‘এয়া এক বৃহৎ ষড়যন্ত্ৰৰ অংশ’; পত্নীৰ অভিযোগৰ পিছতে গোবিন্দাৰ প্ৰতিক্ৰিয়া

‘এয়া এক বৃহৎ ষড়যন্ত্ৰৰ অংশ’; পত্নীৰ অভিযোগৰ পিছতে গোবিন্দাৰ প্ৰতিক্ৰিয়া

সুনীতা আহুজাই কিছুদিন পূৰ্বে স্বামী গোবিন্দাৰ অবৈধ প্ৰেমৰ কথাক লৈ মন্তব্য কৰে। তাৰ পিছতেই মুখ খুলিছে অভিনেতা গোবিন্দাই। বলীউডৰ তাৰকা গোবিন্দা আৰু সুনীতা আহুজাৰ সম্পৰ্কই বিগত এবছৰ ধৰি ধাৰাবাহিকভাৱে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ সুনীতাই গোবিন্দাৰ একাধিক প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে কেতিয়াও ক্ষমা নকৰে

সুনীতা আহুজাই কিছুদিন পূৰ্বে স্বামী গোবিন্দাৰ অবৈধ প্ৰেমৰ কথাক লৈ মন্তব্য কৰে। তাৰ পিছতেই মুখ খুলিছে অভিনেতা গোবিন্দাই।

বলীউডৰ তাৰকা গোবিন্দা আৰু সুনীতা আহুজাৰ সম্পৰ্কই বিগত এবছৰ ধৰি ধাৰাবাহিকভাৱে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।

শেহতীয়াকৈ সুনীতাই গোবিন্দাৰ একাধিক প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে কেতিয়াও ক্ষমা নকৰে বুলি অভিযোগ কৰি শিৰোনাম দখল কৰিছিল।এই অভিযোগৰ প্ৰতি এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোবিন্দাই কয় যে সুনীতাক ষড়যন্ত্ৰৰ বাবে ব্যৱহাৰ কৰা হৈছে।

এটা সাক্ষাৎকাৰত গোবিন্দই কয় যে,শেহতীয়াকৈ মই লক্ষ্য কৰিছোঁ যে মই যেতিয়া নিমাত হৈ থাকোঁ,হয়টো মোক দুৰ্বল যেন লাগে, নহলেবা এনেকুৱা লাগে যে ময়েই সমস্যাৰ মূল….সেই কাৰণে আজি মই উত্তৰ দিম।

মোক কোৱা হৈছিল যে মোৰ পৰিয়ালৰ সদস্যসকল হয়তো অজানিতে জড়িত হৈ আছে,আৰু তেওঁলোকে গম নাপাব যে তেওঁলোকক এক বৃহৎ ষড়যন্ত্ৰৰ প্ৰাৰম্ভিক পৰ্যায়ত ব্যৱহাৰ কৰা হৈছে…কিন্তু তাই (সুনীতাই) কেতিয়াও কল্পনা কৰিব নোৱাৰে যে সুনীতা নিজেই অজানিতে এটা ডাঙৰ ষড়যন্ত্ৰত আবদ্ধ হৈ পৰিছে,আৰু তেওঁক অ’পেনিং বেটছমেন হিচাপে খেলপথাৰলৈ প্ৰেৰণ কৰা হৈছে।

অভিনেতাজনে কয় যে “তেওঁক শক্তিশালী লোকে লক্ষ্য কৰি লৈছে।কাৰোবাৰ সুনাম কলংকিত কৰি তেওঁলোকৰ ওপৰত কিবা এটা জাপি দিবলৈ,যেনেকৈ এজন অতি বিপজ্জনক মানুহে মোক আৰম্ভণিতে অভিযোগ কৰিছিল,আৰু পিছত সেই মানুহজনো উন্মোচিত হ’ল।”

“যেতিয়া চলচ্চিত্ৰ জগতত আপোনাৰ জনপ্ৰিয়তাই এটা সীমা অতিক্ৰম কৰে,তেন্তে বহু মানুহ আগবাঢ়ি আহে আপোনাক ধ্বংস কৰিবলৈ।এই সমস্যাৰ পৰা মোক বচাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো।”

“আৰু মোৰ সন্তানৰ মংগলৰ বাবেও প্ৰাৰ্থনা কৰোঁ।মই প্ৰাৰ্থনা কৰোঁ যাতে কোনো ভুল বুজাবুজি নহয় আৰু মোৰ শ্বাসৰুদ্ধ হোৱা যেন নালাগে।বিশেষকৈ মোৰ পৰিয়াললৈ এক বিনম্ৰ অনুৰোধ।”

লগতে পঢ়ক: ‘গোবিন্দাক কেতিয়াও ক্ষমা নকৰো’; স্বামীৰ অবৈধ প্ৰেমক লৈ মুখখুলিলে সুনিতা আহুজাই

শেহতীয়া প্ৰৱন্ধসমূহ