বলীউডৰ ‘হি-মেন’ ধৰ্মেন্দ্ৰলৈ পদ্ম বিভূষণ… আৱেগিক হৈ পৰিল হেমা মালিনী

বলীউডৰ ‘হি-মেন’ ধৰ্মেন্দ্ৰলৈ পদ্ম বিভূষণ… আৱেগিক হৈ পৰিল হেমা মালিনী

বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ আগবঢ়োৱাত আনন্দ প্ৰকাশ কৰিছে দেউল পৰিয়ালে । ধৰ্মেন্দ্ৰৰ পত্নী তথা অভিনেত্ৰী হেমা মালিনীয়ে সামাজিক মাধ্যমত এক আৱেগিক পোষ্ট কৰা পৰিলক্ষিত হয় । প্ৰয়াত কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰক চিনেমালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হ’ব

বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ আগবঢ়োৱাত আনন্দ প্ৰকাশ কৰিছে দেউল পৰিয়ালে । ধৰ্মেন্দ্ৰৰ পত্নী তথা অভিনেত্ৰী হেমা মালিনীয়ে সামাজিক মাধ্যমত এক আৱেগিক পোষ্ট কৰা পৰিলক্ষিত হয় ।

প্ৰয়াত কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰক চিনেমালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হ’ব । ভাৰত চৰকাৰে এই বঁটা ঘোষণা কৰাৰ পিছতে আনন্দিত হৈ পৰিছে দেওল পৰিয়াল । এই খবৰ লাভ কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত আবেগিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেত্ৰী পত্নী হেমা মালিনীয়ে । ইফালে পিতৃক প্ৰদান কৰা সন্মানৰ বাবে কন্যা এশা দেওলো আনন্দিত হৈ পৰিছে ।

কি ক’লে হেমা মালিনীয়ে ?

হেমা মালিনীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ধৰ্মেন্দ্ৰৰ নামত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে । ধৰ্মেন্দ্ৰৰ এখন ফটো শ্বেয়াৰ কৰি চিনেমালৈ অভিনেতাগৰাকীৰ অৱদান আৰু ভাৰত চৰকাৰে তেওঁক প্ৰদান কৰা সন্মানক লৈ আনন্দ প্ৰকাশ কৰে হেমা মালিনীয়ে ।

হেমা মালিনীয়ে লিখিছে- চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা মহান অৱদানৰ বাবে চৰকাৰে ধৰ্মেন্দ্ৰ জীক পদ্ম বিভূষণেৰে সন্মান জনাইছে বুলি জানি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো ।

চৰ্চাত এশা দেউলৰ পোষ্ট-

পিতৃয়ে লাভ কৰা সন্মানত এশা দেওলো অতি সুখী । তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰে । তেওঁৰ পোষ্টটোত এশাই প্ৰথমে তেওঁৰ অনুৰাগীসকলক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায় । ইয়াৰ পিছতে তেওঁৰ ভাতৃ ছানীৰ বোৰ্ডাৰ ২ ছবিৰ বাবে সমৰ্থন প্ৰকাশ কৰাৰ লগতে পিতৃ ধৰ্মেন্দ্ৰই লাভ কৰা সন্মানক লৈয়ো আনন্দ প্ৰকাশ কৰে ।

এশা দেউলে নিজৰ পোষ্টত লিখিছে, “গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল । আমাৰ পিতৃক সন্মানীয় পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰাত আমি অতি সুখী ।”

এশাই অনুৰাগীসকলক তেওঁৰ ভাতৃ ছানী দেউলৰ ছবি “বৰ্ডাৰ ২” চাবলৈও আহ্বান জনায় । এশাই লিখিছে, “আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ‘বৰ্ডাৰ ২’ নিশ্চয়কৈ চাওক । আমি যোৱা নিশা ছবিখন চাইছিলো আৰু ছানী দেওলে এক কল্পনাতীত কাম কৰিছে ।”

লগতে পঢ়ক : বলীউডৰ ‘হিমেন’লৈ দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান… ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