পুত্ৰ ববীৰ সৈতে এম্বুলেন্সত উঠি ঘৰ পালেহি অভিনেতা ধৰ্মেন্দ্ৰ

পুত্ৰ ববীৰ সৈতে এম্বুলেন্সত উঠি ঘৰ পালেহি অভিনেতা ধৰ্মেন্দ্ৰ

চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ’ল অভিনেতা ধৰ্মেন্দ্ৰক অনুৰাগীৰ বাবে সুখবৰ । প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক চিকিৎসালয়ৰ পৰা ৰিলিজ কৰি দিয়া হৈছে । চিকিৎসালয়ৰ পৰা মুকলি কৰি পুত্ৰ ববী দেউলে তেওঁক এম্বুলেন্সত ঘৰলৈ লৈ যায় । অভনেতাগৰাকীৰ পৰিয়ালে তেওঁৰ স্বাস্থ্যৰ ক্ৰমাগত উন্নতি হোৱা বুলি জনাইছে । অভিনেতাগৰাকীৰ

চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ’ল অভিনেতা ধৰ্মেন্দ্ৰক

অনুৰাগীৰ বাবে সুখবৰ । প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক চিকিৎসালয়ৰ পৰা ৰিলিজ কৰি দিয়া হৈছে । চিকিৎসালয়ৰ পৰা মুকলি কৰি পুত্ৰ ববী দেউলে তেওঁক এম্বুলেন্সত ঘৰলৈ লৈ যায় । অভনেতাগৰাকীৰ পৰিয়ালে তেওঁৰ স্বাস্থ্যৰ ক্ৰমাগত উন্নতি হোৱা বুলি জনাইছে ।

অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত অনুৰাগীসকল চিন্তিত হৈ পৰিছিল । অৱশ্যে তেওঁ এতিয়া সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে । সেয়েহে অভিনেতা ধৰ্মেন্দ্ৰ এতিয়া ঘৰলৈ উভতি আহিছে । বুধবাৰে পুৱা পুত্ৰ ববী দেউলে এম্বুলেন্সত পিতৃ ধৰ্মেন্দ্ৰক ঘৰলৈ লৈ আহে ।

ঘৰতে চলিব চিকিৎসা-

জানিব পৰা মতে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া প্ৰবীণ অভিনেতাগৰাকীৰ এতিয়া ঘৰতে চিকিৎসা চলি থাকিব । বুধবাৰে পুৱা প্ৰায় ৭:৩০ বজাত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয় অভিনেতাগৰাকীক । তেওঁৰ পৰিয়ালে ঘৰতে চিকিৎসা কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া বুলি জানিব পৰা গৈছে ।

ইফালে এম্বুলেন্সেৰে ঘৰত উপস্থিত হোৱা অভিনেতা ধৰ্মেন্দ্ৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টো চাই অনুৰাগীসকলে স্বস্তিৰ নিশ্বাস পেলাইছে । অভিনেতাগৰাকীৰ ডিচচাৰ্জত আনন্দিত হৈ ভিডিঅ’টোত অনুৰাগীয়ে বিভিন্ন মন্তব্য কৰাও পৰিলক্ষিত হৈছে ।

ছানীয়ে দিছিল স্বাস্থ্যৰ আপডেট-

মঙলবাৰে ছানী দেউলৰ টীমে ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ আপডেট প্ৰদান কৰে । তেওঁলোকে উল্লেখ কৰে যে অভিনেতাগৰাকীৰ অৱস্থা উন্নত হৈছে আৰু চিকিৎসাই কাম কৰিছে । আমি সকলোৱে তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ ।

হেমা মালিনীয়ে উজাৰিছিল ক্ষোভ-

মঙলবাৰে পুৱা ধৰ্মেন্দ্ৰৰ মৃত্যুৰ উৰাবাতৰি পোহৰলৈ অহাত তেওঁৰ কন্যা ঈশা দেওল আৰু পত্নী হেমা মালিনী ক্ষুব্ধ হৈ পৰে । এই উৰাবাতৰি গৰিহণা দি ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰে তেওঁলোকে । হেমা মালিনীয়ে লিখিছে, “যি হৈছে সেয়া ক্ষমাৰ যোগ্য নহয়! চিকিৎসাৰ প্ৰতি সঁহাৰি জনাই লাহে লাহে সুস্থ হৈ উঠা কোনোবা এজনৰ বিষয়ে দায়িত্বশীল চেনেলসমূহে কেনেকৈ মিছা খবৰ বিয়পাই দিব পাৰে ? এইটো অত্যন্ত অসন্মানজনক আৰু দায়িত্বহীন । অনুগ্ৰহ কৰি পৰিয়ালটোক আৰু তেওঁলোকৰ গোপনীয়তাৰ প্ৰয়োজনীয়তাক সন্মান কৰক ।”

লগতে পঢ়ক : ঘৰতে অচেতন হৈ পৰিল বলীউড অভিনেতা গোবিন্দা; নিশাই ভৰ্তি চিকিৎসালয়ত