‘জীৱন সলনি হৈ গ’ল….’; মাহিকা শৰ্মাৰ সৈতে সম্পৰ্ক নিশ্চিত কৰিলে হাৰ্দিক পাণ্ডিয়াই

‘জীৱন সলনি হৈ গ’ল….’; মাহিকা শৰ্মাৰ সৈতে সম্পৰ্ক নিশ্চিত কৰিলে হাৰ্দিক পাণ্ডিয়াই

অৱশেষত মডেল মাহিকা শৰ্মাৰ সৈতে নিজৰ সম্পৰ্ক নিশ্চিত কৰিলে তাৰকা খেলুৱৈ হাৰ্দিক পাণ্ডিয়াই। মঙলবাৰে (৯ ডিচেম্বৰ) কাটাক টি-২০ত হাৰ্দিক পাণ্ডিয়াই বেট আৰু বল দুয়োটাৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। এই মেচখনত হাৰ্দিকে টি-২০ত ১০০টা ছয় কৰাৰ অভিলেখো ভংগ কৰে।এই প্ৰদৰ্শনৰ বাবে খেলুৱৈ গৰাকীক ‘প্লেয়াৰ অৱ দ্য মেচ’

অৱশেষত মডেল মাহিকা শৰ্মাৰ সৈতে নিজৰ সম্পৰ্ক নিশ্চিত কৰিলে তাৰকা খেলুৱৈ হাৰ্দিক পাণ্ডিয়াই।

মঙলবাৰে (৯ ডিচেম্বৰ) কাটাক টি-২০ত হাৰ্দিক পাণ্ডিয়াই বেট আৰু বল দুয়োটাৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। এই মেচখনত হাৰ্দিকে টি-২০ত ১০০টা ছয় কৰাৰ অভিলেখো ভংগ কৰে।এই প্ৰদৰ্শনৰ বাবে খেলুৱৈ গৰাকীক ‘প্লেয়াৰ অৱ দ্য মেচ’ ও প্ৰদান কৰা হয়।

টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ হাৰ্দিক পাণ্ডিয়াৰ পেছাদাৰী লগতে ব্যক্তিগত জীৱনৰ বাবেও শিৰোনাম দখল কৰি আছে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ মেচত দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত ব্যক্তিগত জীৱনৰ কথা মুকলিকৈ কয়।খেলুৱৈ গৰাকীয়ে কয় যে, তেওঁৰ জীৱনত ‘লেডী লাক’ প্ৰৱেশ কৰিছে।হাৰ্দিকে মডেল মাহিকা শৰ্মাৰ সৈতে নিজৰ সম্পৰ্ক নিশ্চিত কৰিছে।

ছেপ্টেম্বৰ মাহত ইউ এ ইত অনুষ্ঠিত এছিয়া কাপৰ সময়ত হাৰ্দিক আঘাতপ্ৰাপ্ত হৈছিল আৰু ইয়াৰ বাবেই তেওঁ দুমাহ ধৰি ক্ৰিকেটৰ পৰা আঁতৰি আছিল।

এই সময়ছোৱাত মহিকাৰ সৈতে তেওঁৰ ঘনিষ্ঠতা বাঢ়ি যায় আৰু তাৰকা ক্ৰিকেটাৰগৰাকীয়ে মডেলগৰাকীৰ সৈতে জন্মদিনো উদযাপন কৰে।

তেতিয়াৰ পৰা দুয়োৰে প্ৰেম কাহিনী বাতৰিৰ শিৰোনামত আছিল যদিও এতিয়া হাৰ্দিক-মহিকাই নিজৰ নিজৰ ধৰণেৰে এই প্ৰেম কাহিনীটো নিশ্চিত কৰিছে।

‘প্লেয়াৰ অৱ দ্য মেচ’ গ্ৰহণ কৰি বিচিচিআইক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে, আঘাতে আপোনাক মানসিকভাৱে পৰীক্ষা কৰে আৰু মনত বহু সন্দেহৰ সৃষ্টি কৰে’।

‘মোৰ সফল কামবেকত মোৰ আপোনজনৰ যথেষ্ট হাত আছে।বিশেষভাৱে মোৰ সংগীৰ কথা উল্লেখ কৰিব বিচাৰিছো’।

‘যেতিয়াৰ পৰা তেওঁ মোৰ জীৱনলৈ আহিছে,তেতিয়াৰ পৰাই তেওঁ মোৰ বাবে সদায় শ্ৰেষ্ঠ হৈ পৰিছে।তেওঁ অহাৰ পিছৰ পৰা কেইবাটাও ভাল কাম হৈছে’।

আনহাতে হাৰ্দিক পাণ্ডিয়াৰ অগ্নিময় ইনিংছ চাই তেওঁৰ প্ৰেমিকা ইমানেই সুখী যে তাৰকা অল ৰাউণ্ডাৰগৰাকীক ‘কিং’ৰ মৰ্যাদা দিয়ে।

মাহিকা শৰ্মাই ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰিছে,য’ত হাৰ্দিকৰ ধুমুহাময় পঞ্চাশৰ পিছত তেওঁ টিভিত উদযাপন কৰি আছিল আৰু মাহিকাই ছবিখনৰ তলত লিখিছে -‘কিং’।

লগতে পঢ়ক: আই চি চিৰ ৰেংকিঙত ৰোহিত-কোহলীৰ দপদপনি… বুমৰাহ-বৰুণ-অভিষেকৰো আধিপত্য