প্ৰয়াত ‘হী-মেন’ ধৰ্মেন্দ্ৰলৈ পদ্ম বিভূষণ; বঁটা গ্ৰহণ কৰিলে হেমা মালিনীয়ে, আৱেগিক হৈ পৰিল জীয়ৰী আহানা

কিংবদন্তী অভিনেতা, ‘হী-মেন’ খ্যাত ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম বিভূষণ’

হিন্দী চলচ্চিত্ৰ জগতৰ কিংবদন্তী অভিনেতা, ‘হী-মেন’ খ্যাত ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম বিভূষণ’। সোমবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত আয়োজিত এক মৰ্যাদাপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই বঁটা গ্ৰহণ কৰে প্ৰয়াত অভিনেতাগৰাকীৰ পত্নী তথা বিজেপি সাংসদ হেমা মালিনীয়ে ।

কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে ধৰ্মেন্দ্ৰক এই সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰা হয় । বঁটা গ্ৰহণ অনুষ্ঠানত ধৰ্মেন্দ্ৰৰ নাম ঘোষণা কৰাৰ লগে লগে তাত উপস্থিত থকা তেওঁৰ জীয়ৰী আহানা দেউল আৱেগিক হৈ পৰে । তেওঁ স্বামী বৈভৱ বোহৰাৰ সৈতে অনুষ্ঠানত উপস্থিত আছিল ।

বঁটা গ্ৰহণ কৰাৰ পূৰ্বে অভিনেত্ৰী হেমা মালিনীয়ে সংবাদ মাধ্যমৰ আগত এই মূহূৰ্তটোক সমগ্ৰ দেশৰ বাবে এক গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰে । তেওঁ কয়:

“ইয়াৰ বাবে আমি অত্যন্ত সুখী, সমগ্ৰ দেশবাসীয়েই সুখী । এই সন্মান যদি কিছু পূৰ্বে পালেহেঁতেন, তেন্তে ধৰ্মেন্দ্ৰ জী নিজেই বহুত আনন্দিত হ’লহেঁতেন আৰু তেওঁক দেখি তেওঁৰ অনুৰাগীসকল অধিক সুখী হ’লহেঁতেন ।”

ইয়াৰ পূৰ্বে দিয়া আন এক বিবৃতিত হেমা মালিনীয়ে এই স্বীকৃতি লাভৰ ঘটনাক বহু পলমকৈ হোৱা বুলি উল্লেখ কৰিছিল যদিও ধৰ্মেন্দ্ৰৰ অনন্য অৱদানক স্বীকৃতি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে ।

ছয় দশক জোৰা এক সোণালী যাত্ৰাৰ অন্ত-

উল্লেখ্যে যে, সুদীৰ্ঘ ৬ দশক ধৰি দৰ্শকৰ মন জয় কৰা ছবি জগতৰ এইগৰাকী মহানায়কে ২০২৫ চনৰ ২৪ নৱেম্বৰত ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল । মৃত্যুৰ পূৰ্বে তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । যোৱা বছৰৰ ১০ নৱেম্বৰত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত পৰিয়ালে ঘৰুৱা চিকিৎসাৰ সিদ্ধান্ত লোৱাত তেওঁক হাস্পতালৰ পৰা এৰি দিয়া হয় । অৱশেষত ২৪ নৱেম্বৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

আকৰ্ষণীয় ব্যক্তিত্ব, মৃদু হাঁহি আৰু বহুমুখী অভিনয় প্ৰতিভাৰ বাবে পৰিচিত ধৰ্মেন্দ্ৰই ‘শ্বোলে’, ‘চুপকে চুপকে’, ‘আয়া সাৱন ঝুম কে’, ‘আই মিলন কি বেলা’ আৰু ‘অনুপমা’ৰ দৰে বহু কালজয়ী উপহাৰ দি গৈছে ।

দেশৰ বিশিষ্ট ব্যক্তিসকললৈ পদ্ম বঁটা-

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে চলিত বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ২০২৬ চনৰ পদ্ম বঁটা প্ৰাপকৰ আনুষ্ঠানিক তালিকা প্ৰকাশ কৰিছিল । আজি ২৫ মে’ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হয় । কলা, সাহিত্য, সমাজসেৱা, চিকিৎসা, শিক্ষা আৰু জনসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উৎকৃষ্টতা, নিষ্ঠা আৰু সমাজলৈ দীৰ্ঘকালীন অৱদান আগবঢ়োৱা দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক এই সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰা হয় ।

