শ্ৰেয়াছ তালপাড়েৰ বিৰুদ্ধে এফআইআৰ দাখিল; লাখ লাখ টকাৰ বিনিয়োগ কেলেংকাৰিৰ অভিযোগ

ৰাজপাল যাদৱৰ পিছত এইবাৰ বিপদত পৰিছে শ্ৰেয়াছ তালপাড়ে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে শ্ৰেয়াছ তালপাড়ে সহ আন ১২ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

বলীউডৰ তাৰকাসকলৰ দিনে দিনে বৃদ্ধি পাইছে বিপদ। এফালে ৰাজপাল যাদৱ তিহাৰ জেলত কাৰাবন্দী হৈ আছে। ইফালে শ্ৰেয়াস তালপাড়ে আইনী মেৰপেছত সোমাই পৰিছে।

শ্ৰেয়াস তালপাড়েকে ধৰি ১২জন লোকৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ঘটনাটো মইনপুৰীৰ ভোগাঁৱৰ,য’ত অভিনেতা শ্ৰেয়াস তালপাড়েকে ধৰি ১২জন লোকৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰ ৰুজু কৰা হৈছিল।

এজন বিনিয়োগকাৰীৰ অভিযোগৰ ওপৰত আদালতৰ নিৰ্দেশৰ পিছত এই গোচৰ ৰুজু কৰা হৈছে।অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

বিষয়টো মৈনপুৰীৰ ভোগাঁও থানা এলেকাৰ মোহল্লা মিশ্ৰনাৰ। অভিযোগকাৰীয়ে আদালতত আবেদন দাখিল কৰিছিল যে শ্ৰেয়াছ তালপাড়ে আৰু তেওঁৰ সহযোগীসকলে মুম্বাইস্থিত কথিত বেংক শাখাৰ জৰিয়তে গাঁওবাসী আৰু চহৰবাসীক বিপুল পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈ প্ৰলোভিত কৰিছিল।

তেওঁলোকক বিশাল লাভৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল,কিন্তু বিনিয়োগকাৰীয়ে তেওঁলোকৰ ধন ঘূৰাই নাপালে। অভিযোগকাৰীৰ মতে, বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো ধন পোৱা নাছিল।যেতিয়া তেওঁলোকৰ লাখ লাখ টকাৰ ধন হেৰাই গ’ল, তেতিয়া বিষয়টো আদালত পাইগৈ।

আদালতৰ নিৰ্দেশৰ পিছতেই আৰক্ষীয়ে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।অৱশ্যে এই বিষয়ত শ্ৰেয়াছ তালপাড়ে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু অভিযুক্তৰ বিৰুদ্ধে জালিয়াতি, অপৰাধমূলক আস্থা ভংগ ইত্যাদি ধাৰাত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।অৱশ্যে শ্ৰেয়াছ তালপাড়েৰ বিৰুদ্ধে এইবাৰেই ধনৰ কেলেংকাৰীৰ নাম সাঙোৰ খোৱা নাই।

ইয়াৰ পূৰ্বে যোৱা বছৰত লনী আৰ্বান মাল্টি ষ্টেট ক্ৰেডিট এণ্ড থ্ৰিফ্ট সমবায় সমিতিৰ সৈতে জড়িত কেইবাটাও গোচৰত তেওঁৰ নাম অন্তৰ্ভূক্ত হৈছিল।

লগতে পঢ়ক: ‘কান্তৰা ১’ খ্যাত জয়ৰামক ইডিৰ চমন; সবৰীমালা সোণ চুৰিৰ গোচৰত সোধ-পোছ

কোনোমতে প্ৰাণৰক্ষা পৰিল বলীউড অভিনেতা অক্ষয় কুমাৰৰ!

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কোনোমতে প্ৰাণৰক্ষা পৰিল বলীউড অভিনেতা অক্ষয় কুমাৰৰ! পত্নীসহ জুহুস্থিত ঘৰলৈ আহি থকা অৱস্থাতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা…

দুৰ্ঘটনাত পতিত হ’ল বলীউড অভিনেতা অক্ষয় কুমাৰৰ বাহন । এই দুৰ্ঘটনাত কোনোমতে প্ৰাণৰক্ষা পৰিল অভিনেতাগৰাকীৰ । সোমবাৰে সন্ধিয়া মুম্বাইত বলীউড অভিনেতা অক্ষয় কুমাৰৰ এস্কৰ্ট গাড়ী আৰু অট’ৰিক্সাৰ মাজত হোৱা সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত দুজন লোক আহত হয় বুলি জানিব পৰা গৈছে । অভিনেতাগৰাকীৰ জুহুৰ বাসগৃহৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা । অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত অক্ষয় কুমাৰ নাছিল । ইফালে অটোৰিক্সা চালকজনৰ ভাতৃয়ে এতিয়া ক্ষতিপূৰণৰ দাবী জনাইছে ।

জানিব পৰা মতে, অক্ষয় কুমাৰ আৰু তেওঁৰ পত্নী টুইংকল খান্নাই বিমানবন্দৰৰ পৰা জুহুৰ ঘৰলৈ উভতি আহি আছিল । এখন গাড়ীয়ে পিছফালৰ পৰা এখন অটোৰিক্সা খুন্দা মৰাৰ ফলত ৰিক্সাখন বাগৰি অক্ষয় কুমাৰৰ গাড়ীৰ সৈতে খুন্দা মাৰে । ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে অভিনেতাজনৰ নিৰাপত্তাৰক্ষীৰ বাহনখন সোঁফালে বাগৰি পৰে ।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে অক্ষয় কুমাৰৰ এস্কৰ্ট বাহনখন দুটা টায়াৰত বাগৰি পৰাৰ বিপৰীতে অটোৰিক্সাখনৰ সন্মুখভাগ বেয়াকৈ ছিন্নভিন্ন হৈ পৰিছে । সৌভাগ্যক্ৰমে কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই ।

