প্ৰয়াত ‘হী-মেন’ ধৰ্মেন্দ্ৰলৈ পদ্ম বিভূষণ; বঁটা গ্ৰহণ কৰিলে হেমা মালিনীয়ে, আৱেগিক হৈ পৰিল জীয়ৰী আহানা

কিংবদন্তী অভিনেতা, ‘হী-মেন’ খ্যাত ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম বিভূষণ’

হিন্দী চলচ্চিত্ৰ জগতৰ কিংবদন্তী অভিনেতা, ‘হী-মেন’ খ্যাত ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম বিভূষণ’। সোমবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত আয়োজিত এক মৰ্যাদাপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই বঁটা গ্ৰহণ কৰে প্ৰয়াত অভিনেতাগৰাকীৰ পত্নী তথা বিজেপি সাংসদ হেমা মালিনীয়ে ।

কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে ধৰ্মেন্দ্ৰক এই সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰা হয় । বঁটা গ্ৰহণ অনুষ্ঠানত ধৰ্মেন্দ্ৰৰ নাম ঘোষণা কৰাৰ লগে লগে তাত উপস্থিত থকা তেওঁৰ জীয়ৰী আহানা দেউল আৱেগিক হৈ পৰে । তেওঁ স্বামী বৈভৱ বোহৰাৰ সৈতে অনুষ্ঠানত উপস্থিত আছিল ।

বঁটা গ্ৰহণ কৰাৰ পূৰ্বে অভিনেত্ৰী হেমা মালিনীয়ে সংবাদ মাধ্যমৰ আগত এই মূহূৰ্তটোক সমগ্ৰ দেশৰ বাবে এক গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰে । তেওঁ কয়:

“ইয়াৰ বাবে আমি অত্যন্ত সুখী, সমগ্ৰ দেশবাসীয়েই সুখী । এই সন্মান যদি কিছু পূৰ্বে পালেহেঁতেন, তেন্তে ধৰ্মেন্দ্ৰ জী নিজেই বহুত আনন্দিত হ’লহেঁতেন আৰু তেওঁক দেখি তেওঁৰ অনুৰাগীসকল অধিক সুখী হ’লহেঁতেন ।”

ইয়াৰ পূৰ্বে দিয়া আন এক বিবৃতিত হেমা মালিনীয়ে এই স্বীকৃতি লাভৰ ঘটনাক বহু পলমকৈ হোৱা বুলি উল্লেখ কৰিছিল যদিও ধৰ্মেন্দ্ৰৰ অনন্য অৱদানক স্বীকৃতি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে ।

ছয় দশক জোৰা এক সোণালী যাত্ৰাৰ অন্ত-

উল্লেখ্যে যে, সুদীৰ্ঘ ৬ দশক ধৰি দৰ্শকৰ মন জয় কৰা ছবি জগতৰ এইগৰাকী মহানায়কে ২০২৫ চনৰ ২৪ নৱেম্বৰত ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল । মৃত্যুৰ পূৰ্বে তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । যোৱা বছৰৰ ১০ নৱেম্বৰত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত পৰিয়ালে ঘৰুৱা চিকিৎসাৰ সিদ্ধান্ত লোৱাত তেওঁক হাস্পতালৰ পৰা এৰি দিয়া হয় । অৱশেষত ২৪ নৱেম্বৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

আকৰ্ষণীয় ব্যক্তিত্ব, মৃদু হাঁহি আৰু বহুমুখী অভিনয় প্ৰতিভাৰ বাবে পৰিচিত ধৰ্মেন্দ্ৰই ‘শ্বোলে’, ‘চুপকে চুপকে’, ‘আয়া সাৱন ঝুম কে’, ‘আই মিলন কি বেলা’ আৰু ‘অনুপমা’ৰ দৰে বহু কালজয়ী উপহাৰ দি গৈছে ।

দেশৰ বিশিষ্ট ব্যক্তিসকললৈ পদ্ম বঁটা-

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে চলিত বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ২০২৬ চনৰ পদ্ম বঁটা প্ৰাপকৰ আনুষ্ঠানিক তালিকা প্ৰকাশ কৰিছিল । আজি ২৫ মে’ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হয় । কলা, সাহিত্য, সমাজসেৱা, চিকিৎসা, শিক্ষা আৰু জনসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উৎকৃষ্টতা, নিষ্ঠা আৰু সমাজলৈ দীৰ্ঘকালীন অৱদান আগবঢ়োৱা দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক এই সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰা হয় ।