লগতে পঢ়ক : কান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ : পুনৰ এবাৰ ৰেড কাৰ্পেটত ঐশ্বৰ্যৰ চমক

বলীউডৰ ‘হি-মেন’ ধৰ্মেন্দ্ৰলৈ পদ্ম বিভূষণ… আৱেগিক হৈ পৰিল হেমা মালিনী

বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ আগবঢ়োৱাত আনন্দ প্ৰকাশ কৰিছে দেউল পৰিয়ালে । ধৰ্মেন্দ্ৰৰ পত্নী তথা অভিনেত্ৰী হেমা মালিনীয়ে সামাজিক মাধ্যমত এক আৱেগিক পোষ্ট কৰা পৰিলক্ষিত হয় ।

প্ৰয়াত কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰক চিনেমালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হ’ব । ভাৰত চৰকাৰে এই বঁটা ঘোষণা কৰাৰ পিছতে আনন্দিত হৈ পৰিছে দেওল পৰিয়াল । এই খবৰ লাভ কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত আবেগিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেত্ৰী পত্নী হেমা মালিনীয়ে । ইফালে পিতৃক প্ৰদান কৰা সন্মানৰ বাবে কন্যা এশা দেওলো আনন্দিত হৈ পৰিছে ।

কি ক’লে হেমা মালিনীয়ে ?

হেমা মালিনীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ধৰ্মেন্দ্ৰৰ নামত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে । ধৰ্মেন্দ্ৰৰ এখন ফটো শ্বেয়াৰ কৰি চিনেমালৈ অভিনেতাগৰাকীৰ অৱদান আৰু ভাৰত চৰকাৰে তেওঁক প্ৰদান কৰা সন্মানক লৈ আনন্দ প্ৰকাশ কৰে হেমা মালিনীয়ে ।

হেমা মালিনীয়ে লিখিছে- চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা মহান অৱদানৰ বাবে চৰকাৰে ধৰ্মেন্দ্ৰ জীক পদ্ম বিভূষণেৰে সন্মান জনাইছে বুলি জানি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো ।

চৰ্চাত এশা দেউলৰ পোষ্ট-

পিতৃয়ে লাভ কৰা সন্মানত এশা দেওলো অতি সুখী । তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰে । তেওঁৰ পোষ্টটোত এশাই প্ৰথমে তেওঁৰ অনুৰাগীসকলক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায় । ইয়াৰ পিছতে তেওঁৰ ভাতৃ ছানীৰ বোৰ্ডাৰ ২ ছবিৰ বাবে সমৰ্থন প্ৰকাশ কৰাৰ লগতে পিতৃ ধৰ্মেন্দ্ৰই লাভ কৰা সন্মানক লৈয়ো আনন্দ প্ৰকাশ কৰে ।

এশা দেউলে নিজৰ পোষ্টত লিখিছে, “গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল । আমাৰ পিতৃক সন্মানীয় পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰাত আমি অতি সুখী ।”

এশাই অনুৰাগীসকলক তেওঁৰ ভাতৃ ছানী দেউলৰ ছবি “বৰ্ডাৰ ২” চাবলৈও আহ্বান জনায় । এশাই লিখিছে, “আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ‘বৰ্ডাৰ ২’ নিশ্চয়কৈ চাওক । আমি যোৱা নিশা ছবিখন চাইছিলো আৰু ছানী দেওলে এক কল্পনাতীত কাম কৰিছে ।”

লগতে পঢ়ক : বলীউডৰ ‘হিমেন’লৈ দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান… ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ

বলীউডৰ ‘হিমেন’লৈ দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান… ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ

প্ৰয়াত অভিনেতা ধৰ্মেন্দ্ৰ সিং দেওলক মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছে ।

বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ সিং দেওলক মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছে । দেওবাৰে চৰকাৰে ঘোষণা কৰে পদ্ম বঁটা । ভাৰত চৰকাৰে চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে ধৰ্মেন্দ্ৰলৈ এই সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত লয় কেন্দ্ৰীয় চৰকাৰে ।

