‘এয়া এক বৃহৎ ষড়যন্ত্ৰৰ অংশ’; পত্নীৰ অভিযোগৰ পিছতে গোবিন্দাৰ প্ৰতিক্ৰিয়া

সুনীতা আহুজাই কিছুদিন পূৰ্বে স্বামী গোবিন্দাৰ অবৈধ প্ৰেমৰ কথাক লৈ মন্তব্য কৰে। তাৰ পিছতেই মুখ খুলিছে অভিনেতা গোবিন্দাই।

বলীউডৰ তাৰকা গোবিন্দা আৰু সুনীতা আহুজাৰ সম্পৰ্কই বিগত এবছৰ ধৰি ধাৰাবাহিকভাৱে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।

শেহতীয়াকৈ সুনীতাই গোবিন্দাৰ একাধিক প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে কেতিয়াও ক্ষমা নকৰে বুলি অভিযোগ কৰি শিৰোনাম দখল কৰিছিল।এই অভিযোগৰ প্ৰতি এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোবিন্দাই কয় যে সুনীতাক ষড়যন্ত্ৰৰ বাবে ব্যৱহাৰ কৰা হৈছে।

এটা সাক্ষাৎকাৰত গোবিন্দই কয় যে,শেহতীয়াকৈ মই লক্ষ্য কৰিছোঁ যে মই যেতিয়া নিমাত হৈ থাকোঁ,হয়টো মোক দুৰ্বল যেন লাগে, নহলেবা এনেকুৱা লাগে যে ময়েই সমস্যাৰ মূল….সেই কাৰণে আজি মই উত্তৰ দিম।

মোক কোৱা হৈছিল যে মোৰ পৰিয়ালৰ সদস্যসকল হয়তো অজানিতে জড়িত হৈ আছে,আৰু তেওঁলোকে গম নাপাব যে তেওঁলোকক এক বৃহৎ ষড়যন্ত্ৰৰ প্ৰাৰম্ভিক পৰ্যায়ত ব্যৱহাৰ কৰা হৈছে…কিন্তু তাই (সুনীতাই) কেতিয়াও কল্পনা কৰিব নোৱাৰে যে সুনীতা নিজেই অজানিতে এটা ডাঙৰ ষড়যন্ত্ৰত আবদ্ধ হৈ পৰিছে,আৰু তেওঁক অ’পেনিং বেটছমেন হিচাপে খেলপথাৰলৈ প্ৰেৰণ কৰা হৈছে।

অভিনেতাজনে কয় যে “তেওঁক শক্তিশালী লোকে লক্ষ্য কৰি লৈছে।কাৰোবাৰ সুনাম কলংকিত কৰি তেওঁলোকৰ ওপৰত কিবা এটা জাপি দিবলৈ,যেনেকৈ এজন অতি বিপজ্জনক মানুহে মোক আৰম্ভণিতে অভিযোগ কৰিছিল,আৰু পিছত সেই মানুহজনো উন্মোচিত হ’ল।”

“যেতিয়া চলচ্চিত্ৰ জগতত আপোনাৰ জনপ্ৰিয়তাই এটা সীমা অতিক্ৰম কৰে,তেন্তে বহু মানুহ আগবাঢ়ি আহে আপোনাক ধ্বংস কৰিবলৈ।এই সমস্যাৰ পৰা মোক বচাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো।”

“আৰু মোৰ সন্তানৰ মংগলৰ বাবেও প্ৰাৰ্থনা কৰোঁ।মই প্ৰাৰ্থনা কৰোঁ যাতে কোনো ভুল বুজাবুজি নহয় আৰু মোৰ শ্বাসৰুদ্ধ হোৱা যেন নালাগে।বিশেষকৈ মোৰ পৰিয়াললৈ এক বিনম্ৰ অনুৰোধ।”

লগতে পঢ়ক: ‘গোবিন্দাক কেতিয়াও ক্ষমা নকৰো’; স্বামীৰ অবৈধ প্ৰেমক লৈ মুখখুলিলে সুনিতা আহুজাই

‘গোবিন্দাক কেতিয়াও ক্ষমা নকৰো’; স্বামীৰ অবৈধ প্ৰেমক লৈ মুখখুলিলে সুনিতা আহুজাই

গোবিন্দা অবৈধ প্ৰেমক লৈ মৌনতা ভংগ কৰিছে পত্নী সুনিতা আহুজাই। সুনিতাই কয় যে ‘গোবিন্দাক কেতিয়াও ক্ষমা নকৰো’।

বলীউডৰ হিৰো নম্বৰ ৱান গোবিন্দা আৰু সুনীতা আহুজা প্ৰায়ে তেওঁলোকৰ বিবাহিত জীৱনক লৈ শিৰোনামত থাকে।সুনীতাই প্ৰায়ে স্বামী গোবিন্দাৰ অবৈধ প্ৰেমক লৈ চৰ্চিত হৈ থকা উৰা বাতৰিক লৈ চলি থকাৰ কথা মুকলিকৈ কয়।

