেললৈ পঠিওৱা হোৱা নাছিল।বৰঞ্চ ই ডাঙৰ বিষয় আৰু নীতিৰ যুদ্ধ আছিল। তেওঁ দাবী কৰে যে যদিহে এই বিষয়টো মাত্ৰ ৫ কোটিৰ সৈতে জড়িত হ’লহেঁতেন তেন্তে ২০১২ চনত ইয়াৰ সমাধান হ’লহেঁতেন।ৰাজপালৰ মতে, এই বিবাদৰ বাবে তেওঁৰ ১৭ ৰ পৰা ২২ কোটি পৰ্যন্ত ব্যাপক লোকচান হয়।

তেওঁ কয় যে, “ইতিমধ্যে ১২ কোটি টকা দিয়া হৈছে,এয়া এতিয়া ২২ কোটি টকাৰ বিষয় হৈ পৰিছে।যেতিয়া শত্ৰুও কোনো প্ৰজেক্টৰ সৈতে জড়িত হয় তেতিয়াও তেওঁলোকে ছবিখন মুক্তি দিবলৈ অনুমতি দিব লাগে যাতে দৰ্শকে সিদ্ধান্ত ল’ব পাৰে।” ন্যায়পালিকাৰ প্ৰতি অদম্য বিশ্বাস প্ৰকাশ কৰি ৰাজপালে কয় এই যুঁজখন তেওঁ আৰম্ভ কৰা নাছিল, কিন্তু শেষ তেওঁ নিশ্চয় শেষ কৰিব।

লগতে পঢ়ক: কন্যা সন্তানৰ পিতৃ হ’ল চলচ্চিত্ৰ নিৰ্মাতা এটলী…

“মহাপ্ৰৱঞ্চৰ বিৰুদ্ধে চৰকাৰী সাক্ষী হ’ব বিচাৰো”: সুকেশ চন্দ্ৰশেখৰ গোচৰক লৈ জেকলিন ফাৰ্নাণ্ডেজৰ সুৰ সলনি

সুকেশ চন্দ্ৰশেখৰ গোচৰক লৈ সুৰ সলনি হৈছে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ। এইবাৰ চৰকাৰী সাক্ষী হ’বলৈ সাজু হৈ জেকলিন।

সুকেশ চন্দ্ৰশেখৰৰ ধন সৰবৰাহৰ গোচৰত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে সুৰ সলনি কৰি দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টত কয় যে, তেওঁ চৰকাৰী সাক্ষী হ’ব বিচাৰে। এই ঘটনাৰ পিছতে আদালতে তেওঁক স্পষ্ট কৰি দিলে যে ইয়াৰ বাবে তেওঁ বলবৎকাৰী সঞ্চালকালয় (ইডি)ত আনুষ্ঠানিক আবেদন দাখিল কৰিব লাগিব।এই বিষয়টোৰ ওপৰতেই আজি বিয়লি এক শুনানি অনুষ্ঠিত হোৱাৰ কথা আছে।

আদালতে কয় যে, এই প্ৰক্ৰিয়া অনুসৰি জেকলিন ফাৰ্নাণ্ডেজে প্ৰথমে ইডিৰ আগত নিজৰ বক্তব্য লিপিবদ্ধ কৰিব লাগিব।তদন্তকাৰী সংস্থাই তেওঁৰ বক্তব্যৰ ভিত্তিত নিৰ্ণয় কৰিব যে তেওঁক চৰকাৰী সাক্ষী বনাবলৈ আদালতত আবেদন দাখিল কৰিব নে নকৰে।জেকলিনৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্য্যবিধি বাতিল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে আবেদন খাৰিজ কৰাৰ কেইমাহমানৰ পাছতে এই ঘটনাটো সংঘটিত হৈছে।