২০২৫ চনৰ ২৪ নৱেম্বৰত দেহাৱসান ঘটা ধৰ্মেন্দ্ৰই ভাৰতীয় চলচ্চিত্ৰ জগতক বহু স্মৰণীয় ছবি প্ৰদান কৰাৰ লগতে শক্তিশালী অভিনয়, একচন আৰু ৰোমান্টিক চৰিত্ৰৰে লাখ লাখ দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান খোদিত কৰে । চলচ্চিত্ৰ জগতত তেওঁ “হি-মেন” নামেৰে পৰিচিত আছিল ।

ধৰ্মেন্দ্ৰৰ সম্পূৰ্ণ নাম ধৰ্মেন্দ্ৰ কেৱল কৃষ্ণ দেওল । ১৯৩৫ চনৰ ৮ ডিচেম্বৰত পঞ্জাৱৰ নাছৰনী গাঁৱত জন্মগ্ৰহণ কৰিছিল তেওঁ ।

ধৰ্মেন্দ্ৰৰ কেৰিয়াৰ

১৯৬০ চনত অভিনয় জীৱন আৰম্ভ কৰা ধৰ্মেন্দ্ৰই “দিল ভি তেৰা হম ভী তেৰে” ছবিখন যোগেদি অভিনয় জীৱনৰ পাতনি মেলে । ইয়াৰ পিছত তেওঁ ১৯৬১ চনৰ “বয় ফ্ৰেণ্ড” ছবিখনত সহযোগী চৰিত্ৰত অভিনয় কৰে । ধৰ্মেন্দ্ৰই ৬৫ বছৰ ধৰি অভিনয়ত সক্ৰিয় হৈ আছিল । তেওঁ অসংখ্য হিট, ছুপাৰহিট আৰু ব্লকবাষ্টাৰ ছবি দৰ্শকক উপহাৰ দিছিল । শ্বোলে (১৯৭৫), চুপকে চুপকে (১৯৭৫), সীতা ঔৰ গীতা (১৯৭২), ধৰমবীৰ (১৯৭৭), ফুল ঔৰ পথ্থৰ (১৯৬৬), জুগনু (১৯৭৩), য়াদন কি বাৰাত (১৯৭৩) আদি জনপ্ৰিয় ছবিত স্মৰণীয় অভিনয় কৰি গৈছে তেওঁ ।

ধৰ্মেন্দ্ৰৰ অন্তিমখন ছবি-

৮৯ বছৰ বয়সতো ধৰ্মেন্দ্ৰই চিনেমাত কাম কৰি আছিল । তেওঁৰ মৃত্যুৰ পিছত চলিত বৰ্ষৰ ১ জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰে তেওঁৰ শেষৰখন ছবি “এক্কিছ”। এই ছবিখনত তেওঁ অগস্ত্য নন্দৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ।

ইফালে বলীউডৰ জনপ্ৰিয় তথা জেষ্ঠ কণ্ঠ শিল্পী অলকা য়াগনিক আৰু দক্ষিণৰ জনপ্ৰিয় অভিনেতা মামুথিলৈ আগবঢ়োৱা হৈছে পদ্ম ভূষণ সন্মান ।

লগতে পঢ়ক : অসমৰ তিনি নক্ষত্ৰলৈ পদ্ম সন্মান…

‘তেওঁ এটা অনুভৱ আছিল’; ধৰ্মেন্দ্ৰক স্মৰণ কৰি উচুপি উঠিল অমিতাভ বচ্চন

নৱবৰ্ষৰ প্ৰথম দিনাই ধৰ্মেন্দ্ৰক স্মৰণ কৰি আৱেগিক অভিনেতা অমিতাভ বচ্চন। বন্ধুক স্মৰণ কৰি চকুলো টুকিলে বিগ বিয়ে।

নৱবৰ্ষৰ প্ৰথম দিনাই মুক্তি পালে কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰৰ শেষৰখন ছবি ইক্কিছ। অনুৰাগীৰ বাবে এয়া এক আৱেগিক মুহূৰ্ত।