লগতে পঢ়ক : কান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ : পুনৰ এবাৰ ৰেড কাৰ্পেটত ঐশ্বৰ্যৰ চমক

বলীউডৰ ‘হি-মেন’ ধৰ্মেন্দ্ৰলৈ পদ্ম বিভূষণ… আৱেগিক হৈ পৰিল হেমা মালিনী

বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ আগবঢ়োৱাত আনন্দ প্ৰকাশ কৰিছে দেউল পৰিয়ালে । ধৰ্মেন্দ্ৰৰ পত্নী তথা অভিনেত্ৰী হেমা মালিনীয়ে সামাজিক মাধ্যমত এক আৱেগিক পোষ্ট কৰা পৰিলক্ষিত হয় ।

প্ৰয়াত কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰক চিনেমালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হ’ব । ভাৰত চৰকাৰে এই বঁটা ঘোষণা কৰাৰ পিছতে আনন্দিত হৈ পৰিছে দেওল পৰিয়াল । এই খবৰ লাভ কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত আবেগিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেত্ৰী পত্নী হেমা মালিনীয়ে । ইফালে পিতৃক প্ৰদান কৰা সন্মানৰ বাবে কন্যা এশা দেওলো আনন্দিত হৈ পৰিছে ।

কি ক’লে হেমা মালিনীয়ে ?

হেমা মালিনীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ধৰ্মেন্দ্ৰৰ নামত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে । ধৰ্মেন্দ্ৰৰ এখন ফটো শ্বেয়াৰ কৰি চিনেমালৈ অভিনেতাগৰাকীৰ অৱদান আৰু ভাৰত চৰকাৰে তেওঁক প্ৰদান কৰা সন্মানক লৈ আনন্দ প্ৰকাশ কৰে হেমা মালিনীয়ে ।

হেমা মালিনীয়ে লিখিছে- চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা মহান অৱদানৰ বাবে চৰকাৰে ধৰ্মেন্দ্ৰ জীক পদ্ম বিভূষণেৰে সন্মান জনাইছে বুলি জানি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো ।

চৰ্চাত এশা দেউলৰ পোষ্ট-

পিতৃয়ে লাভ কৰা সন্মানত এশা দেওলো অতি সুখী । তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰে । তেওঁৰ পোষ্টটোত এশাই প্ৰথমে তেওঁৰ অনুৰাগীসকলক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায় । ইয়াৰ পিছতে তেওঁৰ ভাতৃ ছানীৰ বোৰ্ডাৰ ২ ছবিৰ বাবে সমৰ্থন প্ৰকাশ কৰাৰ লগতে পিতৃ ধৰ্মেন্দ্ৰই লাভ কৰা সন্মানক লৈয়ো আনন্দ প্ৰকাশ কৰে ।

এশা দেউলে নিজৰ পোষ্টত লিখিছে, “গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল । আমাৰ পিতৃক সন্মানীয় পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰাত আমি অতি সুখী ।”

এশাই অনুৰাগীসকলক তেওঁৰ ভাতৃ ছানী দেউলৰ ছবি “বৰ্ডাৰ ২” চাবলৈও আহ্বান জনায় । এশাই লিখিছে, “আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ‘বৰ্ডাৰ ২’ নিশ্চয়কৈ চাওক । আমি যোৱা নিশা ছবিখন চাইছিলো আৰু ছানী দেওলে এক কল্পনাতীত কাম কৰিছে ।”

লগতে পঢ়ক : বলীউডৰ ‘হিমেন’লৈ দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান… ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ

আধৰুৱা হৈ ৰ’ল ধৰ্মেন্দ্ৰৰ এটি সপোন; অশ্ৰুসিক্ত নয়নেৰে প্ৰাৰ্থনা সভাত হেমা মালিনীৰ প্ৰকাশ

আধৰুৱা হৈ ৰ’ল ধৰ্মেন্দ্ৰৰ এটি সপোন। স্বামীৰ প্ৰাৰ্থনা সভাত কান্দি কান্দি হেমা মালিনীয়ে কৰিলে ব্যক্ত।

১১ ডিচেম্বৰত নতুন দিল্লীত প্ৰয়াত স্বামী তথা প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ বাবে অভিনেত্ৰী তথা ৰাজনীতিবিদ হেমা মালিনীয়ে প্ৰাৰ্থনা সভাৰ আয়োজন কৰে।