উল্লেখ্য যে, সুকেশ চন্দ্ৰশেখৰ কেইবাটাও গোচৰৰ সৈতে জড়িত হৈ কাৰাগাৰত  আছে।তেওঁ নিজকে জেকলিন ফাৰ্নাণ্ডেজৰ প্ৰেমিক বুলি দাবী কৰিছে আৰু, জেলৰ পৰা অসংখ্য চিঠি লিখি তেওঁ নিজৰ আৱেগ প্ৰকাশ কৰিছে।ইডিৰ তদন্ত অনুসৰি, সুকেশ চন্দ্ৰশেখৰে প্ৰায় ২০০ কোটি ধন সৰবৰাহৰ কামত লিপ্ত হৈছিল।

লগতে পঢ়ক: “জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে…”; মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নীৰ বিশেষ অনুৰোধ

কান্তাৰা বিতৰ্কঃ ৰণবীৰ সিঙে দাখিল কৰিব লাগিব নতুন মাফিনামা

‘কান্তৰা: অধ্যায় ১’ত অভিনয় কৰা দেৱী চামুণ্ডীক লৈ ৰণবীৰ সিঙে এক মন্তব্য কৰিছিল,যিটো আপত্তিজনক বুলি গণ্য কৰা হৈছিল। এতিয়া আকৌ এই মন্তব্যক লৈ বিপদত পৰিছে ৰণবীৰ সিং।

বলীউডৰ অভিনেতা ৰণবীৰ সিং পুনৰবাৰ চৰ্চালৈ আহিছে, কিন্তু এইবাৰ ছবিৰ বাবে নহয়, বৰঞ্চ ‘কান্তৰা’ৰ বিতৰ্কৰ বাবেহে।ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫ৰ সময়ত যি বিতৰ্ক উদ্ভৱ হৈছিল, সেই বিতৰ্কই এতিয়া আইনী ৰূপ ধাৰণ কৰিছে।ৰণবীৰ সিঙে কৰ্ণাটক উচ্চ ন্যায়ালয়ত ক্ষমাপ্ৰাৰ্থনাৰ সংশোধিত শপতনামা দাখিল কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে ।

এই পদক্ষেপ তেতিয়া গ্ৰহণ কৰা হৈছিল যেতিয়া অভিযোগকাৰীয়ে পূৰ্বৰ ক্ষমা বিচৰাটো ‘কেৱল অভিনয়’ বুলি অভিহিত কৰি মানি ল’বলৈ অস্বীকাৰ কৰিছিল। এতিয়া অভিনেতা গৰাকীয়ে নতুন পদ্ধতিৰে নিজৰ ভূলৰ শুধৰণি পুনৰবাৰ আদালতৰ ওচৰত দাখিল কৰিব লাগিব।

দৰাচলতে, ৰণবীৰ সিঙে এই বিবাদক লৈ পূৰ্বেও ক্ষমা বিচাৰিছিল, কিন্তু অভিযোগকাৰীয়ে তাক ভাল পোৱা নাছিল।আদালতৰ শুনানিৰ সময়ত অভিযোগকাৰীৰ হৈ যুক্তি দিয়া হৈছিল যে অভিনেতাগৰাকীৰ পূৰ্বৰ ক্ষমাপ্ৰাৰ্থনাত প্ৰকৃত অনুশোচনাৰ অভাৱ আছিল আৰু তেওঁৰ সুৰটো গুৰুতৰ যেন লগা নাছিল। এই আপত্তিৰ পিছতে ৰণবীৰৰ অধিবক্তাই আদালতক আশ্বাস দিয়ে যে তেওঁ অভিযোগকাৰীৰ সৈতে আলোচনা কৰি নতুন, সংশোধিত ক্ষমাপ্ৰাৰ্থনা দাখিল কৰিব।

