আণ্ডাৰৱৰ্ল্ড ডনৰ ড্ৰাগছ পাৰ্টীত বলীউড চেলিব্ৰিটি; বিপদত দুই বলীউড সুন্দৰী !

আণ্ডাৰৱৰ্ল্ড ডনৰ ড্ৰাগছ পাৰ্টীত বলীউড চেলিব্ৰিটি; বিপদত দুই সুন্দৰী !

আণ্ডাৰৱৰ্ল্ড ডনৰ ড্ৰাগছ পাৰ্টীত বলীউড চেলিব্ৰিটি অন্ধকাৰ তথা অপৰাধ জগতৰ তথাকথিত মাফিয়া তথা ‘ডন’ৰ সৈতে বলীউডৰ একাংশ চেলিব্ৰিটিৰ সম্পৰ্ক কোনো নতুন কথা নহয় । আশী দশকেই হওক বা নব্বৈ দশকেই, বহু সময়ত ৰূপালী পৰ্দাত দৰ্শকক মন্ত্ৰমুগ্ধ কৰা বহু বলীউড চেলিব্ৰিটিৰ অন্ধকাৰ জগতৰ সৈতে থকা সম্পৰ্ক

আণ্ডাৰৱৰ্ল্ড ডনৰ ড্ৰাগছ পাৰ্টীত বলীউড চেলিব্ৰিটি

অন্ধকাৰ তথা অপৰাধ জগতৰ তথাকথিত মাফিয়া তথা ‘ডন’ৰ সৈতে বলীউডৰ একাংশ চেলিব্ৰিটিৰ সম্পৰ্ক কোনো নতুন কথা নহয় । আশী দশকেই হওক বা নব্বৈ দশকেই, বহু সময়ত ৰূপালী পৰ্দাত দৰ্শকক মন্ত্ৰমুগ্ধ কৰা বহু বলীউড চেলিব্ৰিটিৰ অন্ধকাৰ জগতৰ সৈতে থকা সম্পৰ্ক পোহৰলৈ আহিছে । অন্ধকাৰ জগতৰ ডন বা মাফিয়াৰ সৈতে সু-সম্পৰ্কই হওক বা বিভিন্ন পাৰ্টীত অংশগ্ৰহণ কৰি বহুতো বলীউড চেলিব্ৰিটি বিপদত পৰাৰ বাতৰিয়ে শিৰোনাম দখল কৰা দেখা যায় ।  

শেহতীয়াকৈ পুনৰ বলীউড তাৰকাৰ এনে সম্পৰ্কৰ কথা পোহৰলৈ আহিছে । উল্লেখ্য যে, ড্ৰাগছ পাৰ্টিৰ তদন্তত প্ৰায়ে চলচ্চিত্ৰ তাৰকাৰ নাম সাঙোৰ খাই পৰা পৰিলক্ষিত হয় । এইবাৰ আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমে আয়োজন কৰা পাৰ্টিত অংশগ্ৰহণ কৰা শ্ৰদ্ধা কাপুৰ আৰু নোৰা ফাতেহীকে ধৰি কেইবাগৰাকীও বলীউডৰ তাৰকাক নাম উচ্চাৰণ হৈছে । শেহতীয়াকৈ এণ্টি-নাৰ্কটিকছ চেলে চেলিম ডোলাৰ দ্বাৰা পৰিচালিত এটা বৃহৎ ড্ৰাগছ ছিণ্ডিকেটৰ উৎখাত কৰিছে । উল্লেখ্য যে চেলিম ডোলাক ডাউদ ইব্ৰাহিমৰ অন্যতম ঘনিষ্ঠ সহযোগী হিচাপে গণ্য কৰা হয় ।

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে চেলিম ডোলাই ডুবাইৰ পৰা এই ছিণ্ডিকেট চলাই আছিল । তেওঁৰ পুত্ৰ তাহিৰ ডোলাক চলিত বৰ্ষৰ আগষ্ট মাহত ইউ এ ইত গ্ৰেপ্তাৰ কৰা হৈছিল, যি এতিয়া এই গোচৰৰ সৈতে জড়িত কেইবাটাও উল্লেখযোগ্য প্ৰকাশ কৰিছে । ভাৰত আৰু বিদেশত অনুষ্ঠিত হোৱা ড্ৰাগছ পাৰ্টিত তাহিৰে বলীউড চেলিব্ৰিটিৰ নাম উল্লেখ কৰিছে বুলি প্ৰকাশ পাইছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি তাহিৰ ডোলাই ভাৰত আৰু বিদেশত আয়োজন কৰা ড্ৰাগছ পাৰ্টিত অংশগ্ৰহণ কৰা বলীউডৰ কেইবাগৰাকীও অভিনেতা, মডেল, ৰেপাৰ আৰু চলচ্চিত্ৰ প্ৰযোজকৰ নাম উল্লেখ কৰিছে ।

বিপদত শ্ৰদ্ধা কাপুৰ আৰু নোৰা ফাতেহী-

এই ড্ৰাগছৰ গোচৰত নোৰা ফাতেহী, শ্ৰদ্ধা কাপুৰ আৰু তেওঁৰ ভাতৃ সিদ্ধাৰ্থ কাপুৰৰো নাম উল্লেখ কৰা হৈছে । এইসকল বলীউড তাৰকাই এই পাৰ্টীত অংশগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

গোচৰৰ ৰিমাণ্ড কপি অনুসৰি, অভিযুক্তই ইয়াৰ পূৰ্বে আলিছা পাৰ্কাৰ, নোৰা ফাতেহী, শ্ৰদ্ধা কাপুৰ আৰু তেওঁৰ ভাতৃ সিদ্ধাৰ্থ কাপুৰ, জীশান ছিদ্দিকী, অৰি ওৰফে অৰহান, আব্বাছ মস্তান, লোকাকে ধৰি কেইবাজনো লোকৰ সৈতে ভাৰত আৰু বিদেশত ড্ৰাগছ পাৰ্টিৰ আয়োজন কৰাৰ লগতে নিজে অংশগ্ৰহণ কৰিছে । ভাৰতত এই ব্যক্তিসকলক তেওঁ ড্ৰাগছ যোগান ধৰে ।

প্ৰতিবেদন অনুসৰি, মুম্বাই ক্ৰাইম ব্ৰাঞ্চে এতিয়া এই চেলিব্ৰিটিসকলক তলব কৰিব । কিন্তু এই বিষয়ত শ্ৰদ্ধা কাপুৰ, নোৰা ফাতেহী বা আন কোনোৱে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক : ৰাজামৌলীৰ চিনেমাত এইবাৰ মহেশ বাবু-প্ৰিয়ংকা চোপ্ৰাৰ যাদু; সৰ্বত্ৰে চৰ্চিত গ্ল’ব ট্ৰটাৰ ইভেণ্ট

শেহতীয়া প্ৰৱন্ধসমূহ