এতিয়া তেওঁ আকৌ এবাৰ স্বামীৰ অবিশ্বাসক লৈ নিজৰ মৌনতা ভংগ কৰি আচৰিত মন্তব্য কৰিছে,যিটো শুনি সকলো আচৰিত হৈছে।

এটা প’ডকাষ্টত সুনিতাই গোবিন্দাৰ অবৈধ প্ৰেমৰ কথা মুকলিকৈ কৈছে। লগতে সুনীতাই দাবী কৰে যে গোবিন্দই তেওঁৰ পুত্ৰ যশক তেওঁৰ কেৰিয়াৰত সহায় কৰা নাছিল।তেওঁ পিতৃ হিচাপে নিজৰ কৰ্তব্য পালন কৰা নাছিল।

গোবিন্দাৰ কথা উল্লেখ কৰি সুনিতাই কয় যে,মই গোবিন্দাক কেতিয়াও ক্ষমা নকৰো। মই নেপালৰ। মই যদি খুকুৰি উলিয়াবলৈ হ’লে সকলোৰে অৱস্থা বেয়া হ’ব। সেইবাবেই মই কৈছোঁ, সজাগ হওক বেটা, এতিয়াও সময় আছে।

অৱশ্যে এই প’ডকাষ্টৰ এটা প্ৰ’ম’ ভিডিঅ’হে এতিয়ালৈকে মুকলি কৰা হৈছে।কিন্তু সুনীতাই প্ৰ’ম’ত স্বামীৰ বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰা কথাই আলোড়নৰ সৃষ্টি কৰিছে।

অবৈধ প্ৰেমৰ কথা ইংগিত দি সুনিতাই কয় যে,তেনেকুৱা ছোৱালী বহুত আছে।কিন্তু তুমি অলপ বুৰ্বক। তোমাৰ বয়স ৬৩ বছৰ।টিনাক বিয়া দিয়াৰ সময় আহিছে। যশৰ কেৰিয়াৰ বাজিত পৰিছে।এতিয়া সুনিতাই কোনজনী যুৱতীৰ কথা ইংগিত কৰিছে সেইটো তেওঁ হে ক’ব পাৰিব।

লগতে পঢ়ক: ‘১০ কোটি দিয়ক নহ’লে সমাধিস্থ কৰা হ’ব…’; কণ্ঠশিল্পী বি প্ৰাকক লৰেন্স গেঙৰ ভাবুকি

‘সকলো বস্তুৰে এটা বয়স থাকে…’; বিবাহ বিচ্ছেদৰ খবৰক লৈ মুখ খুলিলে সুনীতা আহুজাই

বিবাহ বিচ্ছেদৰ খবৰক লৈ মুখ খুলিলে সুনীতা আহুজাই

সুনীতা আহুজা আৰু গোবিন্দৰ বিবাহ বিচ্ছেদৰ উৰাবাতিয়ে বিগত কেইমাহমানৰ পৰা মানুহৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।

এতিয়া সুনীতা আহুজাই এই সকলোক উৰাবাতৰি বুলি কৈছে। এক বাৰ্তালাপত তেওঁ কয় যে গোবিন্দই তেওঁৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিবলৈ কি কৰে আৰু গোবিন্দৰ কি কি ভাল লাগে।

উৰাবাতৰি উলাই কৰি তেওঁ কয় যে তেওঁলোকে প্ৰায় ৪০ বছৰ একেলগে কটালে আৰু সেয়া সৰু কথা নহয়।তেওঁ কয় যে যৌৱনত সকলোৱে ভুল কৰে যদিও দুটা ডাঙৰ সন্তান থকা ৬২ বছৰীয়া এজন ব্যক্তিয়ে কেতিয়াও এনে ভুল কৰিব নোৱাৰে।

তেওঁ লগতে কয় যে,’৪০ বছৰ বয়সত হোৱা স্বাভাৱিক কথা কি? প্ৰতিজন মানুহেই ভুল কৰে বন্ধু। সকলো বস্তুৰে এটা আয়ুস থাকে।

নিজৰ যৌৱনত কৰিলো, কিন্তু ৬২ বছৰ বয়সত যেতিয়া ইমান ডাঙৰ ডাঙৰ সন্তান আছে, এইটো বয়সত মানুহে ভূল কৰে নেকি?