আনকি শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনেও নিজৰ বিশেষ বন্ধু ধৰ্মেন্দ্ৰক স্মৰণ কৰি চকুলো টুকিছে।বিগ বিয়ে শেহতীয়াকৈ KBC ১৭ৰ খণ্ডটোত ধৰ্মেন্দ্ৰক মনত পেলাইছিল।

শ্বোলে ছবিখনত তেওঁৰ সৈতে কাম কৰাৰ অভিজ্ঞতা তেওঁ শ্বেয়াৰ কৰে।বিগ বিয়ে হি-মেনক আৱেগিকভাৱে বিদায় দিয়ে।

দৰাচলতে KBC চেটলৈ গৈছিল ইক্কিছ ছবিখনৰ ষ্টাৰকাষ্ট। অগস্ত্য নন্দ আৰু জয়দীপ আহলাৱাটেও ধৰ্মেন্দ্ৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।বলীউডৰ কিংবদন্তি ধৰ্মেন্দ্ৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰে এই খণ্ডটো আৰম্ভ হয়।

ধৰ্মেন্দ্ৰৰ কথা কওঁতে আৱেগিক হৈ পৰিল অমিতাভ বচ্চন।তেওঁৰ মাতটো কঁপি উঠিছিল।বিগ বিয়ে কৈছিল যে,ইক্কিছ আমাৰ সকলোৰে বাবে ধৰ্মেন্দ্ৰৰ শেষ বহুমূলীয়া স্মৃতিচিহ্ন।

যিটো তেওঁ কোটি কোটি মানুহৰ বাবে এৰি থৈ গৈছিল।এজন শিল্পীয়ে শেষ নিশ্বাসলৈকে অভিনয় কৰিব বিচাৰে।মোৰ বন্ধু, মোৰ পৰিয়াল আৰু মোৰ মূৰ্তি শ্ৰীযুত ধৰ্মেন্দ্ৰ দেউলে এই কাম কৰিলে।

এই সকলোবোৰ কথা কওঁতে বিগ বিৰ মাতটো কঁপি উঠিছিল।তেওঁ কয় যে, মিষ্টাৰ ধৰ্ম,কেৱল এজন ব্যক্তি নাছিল।তেওঁ এক অনুভৱ আছিল আৰু অনুভৱটো কেতিয়াও আঁতৰি নাযায়।ই এক স্মৃতি হৈ পৰে, ই আপোনাৰ লগত আশীৰ্বাদ হিচাপে থাকে, আৰু ই আপোনাক আগুৱাই লৈ যায়।

লগতে পঢ়ক: ‘ডন ৩’ৰ অংশ নহ’ব হৃতিক ৰোশন; উৰাবাতৰিত নিৰ্মাতাই লগালে মোহৰ

‘পাপা, তোমাক বহুত মিছ কৰিছো’; ধৰ্মেন্দ্ৰৰ জন্মদিনত কন্যা ঈশাৰ আৱেগিক পোষ্ট

আজি অভিনেতা ধৰ্মেন্দ্ৰৰ উপজা দিন । পিতৃৰ জন্মদিনটোত কন্যা ঈশা দেউলৰ আৱেগিক পোষ্ট।

বলীউডৰ হি-মেন ধৰ্মেন্দ্ৰ এতিয়া আমাৰ মাজত নাই।২৪ নৱেম্বৰত বলীউডৰ প্ৰখাযত অভিনেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল।তেওঁৰ মৃত্যু পৰিয়াল আৰু অনুৰাগীৰ বাবে এক ডাঙৰ ক্ষতি।

৮ ডিচেম্বৰ অর্থাৎ আজি ধৰ্মেন্দ্ৰই ৯০ বছৰীয়া জন্মদিন।পিতৃৰ মৃত্যুৰ পিছত জন্মদিনৰ দিনটোতেই কন্যা ঈশা দেউলে সামাজিক মাধ্যমত প্ৰথমটো পোষ্ট শ্বেয়াৰ কৰিছে। পিতৃৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি ঈশাই এটা আৱেগিক নোট লিখিছে।

ঈশাই লিখিছে যে, ‘মোৰ মৰমৰ দেউতা। আমাৰ চুক্তি, আটাইতকৈ শক্তিশালী বন্ধন। আমি বহু জীৱন,সকলো জগত আৰু ইয়াৰ বাহিৰত…আমি সদায় লগত আছো দেউতা।’

