'পাপা, তোমাক বহুত মিছ কৰিছো'; ধৰ্মেন্দ্ৰৰ জন্মদিনত কন্যা ঈশাৰ আৱেগিক পোষ্ট

‘পাপা, তোমাক বহুত মিছ কৰিছো’; ধৰ্মেন্দ্ৰৰ জন্মদিনত কন্যা ঈশাৰ আৱেগিক পোষ্ট

আজি অভিনেতা ধৰ্মেন্দ্ৰৰ উপজা দিন । পিতৃৰ জন্মদিনটোত কন্যা ঈশা দেউলৰ আৱেগিক পোষ্ট। বলীউডৰ হি-মেন ধৰ্মেন্দ্ৰ এতিয়া আমাৰ মাজত নাই।২৪ নৱেম্বৰত বলীউডৰ প্ৰখাযত অভিনেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল।তেওঁৰ মৃত্যু পৰিয়াল আৰু অনুৰাগীৰ বাবে এক ডাঙৰ ক্ষতি। ৮ ডিচেম্বৰ অর্থাৎ আজি ধৰ্মেন্দ্ৰই ৯০ বছৰীয়া জন্মদিন।পিতৃৰ

আজি অভিনেতা ধৰ্মেন্দ্ৰৰ উপজা দিন । পিতৃৰ জন্মদিনটোত কন্যা ঈশা দেউলৰ আৱেগিক পোষ্ট।

বলীউডৰ হি-মেন ধৰ্মেন্দ্ৰ এতিয়া আমাৰ মাজত নাই।২৪ নৱেম্বৰত বলীউডৰ প্ৰখাযত অভিনেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল।তেওঁৰ মৃত্যু পৰিয়াল আৰু অনুৰাগীৰ বাবে এক ডাঙৰ ক্ষতি।

৮ ডিচেম্বৰ অর্থাৎ আজি ধৰ্মেন্দ্ৰই ৯০ বছৰীয়া জন্মদিন।পিতৃৰ মৃত্যুৰ পিছত জন্মদিনৰ দিনটোতেই কন্যা ঈশা দেউলে সামাজিক মাধ্যমত প্ৰথমটো পোষ্ট শ্বেয়াৰ কৰিছে। পিতৃৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি ঈশাই এটা আৱেগিক নোট লিখিছে।

ঈশাই লিখিছে যে, ‘মোৰ মৰমৰ দেউতা। আমাৰ চুক্তি, আটাইতকৈ শক্তিশালী বন্ধন। আমি বহু জীৱন,সকলো জগত আৰু ইয়াৰ বাহিৰত…আমি সদায় লগত আছো দেউতা।’

‘স্বৰ্গ হওক বা পৃথিৱী, আমি এক।এতিয়াৰ বাবে মই আপোনাক বহুত মৰমেৰে, অতি সযতনে, আৰু বহুমূলীয়াকৈ হৃদয়ত লুকাই ৰাখিছো।আপোনালোকক অতি গভীৰভাৱে ৰাখিছো, যাতে মই গোটেই জীৱন তোমাৰ লগত থাকিব পাৰিম’।

“আপোনাৰ সৈতে কটোৱা যাদুকৰী অমূল্য স্মৃতি, জীৱনৰ পাঠ,শিক্ষা, পথ প্ৰদৰ্শন, নিঃচৰ্ত প্ৰেম, সন্মান আৰু শক্তি যি আপুনি আপোনাৰ জীয়ৰীৰ ৰূপত মোক দিছিলে,সেইবোৰ না কোনোবাই সলাব পাৰে আৰু না কোনোবাই আপোনাৰ লগত মিলাব পাৰে।”  

“আপোনালৈ বহুত মনত পৰে। আপোনাৰ উষ্ণ আৰু সুৰক্ষামূলক আলিংগনবোৰ মোৰ বাবে এক আৰামদায়ক কম্বলৰ দৰে অনুভৱ হৈছিল”।

“আপোনাৰ কোমল অথচ শক্তিশালী হাত দুখন ধৰি য’ত আছিল অকথিত বাৰ্তা আৰু আপোনাৰ কণ্ঠৰে মোৰ নামটো উচ্চাৰণ কৰা,হাঁহি,আনন্দ আৰু কবিতা…আপোনাৰ মূলমন্ত্ৰ আছিল ‘সদায় নম্ৰ হওক,সুখী, সুস্থ আৰু শক্তিশালী হৈ থাকক।”

“মই আপোনাক প্ৰতিশ্ৰুতি দিছো যে আপোনাৰ উত্তৰাধিকাৰক মই গৌৰৱ আৰু সন্মানেৰে আগুৱাই লৈ যাম।মই আপোনাৰ ভালপোৱা সেই লাখ লাখ লোকৰ ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰিম যিয়ে আপোনাক মোৰ দৰে অপৰিসীমভাৱে ভাল পাই। আই লাভ ইউ পাপা। আপোনাৰ ডাৰ্লিং কন্যা ঈশা, আপোনাৰ বিট্টু”।  

লগতে পঢ়ক: তান্যা, অমালক পিছ পেলাই গৌৰৱ খান্নাৰ হাতত বিগ বছৰ ১৯ ৰ ট্ৰফী…