আনহাতে দুৰ্ঘটনাটোত আহত অট’ৰিক্সা চালকজনৰ ভাতৃয়ে কয় যে, “নিশা ৮ৰ পৰা ৮:৩০ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা । মোৰ ভাইটিয়ে অট’ৰিক্সাখন চলাই থকা অৱস্থাত অক্ষয় কুমাৰৰ ইনোভা আৰু এখন মাৰ্চিডিজ গাড়ী পিছফালৰ পৰা আহি আছিল । মাৰ্চিডিজখনে ইনোভাখনক খুন্দা মাৰে, যিয়ে পাছলৈ অট’ৰিক্সাখনত খুন্দা মাৰে । ফলত মোৰ ভাইটি আৰু আন এজন যাত্ৰী অট’ৰিক্সাখনৰ তলত সোমাই ধৰে । অট’ৰিক্সাখন যথেষ্ঠ ক্ষতিগ্ৰস্ত হৈছে আৰু ভাইটিৰ অৱস্থাও গুৰুতৰ । আমাৰ একমাত্ৰ অনুৰোধ যে মোৰ ভাইটিয়ে উপযুক্ত চিকিৎসা আৰু ৰিক্সাখনৰ ক্ষতিপূৰণ লাভ কৰক । আমি আৰু একো নিবিচাৰো ।”

লগতে পঢ়ক : ‘মই উভতি আহিম নে নাই নাজানো …’; বলিউডৰ পৰা বিৰতি ল’ব নেকি নেহা কক্কৰে

চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ’ল অভিনেতা গোবিন্দাক

চিকিৎসালয়ৰ পৰা ৰিলিজ গোবিন্দা

বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ অসুস্থ হৈ থকাৰ সময়তে অভিনেতা গোবিন্দাকো মঙলবাৰৰ নিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

নিশা ঘৰতে অচেতন হৈ পৰি যোৱাৰ বাবে অভিনেতা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু এতিয়া গোবিন্দাৰ অনুৰাগী সকললৈ ভাল খবৰ আহিছে।চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছে অভিনেতা গৰাকীক।

চিকিৎসালয়ৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ সৈতেও অভিনেতা গৰাকীয়ে কথা পাতিছিল আৰু অনুৰাগীসকললৈ এটা বাৰ্তা প্ৰেৰণ কৰে যে তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ। 

অভিনেতা গৰাকীয়ে কয় যে, পূৰ্বতকে মই এতিয়া যথেষ্ট সুস্থ।মই বেছি ৱৰ্কআউট কৰিছিলোঁ, যাৰ বাবে মোৰ কিছু অসুবিধা হৈছিল’।

‘হাৰ্ড ৱৰ্কআউট স্বাস্থ্যৰ বাবে ভাল নহয়, যোগাসনেই সৰ্বোত্তম।চিকিৎসকে মোক ঔষধ দিছে, মই খাম আৰু সম্পূৰ্ণ সুস্থ হ’ম। যোগাসন কৰাসকলে ভালকৈ জীয়াই থাকে; ই আমাৰ সকলোৰে বাবে উপযুক্ত।’  

লগতে পঢ়ক: পুত্ৰ ববীৰ সৈতে এম্বুলেন্সত উঠি ঘৰ পালেহি অভিনেতা ধৰ্মেন্দ্ৰ

ঘৰতে অচেতন হৈ পৰিল বলীউড অভিনেতা গোবিন্দা; নিশাই ভৰ্তি চিকিৎসালয়ত

অসুস্থ বলীউড অভিনেতা গোবিন্দা

হঠাৎ অসুস্থ বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা । নিশাৰ ভাগত স্ব-গৃহত অচেতন হৈ পৰাত মুম্বাইৰ জুহুৰ এখন চিকিৎসালয়ত অভিনেতাগৰাকীক ভৰ্তি কৰোৱা হৈছে বুলি তেওঁৰ বন্ধু ললিত বিন্দলে প্ৰকাশ কৰিছে ।

গোবিন্দাৰ বন্ধু ললিত বিন্দালে অভিনেতাজনৰ অৱস্থা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সবিশেষ প্ৰকাশ কৰে । তেওঁ কয়, “সন্ধিয়া ঘৰত হঠাতে অচেতন হৈ পৰিল, তাৰ পিছত মোক ফোন কৰিলে । মই তেওঁক ক্ৰিটিকেল কেয়াৰ হাস্পতাললৈ লৈ আহিলোঁ । তেওঁ চিকিৎসকৰ তত্বাৱধানত আছে আৰু চিকিৎসা চলি আছে ।” ইফালে এই খবৰ বিয়পি পৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ ধৰে ।

অভিনেতাগৰাকীৰ বন্ধু ললিত বিন্দলে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তেও এই খবৰটো শ্বেয়াৰ কৰে । তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “মোৰ প্ৰিয় বন্ধু গোবিন্দা অচেতন হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । তেওঁৰ আশু আৰোগ্য কামনা কৰিলোঁ ।”

এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলে উদ্বেগ প্ৰকাশ কৰে । সকলোৱে সামাজিক মাধ্যমযোগে জনপ্ৰিয় বলীউড অভিনেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ।

লগতে পঢ়ক : মিছ ইউনিভাৰ্ছ ২০২৫ত খলকনি তুলিছে এইগৰাকী ভাৰতীয় সুন্দৰীয়ে