‘স্বৰ্গ হওক বা পৃথিৱী, আমি এক।এতিয়াৰ বাবে মই আপোনাক বহুত মৰমেৰে, অতি সযতনে, আৰু বহুমূলীয়াকৈ হৃদয়ত লুকাই ৰাখিছো।আপোনালোকক অতি গভীৰভাৱে ৰাখিছো, যাতে মই গোটেই জীৱন তোমাৰ লগত থাকিব পাৰিম’।

“আপোনাৰ সৈতে কটোৱা যাদুকৰী অমূল্য স্মৃতি, জীৱনৰ পাঠ,শিক্ষা, পথ প্ৰদৰ্শন, নিঃচৰ্ত প্ৰেম, সন্মান আৰু শক্তি যি আপুনি আপোনাৰ জীয়ৰীৰ ৰূপত মোক দিছিলে,সেইবোৰ না কোনোবাই সলাব পাৰে আৰু না কোনোবাই আপোনাৰ লগত মিলাব পাৰে।”  

“আপোনালৈ বহুত মনত পৰে। আপোনাৰ উষ্ণ আৰু সুৰক্ষামূলক আলিংগনবোৰ মোৰ বাবে এক আৰামদায়ক কম্বলৰ দৰে অনুভৱ হৈছিল”।

“আপোনাৰ কোমল অথচ শক্তিশালী হাত দুখন ধৰি য’ত আছিল অকথিত বাৰ্তা আৰু আপোনাৰ কণ্ঠৰে মোৰ নামটো উচ্চাৰণ কৰা,হাঁহি,আনন্দ আৰু কবিতা…আপোনাৰ মূলমন্ত্ৰ আছিল ‘সদায় নম্ৰ হওক,সুখী, সুস্থ আৰু শক্তিশালী হৈ থাকক।”

“মই আপোনাক প্ৰতিশ্ৰুতি দিছো যে আপোনাৰ উত্তৰাধিকাৰক মই গৌৰৱ আৰু সন্মানেৰে আগুৱাই লৈ যাম।মই আপোনাৰ ভালপোৱা সেই লাখ লাখ লোকৰ ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰিম যিয়ে আপোনাক মোৰ দৰে অপৰিসীমভাৱে ভাল পাই। আই লাভ ইউ পাপা। আপোনাৰ ডাৰ্লিং কন্যা ঈশা, আপোনাৰ বিট্টু”।  

লগতে পঢ়ক: তান্যা, অমালক পিছ পেলাই গৌৰৱ খান্নাৰ হাতত বিগ বছৰ ১৯ ৰ ট্ৰফী…

২০২৫ চনত গুগলত সৰ্বাধিক সন্ধান বিষয় বস্তু আছিল কি?  ধৰ্মেন্দ্ৰৰ দেহাৱসানৰ পৰা জুবিন গাৰ্গ লৈকে…

ধৰ্মেন্দ্ৰৰ দেহাৱসানৰ পৰা জুবিন গাৰ্গ লৈকে…;২০২৫ চনত গুগলত সৰ্বাধিক সন্ধান বিষয় বস্তু আছিল কি?

২০২৫ চনটোৱে যেনেকৈ মানুহৰ বাবে নতুন শক্তি আৰু সুখ কঢ়িয়াই আনিছিলে, তেনেকৈয়ে ইয়াৰ অন্ত ভিন্ন অভিজ্ঞতাৰে পৰিব।

এই বছৰটো কিছুমানৰ বাবে আচৰিত হোৱাৰ বিপৰীতে আন কিছুমানে অত্যন্ত কঠিন অনুভৱ কৰিছে। মুঠতে ২০২৫ চনটো বহুতৰে বাবে বিশেষ হোৱা নাই।

প্ৰতি বছৰৰ দৰেই এই বছৰটো মানুহে গুগলক বহুত প্ৰশ্ন কৰিছিল।২০২৫ চনত গুগলত সৰ্বাধিক সন্ধান হোৱা শব্দটো কি আছিল (Google Year in Search 2025)। জানো আহক।