এই অনুষ্ঠানত মনোৰঞ্জন আৰু ৰাজনৈতিক জগতৰ বহু পৰিচিত ব্যক্তিয়ে প্ৰবীণ অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ ভিতৰত আছিল গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু অভিনেত্ৰী তথা ৰাজনীতিবিদ কংগনা ৰানাৱট।এই সময়ত হেমা মালিনীয়ে প্ৰকাশ কৰে যে ধৰ্মেন্দ্ৰৰ এটা সপোন পূৰণ নোহোৱাকৈয়ে থাকি গ’ল।

হিন্দী চিনেমাৰ হি-মান ধৰ্মেন্দ্ৰৰ স্মৃতিত আয়োজন কৰা প্ৰাৰ্থনা সভাত অশ্ৰুসিক্ত নয়নেৰে স্বামীৰ বিষয়ে ক’লে হেমা মালিনীয়ে।

দিল্লীত অনুষ্ঠিত এই প্ৰাৰ্থনা সভাত তেওঁ কয় ধৰ্মেন্দ্ৰই তেওঁৰ জীৱনৰ শেষৰ দিনকেইটাত উৰ্দু ভাষাত কবিতা লিখিবলৈ আৰম্ভ কৰিছিল আৰু এয়া তেওঁৰ নতুন আবেগ হৈ পৰিছিল।

তেওঁ আবেগ দেখি মই তেওঁৰ কবিতাসমূহ কিতাপৰ ৰূপত প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিছিলো,কিন্তু তেওঁৰ সপোন পূৰণ হোৱাৰ আগতেই এই পৃথিৱীৰ পৰা বিদায় ল’লে।প্ৰাৰ্থনা সভাত হেমাই ক’লে, ‘এইটো সপোন তেওঁৰ আধৰুৱা হৈয়েই থাকিল।’

তেওঁ লগতে কয় যে, ধৰ্ম জীয়ে তেওঁৰ কেৰিয়াৰত ৩০০ৰো অধিক ছবিত কাম কৰিছিল।কেমেৰাৰ সন্মুখত থাকি তেওঁ ভাল পাইছিল।৮ ডিচেম্বৰত তেওঁ ৯০ বছৰীয়া হ’লহেঁতেন।

আমাৰ লগতে সমগ্ৰ দেশবাসীয়ে তেওঁৰ জন্মদিন উদযাপন কৰিলে। মানুহবোৰ বৰ আৱেগিক হৈ পৰিছিল।আজিও মানুহে মোৰ ওচৰলৈ আহি তেওঁৰ বিষয়ে কথা পাতে।ধৰ্ম জীয়ে যিমান সন্মান আৰু মৰম পাইছে, সিমান সন্মান আৰু মৰম পোৱাটো অতি কঠিন।

লগতে পঢ়ক: ‘জীৱন সলনি হৈ গ’ল….’; মাহিকা শৰ্মাৰ সৈতে সম্পৰ্ক নিশ্চিত কৰিলে হাৰ্দিক পাণ্ডিয়াই

‘তেওঁ মোৰ সকলো আছিল…’; স্বামীৰ মৃত্যুৰ ৩ দিন পিছত হেমা মালিনীৰ আৱেগিক পোষ্ট

স্বামীৰ মৃত্যুৰ ৩ দিন পিছত হেমা মালিনীৰ আৱেগিক পোষ্ট

বলীউডৰ প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰই ২৪ নৱেম্বৰত এই পৃথিৱীৰ পৰা বিদায় লয়। ধৰ্মেন্দ্ৰৰ মৃত্যুৰ ৩ দিনৰ পিছত হেমা মালিনীয়ে সামাজিক মাধ্যমত এক আৱেগিক পোষ্ট দিছে।

তেওঁৰ পোষ্টটোৰ সৈতে দুখন ফটোও শ্বেয়াৰ কৰিছে। এখন ফটো আছিল ধৰ্মেন্দ্ৰৰ, আৰু আনখন ফটোত ধৰমজীৰ সৈতে হেমা মালিনী আছিল।

পোষ্টটোত তেওঁ লিখিছিল যে,’ধৰ্মেন্দ্ৰ জী, মোৰ জীৱনৰ সকলো আছিল।এজন মৰমিয়াল স্বামী, আমাৰ দুগৰাকী কন্যা ঈশা আৰু আহানাৰ বাবে এজন মৰমিয়াল পিতৃ, এজন বন্ধু, এজন দাৰ্শনিক, এজন পথ প্ৰদৰ্শক,কবি, প্ৰতিটো কঠিন মুহূৰ্তত মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি-দৰাচলতে, তেওঁ মোৰ সকলো আছিল! আৰু ভাল-বেয়া সকলো সময়তে তেওঁ মোৰ লগত আছিল’।

