‘মই উভতি আহিম নে নাই নিশ্চিত নহয়...’; বলিউডৰ পৰা বিৰতি ল’ব নেকি নেহা কক্কৰে

‘মই উভতি আহিম নে নাই নাজানো …’; বলিউডৰ পৰা বিৰতি ল’ব নেকি নেহা কক্কৰে

বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰৰ এটা পোষ্টে চৰ্চা লাভ কৰিছে। নেহা কক্কৰে পোষ্টটোত সকলোৰে পৰা বিৰতি বিচাৰিছে। বলীউডৰ প্ৰতিভাৱান আৰু বিখ্যাত কণ্ঠশিল্পী নেহা কক্কৰে তেওঁৰ শেহতীয়া ছ’চিয়েল মিডিয়া পোষ্টেৰে এক আলোড়নৰ সৃষ্টি কৰিছে।নেহা কক্কৰে কৈছে যে, তেওঁ বিৰতি ল’ব বিচাৰিছে। তেওঁক সম্পৰ্ক, কাম আৰু প্ৰতিটো

বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰৰ এটা পোষ্টে চৰ্চা লাভ কৰিছে। নেহা কক্কৰে পোষ্টটোত সকলোৰে পৰা বিৰতি বিচাৰিছে।

বলীউডৰ প্ৰতিভাৱান আৰু বিখ্যাত কণ্ঠশিল্পী নেহা কক্কৰে তেওঁৰ শেহতীয়া ছ’চিয়েল মিডিয়া পোষ্টেৰে এক আলোড়নৰ সৃষ্টি কৰিছে।নেহা কক্কৰে কৈছে যে, তেওঁ বিৰতি ল’ব বিচাৰিছে।

তেওঁক সম্পৰ্ক, কাম আৰু প্ৰতিটো দায়িত্বৰ পৰা বিৰতিৰ প্ৰয়োজন।  নেহাৰ এই পোষ্টটো প্ৰকাশ পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ এই পোষ্টৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে অনুৰাগীসকল।  

দৰাচলতে, ১৯ জানুৱাৰীত নেহা কক্কৰে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে তেওঁ বিৰতি ল’ব বিচাৰিছে।তেওঁ সকলো বস্তুৰ পৰাই বিৰতি ল’ব বিচাৰিছে।তেওঁ উভতি আহিব নে নাই সেই কথা নিশ্চিত হোৱা নাই।

নেহা কক্কৰে প্ৰথমটো পোষ্টত লিখিছিল যে, দায়িত্ব, সম্পৰ্ক, কাম আৰু সকলো বস্তুৰ পৰা বিৰতি লোৱাৰ সময় আহি পৰিছে।মই নাজানো মই উভতি আহিম নে নাই। ধন্যবাদ

নেহাই আন এটা পোষ্টত লিখিছে যে, ‘মই অনুৰাগী আৰু পাপাৰাজীক অনুৰোধ কৰিছো যে মোক একেবাৰেই বন্দী নকৰিব’।

‘আশাকৰোঁ আপোনালোকে মোৰ গোপনীয়তাক সন্মান কৰিব আৰু মোক এই পৃথিৱীত মুক্তভাৱে জীয়াই থাকিবলৈ দিব।মই অনুৰোধ কৰিছো।মোক শান্তি দিবলৈ আপোনালোকে অন্ততঃ এইটো কাম কৰিব পাৰে’। অৱশ্যে নেহাই কিছুসময়ৰ পিছতেই পোষ্টটো ডিলিট কৰিলে।

লগতে পঢ়ক: ‘এয়া এক বৃহৎ ষড়যন্ত্ৰৰ অংশ’; পত্নীৰ অভিযোগৰ পিছতে গোবিন্দাৰ প্ৰতিক্ৰিয়া