লগতে পঢ়ক: ‘শেষটোক স্বীকাৰ কৰক…’; অৰ্জুন কাপুৰৰ চাঞ্চল্যকৰ পোষ্ট

‘মই ক্ষমা বিচাৰিছো…মই জনা নাছিলো’; পুৰণি বিবাদক লৈ ৰাকেশ বেদীয়ে বিচাৰিলে  ক্ষমা

ধুৰন্ধৰ দ্য ৰিভেঞ্চ ছবিখনত জমীল জামালি চৰিত্ৰটোত অভিনয় কৰি খ্যাতি অৰ্জন কৰা ৰাকেশ বেদীয়ে এতিয়া পুৰণি বক্তব্যক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছে।

সম্প্ৰতি ধুৰন্ধৰ ২ ছবিখনত জমীল জামালিৰ চৰিত্ৰত অভিনয় কৰি শিৰোনাম দখল কৰিছে ৰাকেশ বেদীয়ে।কিন্তু না কেৱল তেওঁৰ সংলাপ “তুমি মোৰ সন্তান…” ভাইৰেল হোৱাই নহয় বৰঞ্চ তেওঁৰ এটা পুৰণি ভিডিঅ’ও ভাইৰেল হৈ পৰিছে। এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত ৰাকেশে দলিত সম্প্ৰদায়ৰ বিষয়ে মন্তব্য কৰা দেখা গৈছে।

ভিডিঅ’ টো ভাইৰেল হোৱাত বিষয়টো তীব্ৰতৰ হৈ পৰে যাৰ বাবে ৰাকেশ বেদীক ক্ষমা খুজিবলৈ দাবী উত্থাপন হয়। পলম নকৰি অভিনেতাজনেও এটা ভিডিঅ’ পোষ্ট কৰি অজানিতে ব্যৱহাৰ কৰা শব্দটোৰ বাবে ক্ষমা বিচাৰিলে।

দৰাচলতে ৰাকেশ বেদীয়ে পুৰণি এটা সাক্ষাৎকাৰত ‘হৰিজন’ শব্দটো ব্যৱহাৰ কৰিছিল, যাৰ বাবে আজাদ সমাজ পাৰ্টিৰ মুম্বাই ৰাজ্যিক সভাপতি কৈলাশ জয়শ্বৰে এই বিষয় সন্দৰ্ভত আপত্তি উত্থাপন কৰে।

কোনো সংকোচ নকৰাকৈ ক্ষমা বিচাৰি ৰাকেশ বেদীয়ে এটা ভিডিঅ’ত উল্লেখ কৰিছে নমস্কাৰ বন্ধুসকল, “মই ৰাকেশ বেদীয়ে কৈছো।কেইমাহমানৰ আগতে এটা ভিডিঅ’ পোষ্ট কৰিছিলো,য’ত মই কৈছিলোঁ যে আমাৰ দেশত ভীমৰাও আম্বেদকাৰ জীয়ে দলিতসকলৰ ওচৰত ক্ষমা বিচাৰিছিল,তেওঁ হৰিজন আৰু পিছপৰা জনগোষ্ঠীৰ লোকসকলৰ বাবে বহু কাম কৰিছিল।তেওঁলোকৰ উত্থানৰ বাবে তেওঁ বহুত কষ্ট কৰিছিল”।

তেওঁ লগতে কয়, “মই এইমাত্ৰ জানিব পাৰিছো যে ভাৰতত ‘হৰিজন’ শব্দৰ ব্যৱহাৰ নিষিদ্ধ।কাকো আঘাত দিয়াৰ মোৰ কোনো উদ্দেশ্য নাছিল।যদি মোৰ এই শব্দৰ ব্যৱহাৰে কোনো ব্যক্তি বা সম্প্ৰদায়ক অপৰাধৰ সৃষ্টি কৰিছে,গতিকে, ইয়াৰ বাবে ক্ষমা বিচাৰিছো।মই ইচ্ছাকৃতভাৱে এই কথা কোৱা নাছিলো”।

লগতে পঢ়ক: ‘ধুৰন্ধৰ ২’ৰ ইতিহাস সৃষ্টি; ১০০০ কোটি উপাৰ্জন কৰা প্ৰথমখন বলীউড ছবি