তেওঁৰ সহজ-সৰল, বন্ধুত্বপূৰ্ণ আচাৰ-ব্যৱহাৰেৰে, আৰু সকলোৰে প্ৰতি সদায় মৰম আৰু আগ্ৰহ প্ৰকাশ কৰি, তেওঁ মোৰ পৰিয়ালৰ সকলো সদস্যকে নিজৰ বুলি মানি লৈছিল।

‘ৰাজহুৱা ব্যক্তিত্ব হিচাপে,তেওঁৰ প্ৰতিভা, জনপ্ৰিয়তা সত্ত্বেও তেওঁৰ নম্ৰতাই আৰু তেওঁৰ সাৰ্বজনীন আবেদনে তেওঁক সকলো কিংবদন্তিৰ মাজত এক অনন্য আইকন হিচাপে প্ৰতিষ্ঠা কৰিছিল’।

‘চলচ্চিত্ৰ জগতত তেওঁৰ চিৰস্থায়ী খ্যাতি আৰু কৃতিত্ব সদায় থাকিব। মোৰ ব্যক্তিগত ক্ষতি শব্দৰে প্ৰকাশ কৰিব নোৱাৰি আৰু মই তেওঁক চিৰদিনৰ বাবে মিছ কৰিম।বছৰ বছৰ ধৰি একেলগে থকাৰ পিছত সেই বিশেষ মুহূৰ্তবোৰ পুনৰ জীৱিত কৰিবলৈ মোৰ ইমানবোৰ স্মৃতি বাকী আছে…’।

লগতে পঢ়ক: হাস্পতালৰ পৰা ঘৰলৈ আহিল পলাশ মুছল… বিবাহক লৈ অব্যাহত উৎকণ্ঠা

পুত্ৰ ববীৰ সৈতে এম্বুলেন্সত উঠি ঘৰ পালেহি অভিনেতা ধৰ্মেন্দ্ৰ

চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ’ল অভিনেতা ধৰ্মেন্দ্ৰক

অনুৰাগীৰ বাবে সুখবৰ । প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক চিকিৎসালয়ৰ পৰা ৰিলিজ কৰি দিয়া হৈছে । চিকিৎসালয়ৰ পৰা মুকলি কৰি পুত্ৰ ববী দেউলে তেওঁক এম্বুলেন্সত ঘৰলৈ লৈ যায় । অভনেতাগৰাকীৰ পৰিয়ালে তেওঁৰ স্বাস্থ্যৰ ক্ৰমাগত উন্নতি হোৱা বুলি জনাইছে ।

অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত অনুৰাগীসকল চিন্তিত হৈ পৰিছিল । অৱশ্যে তেওঁ এতিয়া সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে । সেয়েহে অভিনেতা ধৰ্মেন্দ্ৰ এতিয়া ঘৰলৈ উভতি আহিছে । বুধবাৰে পুৱা পুত্ৰ ববী দেউলে এম্বুলেন্সত পিতৃ ধৰ্মেন্দ্ৰক ঘৰলৈ লৈ আহে ।

ঘৰতে চলিব চিকিৎসা-

জানিব পৰা মতে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া প্ৰবীণ অভিনেতাগৰাকীৰ এতিয়া ঘৰতে চিকিৎসা চলি থাকিব । বুধবাৰে পুৱা প্ৰায় ৭:৩০ বজাত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয় অভিনেতাগৰাকীক । তেওঁৰ পৰিয়ালে ঘৰতে চিকিৎসা কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া বুলি জানিব পৰা গৈছে ।

ইফালে এম্বুলেন্সেৰে ঘৰত উপস্থিত হোৱা অভিনেতা ধৰ্মেন্দ্ৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টো চাই অনুৰাগীসকলে স্বস্তিৰ নিশ্বাস পেলাইছে । অভিনেতাগৰাকীৰ ডিচচাৰ্জত আনন্দিত হৈ ভিডিঅ’টোত অনুৰাগীয়ে বিভিন্ন মন্তব্য কৰাও পৰিলক্ষিত হৈছে ।

ছানীয়ে দিছিল স্বাস্থ্যৰ আপডেট-

মঙলবাৰে ছানী দেউলৰ টীমে ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ আপডেট প্ৰদান কৰে । তেওঁলোকে উল্লেখ কৰে যে অভিনেতাগৰাকীৰ অৱস্থা উন্নত হৈছে আৰু চিকিৎসাই কাম কৰিছে । আমি সকলোৱে তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ ।