গুগলৰ বাৰ্ষিক সন্ধানৰ অন্তৰ্দৃষ্টিৰ পৰা দেখা গৈছে যে আই পি এলৰ পিছত বছৰটোৰ আটাইতকৈ ট্ৰেণ্ডিং চাৰ্চ আছিল গুগল জেমিনী।

গুগলৰ জেমিনী AI টুল এইবাৰ ভাৰতত সৰ্বাধিক সন্ধান কৰা প্ৰশ্ন হিচাপে পৰিগণিত হৈছিল। এআই শাখাত জেমিনীৰ পিছতে জেমিলী এআই ফটো দ্বিতীয় স্থানত,ইফালে ইলন মাস্কৰ কোম্পানী xAI ৰ এআই চেটবট তৃতীয় স্থানত থকাৰ বিপৰীতে,চীনৰ চেটবট ডিপছিক চতুৰ্থ আৰু পাৰ্প্লেক্সিটিয়ে পঞ্চম স্থান লাভ কৰে।

এইবাৰ গুগলে ‘A to Z in Search 2025’ নামৰ এখন আকৰ্ষণীয় তালিকাও প্ৰকাশ কৰিছে।এই তালিকাত ভাৰতৰ প্ৰতিটো ইংৰাজী আখৰৰ সৈতে আটাইতকৈ ট্ৰেণ্ডিঙত থকা বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

এই তালিকাত Aৰ বাবে আটাইতকৈ ট্ৰেণ্ডিং তালিকাত আছিল “ছায়াৰা”ৰ তাৰকা অনিল পদ্দা আৰু আহন পাণ্ডে। Bৰ বাবে ব্রায়ান জনছনৰ নিখিল কামাত প’ডকাষ্ট আছিল আটাইতকৈ ট্ৰেণ্ডিং। C আছিল “চিজফাইয়াৰ”, D আছিল “ধৰ্মেন্দ্ৰ”কে ধৰি Z ত জুবিন গাৰ্গৰ মৃত্যু অন্তৰ্ভূক্ত কৰিছে।

লগতে পঢ়ক: ৩০ দিনত ১৪০০ ভূমিকম্প… প্ৰকৃতিৰ ক্ৰোধৰ সন্মুখীন এইখন দেশ

ছানী দেউলৰ পুত্ৰই হৰিদ্বাৰত বিসৰ্জন দিলে ধৰ্মেন্দ্ৰৰ অস্থি; উচুপি উঠিল ববি দেউল

হৰিদ্বাৰত বিসৰ্জন দিয়া হ’ল বলীউডৰ প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ অস্থি। কান্দোনত ভাগি পৰিল পৰিয়াল

বলীউডৰ হি-মেন ধৰ্মেন্দ্ৰই চিৰদিনৰ বাবে বিদায় দিলে এই পৃথিৱীৰ পৰা।পৰিয়ালে তেওঁৰ শেষ ৰীতি-নীতি পালন কৰিলে।

কটকটীয়া নিৰাপত্তাৰ মাজতে বুধবাৰে পুৱা হৰিদ্বাৰৰ গংগা নদীত সকলো ৰীতি-নীতি পালন কৰি প্ৰয়াত অভিনেতাগৰাকীৰ অস্থি বিসৰ্জন দিয়ে দেউল পৰিয়ালে।

ছানী দেউল আৰু ববি দেউলৰ লগতে কৰণ দেউল আৰু পৰিয়ালৰ আন আন সদস্যসকলো ইয়াত উপস্থিত থকা দেখা গৈছিল।এই সময়ছোৱাত সকলোৱে আৱেগিক হৈ পৰিছিল।

দেউল পৰিয়ালে তেওঁৰ অস্থি বিসৰ্জন দিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে,য’ত তেওঁলোক সকলোৱে ভিআইপি ঘাটত অস্থি বিসৰ্জন দিয়া দেখা গৈছে।

ভিডিঅ’টোত দেউল পৰিয়ালৰ সদস্যক বগা সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল।অস্থি বিসৰ্জনৰ সময়ত সমগ্ৰ দেউল পৰিয়াল আৱেগিক হৈ পৰিছিল আৰু ইজনে সিজনক সাৱটি ধৰা দেখা গৈছিল।

হৰিদ্বাৰৰ পিলিভিত অস্থি বিসৰ্জন দিয়াৰ পিছত লগে লগে হোটেলৰ পৰা ওলাই আহি বিমানবন্দৰলৈ ৰাওনা হয় পৰিয়ালটো।ইফালে ছানীয়ে ববি আৰু কৰণক সাৱটি ধৰি সান্ত্বনা দিয়া দেখা গৈছিল।

লগতে পঢ়ক: দ্বিতীয়বাৰলৈ কইনা হ’ল সামন্থা প্ৰভু; ৰাজ নিদিমোৰুৰ সৈতে গোপন বিবাহ!