লগতে পঢ়ক: পঞ্জাৱৰ বানপানীক লৈ দুখ প্ৰকাশ ছ’চিয়েল মিডিয়াৰ তাৰকা কিলি পলৰ…

গোবিন্দ আৰু সুনীতা আহুজাৰ বিবাহ বিচ্ছেদক লৈ মুখ খুলিলে কন্যা টিনা আহুজাই …

বিবাহ বিচ্ছেদক লৈ মুখ খুলিলে কন্যা টিনা আহুজাই

গোবিন্দ আৰু সুনীতা আহুজাৰ সম্পৰ্কত বিভাজনৰ খবৰে কঁপাই তুলিছে ছ’চিয়েল মিডিয়া।গোবিন্দ আৰু সুনীতাৰ বিবাহ বিচ্ছেদে চৰ্চা তুংগত উঠিছে।

অৱশ্যে গোবিন্দৰ মেনেজাৰে এই সকলোবোৰ কেৱল উৰাবাতৰি বুলি জানিবলৈ দিয়ে।এতিয়া গোবিন্দৰ কন্যা টিনা আহুজাক এই সন্দৰ্ভত সোধাত তেওঁ এনে এটা উত্তৰ দিলে যে এই বক্তব্য ভাইৰেল হৈ পৰিছে।

টিনা আহুজাই এটা সাক্ষাৎকাৰত এই সকলোবোৰ কথা ভিত্তিহীন আখ্যা দি কয় যে এই সকলোবোৰ কেৱল উৰাবাতৰিহে।

কিন্তু এই সকলোবোৰ কাহিনীৰ বিষয়ে তাই কি ক’ব বিচাৰে বুলি সোধাত তাই ক’লে, ‘এই সকলোবোৰ উৰাবাতৰিৰ প্ৰতি মই গুৰুত্ব দিব নিবিচাৰো।’

তেওঁ এইবোৰক কেৱল উৰাবাতৰি বুলি অভিহিত কৰি আনকো আহ্বান জনায় যে এনে উৰাবাতৰিক অপ্ৰয়োজনীয়ভাৱে গুৰুত্ব নিদিব।তেওঁ নিজৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞ বুলি দাবী কৰে আৰু কয় যে সেই পৰিয়ালটোৰ সৈতে থাকিবলৈ পাই নিজকে ধন্য অনুভৱ কৰিছে।

তেওঁ কয়, “মই কি ক’ম? তেওঁলোক আনকি দেশতো নাই। মই নিজকে ধন্য অনুভৱ কৰিছো যে এটা সুন্দৰ পৰিয়াল আছে আৰু সংবাদ মাধ্যম, অনুৰাগী আৰু শুভাকাংক্ষীৰ পৰা আমি যি মৰম আৰু সমৰ্থন পাইছো তাৰ বাবে মই সঁচাকৈয়ে কৃতজ্ঞ।”

লগতে পঢ়ক: নিশ্চিত হ’ল বিগ বছ হাউছৰ অতিথিৰ নাম… নিৰ্মাতাই মুকলি কৰিলে প্ৰমো

“এতিয়া সেন্দুৰ লবলৈও…..”; গোবিন্দাৰ সৈতে বিচ্ছেদৰ চৰ্চাৰ মাজতে সুনীতাৰ বিশেষ পোষ্ট

বলীউডৰ অভিনেতা গোবিন্দা তেওঁৰ সময়ৰ এগৰাকী চুপাৰষ্টাৰ আছিল, যিয়ে উৎকৃষ্ট অভিনয় আৰু চলচ্চিত্ৰৰ বাবে জনাজাত। কিন্তু বৰ্তমান সময়ত অভিনেতা গৰাকী তেওঁৰ ব্যক্তিগত জীৱনক লৈ শিৰোনামত আছে।

শেহতীয়াকৈ, গোবিন্দা আৰু সুনীতাৰ মাজৰ বিবাহ বিচ্ছেদৰ খবৰ পোৱা গৈছিল। জানিব পৰা মতে সুনীতাই ইতিমধ্যে গোবিন্দালৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে।

এনে পৰিস্থিতিত গোবিন্দাৰ পত্নী সুনীতাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে, য’ত তেওঁ কৈছে যে কোনেও তেওঁলোকক  কোনেও পৃথক কৰিব নোৱাৰে।

ইফালে, সুনীতা আহুজাৰ পুত্ৰ যশবৰ্ধনে তেওঁৰ জন্মদিন উদযাপন কৰে আৰু সুনীতাই কেক কটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

এই সময়ছোৱাত, সুনীতা আহুজাই তেওঁৰ পুত্ৰ যশবৰ্ধনক জন্মদিনৰ শুভেচ্ছা জনাইছিল।বহুতো ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ বিবাহ বিচ্ছেদ আৰু গোবিন্দাৰ বিষয়ে পোষ্টটোত মন্তব্য কৰিছে।

উল্লেখনীয় যে গোবিন্দা আৰু সুনীতা আহুজাই ১৯৮৭ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিয়াৰ ৩৮ বছৰ হ’ল। এই দম্পতীহালৰ দুটি সন্তান আছে।