হেমা মালিনীয়ে উজাৰিছিল ক্ষোভ-

মঙলবাৰে পুৱা ধৰ্মেন্দ্ৰৰ মৃত্যুৰ উৰাবাতৰি পোহৰলৈ অহাত তেওঁৰ কন্যা ঈশা দেওল আৰু পত্নী হেমা মালিনী ক্ষুব্ধ হৈ পৰে । এই উৰাবাতৰি গৰিহণা দি ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰে তেওঁলোকে । হেমা মালিনীয়ে লিখিছে, “যি হৈছে সেয়া ক্ষমাৰ যোগ্য নহয়! চিকিৎসাৰ প্ৰতি সঁহাৰি জনাই লাহে লাহে সুস্থ হৈ উঠা কোনোবা এজনৰ বিষয়ে দায়িত্বশীল চেনেলসমূহে কেনেকৈ মিছা খবৰ বিয়পাই দিব পাৰে ? এইটো অত্যন্ত অসন্মানজনক আৰু দায়িত্বহীন । অনুগ্ৰহ কৰি পৰিয়ালটোক আৰু তেওঁলোকৰ গোপনীয়তাৰ প্ৰয়োজনীয়তাক সন্মান কৰক ।”

লগতে পঢ়ক : ঘৰতে অচেতন হৈ পৰিল বলীউড অভিনেতা গোবিন্দা; নিশাই ভৰ্তি চিকিৎসালয়ত

হেমা মালিনীয়ে জনালে ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ খবৰ… ক’লে এই কথা

হেমা মালিনীয়ে জনালে ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ খবৰ

মুম্বাইৰ ব্ৰিচ কেণ্ডি হস্পিতালত ভৰ্তি হোৱাৰ পিছতে ৮৯ বছৰীয়া অভিনেতা ধৰ্মেন্দ্ৰৰ স্বাস্থ্যক লৈ সম্প্ৰতি অনুৰাগীসকল চিন্তিত হৈ পৰিছে । সোমবাৰে এই খবৰ বিয়পি পৰাৰ পিছৰে পৰা দেওল পৰিয়ালৰ সদস্যই প্ৰবীণ অভিনেতাগৰাকীক চিকিৎসালয়ত সাক্ষাৎ কৰিছে । ইফালে ধৰ্মেন্দ্ৰৰ স্বাস্থ্য সন্দৰ্ভত ছ’চিয়েল মিডিয়াতো বিভিন্ন উৰাবাতৰি প্ৰচাৰ হৈছে । ইয়াৰ মাজতে ধৰ্মেন্দ্ৰৰ পত্নী তথা অভিনেত্ৰী, সাংসদ হেমা মালিনীয়ে অভিনেতাগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ভেন্টিলেটৰত নাই ধৰ্মেন্দ্ৰ-

দেওল পৰিয়ালে জনাইছে যে ধৰ্মেন্দ্ৰ চিকিৎসালয়ত আছে, কিন্তু তেওঁৰ স্বাস্থ্যৰ উন্নতি ঘটিছে । অৱশ্যে এতিয়াও চিকিৎসকে তেওঁক ঘৰলৈ যাবলৈ পৰামৰ্শ দিয়া নাই । ৪৮ ঘণ্টা ধৰি তেওঁ পৰ্যবেক্ষণত থাকিব । তেওঁৰ অৱস্থাৰ উন্নতি হৈছে । তেওঁ এতিয়া ভেণ্টিলেটৰত নাই ।

কি ক’লে হেমা মালিনীয়ে ?

সাংসদ তথা অভিনেতা ধৰ্মেন্দ্ৰৰ পত্নী হেমা মালিনীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত লিখিছে, “চিকিৎসালয়ত পৰ্যবেক্ষণত থকা ‘ধৰম জী’ক লৈ উদ্বেগ প্ৰকাশ কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছো । তেওঁক নিৰন্তৰ নিৰীক্ষণত ৰখা হৈছে আৰু আমি সকলোৱে তেওঁৰ লগত আছো । আপোনালোক সকলোকে অনুৰোধ জনাইছো যে তেওঁৰ মংগল আৰু সোনকালে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰক ।”

উল্লেখ্য যে, বাৰ্ধ্যকৰ সৈতে জড়িত জটিলতাৰ বাবে দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছে কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰ । ১০ দিন পূৰ্বেও তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । অনুৰাগীয়ে তেওঁৰ মংগল তথা আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে ।

লগতে পঢ়ক : গুৰুতৰভাৱে অসুস্থ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ; চিকিৎসালয়ত ভৰ্তি