‘তেওঁ মোৰ সকলো আছিল…’; স্বামীৰ মৃত্যুৰ ৩ দিন পিছত হেমা মালিনীৰ আৱেগিক পোষ্ট

স্বামীৰ মৃত্যুৰ ৩ দিন পিছত হেমা মালিনীৰ আৱেগিক পোষ্ট

বলীউডৰ প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰই ২৪ নৱেম্বৰত এই পৃথিৱীৰ পৰা বিদায় লয়। ধৰ্মেন্দ্ৰৰ মৃত্যুৰ ৩ দিনৰ পিছত হেমা মালিনীয়ে সামাজিক মাধ্যমত এক আৱেগিক পোষ্ট দিছে।

তেওঁৰ পোষ্টটোৰ সৈতে দুখন ফটোও শ্বেয়াৰ কৰিছে। এখন ফটো আছিল ধৰ্মেন্দ্ৰৰ, আৰু আনখন ফটোত ধৰমজীৰ সৈতে হেমা মালিনী আছিল।

পোষ্টটোত তেওঁ লিখিছিল যে,’ধৰ্মেন্দ্ৰ জী, মোৰ জীৱনৰ সকলো আছিল।এজন মৰমিয়াল স্বামী, আমাৰ দুগৰাকী কন্যা ঈশা আৰু আহানাৰ বাবে এজন মৰমিয়াল পিতৃ, এজন বন্ধু, এজন দাৰ্শনিক, এজন পথ প্ৰদৰ্শক,কবি, প্ৰতিটো কঠিন মুহূৰ্তত মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি-দৰাচলতে, তেওঁ মোৰ সকলো আছিল! আৰু ভাল-বেয়া সকলো সময়তে তেওঁ মোৰ লগত আছিল’।

তেওঁৰ সহজ-সৰল, বন্ধুত্বপূৰ্ণ আচাৰ-ব্যৱহাৰেৰে, আৰু সকলোৰে প্ৰতি সদায় মৰম আৰু আগ্ৰহ প্ৰকাশ কৰি, তেওঁ মোৰ পৰিয়ালৰ সকলো সদস্যকে নিজৰ বুলি মানি লৈছিল।

‘ৰাজহুৱা ব্যক্তিত্ব হিচাপে,তেওঁৰ প্ৰতিভা, জনপ্ৰিয়তা সত্ত্বেও তেওঁৰ নম্ৰতাই আৰু তেওঁৰ সাৰ্বজনীন আবেদনে তেওঁক সকলো কিংবদন্তিৰ মাজত এক অনন্য আইকন হিচাপে প্ৰতিষ্ঠা কৰিছিল’।

‘চলচ্চিত্ৰ জগতত তেওঁৰ চিৰস্থায়ী খ্যাতি আৰু কৃতিত্ব সদায় থাকিব। মোৰ ব্যক্তিগত ক্ষতি শব্দৰে প্ৰকাশ কৰিব নোৱাৰি আৰু মই তেওঁক চিৰদিনৰ বাবে মিছ কৰিম।বছৰ বছৰ ধৰি একেলগে থকাৰ পিছত সেই বিশেষ মুহূৰ্তবোৰ পুনৰ জীৱিত কৰিবলৈ মোৰ ইমানবোৰ স্মৃতি বাকী আছে…’।

লগতে পঢ়ক: হাস্পতালৰ পৰা ঘৰলৈ আহিল পলাশ মুছল… বিবাহক লৈ অব্যাহত উৎকণ্ঠা

শ্বোলেৰ বীৰু আৰু নাই… জীৱন নাট সামৰিলে চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰই

চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান

বলীউডৰ প্ৰবীণ অভিনেতা তথা হি-মেন হিচাপে বিখ্যাত চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰৰ ৮৯ বছৰ বয়সত মৃত্যু হয় । মুম্বাইৰ ভিলে পাৰ্লে শ্মশানত প্ৰবীণ অভিনেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় । অমিতাভ বচ্চন, ছলমান খান, আমিৰ খান আৰু অক্ষয় কুমাৰৰ দৰে অভিনেতা এই সময়ছোৱাত উপস্থিত থাকে ।

উল্লেখ্য যে, কিছুদিনৰ পৰা অসুস্থ হৈ আছিল ধৰ্মেন্দ্ৰ । ১০ নৱেম্বৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰাত তেওঁক মুম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পতাল ভৰ্তি কৰা হৈছিল । ১২ নৱেম্বৰত ধৰ্মেন্দ্ৰক চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ দিয়া হয় আৰু চিকিৎসকে তেওঁক ঘৰতে অধিক চিকিৎসা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে ।

অভিনেতা ধৰ্মেন্দ্ৰ জুহুৰ দেউল বাংলোত আছিল । তেওঁৰ পুত্ৰ ছানী দেউল তেওঁৰ লগত আছিল । তেওঁৰ প্ৰথম বিবাহৰ পৰা তেওঁৰ প্ৰথম পত্নী প্ৰকাশ আৰু কন্যাও তেওঁৰ আশে-পাশে আছিল । সোমবাৰে বিয়লি হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতিৰ খবৰ প্ৰকাশ পাই, তাৰ পিছত ঘৰৰ ভিতৰলৈ এখন এম্বুলেন্স যোৱা দেখা যায় । ইয়াৰ পিছত অভিনেতাগৰাকীৰ বাসগৃহৰ চাৰিওফালে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । তাৰ পিছতে ধৰ্মেন্দ্ৰৰ মৃত্যুৰ খবৰ প্ৰকাশ পায় ।

তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে অভিনেতা অমিতাভ বচ্চন আৰু অভিষেক বচ্চন মুম্বাইৰ ভিলে পাৰ্লে শ্মশানত উপস্থিত হয় । আনহাতে বলীউডৰ পৰিচালক তথা প্ৰযোজক কৰণ জোহৰে সামাজিক মাধ্যমযোগে ধৰ্মেন্দ্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰে । কৰণে অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুত এটা যুগৰ অন্ত হোৱা বুলি উল্লেখ কৰে ।

৩০০তকৈয়ো অধিক ছবিত অভিনয়-

ধৰ্মেন্দ্ৰ হিন্দী চিনেমাৰ অন্যতম সন্মানীয় আৰু জনপ্ৰিয় তাৰকা আছিল । ৭ দশকতকৈয়ো অধিক সময়ৰ ভিতৰত তেওঁ ৩০০ৰো অধিক ছবিত কাম কৰিছিল, য’ত ‘শ্বোলে’, ‘চুপকে চুপকে’, ‘সীতা অৰ গীতা’, ‘ধৰম বীৰ’ আদি বহুতো ছুপাৰহিট ছবি আছিল ।

অহা মাহত মুক্তি পাব শেষৰখন ছবি-

৮৯ বছৰ বয়সতো অভনেতা ধৰ্মমন্দ্ৰ ছবিজগতত সক্ৰিয় আছিল । কিছু দিন পূৰ্বে তেওঁক ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহানী’ আৰু ‘তেৰী বাতন মেইন এইছা উলজা জিয়া’ ছবিত দেখা গৈছিল, য’ত তেওঁ নিজৰ অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিছিল । এতিয়া অমিতাভৰ নাতি অগস্ত্য নন্দৰ ছবি ‘ইককিছ’তো তেওঁক দেখা যাব । চলিত বছৰৰ ২৫ ডিচেম্বৰত মুক্তি পাবলগীয়া এইখন অভিনেতাজনৰ শেষ ছবি ।

লগতে পঢ়ক : আণ্ডাৰৱৰ্ল্ড ডনৰ ড্ৰাগছ পাৰ্টীত বলীউড চেলিব্ৰিটি; বিপদত দুই সুন্দৰী !